অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহৰ বিৰুদ্ধে চীন দেশৰ গৱেষণা

মহৰ বিৰুদ্ধে চীন দেশৰ গৱেষণা

মানুহৰ বাবেমহ এবিধ অতি বিৰক্তিকৰ আৰু বিপদজনক। ডেংগু, মেলেৰীয়া, জাপানীজ এনকেফেলাইটিজ জাতীয় ৰোগৰ একমাত্ৰ কাৰণেই হ’ল মহ। বিশেষজ্ঞসকলে বক্তব্য ৰাখিছে যে প্ৰতিবছৰে পৃথিৱীৰ ২২ হাজাৰতকৈ অধিক ৰোগ ডেংগুৰ কাৰণে মৃত্যুক সাৱটিব লগা হয়। ইয়াৰ ভিতৰত অধিকাংশই শিশু।

বৰ্তমানলৈকে ডেংগু বা “ৰাজহাড়ৰ ৰোগ” বুলি পৰিচিত এই মাৰাত্মক ব্যাধিবিধৰ কোনো ধৰণৰ প্ৰতিষেধক আৱিষ্কাৰ কৰাটো সম্ভৱ হোৱা নাই। আনহাতে, এই ৰোগৰ কোনো উন্নত চিকিৎসাও পৃথিৱীৰ বহু দেশতেই নাই।

এই সকলোবিলাক কথা আগত ৰাখি চীন দেশৰ কিছু গৱেষকে এবিধ বিশেষ ধৰণৰ মহ গৱেষণাগাৰত উৎপাদন কৰিবলৈ পৰীক্ষা চলাই আছে। এই পৰীক্ষাৰ লক্ষ্য হ’ল এনে এবিধ মহৰ প্ৰজাতি সৃষ্টি কৰা যিয়ে ডেংগুকে ধৰি মেলেৰীয়া এনকেফেলাইটিছ আদি ৰোগৰ বাহক মহক নিয়ন্ত্ৰণ কৰা।

বিশ্বৰ আটাইতকৈ বৃহৎ মহ উৎপাদনৰ এই গৱেষণাগাৰটো চীন দেশৰ গুৱাংজু চাইন্স চিটিত স্থাপন কৰা হৈছে আৰু ইয়াৰ পৰা উৎপাদিত বিশেষ ধৰণৰ মহ বিধ প্ৰতি সপ্তাহত চাজি আইলেণ্ডত মুকলি কৰি দিয়া হৈছে। এই গৱেষণাৰ লগত জড়িত গৱেষকসকলে মত প্ৰকাশ কৰিছে যে গৱেষণাগাৰত উৎপাদিত মহ বোৰে কোনো এটা অঞ্চলৰ ডেংগু ৰোগৰ প্ৰকোপ কমাই আনিব পাৰিব। কাৰণ এই মহবোৰ ডেংগুৰ জন্ম নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হিচাপে উৎপাদন কৰা হৈছে। এইবোৰ মহৰ বাবেই ডেংগু ভাইৰাছৰ কণীসমূহ নষ্ট কৰিব পৰা যাব। গৱেষকসকলে লগতে এইটোও ব্যক্ত কৰিছে যে পৰীক্ষাগাৰত উৎপাদন কৰা মতা মহবোৰৰ পৰা মানুহৰ কোনো ধৰণৰ ক্ষতিৰ সম্ভাৱনা নাই। আনকি এনেবোৰ মহে নেকামোৰেও। পৰীক্ষামূলক ভাৱে চলোৱা গৱেষণাত ডেংগু বিয়পোৱা মহৰ জন্ম নিয়ন্ত্ৰণত শতকৰা ৯০ ভাগেই সফলতা লাভ কৰিছে। পৰৱৰ্তী পৰ্য্যায়ত মেলেৰীয়া আৰু আন মহৰ দ্বাৰা বিয়পোৱা ৰোগসমূহো নিয়ন্ত্ৰণ কৰিব পৰা হ’ব বুলি গৱেষকসকলে আশা কৰিছে। উল্লেখযোগ্য যে, সাধাৰণ মেলেৰীয়া ৰোগতে প্ৰতিবছৰে প্ৰায় ১০ লাখ লোকৰ মৃত্যু ঘটে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate