অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সবল শৰীৰত পানীৰ উপকাৰ

সবল শৰীৰত পানীৰ উপকাৰৰ বিষয়ে লিখা হৈছে ।

মানুহৰ শৰীৰত এক শতাংশ পানী কম হ’লে পানী পিয়াহ লাগিবলৈ ধৰে । যদি শৰীৰৰ পাঁচ শতাংশ কমি যায়, তেন্তে মানুহৰ হাত-ভৰি টানি ধৰে । ইয়াৰ কাৰণে শৰীৰৰ ষ্টেমিনাও কমি যায় । মানুহজনৰ সোনকালে ভাগৰ লাগে, ডিহাইড্ৰেচন হোৱাৰ দৰে অনুভৱ হয় । যদি মানুহৰ দেহৰ ১০% পানী কম হৈ যায়, তেতিয়া মানুহ সংজ্ঞাহীন হোৱাৰ দৰেও হয় । কেতিয়াবা চকুৰে একো নেদেখা হৈ যায় । যদি কিবা কাৰণত ২০% পানী শৰীৰত কম হৈ যায়, তেতিয়া মানুহ মৃত্যুমুখতো পৰিব পাৰে । সেইকাৰণে মানুহে নিজৰ দেহত লগা পানীখিনি কহব লাগে । তেজক মানৱ দেহৰ জীৱনৰেখা বুলি কোৱা হয় । তেজত ৮৩% পানীয়ে থাকে । যদি দেহত পানীৰ পৰিমাণ কমি যায়, তেতিয়া দেহত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থবোৰ বাহিৰ ওলাই নাহিব । যাৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে । মানুহৰ দেহৰ আটাইতকৈ স্পৰ্শকতাৰ অংশ, যেনে- চকু, পাচনতন্ত্ৰ, মুখ আদিতো পৰ্যাপ্ত পানীৰ প্ৰয়োজন । মানুহৰ দেহত পানীৰ পৰিমাণ কমি গ’লে সকলোতকৈ বেছি পাচনতন্ত্ৰত প্ৰভাৱ পৰে । খাদ্য হজম হ’বৰ কাৰণে মুখত উৎপন্ন হোৱা লেলাউটিও বহুত দৰকাৰী হয় । আমাৰ চকুতো পানীৰ প্ৰয়োজন হয় । কাৰণ পানীয়ে চকুত জমা হোৱা লেতেৰাখিনি পৰিষ্কাৰ কৰিব পাৰে । পানীয়ে মানুহৰ হাড় মজবুত কৰি ৰাখে । সাধাৰণতে শৰীৰৰ হাড় মজবুত কৰি ৰাখিবৰ কাৰণে ভিটামিন ডি, কেলছিয়ামৰ লগতে পৰ্যাপ্ত পানীৰো প্ৰয়োজন । পানীয়ে মানুহৰ শৰীৰৰ তাপমান বেলেন্স কৰি ৰাখে । সেয়েহে এজন সুস্থ মানুহে প্ৰতিদিনে ২০:১ অনুপাতত পানী খাব লাগে । অৰ্থাৎ প্ৰতি ২০ কেজি ওজনত ১ লিটাৰ পানী খাব লাগে ।

সময় সাপেক্ষে মানুহে নিয়মিত ফল-মূল খায়ো নিজৰ শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰে । বিশেষকৈ কিছুমান খেলৰ প্ৰতিযোগিতাত প্ৰতিযোগীয়ে নিজৰ দেহৰ ওজন কমায় বা আন কোনো বিশেষ কাৰণত নিজৰ দেহৰ পৰা পানীৰ পৰিমাণ কমাই দিয়ে । সেইখিনি সময়ত নিৰ্দিষ্ট কিছুমান ফল-মূল, পাচলি আদি এনেধৰণৰ খাদ্যই প্ৰতিযোগীৰ দেহত ভাৰসাম্য বৰ্তাই ৰাখে ।

ফল-মূল, শাক-পাচলিৰ পৰা পোৱা পানীৰ পৰিমাণ :-

নাম

পানীৰ পৰিমাণ %

তৰমুজ

৯২%

ষ্ট্ৰবেৰী

৯২%

ৰবাব টেঙা

৯১%

ৰঙালাউ

৯০%

আপেল

৮৮%

আমলখি

৮০-৮৪%

মধুৰি আম

৮০%

তিয়ঁহ

৯৬%

কমলা

৮৭%

লেখক :- নৱজ্যোতি বৈশ্য

উৎস :- দেওবৰীয়া সম্ভাৰ

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top