অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমাজৰ ব্যাধি মাদকদ্ৰব্য :

সমাজৰ ব্যাধি মাদকদ্ৰব্যৰ বিষয়ে লিখা হৈছে ।

 

সম্প্ৰতি মানৱ জীৱনৰ বাবে এটা অতিশয় আতংকৰ বিষয় হৈ পৰিছে নিচাযুক্ত মাদক দ্ৰব্যসমূহ। এই দ্ৰব্যসমূহৰ প্ৰচলন ইমানেই ব্যাপক হৈ পৰিছে যে ইয়াৰ প্ৰতিক্ৰিয়াই পৰিয়াল সমাজ, ৰাজ্য আৰু দেশৰ প্ৰতিজন সচেতন ব্যক্তিকেই চিন্তিত কৰি তুলিছে। স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক মদ, ড্ৰাগছ আৰু ধূমপানৰ প্ৰতি একাংশ ল’ৰা-ছোৱালী, যুৱক-যুৱতী আৰু বয়সস্থ অত্যধিক আসক্ত হৈ পৰা দৃষ্টিগোচৰ হৈছে। ফলত আমাৰ সমাজত দ্ৰুতগতিত বৃদ্ধি পাই আহিছে হত্যা-ধৰ্ষণ, লুন্ঠন আদি অনৈতিক, অসামাজিক, অপৰাধমূলক কামবোৰৰ। নানা ধৰণৰ মাদকদ্ৰব্য সেৱনকাৰীসকলে হেৰুৱাই পেলাইছে শাৰীৰিক, মানসিক আৰু দৈহিক শক্তি। ইয়াৰ কু-প্ৰভাৱেই সমাজ জীৱনৰ অৱক্ষয় ঘটাই চূৰান্ত সৰ্বনাশ সাধন কৰি আহিছে। ক্ৰমবৰ্ধমান গতিত বাঢ়ি অহা মাদক দ্ৰব্যৰ জপ্ৰচলনে সমগ্ৰ বিশ্বতে মহামাৰীৰ সৃষ্টি কৰি মানৱ জাতিক আতংকিত কৰি তুলিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি প্ৰতি বছৰে বিশ্বত প্ৰায় ৫০ লাখ লোকে বিভিন্ন ধৰণৰ মাদকদ্ৰব্য সেৱন কৰি অকালমৃত্যুক সাবটি লয়। উল্লেখযোগ্য যে প্ৰতি বছৰে এই মৃত্যুৰ হাৰ বৃদ্ধি পাই আহিছে বুলিও বিশ্ব স্বাস্থ্য সংস্থাটোৱে ঘোষণা কৰি আহিছে।

দৰাচলতে এই মাদকদ্ৰব্যসমূহে কিদৰে মানুহৰ দেহৰ অনিষ্ট সাধন কৰে, সেয়া জানিবলগীয়া। ধূমপানৰ ফলত মানুহৰ তেজত থকা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাই আহে। ফলত নানা ৰোগত আক্ৰান্ত হৈ পৰে। বিড়ি, চিগাৰেট, চাধা আৰু অধিক তালোম খোৱাৰ ফলত মানুহে ডিঙি, হাওঁফাওঁ আৰু যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। মদ খোৱা মানুহৰ মগজুৰ ওপৰত ইয়াৰ প্ৰতিক্ৰিয়া অতি শীঘ্ৰেই হয়। ই মগজু উত্তেজিত কৰে যদিও সমগ্ৰ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া-কলাপ স্তিমিত কৰে। শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ পৰা স্নায়ুবাহিত বাৰ্তা অৰ্থাৎ অনুভূতিসমূহৰ গতি হ্ৰাস পাই আহে। তেতিয়া অনুভূতিসমূহৰ প্ৰতি মগজুৰ প্ৰতিক্ৰিয়াও প্ৰায় স্তিমিত হৈ পৰে। ফলত চিন্তাশীল লোপ পাই কামকাজৰ মাজত সমন্বয় নাইকিয়া হৈ পৰে। সেয়ে মদ সেৱন কৰি যান-বাহন চলোৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে বৰ্তমান সমাজ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ সৰ্বত্ৰ স্তৰত এই বৰ বিহৰূপী মাদক দ্ৰব্যই এনেদৰে ছানি ধৰিছে যে শিশু-কিশোৰ-কিশোৰীসকলো ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছে। সেয়ে এতিয়া আমাৰ নৱপ্ৰজন্মক এই নিচাযুক্ত মাদকদ্ৰব্যৰ কবলৰ পৰা পৰিত্ৰাণৰ উপায় অনুসন্ধানৰ প্ৰয়োজনীয়তা আহি পৰিছে। অন্যথা এনে নিচাযুক্ত মাদকদ্ৰব্যৰ পৰা নৱপ্ৰজন্মক আঁতৰাই ৰাখিব নোৱাৰিলে আকৌ আমাৰ সমাজলৈ নামি আহিব ভয়ংকৰ বিভীষিকা গতিকে ইয়াৰ প্ৰচলন বন্ধ কৰিবলৈ ৰাইজ আৰু চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টা লাগিব। মাদকদ্ৰব্যৰ হানিকাৰক দিশসমূহৰ প্ৰতি বিশেষকৈ নিৰক্ষৰ জনসাধাৰণক বিভিন্ন মাধ্যমেৰে সজাগ কৰি তুলিব লাগিব। সমাজ আৰু দেশৰ সম,অগ্ৰ জনসাধাৰণ সজাগ নহ’লে নিচাযুক্ত দ্ৰব্যৰ প্ৰজলন কেতিয়াও ৰোধ কৰিব পৰা নাযাব। আচলতে, সজাগতা, সচেতনতা, সহনশীলতা, মানৱীয় মূল্যবোধ মানুহৰ পৰম মহত্ত্ব আৰু দৈৱিক গুন। এইবোৰৰ জৰিয়তে মানুহে মানুহৰ দ্বাৰা একোখন সুন্দৰ আৰু সুস্থ-সবল সমাজ গঠন কৰিবলৈ সক্ষম হয়।

লেখক: ঘনশ্যাম দাস(অসম বাণী)

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top