অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য :

স্বাস্থ্য :

অধিক চৰ্বিৰ বিপদ:

স্থূলকায় ব্যক্তিৰ শৰীৰত যে নানা ৰোগে অতি আলাসতে ভিৰ কৰিব পাৰে, এয়া সকলোৱে জনা কথা। কেৱচল বয়সস্থ ব্যক্তি শকত-আৱত হ’লেই যে স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়, তেনে নহয়, কম বয়সত শৰীৰত চৰ্বিয়ে ভিৰ কৰিলেও আগলৈ গৈ নানা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ি যায়। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত বৃটেইনৰ ইউনিভাৰ্ছিটী অব ব্ৰিষ্টল মেডিকেল কলেজৰ গৱেষক কেতলিন এইচ ৱেডে জানিব পাৰে যে যুৱাৱস্থাত উচ্চ বডী মাছ ইণ্ডেক্স(বি এম আই)ৰ গৰাকে হোৱাজন আগলৈ গৈ হৃদৰোগৰ মুখামুখি হ’বলগীয়া হ’বগৈ পাৰে। ১৭ৰ পৰা ২১ বছৰ বয়সৰ কিছুসংখ্যক স্থূলকায় পৰিয়ালৰ সদস্যক গৱেষণাত সাঙুৰি গৱেষক ৱেডে উচ্চ বডী মাছ ইণ্ডেক্সে হৃদয়ত কি প্ৰতিকূল প্ৰভাৱ পেলায়, সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিছিল। গৱেষণাৰ কালত গৱেষকগৰাকীয়ে জানিব পাৰে যে যুৱাৱস্থাত শৰীৰত অত্যধিক চৰ্বিয়ে ঠাই ল’লে আগলৈ গৈ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা বাঢ়ি যায়। সমান্তৰালকৈ হৃদৰোগ হোৱাৰ সম্ভাৱনাও আন সুস্থ ব্যক্তিৰ তুলনাত বাঢ়ি যায়।

ইনফ্লুৱেঞ্জাৰ ভেকচিন:

অচিৰেই ইনফ্লুৱেঞ্জা ৰোগ মানুহৰ কাৰণে অতীত হৈ পৰিব। অতি শেহতীয়াকৈ আমেৰিকাৰ জৰ্জিয়া ষ্টেট ইউনিভাৰ্ছিটীৰ সহযোগী অধ্যাপক ৱাং বাঅ’ঝোঙে এনে এবিধ ‘নেন’পাৰ্টিকল ভেকচিন’ৰ বিকাশ সাধন সম্ভৱ কৰি তুলিছে, যাৰ সহায়ত ইনফ্লুৱেঞ্জা এ ভাইৰাছৰপৰা মানুহক হাত সৰাই ৰখাটো সম্ভৱ হ’ব। গৱেষকগৰাকীৰ মতে, পেপ্টাইডৰপৰা বিকশিত এই ভেকচিনত ইনফ্লুৱেঞ্জাৰে মোকাবিলা কৰিব পৰা ভৰপূৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। এই পেপ্টাইডত দুই বা ততোধিক এমিন’ এচিড যুক্ত হৈ থাকে। গৱেষকগৰাকীৰ মতে, শৰীৰত মিলি যোৱা মাইক্ৰ’নিডিলৰ জৰিয়তে এই টিকাকৰণ কৰা হয়। যাৰ বাবে এই টিকাকৰণ ছিৰিঞ্জমুক্ত আৰু বেদনা ৰহিত। এই নতুন ভেকচিনবিধৰ সফল উদ্ভাৱনৰ পিছত গৱেষক ৱাং বাঅ’ঝোঙে আশা প্ৰকাশ কৰিছে যে খুব সোনকালেই সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ ‘ইউনিভাৰ্ছেল ভেকচিন’ উদ্ভাৱন কৰাৰ সম্ভাৱনাও এতিয়া বৃদ্ধি পালে।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

স্বাস্থ্য:অধিক চৰ্বিৰ বিপদ:স্থূলকায় ব্যক্তিৰ শৰীৰত যে নানা ৰোগে অতি আলাসতে ভিৰ কৰিব পাৰে, এয়া সকলোৱে জনা কথা। কেৱচল বয়সস্থ ব্যক্তি শকত-আৱত হ’লেই যে স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়, তেনে নহয়, কম বয়সত শৰীৰত চৰ্বিয়ে ভিৰ কৰিলেও আগলৈ গৈ নানা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ি যায়। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত বৃটেইনৰ ইউনিভাৰ্ছিটী অব ব্ৰিষ্টল মেডিকেল কলেজৰ গৱেষক কেতলিন এইচ ৱেডে জানিব পাৰে যে যুৱাৱস্থাত উচ্চ বডী মাছ ইণ্ডেক্স(বি এম আই)ৰ গৰাকে হোৱাজন আগলৈ গৈ হৃদৰোগৰ মুখামুখি হ’বলগীয়া হ’বগৈ পাৰে। ১৭ৰ পৰা ২১ বছৰ বয়সৰ কিছুসংখ্যক স্থূলকায় পৰিয়ালৰ সদস্যক গৱেষণাত সাঙুৰি গৱেষক ৱেডে উচ্চ বডী মাছ ইণ্ডেক্সে হৃদয়ত কি প্ৰতিকূল প্ৰভাৱ পেলায়, সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিছিল। গৱেষণাৰ কালত গৱেষকগৰাকীয়ে জানিব পাৰে যে যুৱাৱস্থাত শৰীৰত অত্যধিক চৰ্বিয়ে ঠাই ল’লে আগলৈ গৈ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা বাঢ়ি যায়। সমান্তৰালকৈ হৃদৰোগ হোৱাৰ সম্ভাৱনাও আন সুস্থ ব্যক্তিৰ তুলনাত বাঢ়ি যায়।

ইনফ্লুৱেঞ্জাৰ ভেকচিন:অচিৰেই ইনফ্লুৱেঞ্জা ৰোগ মানুহৰ কাৰণে অতীত হৈ পৰিব। অতি শেহতীয়াকৈ আমেৰিকাৰ জৰ্জিয়া ষ্টেট ইউনিভাৰ্ছিটীৰ সহযোগী অধ্যাপক ৱাং বাঅ’ঝোঙে এনে এবিধ ‘নেন’পাৰ্টিকল ভেকচিন’ৰ বিকাশ সাধন সম্ভৱ কৰি তুলিছে, যাৰ সহায়ত ইনফ্লুৱেঞ্জা এ ভাইৰাছৰপৰা মানুহক হাত সৰাই ৰখাটো সম্ভৱ হ’ব। গৱেষকগৰাকীৰ মতে, পেপ্টাইডৰপৰা বিকশিত এই ভেকচিনত ইনফ্লুৱেঞ্জাৰে মোকাবিলা কৰিব পৰা ভৰপূৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। এই পেপ্টাইডত দুই বা ততোধিক এমিন’ এচিড যুক্ত হৈ থাকে। গৱেষকগৰাকীৰ মতে, শৰীৰত মিলি যোৱা মাইক্ৰ’নিডিলৰ জৰিয়তে এই টিকাকৰণ কৰা হয়। যাৰ বাবে এই টিকাকৰণ ছিৰিঞ্জমুক্ত আৰু বেদনা ৰহিত। এই নতুন ভেকচিনবিধৰ সফল উদ্ভাৱনৰ পিছত গৱেষক ৱাং বাঅ’ঝোঙে আশা প্ৰকাশ কৰিছে যে খুব সোনকালেই সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ ‘ইউনিভাৰ্ছেল ভেকচিন’ উদ্ভাৱন কৰাৰ সম্ভাৱনাও এতিয়া বৃদ্ধি পালে।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate