মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / অসমৰ চৰাই-চিৰিকটিৰ বৰ্ণনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ চৰাই-চিৰিকটিৰ বৰ্ণনা

অসমৰ চৰাই-চিৰিকটি

ভাটৌ চৰাই

ভাটৌ এবিধ সেউজবুলীয়া নিমজ পিঠিৰ চৰাই। ভাটৌৰ ঠোঁট চুটি, শকত আৰু আগটো বেঁকা। ঠোঁট বহুত টান। সি কাঠ বাদামৰ দৰে টান ফলো ভাঙি খাব পাৰে। ভাটোৱে পোৱালি অৱস্থাৰ পৰাই জলকীয়া খাব পাৰে। জলকীয়া খালে হেনো সিহঁতৰ মাত চোকা হয়। ভাটৌৱে মুখখন মেলোতে ঠোঁটৰ ওপৰ ভাগহে ওপৰলৈ মেলে। ভাটৌৱে গছৰ সৰু ডালত পৰি তলমূৰ কৰি বহি থাকে। গছৰ সৰু ডালত ভালকৈ খামুচি ধৰিব পৰাকৈ ভাটৌৰ ঠেঙৰ দুটা আঙুলি আগ ফাললৈ আৰু দুটা আঙুলি পাছফাললৈ থাকে। সেইবাবেই ভাটৌ চৰায়ে অনায়াসে গছৰ গাত ওলমি আহাৰ খাব পাৰে। ভাটৌ কেবা প্ৰকাৰৰো আছে। সমগ্ৰ পৃথিৱীতে প্ৰায় এশ ষাঠি বিধ ভাটৌ চৰাই আছে। কিছুমান ধোঁৱা বৰণীয়া, কিছুমান ৰঙা, কিছুমান নীল বৰণীয়া, কিছুমান বগা, কিছুমান সাতৰঙী, কিছুমান আছে আকৌ দেখিবলৈ আপচু কিচ্‌ কিচ্‌কৈ ক’লা বৰণৰ। ভাটৌ চৰায়ে বাহ সাজিব নাজানে। ইহঁতে গছৰ ধোন্দত, পুৰণি ঘৰৰ ফাঁটত কণী পাৰি পোৱালি জগায়। ভাটৌ চৰায়ে খুব বেগাই উৰিব পাৰে। ইহঁতে জাক পাতি থাকিবলৈ ভাল পায় আৰু কোঢ়াল কৰি আহাৰ খায়। মাত অনুকৰণ কৰিব পৰা কেইবিধমান চৰাইৰ ভিতৰত ভাটৌও এবিধ।

টুনী চৰাই

টুনী এবিধ দেখাত কণমানি চৰাই। কণমানি হ’লেও ই বৰ চতুৰ চৰাই। জোপোহা গছত আৰু বেঙেনা গছত সাধাৰণতে ইহঁতে বাহ সাজে। ঠোঁটেৰে গছৰ পাত দুটা লগ লগাই গছৰ পাতৰ আঁহেৰেই এখন মোনাৰ দৰে পাত দুটা চিলাই কৰে। এই মোনাখনৰ ভিতৰত খেৰ-কুটা, তুলা-সূতা আদি ভৰাই বহুত পৰিশ্ৰম কৰি কৌশলেৰে বাহটো সাজে। বাহটো ঠিক পানী খোৱা গিলাচটোৰ দৰেই। সেইবাবে ইহঁতক দৰ্জী চৰাই বুলিও কয়। টুনী চৰাই বৰ ৰঙিয়াল চৰাই, মুখেৰে টুইট্‌ টুইট্‌কৈ নেজডাল ওপৰলৈ কৰিও গছৰ এটা ডালৰ পৰা আন এটা ডাললৈ জঁপিয়াই মনৰ উলাহতে দেও দি দি নাচি ফুৰে আৰু মানুহক দেখিলেই গছৰ ডালত পাতৰ আঁৰত নিজৰ কণমানি দেহটো লুকাই থয়। টুনীৰ পাখিৰ ৰং পাতল মটীয়া, সেউজীয়া। মূৰ অলপ ৰঙচুৱা। ইহঁতে কীট-পতঙগ, ফুলৰ মৌ আদি খায়ে জীৱন ধাৰণ কৰে। অৱশ্যে পকা ধানৰ দিনত জাক পাতি টুনী চৰায়ে পকাধান খাই শস্যৰ পথাৰত সন্ত্ৰাসৰ সৃষ্টি কৰে।

কুলি চৰাই

কুলি চৰাইৰ মাতটো শুৱলা যদিও দেখিবলৈ মুঠেই ধুনীয়া নহয়। ইয়াৰ ৰঙটো কিচ্‌ কিচ্‌কৈ ক’লা, ঠিক কাউৰীৰ দৰে। কেৱল কাউৰীতকৈ কুলি দেখিবলৈ আকৃতিত অলপ সৰু। কুলি চৰাই বৰ লাজকুৰীয়া। সেয়েহে ই গছৰ ডালত পাতৰ আঁৰত থাকে। কুলি চৰাই বৰ এলেহুৱা আৰু টেঙৰ। সি কেতিয়াও বাহ নাসাজে। যেতিয়া কণী পাৰিবৰ সময় হয়, কাউৰীৰ বাহ বিচাৰি তাতেই কণী পাৰি আহে। কাউৰী আৰু কুলিৰ কণী আৰু পোৱালি দেখিবলৈ একে। গতিকে বেচেৰী কাউৰীজনীয়ে তাইৰ নিজৰ কণী বুলি ভাবি উমনি দি পোৱালিবোৰক টোপ খুৱাই ডাঙৰ-দীঘল কৰে। পোৱালিবোৰেও কাউৰীয়ে চিনি পাব বুলি কেতিয়াও চকু নেমেলে। কিয়নো কাউৰীৰ চকু ক’লা আৰু কুলিৰ চকু ৰঙা। কুলি চৰাইৰ মতা-মাইকী সহজে চিনিব পাৰি। মতাবিলাকৰ ৰঙটো উজ্বল ক’লা আৰু চকু দুটা জবা ফুলৰ নিচিনা ৰঙা। মাইকী কুলিবোৰ মুগা বৰণীয়া আৰু ইহঁতৰ মূৰত কিছুমান বগা-বগা দাগ আছে। ইয়াৰ নেজ আৰু পাখীবোৰত বগা পাটী আছে। মতা-মাইকী অনুসৰি ইহঁতৰ মাত বেলেগ বেলেগ। মতা কুলিয়ে কু-উ-উ বুলি দীঘলীয়াকৈ মিঠা সুৰীয়া মাত মাতে। মাইকীবোৰৰ মাত আকৌ কঠুৱা। ইহঁতে ‘কিক্‌-কিক্‌’কৈ গছে গছে চিঞৰি ফুৰে। কুলিয়ে সকলো ৰকমৰ ৰসাল গছৰ গুটি আৰু পলু, পোক-পৰুৱা আদি খায়।

