মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি / লিংগ পৰিচয়ঃ বৈজ্ঞানিক ভিত্তি আৰু কিছু সামাজিক চিন্তা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লিংগ পৰিচয়ঃ বৈজ্ঞানিক ভিত্তি আৰু কিছু সামাজিক চিন্তা :

লিংগ পৰিচয়ঃ বৈজ্ঞানিক ভিত্তি আৰু কিছু সামাজিক চিন্তাৰ বিষয়ে লিখা হৈছে ।

 

ইংৰাজীত দুটা শব্দ আছে ‘sex’ আৰু ‘gender’ দুয়োটাৰে অৰ্থ অসমীয়াত ‘লিংগ’ বুলিয়েই পঢ়িছোঁ৷ কিন্তু দুয়োটা শব্দৰ অৰ্থৰ কিছু প্ৰভেদ আছে৷ ‘sex’ শব্দটোৱে শাৰীৰিক গঠন হিচাপে নিৰূপণ কৰা লিংগ বুজায় (পুৰুষ বা মহিলা)৷ ‘gender’ শব্দটোৱে সামাজিক স্বীকৃতি কি হিচাপে পাইছে (পুৰুষ বা মহিলা) সেইটোহে বুজায়৷

‘লিংগ’ শব্দটোত শাৰীৰিক আৰু সামাজিক স্বীকৃতি যে ভিন্ন হব পাৰে সেই বিষয়টোৰ প্ৰতিফলন নঘটে৷ যি হওক শব্দৰ অৰ্থৰ দায়িত্ব বিজ্ঞজনলৈ এৰিলো৷ যিয়েই নহওক বুজাত অসুবিধা নহবৰ বাবে ব্যক্তি এজনৰ মনত নিজৰ লিংগ পৰিচয় সম্বন্ধে সৃষ্টি হোৱা অনুভূতিটোক সমগ্ৰ লেখাটোত ‘মানসিক লিংগ চেতনা’ বুলি কোৱা হৈছে৷

লিংগৰ দ্বিধা আজিৰ চিন্তা নহয়৷ প্ৰাচীন কালৰে পৰাই এই সমস্যাটো আছে৷ গ্ৰীক-ৰোমানত প্ৰেমৰ দেৱী ভেনাছৰ বিষয়ে উল্লেখ আছে যে ভেনাছে নিজৰ নাৰী সুলভ চৰিত্ৰৰ অদম্য বাসনা চৰিতাৰ্থ কৰাৰ বাবে পুৰুষৰ শৰীৰত নাৰীসুলভ মনক আৱৰূদ্ধ কৰি ৰাখিছিল৷

ভেনাছৰ এই বিশেষ অৱতাৰটোক ভেনাছ কাষ্টিনা (venus castina) বুলি কয়৷ ঠিক তেনেদৰে মহাভাৰতত শিখণ্ডীৰ চৰিত্ৰ আৰু পঞ্চপাণ্ডৱৰ অ়জ্ঞাত বাসৰ কালছোৱাত অৰ্জুনে বৃহন্নলাৰ ৰূপ ধৰি থকাটোৱেও এক লিংগৰ দ্বিধা অৱস্থাকে সূচায়৷

উনৈশ শতিকাৰ শেষৰ ফালে ‘“তৃতীয় লিংগৰ’ (বা লিংগ দ্বৈধ) লোক সমূহক এক সামাজিক মান্যতা প্ৰদানৰ চেষ্টা চলা যেন অনুভৱ হয়৷ এনেকুৱা লিংগ বিসংগতিগ্ৰস্ত লোকসকলক “ওলোটা“ (invert) বুলি মান্যতা দিছিল৷ এই লোক সকল সাধাৰণতে জ্ঞান শিক্ষাৰ আৰু বৌদ্ধিক জগতৰ লগত জড়িত বুলি উল্লেখ কৰিছিল৷

ইয়াৰ উপৰিও এই লোক সকলক ঘৰুৱা বেজী সূতাৰ কাম বা আন গৃহকৰ্ম্মৰ বাবে অযোগ্য বুলি ধৰি লৈছিল৷ কিন্তু পিছলৈ সমাজৰ ধ্যান ধাৰণাৰ কিছু অৱনতি ঘটিছিল৷ এই লোকসকলক লাহে লাহে সন্দেহৰ চকুৰে চাব ধৰিলে৷ চিকিৎসক সকলে লিংগ নিৰ্দিষ্ট কৰাৰ বাবে শিশু অৱস্থাতেই চিকিৎসাৰ ব্যৱস্থা কৰিছিল আৰু যাৰ চিকিৎসাৰ ব্যবস্থা নাই সেইবোৰক শাস্তিৰ ব্যৱস্থা কৰিছিল৷

চিকিৎসা বিজ্ঞানৰ তাত্বিক দিশৰ পৰা চালে লিংগৰ বিসংগতি আৰু দ্বৈধ সাধাৰণতে এটা ‘বিসংগতি বৰ্ণালীৰ’ (spectrum of deformities) লগত তুলনা কৰিব পাৰি যাৰ এমূৰে পুৰুষ আনটো মূৰত মহিলা৷ গতিকে নাৰী আৰু পুৰুষৰ মাজৰ অৱস্থা বুলি কলে ই এটা অৱস্থাক নুবুজায়৷

ই কেইবাটাও অৱস্থাক প্ৰতিনিধিত্ব কৰে৷ লিংগ নিৰূপন কৰোতে কেইবাটাও দৃষ্টিকোণৰ পৰা বিবেচনা কৰা হয়৷ জিনীয় বা জেনেটিক দিশৰ পৰা, শাৰীৰিক গঠনৰ ফালৰ পৰা, সামাজিক পৰিচয়ৰ দিশৰ পৰা আৰু নিজৰ মানসিক লিংগ চেতনা বা স্থিতিৰ ফালৰ পৰা৷ এই আটাইবোৰ দিশৰ বিবেচনাৰ ফলাফল যদি একে নহয় তেন্তে প্ৰকৃত লিংগ পৰিচয়ত বিসংগতিয়ে দেখা দিয়ে৷

জিনৰ পৰা যি লিংগ সুনিৰ্দিষ্ট হয় তাক জিনীয় লিংগ পৰিচয় (genetic sex) বুলি কয়৷ আমাৰ দেহ কোষত ৪৬ ডাল ক্ৰম’জম আছে৷ তাৰ ভিতৰত দুডাল লিংগ নিৰূপক (sex chromosome) ক্ৰম’জম থাকে৷ এই লিংগ নিৰূপক ক্ৰম’জম দুডাল শক্তিশালী অনুবীক্ষণ-যন্ত্ৰৰ সহায়ত সহজেই চিনিব পাৰি কাৰণ পৰুষৰ ক্ষেত্ৰত আকৃতি হিচাপে ইংৰাজীৰ Xআৰু Y আকৃতিৰ৷

মহিলাৰ ক্ষেত্ৰত দুয়োডাল X আকৃতিৰ৷ গতিকে পুৰুষ বুলি কলে ৪৪XY, আৰু মহিলা বুলি কলে ৪৪XX বুলি লিখা হয়৷ দেহৰ প্ৰতিটো কোষেই পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX হিচাপে সজ্জিত থাকে৷

এইদৰে কোষ এটাৰ পৰা পুৰুষ নে মহিলা সহজেই নিৰ্ণয় কৰিব পৰা যায়৷ প্ৰতিজন মানুহ এটা সৰু কোষৰ পৰাই বৃদ্ধি আৰু বিকাশ হয়৷ কোষটো যদি ৪৪XX হয় তেন্তে মাইকী মানুহ বা ৪৪XY হলে মতা মানুহ হিচাপে বিকাশ হয়৷

