অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ জীৱনশৈলী আৰু স্বাস্থ্য :

সুস্থ জীৱনশৈলী আৰু স্বাস্থ্য :

 

মানৱ জীৱনৰ আটাইতকৈ অমূল্য সম্পদ হৈছে সুস্থ নিৰোগী শৰীৰ এটা। সেয়ে আমি সকলোৱে সুস্থ জীৱনশৈলীৰে সুস্বাস্থ্য এটি গঢ়ি জীৱনটো সুন্দৰ আৰু সহজ কৰি তুলিবলৈ যত্নপৰ হোৱা উচিত।

প্ৰকৃতাৰ্থত সুস্বাস্থ্য সকলো ব্যক্তিৰে অতি প্ৰিয় আৰু পৃথিৱীৰ সকলো ব্যক্তিয়ে সুস্থ হৈ থাকিবলৈ ভাল পায়, কিন্তু কেতিয়াবা আমাৰ নিজা ভুলৰ বাবেই হওক বা আমাৰ দৈনন্দিন খাদ্য তালিকাখন ভালদৰে অনুসৰণ নকৰাত, ক’ব নোৱাৰাকৈয়ে কিছুমান বেমাৰে আগুৰি ধৰে। ফলস্বৰূপে আমি নানা কষ্ট ভোগ কৰিবলগীয়া হয়।

আজিৰ এই ব্যৱস্তাপূৰ্ণ জীৱন যাত্ৰাত বহু ব্যক্তিয়ে নিজা স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন নহয় বা অত্যধিক কৰ্ম ব্যস্ততাৰ কাৰণে খোৱা-বোৱাৰ ক্ষেত্ৰতো মনোযোগ নিদিয়ে। আনহাতে আধুনিক সমাজ ব্যৱস্থাত মানুহৰ মাজত কৰ্মব্যস্ততা বাঢ়িলেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনটো যথেষ্ট আৰামদায়ক কৰি তুলিছে, পৰিশ্ৰমৰ অভাৱত মেদবহুলতাই এতিয়া বিশ্বৰ প্ৰায়ভাগ লোককে আক্ৰান্ত কৰিছে।

অত্যধিক কেলৰিযুক্ত খাদ্য গ্ৰহণৰ ফলত সম্প্ৰতি যিমানবোৰ ৰোগ মানুহৰ মাজত বিয়পি পৰিছে তাৰ অধিকাংশই সৃষ্টি হৈছে মেদবহুলতাৰ বাবে। কিয়নো স্বাস্থ্যসন্মত আৰু স্বাস্থ্যৰ কাৰণে হানিকাৰক খাদ্যৰ মাজত পাৰ্থক্য নাজানি বা পাহৰি অতি সহজতে পোৱা যিকোনো খাদ্য গ্ৰহণ কৰা হেতুকে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

গতিকে খোৱা-বোৱা, কাম, ব্যৱসায়, টোপনি সকলো সময়মতে কৰিলে সুস্বাস্থ্যৰ গৰাকী হোৱাত সহায়ক হয়।

সাম্প্ৰতিক সময়ত দেখা যায় কিছুসংখ্যকে শকত হোৱাৰ ভয়ত ভোক লাগিলেও নাখায় আৰু কিছুসংখ্যক লোকে দেহৰ ওজন কমোৱাৰ চেষ্টাত সুষম আহাৰ কি ভালদৰে অনুধাৱন কৰিব নোৱাৰি যিকোনো খাদ্য খায় আৰু কিছুসংখ্যক লোকে ভোক নাথাকিলেও সুবিধা বুজি প্ৰয়োজনতকৈ বেছি খাদ্য গ্ৰহণ কৰে। সঁচা কথা ক’বলৈ গ’লে খোৱা-বোৱাৰ ক্ষেত্ৰত আমি সদায় সজাগ আৰু সংযমী হোৱা দৰকাৰ।

যিবোৰ খাদ্যৰ পৰা আমাৰ ৰোগ বৃদ্ধি হ’ব পাৰে, তেনে খাদ্যৰ পৰা সাধাৰণতে আঁতৰত থকা শ্ৰেয়। কোনো খাদ্য প্ৰিয় হ’লেও বেছি পৰিমাণ খোৱা উচিত নহয়।

আজিকালি প্ৰায়ে শুনা যায় বহু লোকে কৰ্মব্যস্ততাৰ বাবে দিনৰ আহাৰ নিৰ্দিষ্ট সময়ত গ্ৰহণ নকৰে বা ভোক লাগিলে সহজতে পোৱা যিকোনো কিবা এটা খাই বা নোখোৱাকৈ অনাহাৰে থাকি নিশালৈ মাছ-মাংসৰে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। কিন্তু এনে কৰা উচিত নহয়, কাৰণ খালী পেটত এনে ধৰণৰ খাদ্য সহজতে হজম নহয়।

সেয়েহে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে সহজে হজম হোৱা খাদ্য খোৱা প্ৰয়োজন। সতেজ শাক-পাচলি, চালাদ নিয়মীয়াকৈ আহাৰৰ লগত খোৱা দৰকাৰ, বতৰৰ সকলো ফল-মূল খাব লাগে। ফলৰ ৰসে পাচনক্ৰিয়াত সহায় কৰে আৰু শৰীৰৰ বাবে আৱশ্যকীয় ভিটামিন আৰু মিনাৰেল যোগান ধৰে। তদুপৰি প্ৰয়োজন অনুসৰি কিমান পৰিমাণৰ পানী খাব লাগে সেই বিষয়েও জনাটো প্ৰয়োজন, জাংক ফুড, অধিক মছলাযুক্ত আহাৰ, চৰ্বী থকা খাদ্যসামগ্ৰী অতি মাত্ৰা চহ-কফি সেৱন আৰু নিচাযুক্ত দ্ৰব্য পৰাপক্ষত বাদ দিয়া ভাল।

তদুপৰি সুস্থ হৈ থাকিবলৈ হ’লে অকল শৰীৰৰ যত্ন ল’লেই নহ’ব ইয়াৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰতিও ধ্যান দিব লাগিব। অত্যধিক কৰ্মব্যস্ততা, প্ৰয়োজনতকৈ অধিক চিন্তাই শৰীৰত যথেষ্ট প্ৰভাৱ পেলাই স্বাস্থ্যৰ বহু হানি সৰে। সেই বাবে মনটোক অনাৱশ্যকীয় চিন্তাৰ পৰা আঁতৰত ৰখা দৰকাৰ নহ’লে কেতিয়াবা মানসিক অৱসাদে আগুৰি ধৰে।

জীৱনৰ মূল শান্তিও বিঘ্নিত কৰে আৰু স্বাস্থ্যও দুৰ্বল হৈ পৰে। গতিকে মনটোক সুস্থ আৰু শান্ত কৰি ৰাখিবলৈ সঠিক কৰ্ম, সঠিক সময়ত সম্পাদন কৰি পৰ্যাপ্ত টোপনি, নিয়মিত প্ৰাতঃভ্ৰমণ, যোগ, ব্যায়াম, প্ৰাণায়াম, উপাসনা আদি কৰা অত্যন্ত জৰুৰী।

স্বাস্থ্য হৈছে পৰম ধন। সুস্বাস্থ্য হৈছে আনন্দ উপভোগৰ এক উত্তম চাবি-কাঠী আৰু এই চাবি-কাঠী পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ হাততেই।

সেই কাৰণে আমাৰ জীৱনশৈলী তথা জীৱন ধাৰণৰ ৰীতি-নীতি সুস্বাস্থ্যৰ অনুৰূপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে।

লেখিকা: দীপাঞ্জলী ভট্টাচাৰ্য(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate