অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰত ক্ষতিকাৰক প্ৰভাৱ :

শৰীৰত ক্ষতিকাৰক প্ৰভাৱ :

 

খেতিপথাৰ আৰু ভঁৰালত শাক-পাচলি আৰু ফল-মূল আদি নানাবিধ কীট-পতংগৰ পৰা বচাবলৈ ৰাসায়নিক কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয়। তদুপৰি খেতিয়কসকলে শাক-পাচলি আৰু ফল মূলবোৰৰ বৃদ্ধিৰ বাবে জৈৱিক আৰু ৰাসায়নিক সাৰো প্ৰয়োগ কৰে। কিন্তু এই ৰাসায়নিক কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ আদি কিছুমান নীতি-নিয়মৰ দ্বাৰাহে প্ৰয়োগ কৰিব লাগে। কোনবিধ ৰাসায়নিক কীটনাশক দ্ৰব্য অথবা ৰাসায়নিক সাৰ কিমান পৰিমাণে কোন ময়ত শাক-পাচলি আৰু ফল-মূলত প্ৰয়োগ কৰিব লাগে, তাৰ কিছুমান ধৰা- বন্ধা নিয়ম থাকে। ১৯৮৫ চনত ভাৰত চৰকাৰে ‘ফাৰ্টিলাইজাৰ কণ্ট্ৰ’ল অৰ্ডাৰ আইন’ বলৱৎ কৰি ৰাসায়নিক সাৰৰ গুণ, মান আদি নিৰ্ধাৰণ কৰি শস্যৰ গুৰিত সাৰ প্ৰয়োগত কিছুমান নিয়ম পালন কৰাৰ নিৰ্দেশ দিছে। কিন্তু আজিকালি সহজ মুনাফা লাভৰ আশাত শাক-পাচলি আৰু ফল-মূল উৎপাদক খেতিয়কসকলে শাক-পাচলি আৰু ফল-মূলবোৰ ডাঙৰ কৰিবলৈ, সতেজ দেখাই আকৰ্ষণীয় কৰিবলৈ এই নিয়ম পালন নকৰি ব্যক্তিগত লাভালাভক অগ্ৰাধিকাৰ দি জধে-মধে যেতিয়াই তেতিয়াই বজাৰত উপলব্ধ বৈধ আৰু অবৈধ সকলো ৰাসায়নিক কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ লগাতকৈ প্ৰচুৰ পৰিমাণে প্ৰয়োগ কৰাৰ উপৰি গ্ৰোথ ফেক্টৰ আৰু ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰে। এনেদৰে শাক-পাচলি আৰু ফল-মূল আদিত অসময়ত প্ৰয়োজনতকৈ অতিৰিক্তভাৱে বৈধ আৰু অবৈধ ৰাসায়নিক কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ, গ্ৰোথ ফেক্টৰ আৰু ৰাসায়নিক পদাৰ্থ আদি প্ৰয়োগ কৰাৰ ফলত এইবোৰ পদাৰ্থ শাক-পাচলি আৰু ফল-মূলত ৰৈ যায়। এনেবোৰ শাক-পাচলি আৰু ফল-মূল আমি খাদ্য হিচাপে গ্ৰহণ কৰোতে মানৱ শৰীৰৰ বাবে অপকাৰী এই বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰ আমাৰ শৰীৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে। ৰাসায়নিক কীটনাশক দ্ৰব্যবোৰ মানুহৰ দেহৰ বাবে ক্ষতিকাৰক। ই স্নায়ুৰ দুৰ্বলতা, মস্তিষ্ক আৰু অস্থিৰ কৰ্কট ৰোগপৰ্যন্ত কৰিব পাৰে। ৰাসায়নিক সাৰৰ বেছিভাগতে থাকে নাইট্ৰ’জেন, পটাছিয়াম আৰু ফছফৰাছৰ লগতে অন্য দ্ৰব্য। এইবোৰৰ পৰা বিভিন্ন ধৰণৰ এলাৰ্জিজনিত ৰোগ হোৱাৰ উপৰি পেটৰ অসুখ, অৰুচি আদি হ’ব পাৰে। গ্ৰোথ ফেক্টৰ হিচাপে প্ৰয়োগ কৰা স্ত্ৰী হ’ৰমনে এণ্ডোক্ৰাইন গ্ৰন্থিৰ কাৰ্যবোৰত আউল লগোৱাৰ উপৰি পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰাৰ লগতে শুক্ৰাণু তৈয়াৰীত বাধা জন্মাই পুৰুষৰ ইনফাৰ্টিলিটি কৰে। দীৰ্ঘদিন ধৰি এনে খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগৰো কাৰক হ’ব পাৰে। বিলাহী, আম, তৰমুজ আদি ৰঙা দেখাবলৈ বেজীৰে ৰাসায়নিক ৰং ভৰাই দিয়া হয়। এই ৰাসায়নিক ৰংবোৰে পেটৰ অসুখ, অৰুচি আৰু কৰ্কট ৰোগপৰ্যন্ত কৰিব পাৰে। বেঙেনা দেখাত চিকচিকীয়া কৰিবলৈ ফুৰাডন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে। কেতিয়াবা বেঙেনাবোৰক সতেজ দেখাবলৈ কাৰ্বফ্লৰিন দ্ৰব্যত ডুবাই দিয়া হয়। এনে বেঙেনাই পেটৰ অসুখত ভোগোৱাটো নিৰ্ঘাত। আনহাতে কল আদি কৃত্ৰিমভাৱে পকাবলৈ ব্যৱহাৰ কৰা কেলচিয়াম কাৰ্বাইডে মূৰৰ বিষ, মূৰ ঘূৰোৱা, মতিভ্ৰম, দৃষ্টিশক্তি হ্ৰাস, বুদ্ধি হ্ৰাস, নানা এলাৰ্জিজনিত সমস্যা আৰু ছালৰ ৰোগ কৰাৰ উপৰি হৃৎপিণ্ড , বৃক্ক আৰু হাওঁফাওঁৰ সমস্যাৰ সৃষ্টি কৰে।

লেখক: ডি কে

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate