মূল পৃষ্ঠা / বাতৰি
অংশিদাৰী

বাতৰি

Creation Date শিৰোনাম বৰ্ণনা
Feb 18, 2019 10:24 AM আই পদ্মপ্ৰিয়া বঁটা যুগব্ৰতা দত্তলৈ অসমৰ প্ৰথম মহিলা বৈষ্ণৱ কবি আই পদ্মপ্ৰিয়াৰ নামত অসম লেখিকা সংস্থাই প্ৰতিষ্ঠা কৰা ‘আই পদ্মপ্ৰিয়া বঁটা’ চতুৰ্থবাৰৰ বাবে গুৱাহাটী নিৱাসী সু-লেখিকা, সমাজসেৱিকা তথা অনাতাঁৰ শিল্পী যুগব্ৰতা দত্তলৈ আগবঢ়োৱা হৈছে।
Feb 18, 2019 10:16 AM লোকশিল্পী মুকুন্দ টেৰণলৈ কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন, ‘জি এল ছ’চিয়েল চাৰ্ক’ল, ব্যক্তিক্ৰম মাছডো আৰু বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰই ২০১৫ বৰ্ষৰপৰা প্ৰদান কৰি অহা মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা ২০১৮ বৰ্ষৰ বাবে লোকশিল্পী মুকুন্দ টেৰণলৈ আগবঢ়োৱা হৈছে।
Feb 16, 2019 11:35 AM তুলিৰাম ৰ্ংহাঙক কাৰ্বি শিৰোমণি উপাধি প্ৰধান কৰিলে সাংস্কৃতিক মহাসভাই আজি ডিফুত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কাৰ্বি শিৰোমণি উপাধি বঁটা প্ৰদান কৰে সাংস্কৃতিক মহাসভা অসমে । তাল, খোল, উৰুলিৰ ধ্বনিৰে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙক বঁটা বিতৰণী অনুষ্ঠানলৈ উদ্যোগক্তাসকলে আদৰি আনে । উল্লেখ্য যে যোৱা জানুৱাৰী মাহত শিৱসাগৰ জিলাত সাংস্কৃতিক মহাসভাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত তুলিৰাম ৰংহাঙক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ।
Feb 16, 2019 10:55 AM শান্তনু নন্দন শৰ্মালৈ ২০১৯ বৰ্ষৰ পৰাগ কুমাৰ দাস বঁটা ‘দ্য ইক’নমিক টাইমছ’ৰ জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দন শৰ্মালৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ।’ পৰাগ কুমাৰ দাস স্মৃতিৰক্ষা সমিতিয়ে আজি এক সংবাদ মেলযোগে এই কথা ঘোষণা কৰে । অহা ২৪ ফেব্ৰুৱাৰীত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব ।
Feb 15, 2019 10:53 AM যুগব্ৰতা দত্তলৈ অসম লেখিকা সংস্থাৰ আই পদ্মপ্ৰিয়া বঁটা অসমৰ প্ৰথম মহিলা বৈষ্ণৱ কবি, ভক্তিমূলক গীতৰ ৰচয়িতা আৰু সমাজসেৱিকা আই পদ্মপ্ৰিয়াৰ নামত অসম লেখিকা সংস্থাই প্ৰতিষ্ঠা কৰা 'আই পদ্মপ্ৰিয়া বঁটা' চতুৰ্থবাৰৰ বাবে গুৱাহাটী নিৱাসী সুলেখিকা, সমাজসেৱিকা তথা অনাতাঁৰ শিল্পী যুগব্ৰতা দত্তলৈ আগবঢ়াইছে।
Back to top