কপৌ চৰাই

কপৌ আমি সততে দেখি থকা এবিধ চৰাই। কপৌৰ অনেক উপজাতি আছে। শিল কপৌ, হাৰুৱা কপৌ, শ্বেত কপৌ, কটীয়া কপৌ ইত্যাদি। ইহঁতৰ নাম ভেদে পাখিৰ ৰং আদিৰো তাৰতম্য আছে। শিল কপৌৱে বৰ বেগাই উৰিব পাৰে। ইহঁতে ডাঠ বাঁহনি, পৰ্বতীয়া ঠাইত থাকিহে ভাল পায়। খেতি চপোৱাৰ ঠিক পাছতে ইহঁতে উদং পথাৰত পৰি থকা শস্যবোৰ খাবলৈ আহে। দেখিবলৈ বৰ ধুনীয়া, গোটেই গাটো ডাঠ নীল বৰণৰ। বুকুৰ ফালে অকণমান সেউজীয়া বোল আছে। পাখি দুখনত একোটাকৈ ক’লা বহল আঁক আছে। হাৰুৱা কপৌৰ গাৰ বৰণ পাতল সেউজীয়া, ডেউকা আৰু নেজত অৱশ্যে ক’লা চানেকীয়া পাখিও আছে। আমি সাধাৰণতে দেখি থকা কপৌৰ ধোঁৱা বৰণীয়া পিঠিখনত বগা ফুটুকা-ফুটুকী ফুল দেখিবলৈ পোৱা যায়। ডিঙি আৰু বুকুখন সুন্দৰ ৰঙচুৱা। গলধনৰ ৰঙাখিনিতে আকৌ ক’লা ফুটফুটীয়া চিন। কপৌ চৰায়ে জাক পাতি ফুৰিবলৈ ভাল পায়। ইহঁতে শুকান ঠাইতকৈ সেমেকা ঠাইতহে থাকিবলৈ ভাল পায়। কপৌ চৰাই বেছি দূৰলৈ উৰিব নোৱাৰে। ইহঁত বৰ নিৰ্জু প্ৰকৃতিৰ। কেতিয়াও কাৰো অপকাৰ নকৰে। সেই সাহসতেই ইহঁত মুকলিমুৰীয়াকৈ মানুহৰ ঘৰৰ ওচৰে-পাজৰে ঘূৰি-পকি থাকে। কুলিৰ দৰে কপৌৰ মাতো শুৱলা। সদায় সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত কপৌৱে শুৱলাকৈ ৰুণ দিয়া শুনিবলৈ পোৱা যায়।

ধনেশ

ধনেশ অসমৰ আটাইতকৈ আটাইতকৈ মূল্যৱান চৰাই। অসমৰ আটাইবোৰ ডাঠ হাবিতেই ইহঁতক পোৱা যায়। ধনেশৰ ঠোঁটটো দেখিবলৈ অলপ ভয় লগা। গাটো হিচাপে ঠোঁটটো বেছি ডাঙৰ। পাতল কমলা বৰণৰ ঠোঁটটো বহুত দীঘল। বেঁকাকৈ এটা ভাজো আছে। ঠোঁটৰ ওপৰত অলপ উঠঙা টকয়া আছে। ইহঁতৰ গাৰ ৰঙটোও কিচ্‌কিচিয়া ক’লা, ডিঙিত অৱশ্যে বগা পাখিও আছে। নেজৰ পাখি আকৌ পখৰা। ধনেশ চৰায়ে বাহ সাজিব নাজানে, গছৰ খোৰোঙতহে বাহ লয়। ইহঁতৰ মাইকীজনীয়ে খোৰোঙত কণী পাৰি উমনিত বহে। কণী পৰাৰ পিছতে তাই খোৰোঙৰ মুখখন নিজৰ মল-মূতেৰে নিকপকপিয়াকৈ লিপি বন্ধ কৰি পেলায়। এই মল-মূতৰ প্ৰলেপটো বেঙেনাবুলীয়া। মাত্ৰ ঠোঁটটো উলিয়াব পৰাকৈ এটা সৰু বিন্ধা থাকে। পোৱালি হোৱাৰ পাছটো এমাহমানলৈ তাই ভিতৰতে সোমাই থাকে। এই সময়খিনিত মতা চৰাইবোৰে ফল-মূল, পোক-পৰুৱা আদি আহাৰ বিচাৰি মাইকীজনীক আৰু পোৱালিবোৰক যোগায়। পোৱালি কেইটা ডাঙৰ-দীঘল হ’লেহে লিপি থোৱা আঠাবোৰ ঠোঁটেৰে খুটি খুটি গুচাই সিহঁতৰ সৈতে মাকজনী বাহিৰলৈ ওলাই আহে। এই সময়ছোৱাৰ ভিতৰত মতা ধনেশটোৰ কেনেবাকৈ মৃত্যু হ’লে মাইকীজনী আৰু পোৱালিবোৰৰো মৃত্যুৰেই আশংকা বেছি। ধনেশ চৰায়ে সদায়ে মানৱ জাতিৰ উপকাৰেই কৰি আহিছে। মানুহে অকল ইহঁতৰ মঙহকে নাখায়, মঙহৰ পৰা কবিৰাজসকলে দৰব-জাতিও তৈয়াৰ কৰে। ইহঁতৰ তেলেৰে তেওঁলোকে দুৰাৰোগ্য বাত-ব্যাধি নাইকিয়া কৰে।

চিলনী

চিলনী মাংসাহাৰী চৰাই। ইহঁতৰ নখবোৰ চোকা, দীঘল আৰু বেঁকা। ইয়াৰে ইহঁতে চোঁ মাৰি চিকাৰ ধৰি তীব্ৰ গতিত উৰি যায়। কেৱল নখেই নহয় ইয়াৰ ঠোঁটৰ আগটোও বৰ চোকা আৰু তললৈ ঘেৰ খোৱা। ঠোঁটটো দীঘল যিমান শকতো সিমান। কাজেই অনায়াসে ইয়াৰে মাছ-মাংস ছিঙি খাব পাৰে। চিলনীয়ে কেইবাৰমান ডেউকা কোবাই তাৰ পিছত পাখি মেলি উৰি উৰি চক্ৰাকাৰে ঘূৰি থাকে আৰু চিকাৰৰ প্ৰতি লক্ষ্য ৰাখে। চিকাৰ দেখিলেই চিকাৰৰ ওপৰত জঁপিয়াই পৰে। ইহঁতৰ দৃষ্টি শক্তি খুব প্ৰখৰ, ওপৰত থাকে যদিও তলত কি থাকে ইহঁতৰ চকুত নপৰাকৈ নেথাকে। ইহঁতে চি-ই-ইল শব্দ কৰি চিঞৰে। ইহঁতে বাৰিষাৰ পিছত ওখ গছৰ ডালত শুকান ডাল-পাতেৰে বাহ সাজে।  বছৰত দুবাৰকৈ কণী পাৰে আৰু কণীবোৰ মুগা বৰণীয়া। চিলনীৰ গাৰ ৰং কজলা মাটিয়া ৰঙৰ, ফিছাখন অলপ ফটা। দেখিবলৈকো আমি বেছ ডাঙৰ-দীঘল - দীঘলে প্ৰায় দুফুটমানেই হ’ব। চিলনীৰেই এবিধ প্ৰকাৰ হ’ল গঙাচিলনী। ইহঁত চিলনীতকৈ কিছু সৰু আকৃতিৰ। এইবিধ চিলনী সাধাৰণতে নৈ-বিল আদিৰ ওচৰত থাকে। গঙাচিলনীয়ে ডাঙৰ গছৰ ওপৰত সৰু সৰু ডালেৰে সজা বাহত দুটা বা তিনিটা কণী পাৰে। কণীবোৰ বগা ফুটুকা-ফুটুকী। গঙা চিলনীৰ মূৰ আৰু ডিঙি বগা, পেটৰ ফালেও বগা, ওপৰৰ ৰং ৰঙচুৱা।

বাঢ়ৈটোকা

বাঢ়ৈটোকা দেখিবলৈ ধুনীয়া চৰাই। ইহঁতৰ সোণালী ৰঙৰ পিঠিখন অতি মৃসণ। বাঢ়ৈটোকাৰ মূৰত ৰঙা চুলি আছে। ইহঁতৰ ফিছা ক’লা, বুকু ক’লা-বগা, পখৰা-পাখৰি। মতাবোৰৰ কপাল ৰঙা আৰু মাইকীবোৰৰ কপাল ক’লা। গছৰ শুকান বা পচা ছালৰ তলত যিবোৰ পোক-পৰুৱা থাকে সেইবোৰ জোঙা ঠোঁটেৰে খুঁটিয়াই খুঁটিয়াই উলিয়াই খায়। গছৰ পাত নখেৰে খামোচ মাৰি ধৰি নেজত ভৰ দি ঠোঁটেৰে গছবোৰ খুলি পেলাই আহাৰৰ সন্ধান কৰে। মিস্ত্ৰিয়ে হাতুৰি মৰাৰ দৰে বাঢ়ৈটোকা চৰাইয়েও ঠোঁটেৰে গছত হাতুৰি মাৰিব পাৰে, ইহঁতৰ বিশেষত্ব সেই খিনিতে। ইহঁতক সেয়েহে মিস্ত্ৰি চৰাই বুলিও কোৱা হয়। বাঢ়ৈটোকাই গছৰ খোৰোঙতে বাহ সাজি লয়। ইহঁতৰ কণীৰ ৰং চকচকীয়া বগা। ইহঁতৰ আন এটা নাম কাঠখোলা।

বুলবুলি চৰাই

বুলবুলি চৰাইৰ মূৰত এটি চিক্‌চিকীয়া ক’লা কিৰিটী দেখিবলৈ পোৱা যায়। পিঠিখন মুগা ধোঁৱা বৰণৰ, গাল আকৌ বগা। ইহঁতৰ ফিচাৰ তলছোৱা সেন্দুৰ যেন ৰঙা। চিপাহী বুলবুলিৰ মূৰত ৰঙা কিৰিটী আছে। বুলবুলি চৰায়ে সাধাৰণতে জোপোহা গছৰ তলৰ ফালৰ ডালত বাহ সাজে। বাহটো চাউল থোৱা পাচি-খৰাহীটোৰ নিচিনা বৰ ধুনীয়া। ইহঁতৰ কণীবোৰ ৰঙা ৰঙা ফুট থকা গুলপীয়া ৰঙৰ। বুলবুলিৰ মাতটো সুৰীয়া।

বৰটোকোলা

বৰটোকোলা চৰাই ওখই প্ৰায় চাৰিফুট মান হ’ব। ঠোঁটটোৰ ৰং হালধীয়া আৰু ডেৰ বেগেত মান দীঘল হ’ব। ইহঁতৰ ভৰি দুখনো সেই হিচাপে বহুত দীঘল। গা কজলা-ধোঁৱা বৰণীয়া, বুকুৰ ফালটো বগা নোমেৰে ঢকা। ডিঙিত এখন দীঘলীয়া মোনা দেখিবলৈ পোৱা যায়। ইয়াত ইহঁতে খাবলৈ লোৱা বস্তুবিলাক জমা হৈ থাকে। দীঘল ভৰি দুখন ডাঙি মাটিত থৈ তাৰ ওপৰত ভৰ দি জুপুকা মাৰি ইহঁতে টোপনি যায়। ঠোঁটটো আৰু মোনাখন দুই কান্ধৰ মাজত পেলাই থয়। ইহঁত নৈ-পুখুৰী, পিতনি-বিল আদিৰ পাৰৰ নিৰ্জন ঠাইত জুপুকা মাৰি শুই থাকিবলৈ ভাল পায়। কেতিয়াবা কেতিয়াবা ওৰে দিনটো লৰচৰ নকৰাকৈ একে ঠাইতে নিতাল মাৰি বহি থাকে। বৰটোকোলা স্বভাৱতে অলপ এলেহুৱা-কেলেহুৱা প্ৰকৃতিৰ। কিছুমান ঠাইত ইহঁতক হদং বুলি কয়। আন কিছুমান ঠাইত আকৌ ইহঁতক হাড়গিলা বুলিও কয়। বৰটোকোলা চৰাই নেজখঁৰা- নেজ বুলিবলৈ একোৱেই নাই। ঠোঁটৰ তুলনাত মূৰটো সৰু আৰু তেনেই টকলা, চুলি বুলিবলৈ এডালিও নাই। ইহঁতে ওখ গছত বাহ সাজি থাকে। বাহটো বেছ আহল-বহল, মজবুতকৈ সজা। মাজডোখৰ অলপ দকৈ ৰাখি কণী পাৰিবলৈ সুবিধা কৰি লয়। বৰটোকোলাই একেকোবে উৰিব নোৱাৰে, কেইবাবাৰো দোপ লৈহে উৰিব লাগে। অৱশ্যে আকাশ পালে পাখি নোকোবোৱাকৈ ঘূৰি ফুৰিব পাৰে। সমাজৰ আৱৰ্জনা, গেলা-পচা বস্তু যিমানখিনি পাৰি খাই ইহঁতে আমাক দুৰ্গন্ধৰ পৰা ৰক্ষা কৰি আছে। বৰটোকোলাই যেতিয়া উৰে, ইহঁতৰ পাখিৰ পৰা সোঁ-সোঁ কৈ এটা শব্দ হয়। এই শব্দ বহু নিলগৰ পৰাই শুনিবলৈ পোৱা যায়। দীঘল ঠোঁটটো আগলৈ উলিয়াই দি ভৰি দুখন পাখিৰ তলত সুমুৱাই লৈ সোঁ-সোঁ কৈ উৰি যায়।

ফেঁচা

ফেঁচা নিশাচৰ প্ৰাণী। ইহঁতৰ কৰ্মজীৱন আৰম্ভ হয় ফুট-গধূলিৰ পৰাহে। ইহঁতে ওৰেদিনটো শুই শুইয়ে কটায় আৰু মুনিচুনি বেলিকা সাৰ পাই উঠে। গোটেই নিশাটো মুকলিমূৰীয়াভাৱে বিচৰণ কৰে। আন চৰাইৰ চকু মূৰৰ দুফালে, কিন্তু ইহঁতৰ মানুহৰ দৰে সন্মুখৰ ফালে। এন্দুৰ, নিগনি, জেঠি আদি ধৰি খাবলৈ ইহঁতৰ ভৰিৰ নখ দীঘল আৰু আঁকোৰা। ইহঁতৰ চকু দুটা আগফালে থকা হেতুকে মাত্ৰ পোনে পোনেহে দেখে। আন চৰাইৰ দৰে দাঁতিলৈ নেদেখে। সেয়েহে ইফালে সিফালে চাবলৈ হ’লে গোটেই মূৰটোকে ঘূৰাব লাগে। ইহঁতৰ নাকটো আপচু, থোপোকা চুটি। ইহঁতে ধুনীয়াকৈ কুৰুলিয়াই, কুৰুলিয়াই উৰুলি দিয়ে। এজাত ফেঁচাই আকৌ নিউ-নিউ মাতেৰেও মাতে। ইহঁতৰ গাৰ ৰং সোণালী, ধোঁৱা বৰণীয়া, পিঠিত ৰঙচুৱা দাগ আছে। এজাতৰ আকৌ গাৰ ৰং ধোঁৱা বৰণৰ, তাৰ মাজে মাজে আকৌ পখৰা-পখৰি ৰঙচুৱা দাগ আছে।

হুদু

হুদু ফেঁচাজাতীয় এবিধ নিশাচৰ চৰাই। কেৱল ফেঁচাতকৈ অলপ ডাঙৰ। ইহঁতৰ কাণ দুখনৰ ওপৰত থকা পাখিবোৰ ওপৰমুৱাকৈ থকা বাবে শিঙৰ দৰে দেখি। কাণ দুখনৰ চাৰিওফালে ইমান কোমল পাখিবোৰ আছে কাৰণেই ইহঁতে বেছিকৈ শুনে আৰু ফলত চিকাৰ ধৰিবলৈ সুবিধা হয়। পাখি দুখনেও চিকাৰ কৰাত সহায় কৰে। কিয়নো পাখি দুখন আৰু গাটোৰ জোৰা লগা অংশত অলপ কোমল পাখি থকাৰ বাবে উৰিলেও শব্দ নহয়। সেয়েহে ইহঁতে চুপে-চাপে উৰি আহি এন্দুৰ, নিগনি, চৰাই, সাপ, কেঁকোৰা আদি পট্‌কৈ ধৰি পেলায়। হুদুৰ ভৰিৰ নখ দীঘল আৰু আঁকোৰা। ভৰি দুখনো নোমেৰে ঢকা। গাৰ ৰং মুগা, গাত ক’লা দাগ আছে। হুদু চৰায়ে বাহ নাসাজে। জোপোহা গছৰ আঁৰত শিলৰ মাজত কণী পাৰি পোৱালি জগায়।

মাছৰোকা

মাছৰোকাৰ পিঠিখন চক্‌চকীয়া উজ্জ্বল ৰঙৰ। মূৰৰপৰা নেজলৈকে নীলা আৰু সেউজীয়া ৰঙেৰে মিনা কৰা। তলছোৱা আকৌ একেবাৰে তেজৰঙা। মাছ ধৰিবৰ সময়ত পানীত বুৰ মাৰি থকাৰ বাবে হয়তো ইহঁতৰ দেহত অকণো ধূলি-বালি নাথাকে আৰু সেইবাবেই পাখিৰ ৰং কেতিয়াও অনুজ্বল নহয়। মাছৰোকাৰ ঠোঁটটো এখন জোঙা কটাৰীৰ নিচিনা। ঠোঁটটো যিমান দীঘল নেজডাল আকৌ চুটি। ইহঁতে পানীৰ ওপৰত হাউলি থকা গছৰ ডালত বহি মাছ ধৰিবলৈ জোপ লৈ থাকে। মাছ দেখা পালে পাখি লগা কাঁড় পাটৰ দৰেই গৈ জোঙা ঠোঁটটো পানীৰ তললৈ সুমুৱাই দি ততালিকে মাছ ধৰি পেলায়। ইহঁতৰ লশ্য একেবাৰে নিৰ্ভুল। চকুদুটাও শেন চকুৱা, সেয়ে ইহঁতে চিলনীৰ দৰে চোঁ মাৰি চিকাৰ ধৰিব পাৰে। মাছৰোকা চৰায়ে মাছত বাদেও কেঁচু, কুমতি, পোক-পৰুৱা আদি খাবলৈ ভাল পায়। ইহঁতৰ বিশেষত্ব হ’ল যে আন চৰায়ে সুবিধাজনক ঠাইত বাহ সাজি থাকে, কিন্তু ইহঁতে মাটিৰ তলত গাঁত কৰিহে থাকে। নৈ-পুখুৰী, খাল-বিল আদিৰ পাৰত ধুনীয়াকৈ গাঁত কৰি বাস কৰে আৰু তাতেই কণী পাৰি পোৱালি জগায়। মাছৰোকা চৰায়ে ধুমুহা-বতাহ আহিলে আগতীয়াকৈ গম পায়। কোন ফালৰ পৰা বতাহ বলিব, কিমান সময় থাকিব, কেনেকুৱা প্ৰলয়কাণ্ড ঘটিব সকলো গম-গতি বুজি পায়; ঠিক নদীৰ পাৰত থকা বতৰৰ আগলি বতৰা কোৱা বৈজ্ঞানিক যন্ত্ৰটোৰ দৰেই। তেতিয়া ই চিঞৰি চিঞৰি সকলো চৰাইকে সাৱধান কৰি দিয়ে। মাছৰোকা কেইবাবিধৰো আছে। যেনে বগাবুকুৱা মাছৰোকা, নীলা মাছৰোকা, পখৰা মাছৰোকা। পখৰা ৰঙৰ মাছৰোকাবোৰে আকৌ ঘণ্টাৰ পিছত ঘণ্টা ধৰি জোপ লৈ বহি নাথাকে। সিহঁতে পানীৰ ওপৰে ওপৰে উৰি ফুৰিয়ে চিকাৰৰ দৃষ্টি ৰাখে আৰু ক্ষীপ্ৰ গতিৰে তললৈ নামি আহি টুপুককৈ চিকাৰ ধৰি পেলায়।

 

মৌপিয়া চৰাই

মৌপিয়া এবিধ অকণমানি চৰাই। ই অকণো সময় সুস্থিৰ হৈ থাকিব নোৱাৰে। গছৰ ইটো ডালৰ পৰা সিটো ডাললৈ ফিছাখন জোকাৰি জোকাৰি জঁপিয়াই ফুৰে আৰু ‘পিত পিত’, ‘চিপ-চিপ’কৈ সুললিত সুৰে গীত গায়। কান্ধ, পিঠি আৰু বুকু ৰঙচুৱা ৰঙেৰে বোলোৱা। ঠোঁটটো দীঘল আৰু ধেনুভিৰীয়া। জিভাখন গোটা আৰু দীঘলীয়া। ইয়াৰেই সি ফুলৰ মৌ চুহি খায়। মৌপিয়া চৰাইৰ প্ৰিয় খাদ্য মৌ যদিও পোক-পৰুৱা, পখিলা, ফৰিং আদিও খায়। মৌপিয়া চৰাই কেইবাবিধৰো আছে। নানান ৰঙৰ অকণমানি মৌপিয়া চৰাইবোৰ দেখিলেই ভাল লাগে।

পানীপিয়া চৰাই

পানীপিয়া চৰাইৰ আন এটা নাম চাতক। ই আকাৰত সৰু। পিঠিখন ক’লা, পেটৰ ফালে বগা ৰং। ইহঁতে পোৱালি জগাবলৈ আৰু থাকিবলৈ ঘাঁহনি নাইবা লতাকুঞ্জৰ মাজত কোমল ঘাঁহ-বনেৰে বাহ সাজি লয়। চাতক চৰায়ে সাধাৰণতে পোক-পৰুৱা খায় যদিও ধান, মাহ, সৰিয়হ আদিও নোখোৱা নহয়। ইহঁতে কেতিয়াবা শস্য খাবলৈ খেতি পথাৰত জাক পাতি পৰিলেও খেতিয়কৰ অন্যায় কৰাতকৈ উপকাৰহে সাধে। কাৰণ চৰাইজাকে শস্য নষ্ট কৰা পোকবোৰ নিজে খোৱাৰ উপৰিও বাহত থকা পোৱালিহঁতলৈ বুলি ধৰি লৈ যায়। জনবিশ্বাস আছে ইহঁতে বোলে আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল খাইহে পানীৰ পিয়াহ পলুৱায়। আন পানী হেনো সিহঁতে খাব নোৱাৰে।

কেতেকী চৰাই

কেতেকী চৰাইৰ ৰঙটো ছাই বৰণীয়া, পাতি কাউৰীৰ নিচিনা। কাউৰীতকৈ যেনিবা কিছু সৰু। ইহঁতক সচৰাচৰ বসন্ত কালতহে দেখিবলৈ পোৱা যায়। সেয়ে ইহঁতক বসন্ত কালৰ আলহী বুলি কয়। কেতেকী চৰাইৰ মাতটো বৰ মিঠা। ইহঁতে বসন্ত কালত গছৰ ডালে ডালে বতাহৰ ছেঁৱে-ছেঁৱে ৰাতিপুৱাৰ পৰা দুপৰ নিশালৈ শুৱলা মাতেৰে গীত গায়।

সখিয়তী চৰাই

সখিয়তী ঘৰ-শালিকাৰ সমান ডাঙৰ হালধীয়া ৰঙৰ চৰাই। ইহঁতৰ পিঠিখন একেবাৰে ডাঠ হালধীয়া ৰঙৰ। এই উজ্বল হালধীয়া ৰঙটোৱে সকলোকে আকৰ্সণ কৰে। ইহঁতৰ মূৰ ক’লা। নেজ আৰু ডেউকাৰ পাখিতো ক’লা ৰঙৰ ছিটিকনি আছে। ৰঙটো জকমকীয়া বাবে ইহঁতৰ আন এটা নাম পাটমাদৈ। এইবিধ চৰায়ে সখী ঔ, সখী ঔ, বুলি মাতে সেয়েহে সখিয়তী নাম পালে। কেতিয়াবা আকৌ ইহঁতে ‘পেটকটা হুতহু, পেটকটা হুতহু’ মাতে- শুনিলেই হাঁহি উঠি যায়। সখিয়তী চৰায়ে ঘাঁহ আৰু গছৰ বাকলিৰে খাটোলাৰ নিচিনা বাহ সাজে। ডাঙৰ গছৰ ওপৰৰ ডালৰ ফেৰেঙনিৰ পৰা বাহটো এদাঁতিয়ে ওলোমাই থয়। ই একোবাৰত তিনিটা কণী পাৰে। কণীবোৰ ক’লা ফুট থকা বৰণৰ।

হেটুলুকা চৰাই

হেটুলুকা সেউজীয়া ৰঙৰ চৰাই। ইহঁতৰ নেজ চুটি, কপাল আৰু ডিঙিৰ তল ভাগ ৰঙা। হেটুলুকা চৰায়ে ঢেঁকীৰ শব্দৰ দৰে ‘হেটুলুক, হেটুলুক’কৈ মাতে- সেইবাবে কিছুমানে ইহঁতক ঢেঁকী চৰাই বুলিও কয়। পকা ফল-মূল আৰু গছৰ গুটিয়েই ইহঁতৰ আহাৰ যদিও পোক-পৰুৱা আৰু ফুলৰ মৌও খায়। ইহঁতৰ ঠোঁট টান আৰু ডাঙৰ। তাৰেই ইহঁতে গছত ফুটা কৰি বাহ সাজে।

দহিকতৰা চৰাই

দহিকতৰা কিচ্‌ কিচ্‌কৈ ক’লা বৰণীয়া চৰাই। নেজ পাহৰ মাজতে ক’লা আৰু দুয়োকাষে বগা, দেখিবলৈ দহিকটা সূতাৰ দৰে। সেয়ে ইহঁতৰ নাম দহিকতৰা, নামনি অসমত আকৌ দেওকতৰা চৰাই বুলিও কয়। ইহঁতে মাটিত আহাৰ বিচাৰি ঘূৰি নুফুৰে। গছৰ ডালত বা বাৰীৰ চকোৱাত বহি থাকি আহাৰ দেখিলেই ঘপহকৈ মাটিলৈ নামি আহাৰ ধৰে আৰু উৰা মাৰি আন এঠাইলৈ গুচি যায়। ইহঁতে বিছা, কেঁচু আদি খায়। দহিকতৰা চৰায়ে আন চৰাইৰ মাত অনুকৰণ কৰিব পাৰে। ইহঁতে নিচেই ৰাতিপুৱাতে সুৰ ধৰি ধৰি সুহুৰিয়ায়। গীত গোৱাৰ লগে লগে নেজডাল জোকাৰি থাকে। ই গছৰ বা দেৱালৰ খোৰোঙত বাস কৰে। দহিকতৰা চৰাই ঘৰৰ ওচৰে-পাজৰে ঘূৰি ফুৰে। ইহঁতৰ কণীৰ ৰং- সেউজীয়া, নীলাৰ ওপৰত ৰঙচুৱা বোলেৰে বোলোৱা। ইয়াৰ আন এটা নাম দধিমুখ। ইয়াৰ মুখেৰে আনন্দদায়ক গীত ওলায় বাবেই এই নাম।