এবাৰ যেতিয়া জিনীয় ভাবে লিংগ নিৰ্দিষ্ট হৈ যায় তেতিয়া বৃদ্ধিৰ লগে লগে লিংগ অনুযায়ী শাৰীৰিক আৰু মানসিক বিকাশ হবলৈ ধৰে৷ ভ্ৰূণ অৱস্থাত সপ্তম সপ্তাহৰ আগলৈকে পুৰুষ আৰু মহিলাৰ কোনো চিন নাথাকে৷ সপ্তম সপ্তাহৰ পাছৰ পৰাহে লিংগ ভিন্নধৰণে বিকাশ (পুৰুষ বা মহিলালৈ ৰূপান্তৰিত) হ’বলৈ ধৰে৷

সাধাৰণতে ভ্ৰূণৰ মগজুৰ পৰা বিশেষ ভাবে উত্তেজিত কিছুমান কোষে কিছুমান হৰ্ম’ণ নিঃসৰিত কৰে যিয়ে বিকাশ হব ধৰা পুৰুষৰ ক্ষেত্ৰত শুক্ৰাশয় আৰু মহিলাৰ ক্ষেত্ৰত অণ্ডাশয়ক উত্তেজিত কৰি তোলে আৰু শাৰীৰিক ভাবে পুৰুষ বা মহিলালৈ ৰূপান্তৰিত হয়৷ দেহত হোৱা প্ৰতিটো জৈৱ প্ৰক্ৰিয়া একো একোটা অসাধাৰণ পৰিঘটনা৷ যিকোনো পৰিঘটনা এটাত বিসংগতি হোৱাটো কোনো অস্বাভাৱিক নহয়৷ ভ্ৰূণৰ যৌনাংগ বা লিংগৰ বিকাশো তেনে এটা পৰিঘটনা৷

যদিও দেহকোষত জিনীয় ভাবে লিংগ নিৰ্দিষ্ট হৈ যায় কেতিয়াবা বিভিন্ন কাৰণত ভ্ৰূণটোৰ যৌনাংগৰ বিকাশ আধাতে বাধাগ্ৰস্থ হৈ ৰৈ যায়৷ ফলত শাৰীৰিক গঠনৰ ফালৰ পৰা পুৰুষ বা মহিলাৰ মাজৰ এটা অৱস্থাত ৰৈ যায়৷ কথাটো ঠিক এনেকুৱাকৈ ভাবিব পাৰি যে নিৰ্দিষ্ট পুং হৰ’মনৰ যদি সময়ত নিঃসৰিত কৰিব নোৱাৰে তেন্তে যৌনাংগৰ বা দেহৰ গঠন সম্পূৰ্ণ ৰূপে পুৰুষৰ দৰে বিকাশ নহয়৷

ফলত লিংগ দ্বৈধ অৱস্থা এটা পোৱা যায়৷ গতিকে জিনে (gene) যি লিংগ নিৰূপন কৰে তাক হৰ্ম’ণ (hormone) বা জৈৱ ৰাসায়নিক পদ্ধতিৰ সহায়ত দেহে শাৰীৰিক ৰূপ দিয়ে৷ বেছিভাগ ক্ষেত্ৰতে এই জৈৱ হৰ্ম’ণৰ প্ৰক্ৰিয়াবোৰ এক জটিল প্ৰক্ৰিয়াৰে সমাধান হয় ফলত সামান্য হীনদেঢ়ি হলেই যৌনাংগৰ গঠনত বাধা আহি পৰে আৰু তেতিয়া লিংগ দ্বৈধ (ambigious genital) অৱস্থা প্ৰাপ্ত হয়৷

আন আন জীৱৰ ক্ষেত্ৰতো জিনীয় (genetic), জৈৱ ৰাসায়নিক বা হৰ্ম’ণৰ বিসংগতি ফলত পুং আৰু স্ত্ৰীলিংগৰ মাজৰ অৱস্থা এটাৰ সৃষ্টি হব পাৰে কিন্তু মানুহৰ ক্ষেত্ৰত সামাজিক পৰিচয়ৰ প্ৰাসংগিকতা বহুত বেছি৷ সেয়েহে ইয়াক এক সমস্যা ৰূপে গণ্য কৰি আহিছে৷

শাৰীৰিক বিকাশৰ লাগে লগে লিংগৰ মানসিক চেতনাও বিকাশ হব ধৰে৷ সমস্যা উদ্ভৱ হয় যেতিয়া প্ৰকৃত শাৰীৰিক লিংগ পৰিচয় আৰু মানসিক লিংগ চেতনা বিপৰীত হয়৷ উদাহৰণ স্বৰূপে শাৰীৰিক ভাবে পুৰুষ কিন্তু ব্যক্তিজনৰ মানসিক চেতনাত নিজকে মহিলা বুলি ভাবে (বা ওলোটাটো)৷ সৰ্ব্বকালৰ মহান মনোবিজ্ঞানী ছিগমন্দ ফ্ৰয়দে (Sigmund Freud) প্ৰথমবাৰৰ বাবে যৌন মনস্তত্ত্ব (psycho sexual) সম্বন্ধে এক মতবাদ আগবঢ়ায়৷

তেওঁৰ মতে জন্মৰ পৰা তিনি বছৰমান বয়সলৈ মনঃজগতত কোনো লিংগ সম্বন্ধে ধাৰণাৰ সৃষ্টি নহয়৷ তিনিবছৰৰ পাচৰ পৰা পিতৃ মাতৃৰ যে বিপৰীত লিংগৰ অন্তৰ্গত সেইটো ধাৰণা কৰিব পৰা হয়৷ যেতিয়া মনত লিংগ চেতনাৰ জন্ম পায় তেতিয়া নিজক নতুন ৰূপে আৱিষ্কাৰ কৰে, ল’ৰা নাইবা ছোৱালী৷ লাহে লাহে বিপৰীত লিংগৰ প্ৰতি এক মানসিক আকৰ্ষণ অনুভৱ কৰে আৰু সমলিংগৰ প্ৰতি মানসিক বিকৰ্ষণ৷

সাধাৰণতে আমিও কথাটো প্ৰত্যক্ষ কৰো যে ছোৱালী সাধাৰণতে পিতৃৰ প্ৰতি বেছি আকৰ্ষিত হয়৷ ফ্ৰয়দৰ মতে কেতিয়াবা এই আকৰ্ষণ ইমানেই তীব্ৰ হৈ পৰিব পাৰে যে ছোৱালীয়ে মাতৃৰ লগত বা ল’ৰাই পিতৃৰ লগত এক প্ৰতিযোগিতাত নামে৷ এই প্ৰতিযোগিতাই কেতিয়াবা নেতিবাচক ধাৰণাৰে সমলিংগৰ পিতৃ বা মাতৃৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰিব পাৰে৷

ফ্ৰায়দেৰ ধাৰণামতে যিহেতু তিনিবছৰৰ আগলৈ কোনো লিংগৰ চেতনাৰ বিকাশ নহয় সেই সময়ত কোনো লিংগ পাৰ্থক্য ধৰিব নোৱাৰে বাবে দ্বিকামী চেতনা(bisexual) চিন্তাই মনোজগতখন অধিকাৰ কৰি থাকে৷ ইয়াৰ পৰা ফ্ৰায়দে ধাৰণা দিছিল যে মানুহৰ যৌন মনস্তত্ত্ব ক্ৰম বিকাশৰ আদিতে দ্বিকামী (bisexual) আছিল৷ পাছলৈ যৌন মনস্তত্ত্বৰ ক্ৰমবিকাশৰ ফলত আজিৰ অৱস্থা পাইছে৷

শিশুৰ ক্ষেত্ৰত লিংগৰ মানসিক চেতনা সম্বন্ধে তথ্য আহৰণ কৰাত যথেষ্ট অসুবিধা হয়৷ তিনিবছৰ বয়সৰ আগত শিশুৰ ভাষাৰ গঠন, প্ৰকাশ, আদি বিকাশ হবলৈ আৰম্ভ হে হয়৷ সেয়েহে শিশুৰ মনঃস্তত্ত্বিক জগতৰ সম্ভেদ পাবলৈ কোনো উপায় নাথাকে৷ এনে অৱস্থাত কোনো নিৰ্দিষ্ট ধ্যান ধাৰণা এটাৰ সম্বন্ধে তথ্য আহৰণ কৰাটো অতিকে কষ্টকৰ৷

তথাপিও মনঃস্তত্ত্ববিদ সকলে কিছুমান সঁজুলি তৈয়াৰ কৰি লৈছে যাৰ সহায়ত শিশুৰ লিংগ চেতনা আৰু যৌন-মনঃস্তত্ত্বৰ কিছু হলেওঁ গম পোৱা যায়৷ উদাহৰণ স্বৰূপে খেলৰ সঁজুলি নিৰ্ব্বাচন, কেনেকুৱা ধৰণৰ খেল ধেমালি পছন্দ কৰে ইত্যাদিৰ সূক্ষ্ম বিশ্লেষণৰ জৰিয়তে মানসিক লিংগ চেতনা নিৰ্ণয় কৰিব পাৰে৷ কিন্তু তথাপিও এনেদৰে নিৰ্ণয় কৰা মানসিক লিংগ চেতনা কিন্তু আসোঁৱাহ মুক্ত নহয়৷

স্বাভাৱিকতেই প্ৰশ্ন আহে পুৰুষ আৰু মহিলাৰ মাজৰ অৱস্থা এটাত যৌন মনস্তত্ত্ব কেনেকুৱা হব পাৰে? শাৰীৰিক ভাবে মাজৰ অৱস্থা এটা গম পালো কিন্তু মানসিক মাজৰ অৱস্থা কিবা আছে নেকি? বা এনেকুৱা হয়নেকি দেহটো পুৰুষৰ কিন্তু মনটো নাৰীৰ বা ঠিক ওলোটাটো? এইখিনিতে আন এটা কথা অলপ স্পষ্ট কৰি দিয়াটো ভাল যে যৌন আচৰণ (sexual behavior) বিষয়টো কিছু সুকীয়া৷ ব্যক্তি এজনৰ যৌন-মনঃস্তত্ত্ব দিশটো প্ৰায় শাৰীৰিক বিকাশৰ লগে লগে বিকাশিত হয়৷ এই বিকাশত সামাজিক ৰীতি নীতি, আচাৰ-ব্যৱহাৰ, প্ৰচলিত যৌন শিক্ষা বা ধ্যান ধাৰণাই গভীৰ প্ৰভাৱ পেলাব পাৰে৷

আৰু এনেকুৱা অৱস্থাত ব্যক্তি এজনে কিছুমান বিকৃত (প্ৰচলিত সামাজিক মুল্যবোধৰ পৰিপন্থী) যৌন আচৰণৰ প্ৰতি আসক্ত হোৱা দেখা যায়৷ তেনেকুৱা প্ৰভাৱৰ ফলত সৃষ্টি হোৱা যৌন মানসিকতাক বা আচৰণক সহমৰ্মিতাৰ চকুৰে চাই তৃতীয় লিংগৰ সমস্যাৰ লগত সাঙুৰি লোৱাটো উচিত নহয়৷ গতিকে “বিকৃত যৌনতা“ আৰু “মানসিক লিংগৰ স্থিতি বা চেতনা“ দুটা সম্পূৰ্ণ বেলেগ বস্তু৷

পঞ্চম আৰু ষষ্ঠ দশকত ৰবাৰ্ট ষ্টলাৰ (Robert stoller) নামৰ মনোবিশ্লেষকে প্ৰথম লিংগ পৰিচয় ওপৰত গুৰুত্ব আৰোপ কৰে আৰু শাৰীৰিক বা মানসিক ভাবে লিংগ দ্বৈধ থকা সকলক এক মান্যতা দিবলৈ চেষ্টা চলায়৷ আমেৰিকাৰ জন হপকিন বিশ্ববিদ্যালয়ৰ জন মনিয়ে (John Money) আগবঢ়োৱা আন এক মতবাদ মতে মানসিক লিংগ চেতনা সাধাৰণতে সম্পূৰ্ণ ৰূপে বিকাশ নোহোৱালৈকে অতি তৰল অৱস্থাত থাকে৷ এনে অৱস্থাত মানসিক লিংগৰ স্থিতি বা চেতনা এক দোধোৰমোধোৰ অৱস্থাত থাকে৷

আৰু লাহে লাহে মন স্থিৰ হয় আৰু নিজৰ পৰিচয় পুৰুষ বা মহিলা হিচাপে প্ৰতিষ্ঠা হয়৷ যদি সেয়াই সত্য তেন্তে এনেকুৱা মনৰ দোধোৰমোধোৰ অৱস্থাত এজন পুৰুষক মহিলালৈ ৰূপান্তৰিত কৰিব পাৰি নেকি? এনেকুৱা এটা ধাৰণা ১৯৮০ দশকৰ শেষৰ ফলে আমেৰিকাৰ দাৰ্শনিক তথা লিংগ তাত্বিক (gender theorist) জুডিথ বাটলাৰে (Judith Butler) প্ৰকাশ কৰে যে লিংগৰ সামাজিক পৰিচয় গঠন কৰিব পৰা যায়৷ যিহেতু পুৰুষ আৰু মহিলাৰ সামাজিক চৰিত্ৰ ভিন্ন হয় আৰু সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত তেনে স্থলত সামাজিক ভাবে লিংগৰ পৰিচয় পুনৰ গঠন কৰাটো সম্ভৱ৷

কিন্তু অতীতৰ সমগ্ৰ ধাৰণাক নস্যাৎ কৰি আধুনিক চিকিৎসা বিজ্ঞানে কয় যে লিংগৰ পৰিৱৰ্তন কোনোপধ্যেই কৰাটো উচিত নহয় আনকি লিংগ দ্বৈধ অৱস্থাত থকা শিশু এটাক শল্য চিকিৎসাৰ জৰিয়তে অভিভাৱকৰ ইচ্ছা অনুযায়ী পুৰুষ বা মহিলালৈ ৰূপান্তৰিত কৰিলে আন এক সমস্যাই দেখা দিব পাৰে যাক লিংগ পৰিচয়ৰ বিসংগতি (gender dysphoria) বুলি কব পাৰি য’ত মানসিক লিংগ চেতনা (Gender) আৰু শাৰীৰিক গঠনৰ মিল নাথাকে অৰ্থাৎ বিপৰীত হয়৷

বেছিভাগ ক্ষেত্ৰতে লিংগ পৰিচয়ৰ বিসংগতিৰ কাৰণ হ’ল মানসিক লিংগ চেতনাৰ ওপৰত গুৰুত্ব আৰোপ নকৰা বা কেৱল শাৰীৰিক গঠনৰ ওপৰত ভিত্তি কৰি ভুলকৈ লোৱা সিদ্ধান্ত৷ ৰোগীৰ মানসিক দৃষ্টিকোণৰ পৰা বিষটো গমি পিটি চাই হে ঠাৱৰ কৰা উচিত যে প্ৰকৃততে “মানসিক লিংগ চেতনা“ কি৷ এবাৰ যেতিয়া নিশ্চিত হৈ যায় যে মানসিক লিংগ চেতনা আৰু শাৰীৰিক গঠন পৰস্পৰ বিৰোধী৷ শল্য চিকিৎসাৰ জৰিয়তে নাৰীক পুৰুষ বা পুৰুষক নাৰীলৈ ৰূপান্তৰিত কৰিব পাৰি৷ এই ৰূপান্তৰিত কৰা শল্য চিকিৎসাৰ পদ্ধতিটোক ‘লিংগ পুনঃগঠন অস্ত্ৰোপচাৰ’ ( Sexual re-assignment Surgery) চমুকৈ SRS বুলি কোৱা হয়৷

অস্ত্ৰোপচাৰৰ আগত মুল লক্ষণীয় দিশ সমূহ হ’ল, ৰোগীজন প্ৰাপ্ত বয়স্ক হোৱাটো, ৰোগীজনে বুজা উচিত এই অস্ত্ৰোপচাৰ এবাৰ কৰিলে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যোৱা অসম্ভৱ (irreversible), অস্ত্ৰোপচাৰৰ অনুমতি পত্ৰত স্বাক্ষৰ প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰে সম্পূৰ্ণ কৰা, এই শল্য চিকিৎসাৰ জৰিয়তে কেৱল শাৰীৰিক গঠন হে সলনি কৰিব পাৰি প্ৰজনন ক্ষমতা পুনঃসংস্থাপন কৰিব নোৱাৰি৷ শল্য চিকিৎসাৰ আগত আৰু পাচত হৰ্ম’ণৰ প্ৰয়োগৰ সহায়ত পুৰুষৰ আৰু মহিলাৰ বিশিষ্ট চৰিত্ৰ সমূহ বজাই ৰখা হয়৷ ৯০%ক্ষেত্ৰত এই চিকিৎসা সন্তুষ্টিদায়ক৷ শল্য চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া হিচাপে আটাইতকৈ দুখ জনক কথাটো হ’ল “পিচত অনুতপ্ত“ (after regret) যিটো আটাইতকৈ ভয়াবহ যিহেতু আগৰ অৱস্থালৈ ঘূৰি যোৱা অসম্ভৱ৷

যদিওঁ চিকিৎসা বিজ্ঞানে এই জটিল বিষটোৰ ওপৰত সমাধান আগবঢ়াইছে এই সমাধান সম্পূৰ্ণ নহয়৷ কাৰণ এই চিকিৎসাই ব্যক্তিজনৰ জিনীয় গঠনৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে৷ সেয়েহে শৰীৰৰ বিভিন্ন বিপাকীয় ক্ৰিয়া আৰু লিংগ নিৰ্দিষ্ট (gender specific) জৈৱ হৰ্ম’ণৰ প্ৰক্ৰিয়াবোৰৰ পৰিৱৰ্তন নহয় সেয়েহে সমগ্ৰ জীৱন ঔষধৰ ওপৰত ভৰসা কৰি চলিব লগীয়া হয়৷ আগত উল্লেখ কৰাৰ দৰে প্ৰজনন ক্ষমতা পুনঃসংস্থাপন কৰিব নোৱাৰি৷

১৯১৮ চনত আৰ্ল লিণ্ডে (Earl Lind) “ অটোবায়োগ্ৰাফি অব এন এণ্ড্ৰোজাইম“ (autobiography of an andrizyne) নামৰ গ্ৰন্থ প্ৰকাশ কৰে৷ আৰ্ল লিণ্ড শাৰীৰিক ভাবে পুৰুষ কিন্তু মনটো মহিলাৰ দৰে আছিল৷ সৰুৰেপৰাই লাজকুৰীয়া নাৰীৰ লগত সময় কটাইছিল৷ নিজৰ নামটো আৰ্লৰ সলনি জেনি বুলি মাতিবলৈ বন্ধুবৰ্গক কৈছিল৷ ইয়াৰ পাছত ১৯২২ চনত “দ্যা ফিমেল ইণ্টাৰপাৰচনেটৰ” (the female interpersonator) শীৰ্ষক দ্বিতীয় গ্ৰন্থ এখন লিখি উলিয়ায়৷ বিশ্বত এই কেইখন গ্ৰন্থই হ’ল এজন লিংগ দ্বৈধ ব্যক্তিয়ে লিখা গ্ৰন্থ৷ উক্ত গ্ৰন্থ দুখনত নিজৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰাৰ উপৰিও তেওঁৰ মানসিক অৱস্থা, কি পৰিস্থিতিত নিজৰ লিংগ ছেদন (castration) কৰিছিল, সমাজত তেওঁৰ স্থিতি কি, কেনেকৈ পুৰুষৰ দ্বাৰা যৌন নিৰ্য্যাতনৰ বলি হৈছিল ইত্যাদি বিশদভাৱে বৰ্ণনা আছে৷ এই কিতাপ দুখনৰ উদ্দেশ্য আছিল বিশ্বত তৃতীয় লিংগৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে পিছৰ যুগৰ এনেকুৱা তৃতীয় লিংগৰ ব্যক্তি সকলে যাতে আত্মহত্যা নকৰি জীয়াই থকাৰ এক অনুপ্ৰেৰণা পায়৷ শেহতীয়াকৈ আৰ্ল লিণ্ডৰ “দ্যা ৰিডিল অব দ্যা আণ্ডাৰৱৰ্ল্ড“( The riddle of the Underworld“) নামৰ তৃতীয় খন গ্ৰন্থ উদ্ধাৰ হয়৷

