অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাৰমেয়-কথা :

সাৰমেয়-কথাৰ বিষয়ে লিখা হৈছে ।

কুকুৰক মানুহৰ বিপদকালীন সময়ত আটাইতকৈ বেছি নিৰ্ভৰযোগ্য লগৰীয়া হিচাপে গণ্য কৰা হয়। সেয়েহে বহু মানুহে কুকুৰ পোহাই নহয় কুকুৰক বেছ স্নেহেৰে ৰখাও দেখা যায়। কুকুৰে যে কেৱল ঘৰৰ সুৰক্ষা দিয়া কামেই কৰিব পাৰে এনে নহয়, প্ৰশিক্ষিত কুকুৰে মানুহক ৰোগৰ কবলত পৰাৰ পৰাও হাত সৰাই ৰাখিব পাৰে।

অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ জৰিয়তে বৃটেইনৰ ব্ৰিষ্টল ইউনিভাৰ্ছিটীৰ গৱেষক নিকোলা ৰুণীয়ে জানিব পাৰে যে পোহনীয়া কুকুৰে টাইপ ১ ডায়েবেটিছ ৰোগীৰ ৰক্তত শৰ্কৰাৰ মাত্ৰা কমি গ’লে সতৰ্ক কৰিব পাৰে।

‘মেডিকেল ডিটেকচন ডগছ’ নামৰ সংস্থাৰ দ্বাৰা প্ৰশিক্ষিত ২৭ টা পোহনীয়া কুকুৰক অধ্যয়নত সামৰি ৬ৰ পৰা ১২ সপ্তাহলৈ সিহঁতৰ মালিকসকলৰ ৰক্তৰ শৰ্কৰাৰ মাত্ৰা সলনি কৰি গাৰ গোন্ধ ল’বলৈ দি নিৰীক্ষণ কৰা

গৱেষকগৰাকীয়ে জানিব পাৰে যে প্ৰতিবাৰে কুকুৰকেইটাই মালিকৰ হাইপ’গ্লাইকেমিক স্থিতিৰ বিষয়ে শুদ্ধকৈ সতৰ্ক কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে হাইপ’গ্লাইকেমিক ডায়েবেটিছ ৰোগত ৰক্তৰ শৰ্কৰাৰ মাত্ৰা বিপজ্জানকভাৱে কমি যায়। যদি সময়ত চিকিৎসা কৰা নহয় তেন্তে ব্যক্তিজন সংজ্ঞাহীন হৈ যাব পাৰে অথবা মৃত্যু পৰ্যন্ত হ’ব পাৰে। অৱশ্যে সকলো কুকুৰৰে এই ক্ষমতা নাথাকে বুলিও গৱেষক ৰোগীয়ে লগতে প্ৰকাশ কৰে।

বিজ্ঞান পত্ৰিকা পি এল অ’ এছ-১ত প্ৰকাশিত এই সংক্ৰান্ত গৱেষণামূলক নিবন্ধটোত গৱেষকগৰাকীয়ে টাইপ ১ মধুমেহ ৰোগত আক্ৰান্তসকলক চৰ্বিযুক্ত খাদ্য কমকৈ আৰু মিঠা খাদ্য পদাৰ্থ সামান্য পৰিমাণে খাবলৈ অথবা পাৰিলে নাখাবলৈ পৰামৰ্শ আগবঢ়াইছে।

আয়ুসকাল -

ন ন কথা জানিবৰ বাবে মানুহৰ কৌতূহলৰ অন্ত নাই। আজিকালি বহুতে জীৱনৰ অন্তিন দিনটো কেতিয়াকৈ আহিব সেয়াও জানিবলৈ ইচ্ছা কৰে। মানুহৰ ইচ্ছাক সন্মান জনায়ে এনে এপ বা গেম সম্প্ৰতি মুকলি কৰি দিয়া দেখা গৈছে যিয়ে ব্যক্তি বিশেষৰ মৃত্যুৰ তাৰিখ পৰ্যন্ত জনাব পাৰে বুলি দাবী কৰে।

শেহতীয়াকৈ বিজ্ঞানী মহলো এই দিশত গৱেষণাত ব্যক্তি হৈ পৰা দেখা গৈছে। সেই অনুসৰি বৃটেইনৰ এডিনবাৰ্গ ইউনিভাৰ্ছিটীৰ গৱেষক পিটাৰ যোশীয়ে কৰা এক অধ্যয়নৰ জৰিয়তে জানিব পাৰে যে ডি এন এৰ বিশ্লেষণ কৰি এয়া জনাটো সম্ভৱ যে কোন ব্যক্তিৰ জীৱনকাল কিমান দীঘলীয়া হ’ব।

গৱেষকগৰাকীয়ে মানুহৰ আয়ুসক প্ৰভাৱিত কৰিব পৰা আনুবংশিক পৰিৱৰ্তনৰ সংযুক্ত প্ৰভাৱ সন্দৰ্ভত অধ্যয়ন কৰি এটা স্ক’ৰিং ছিষ্টেম উদ্ভাৱন কৰে।

এই স্ক’ৰিং ছিষ্টেমৰ সহায়ত ব্যক্তিৰ আয়ুকাল সন্দৰ্ভত অনুমান কৰিব পৰা যায়। গৱেষকগৰাকীৰ মতে যদি ১০০০ গৰাকী ব্যক্তিক জন্মৰ সময়ত অথবা পিছত বাছনি কৰি স্ক’ৰিং ছিষ্টেমৰ আধাৰত দহ ভাগত ভগোৱা হয় তেন্তে সবাতোকৈ তলৰ ক্ৰমত অন্তৰ্ভুক্তসমূহতকৈ উচ্চ ক্ৰমত অন্তৰ্ভুক্তসমূহৰ ব্যক্তিসকল পাঁচ বছৰ অধিক কাল জীয়াই থাকিবলৈ সক্ষম হ’ব।

গৱেষক পিটাৰ যোশীয়ে পাঁচ লাখতকৈ অধিক লোকৰ আনুবংশীয় ডাটাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃৰ জীৱন কালৰ তথ্যৰ আধাৰত এই অধ্যয়নটো কৰিছিল।

উৎস: দৈনিক অসম

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top