টোকোৰা চৰাই

টোকোৰা চৰাইৰ পাখি দুখন মুগা বৰণীয়া। মূৰ আৰু ডিঙিৰ তলতে বুকুখন অলপ হালধীয়া- বুকুৰ তললৈ পেটটো বগা। ঠোঁটটো অক’মানিকৈ- মটীয়া বৰণৰ। চকু দুটাৰ চাৰিওফালে মটীয়া ৰং আৰু ফিছাৰ তলভাগ বগা। চৰাইটো ঘৰচিৰিকাৰ লেখীয়া অক’মানি, সেয়ে ইহঁতক বনচকা বুলিও কয়। কিছুমানে আকৌ শিপিনী চৰাই বুলিও কয়। ইহঁতে তামোল, খেজুৰ, নাৰিকল, তাল আদি গছত সৰু টেকেলি এটাৰ দৰে বাহবোৰ সাজে। ইহঁতৰ বাহ সজাৰ প্ৰণালী চাবলগীয়া- বৰ কৌশলপূৰ্ণ। সেইবাবে টোকোৰা চৰাইক পখীজগতৰ ইঞ্জিনীয়াৰ বুলি কয়। বাহ সজাৰ আহিলা হ’ল কেঁচা দীঘল বন আৰু নাৰিকল, খেজুৰ, কলগছ আদিৰ পাতৰ আঁহ। ইহঁতে আঁহডালৰ গুৰিটো ভৰিৰে খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো গুঠি যায়। বাহটো মুখখনৰ ফালে সৰু, মাজ ডোখৰ ওফোন্দা আৰু বাহটো সদায় তলমুৱা হৈ থাকে। বাহটো ওভোটাকৈ লাও এটা ল’লে যেনে দেখি ঠিক তেনেকৈ ওলমি থাকে। বাহটোৰ ভিতৰত আকৌ কোঠালি দুটা। শকত অংশৰ ভিতৰত মাইকীজনীয়ে দুটাৰ পৰা চাৰিটালৈকে কণী পাৰে। এই অংশটোৰ চাৰিওফালে এটা বোকাৰ লেপ দিয়ে। বাহটো আটোমটোকাৰিকৈ সজা বাবে পোৱালি জগোৱা আৰু পোহপাল দিয়া সুবিধাজনক। কিয়নো পাতৰ ইমান আগলৈ নেউল, হাপা আদিয়ে ঢুকি নাপায় আৰু অন্যান্য শত্ৰু চৰায়ো ইয়াৰ ভিতৰত সোমাব নোৱাৰে, আনকি কোনো বৰল আদিয়েও পোৱালিৰ ওচৰ চাপিব নোৱাৰে। টোকোৰা চৰাইৰ আন এটি বিশেষত্ব হ’ল যে মতা টোকোৰাটোৱে বাহ সাজি মাইকী টোকোৰাজনীক মাতে। যদি মাইকী টোকোৰাজনীৰ বাহটো পচন্দ হয়, তেনে মতাটোক লগৰী হিচাপে বাছি লয় আৰু পোৱালি জগায়। আনহাতে মতা টোকোৰাই যদি ভাল বাহ সাজিব নোৱাৰে তেন্তে সি লগৰী নেপায় ডাংবৰলা হৈ থাকিব লাগে। একোটা মতা টোকোৰায়ে আকৌ চাৰিটালৈকে বাহ সাজি চাৰি জনীলৈকে মাইকী টোকোৰাৰে থাকিবলৈ লয়। টোকোৰাই কিন্তু খেতিয়কৰ বৰ অনিষ্ট কৰে। ধাননিত পৰি টোকোৰাৰ জাক একোটাই ধান খাই টহিলং কৰে।

ঘৰচিৰিকা

আমাৰ ঘৰে-চোতালে ‘চিৰিক্‌ চিৰিক্‌’কৈ মাতি নাচি-বাগি ফুৰে ঘৰচিৰিকাবোৰ। ঘৰচিৰিকা চৰাইকে আমি ঘৰচকা বুলিও কোৱা যায়। ঘৰচিৰিকা গোটেই জীৱনকাল একেঠাইতে থাকে। আন চৰাইৰ দৰে ঠাই সলনি কৰি নুফুৰে। ইহঁতে মানুহৰ ঘৰৰ চালত, আটালত বাহ সাজে। বাহটো শুকান খেৰ-বন, গছৰ শুকান পাত-সৰু ঠানি, ফটা কাগজ আদিৰে সাজে। বাহবোৰ দেখিবলৈ অকণো ভাল নহয়, কিছুমান জাবৰ-জোঁথৰ গোটাই থোৱা যেন দেখি। ঘৰচিৰিকাই কিন্তু মানুহক অকণো ভয় নকৰে। সেয়ে মানুহৰ ওচৰে-পাজৰে লৰি-ঢাপৰি আহাৰ বিচাৰি ফুৰে। ইহঁতেও জাক পাতি শইচ খায়। পোক-পৰুৱা পালেতো কথাই নাই- নিমিষতে ধৰি মুখত ভৰায়। ঘৰচিৰিকাৰ ধোঁৱা বৰণীয়া পিঠিখনত ক’লা আৰু মুগা বৰণৰ ফুটুকা-ফুটুকী চিনেৰে মিনা কৰা আছে। মাজে মাজে আকৌ একোটাকৈ বগা আঁচ আছে। ঘৰচিৰিকাৰ দৰেই আন এবিধ সৰু চৰাই অনবৰতেই আকাশত উৰি ফুৰে। সিহঁতক বতাহী চৰাই নাম দিয়া হৈছে। বতাহী চৰাই খুব বেগাই উৰিব পাৰে। ইহঁতৰ নেজ খঁৰা। ডেউকা দুখন দীঘল আৰু জোঙা। পাখিৰ ৰং ধোঁৱা বৰণীয়া ক’লা, ডিঙি আৰু বুকু বগা।

ফেচুলুকা

ফেচুলুকা চৰাইৰ ফিছাৰ গুৰিতে তলফালৰ পাখিবোৰ ৰঙা। মূৰ ক’লা, পিঠি আৰু বুকু কজলা। মতা চৰাইটোৰ মূৰত অকণমানি খোপা এটাও থাকে। ফিছাখন অনবৰতে জোকাৰি থাকে আৰু ‘ফেচুকুক ফেচুলুক’কৈ মাতে। ইহঁতে একেখন বাহতে কেবা বছৰো কণী পাৰে। কণীৰ ৰং ৰঙচুৱা বগা, ওপৰত ৰঙা-হালধীয়া আচ্‌ থাকে। ই বৰ সাহিয়াল আৰু আন চৰাইৰ লগত যুঁজ কৰাত পাকৈত।

ফেঁহু চৰাই

ফেঁহু চৰাইক চৰাইৰ ৰজা বোলে। ফেঁহু চৰাই দীঘলে প্ৰায় এহাতমান দীঘল। ইমান দীঘল যে ৮।১০ আঙুলমান নেজডালতে যায়। নেজডাল মাজতে কটা- দুফাললৈ মেল খোৱা আৰু মাছৰ আকাৰৰ। ইয়াৰ বৰণ ঘোৰ ক’লা, বুকুখন বগা আৰু মূৰটো ধোঁৱা বৰণীয়া। ই গছৰ ডালত বাহ সাজে। বাহটো গছৰ টান ডাল আৰু বনৰ ঠাৰি একেলগে জুটি তৈয়াৰ কৰা আৰু বাহিৰ ফালে বহুত লতাৰ আঁহ দি ঢাকি পেলোৱা। ই দুই ৰকমৰ চাৰিটা বা পাঁচটা কণী পাৰে। ফেঁহু চৰাই বৰ খঙাল আৰু বলী। ই শত্ৰুৰ লগত যুঁজিবলৈ অকণো ভয় নকৰে।

কটাৰী-ডবুৱা আৰু ভীমৰাজ চৰাই

কটাৰী-ডবুৱা আৰু ভীমৰাজ চৰাই দুয়োবিধে ফেঁহু জাতীয় চৰাই। কটাৰী-ডবুৱা চৰাইৰ বৰণ আৰু ৰেহৰকম ফেঁহু চৰাইৰ দৰেই। নেজৰ পাখি দুখন মাথো ডাবকটাৰীৰ ডাবৰ নিচিনা। ভীমৰাজ চৰাইৰ ৰঙো ফেঁহু চৰাইৰ দৰে ক’লা, ঘন নীল বৰণীয়া। ইয়াৰ নেজ এহাত মান দীঘল আৰু নেজডালৰ আগৰ পৰা দুডাল আকৌ পাতল ক্ষীণ নেজ আছে। ইহঁতৰ কপালত একোছা থিয় নোম আছে। পাহাৰৰ ডাঠ হাবিত ইহঁতক দেখিবলৈ পোৱা যায়। ভীমৰাজ চৰাইয়ে বতাহত উৰি ফুৰা পোক ধৰি খায়।

মইনা চৰাই

মইনা চৰাইৰ ৰঙটো কিচ্‌কিচীয়া ক’লা হ’লেও দেখিবলৈ শুৱনি। গাটো একেবাৰে নিমজ। আকৃতিটো শালিকাটোৰ দৰেই- শালিকাতকৈ অকণমান ডাঙৰ আৰু লাহি। ঠোঁট আৰু ভৰি শালিকাৰ দৰেই হালধীয়া। ইহঁতে ঘন হাবিবোৰত গছৰ ধোন্দত বাহ লয়।

বতা চৰাই

বতা চৰায়ে পথাৰতে ঘাঁহ-বন গোটাই বাহ সাজে। অৱশ্যে পথাৰ উদং হ’লে হাবিলৈ নগৈ উপায় নাই। কেতিয়াবা ধাননিৰ মাজতো ইহঁতৰ কণী পোৱা যায়। ইহঁতে পথাৰৰ শস্য খোৱাৰ উপৰিও ঘাঁহৰ গুটি খায়। নেজডাল বহুত খঁৰা। ধোঁৱা বৰণীয়া পাখি দুখনত পাতল আৰু ডাঠ মটীয়া ৰঙৰ আঁক-বাক কিছুমান আছে। গাৰ ৰঙটোৰ বাবেই ইহঁত সহজে চকুত নপৰে, একেবাৰে পথাৰৰ বুকুত শইচ্‌ৰ গুটি খাই থাকোতে কেতিয়াবা চক খালে আটাইজাক পখীয়ে ভুৰুংকৈ উৰি যোৱা দৃশ্য চাবলৈ বৰ ভাল লাগে।

চেক্‌চেকী চৰাই

চেক্‌চেকী চৰাইক কলৰ যম বোলা হয়। কলখোৱা বাবেই সিহঁতৰ আন এটা নাম কলখাইতী। চেক্‌চেকী চৰাইৰ গাৰ ৰং ইটা বৰণীয়া- প্ৰায় গেৰুৱা বৰণৰ। মূৰ আৰু ডিঙি কজলা। নেজডাল অৱশ্যে পাতল কজলা ৰঙৰ, তলডোখৰ আকৌ বগা। ইয়াৰ নেজডাল যথেষ্ট দীঘল। ইহঁতৰ মাতটো যে ইমান কঠুৱা বেছি সময় শুনিলে অসহ্য লাগি যায়। কিন্তু মাইকীজনীয়ে পোৱালি জগাবৰ সময়ত মতা-মাইকী দুয়োটাই ‘কোকলঙ কোকলঙ’কৈ সুৰীয়া মাত মাতে। ‘কোকলঙ কোকলঙ’কৈ মতা বাবে সিহঁতৰ আন এটা নাম কোক্‌লোঙা চৰাই।

বাদুলী

বাদুলী এবিধ আচৰিত জীৱ। উৰি ফুৰে যদিও ই আচলতে চৰাই নহয়। ইহঁতৰ ডেউকা দুখনত পাখি নাই; সৰু সৰু পাঁচডাল হাড় মটীয়া বৰণৰ ছালেৰে ঢকা থাকে। তাৰে সহায়তে সিঁহত উৰি ফুৰে। আমাৰ আঙুলিত নখ থকাৰ দৰে সিহঁতৰো পাখিৰ দাঁতিত নখ থাকে। আচলতে পাখি নুবুলি হাত বুলিয়ে ক’ব পাৰি। আন সকলো চৰায়ে কণী পাৰি পোৱালি জগায়। কিন্তু বাদুলীয়ে কণী নপৰাকৈ পোৱালি জগায়। কেঁচুৱাই মাকৰ গাখীৰ খোৱাৰ দৰে বাদুলীৰ পোৱালিয়ে মাকৰ গাখীৰ খায়। পোৱালী বিলাক ডাঙৰ নোহোৱালৈকে মাকৰ বুকুতে লাগি থাকে। কুকুৰৰ দৰে বাদুলীৰো জোঙা দাঁত আছে, সেয়ে সিহঁতে আহাৰ চোবাই খায়। কিন্তু আন চৰায়ে ঠোঁটেৰে আহাৰ গিলি থয়। বাদুলীয়ে বাহ নাসাজে। ইহঁতে দিনত গছৰ ডালত তললৈ মূৰকৈ ওলমি শুই থাকে আৰু ৰাতি হ’লেই আহাৰৰ সন্ধানত ঘূৰিয়ে ফুৰে। ইহঁতে শিলৰ ফাঁকত নাইবা গছৰ খোৰোঙত পোৱালি জগায়। বাদুলীও আকৌ দুই প্ৰকাৰৰ- চুঙা বাদুলী আৰু বৰ বাদুলী। চুঙা বাদুলী বাঁহৰ চুঙাত, খেৰীঘৰৰ চালত থাকে আৰু গধূলি পোক-পৰুৱা ধৰি খায়। বৰ বাদুলীয়ে গছৰ গুটি, ফল-মূল খায়। কল খাবলৈ পালেতো ইহঁতক একোকেই নালাগে।