আৰ্ল লিণ্ডৰ প্ৰচেষ্টাৰ লগতে সেই কালৰ সমসাময়িক তৃতীয় লিংগৰ ব্যক্তিসকলৰ যৌথ প্ৰচেষ্টাই এক আন্দোলনৰ ৰূপ ললে৷ আৰ্ল লিণ্ডৰ পৃষ্ঠপোষকতাতেই নিউয়ৰ্ক চহৰত তৃতীয় লিংগৰ সুৰক্ষা আৰু মান্যতাৰ বাবে ১৮৯৫ চনত চাৰ্কোল অব হাৰ্মোফ্ৰো়ডাইট (circle of hermaphrodites) গঠন হয়৷ এই আন্দোলন বাঢ়ি গৈ ১৯৬৬ চনত কমপ্টন কেফেটেৰিয়া ৰায়ট আৰু ১৯৬৯ চনত হোৱা ষ্টোনৱাল ৰায়টে প্ৰমান কৰে এই স্পৰ্শকাতৰ বিষয়টোৰ এক ফলপ্ৰসূ সামাজিক নিস্পত্তিৰ প্ৰয়োজন৷

ভাৰতবৰ্ষত এই সমস্যাটো এতিয়াও ৰায়ত হব লগা ধৰণে জটিল ৰূপ ধাৰণ কৰা নাই যদিওঁ তৃতীয় লিংগৰ ব্যক্তি সকলে ছেগা-ছেৰোগাকৈ আগবাঢ়ি আহি মুক্ত মনে চিকিৎসকৰ ওচৰ চপাৰ বাতৰি পোৱা গৈছে৷ ভাৰতত কোনো তেনে তৃতীয় লিংগৰ সংগঠনৰ নাম শুনা নাই৷ হয়টো এনে লোকসকলে এতিয়াও নিজকে সমাজৰ আঁৰত ৰাখি এক অস্পৃশ্য জীৱন ধাৰণ কৰে৷ এতিয়া কেৱল ৰেলৰ ডবাৰ ভিতৰত বা বাছ আস্থানত ৰাইজৰ পৰা দান বৰঙনি বা ভিক্ষা কৰি কিছুমানক জীৱন ধাৰণ কৰা দেখা যায়৷

২০১২ চনত অসমত এটা খবৰে কিছু আলোড়ন সৃষ্টি কৰিছিল৷ বিধান বৰুৱা নামৰ জনৈক ব্যক্তিয়ে মুম্বাই উচ্চ ন্যায়ালয়ত লিংগৰ পুনঃগঠন অস্ত্ৰোপচাৰত বাধা দিয়াৰ বাবে ন্যায় বিচাৰি নিজৰ পিতৃ মাতৃৰ বিৰুদ্ধে আবেদন কৰে৷ ন্যায়ালয়েও বৰুৱাৰ পক্ষত ৰায় দি দীৰ্ঘদিন ধৰি ভুগি থকা মানসিক যন্ত্ৰনাৰ পৰা বৰুৱাক মুক্তি দিয়ে৷ শুনামতে বৰুৱাই শল্য চিকিৎসাৰ সহায়ত লিংগ পৰিৱৰ্তন কৰি লৈ স্বাতী নাম লৈ এক বিবাহিত জীৱন যাপন কৰি আছে৷ এইটো এটা উদাহৰণ৷ বিচাৰিলে ভাৰতত এনে উদাহৰণ অনেক ওলাব৷ হয়টো অদূৰ ভৱিষ্যতে ভাৰত চৰকাৰেও উপযুক্ত আইন প্ৰণয়ন কৰি তৃতীয় লিংগক সন্মান সহকাৰে সমাজত প্ৰতিষ্ঠা হোৱাত সহায় কৰিব৷

লেখক: ডাঃ হিতেশ্বৰ শৰ্মা

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top