কুকুহা চৰাই

কুকুহা চৰাইয়ে বাঁহনিৰ মাজত সোমাই দিনটো ‘কুক্‌ কুক্‌’কৈ মাতিয়ে থাকে। সিহঁতে যেন এনেকৈ মাতি থাকিবলৈকে জনম লৈছে। ইহঁত দেখিবলৈ কাউৰীৰ সমান ডাঙৰ। কিন্তু ইহঁতৰ ডেউকাখন চৰাইটো হিচাপে চুটি, সেয়ে বেছি দূৰ উৰিব নোৱাৰে। সোনকালে ভাগৰি পৰে। গাটোৰ ৰঙ ইটা বৰণীয়া। ঠোঁট, ডিঙি আৰু বুকু ক’লা। কেঁচু আৰু পোক-পতংগই ইহঁতৰ আহাৰ।

কুৰুৱা চৰাই

কুৰুৱা এবিধ ঈগল জাতীয় চৰাই। কুৰুৱা ঠিক ঈগল চৰাইটোৰ সমানেই ডাঙৰ হ’ব। গাৰ ৰং ডাঠ মটীয়া, মূৰটো মুগা বৰণৰ। ভৰি আৰু ভৰিৰ পতাবোৰ গোমোঠা হালধীয়া। ইহঁতক নৈ-বিলৰ পাৰত, মুকলি পথাৰত দেখিবলৈ পোৱা যায়। ইহঁতে কিন্তু আহাৰ বিচাৰি উৰি নুফুৰে। গছৰ ওপৰত বহিয়ে আহাৰৰ সন্ধান কৰে। ইহঁতৰ আকৃতিটো যেনে প্ৰকাণ্ড, মাতো তেনে ডাঙৰ। ইহঁতে ৰাতি প্ৰত্যেক প্ৰহৰতে বেছ ডাঙৰ মাত মাতে। দিনত কিন্তু আকৌ কপৌ চৰাইৰ দৰে শুৱলাকৈ কুৰুলিয়াই মাতে।

ডাউক চৰাই

ডাউক চৰাইৰ পিঠিখন ক’লা আৰু নীলা ৰঙেৰে যেন বোলাইহে থৈছে তেনেকৈ চিকমিকাই থাকে। ডিঙিৰ পৰা নেজলৈকে তলডোখৰ আকৌ বগা। নেজডাল হ’লে একেবাৰে খঁৰা। তাহাঁতে মাছৰ পোনা, ভেকুলী, জোক, পোক-পৰুৱা আদি বিচাৰি খায়। যেতিয়া সিহঁতে আৱিষ্কাৰ কৰিলে- সিহঁতৰ আহাৰবোৰ পানীতহে পোৱা যায়, তেতিয়াই সিহঁতে পানীৰ লগত মিতিৰালি কৰিলে। পানীয়ে সিহঁতৰ হাটঘৰ-বাটঘৰ হ’ল। অৱশ্যে ইহঁতে বামতো নুফুৰা নহয়। ডাউক চৰায়ে মানুহৰ উমান পালেই দৌৰি পলায়। দীঘল ঠেং দুখনেৰে দৌৰিবও পাৰে বেগাই।

কণামুচৰি চৰাই

কণামুচৰি বগলী জাতীয় চৰাই, কিছুমানে সেইবাবে সিহঁতক কণাবগলী বা কাণবগুলা বোলে। সিহঁতৰ ঠোঁট দীঘল আৰু যাঠী পাটৰ দৰে জোঙা। সেইবাবে পানীৰ মাজত মাছ, ভেকুলী, শামুক আদি ধৰি খাবলৈ সুবিধা। ইহঁতে পানীৰ দাঁতিত চকু আধা মুদ খুৱাই, ডিঙি কোঁচ খুৱাই জুপুকা মাৰি মাছলৈ খাপ দি বহি থাকে, সেইকাৰণেই সিহঁতৰ কণামুচৰি নাম। ওপৰৰ পাখিবোৰ মটীয়া ৰঙৰ যদিও, উৰিলে পাখিৰ তলৰ বগা ৰং চকুত পৰে। নীল বৰণীয়া, ইটা বৰণীয়া ৰঙৰ কণামুচৰিও দেখিবলৈ পোৱা যায়। কালিঘুঁকি নামৰ এবিধ চৰাই আছে কণামুচৰিৰ দৰেই । এইবিধ চৰায়ো মাছ খোৱাত ওস্তাদ, অৱশ্যে সিহঁতৰ দেহৰ বৰণ ক’লা।

কাইম চৰাই

কাইম চৰাই পানী থকা দ ঠাইত থাকে। ইয়াৰ পিঠিখন সুন্দৰ নিমজ। গাৰ ৰং নীলা-বেঙুনীয়া। ঠোঁট দীঘল, জোঙা আৰু তলফালে ভিৰ খোৱা। ই ঠোঁটটো চেপেনাৰ দৰে ব্যৱহাৰ কৰি পানীৰ তলৰ পৰা শামুক আদি ধৰি খায়। ইহঁত ডাউকতকৈ আকৃতিত অলপ ডাঙৰ। ডাউকৰ দৰে ইহঁতেও দীঘল ঠেঙেৰে দুপিয়াই দুপিয়াই খোজ কাঢ়ি আহাৰ বিচাৰি ফুৰে। ইহঁতৰ ঠোঁটটো বৰ ধুনীয়া, ৰঙা ৰহণেৰে বোলোৱা। কাইম চৰাইক কোনো কোনো ঠাইত কাম চৰাই বুলিও কয়।

কোঢ়া চৰাই

কোঢ়া চৰাইয়ে পানীৰ দাঁতিত জোপোহাৰ আঁৰত লুকাই লুকাই প্ৰায় ঘণ্টাই ঘণ্টাই ‘কোঢ়া’ কোঢ়া’কৈ ডাঙৰ মাত মাতে। কোঢ়া চৰাইৰ পাখিৰ ৰং ক’লা, মুগা বৰণৰ। নেজডাল দীঘল, ক’লা ফুটুকা-ফুটুকী। ইহঁতে মেটেকা, দলনি আদিৰ ওপৰতে বাহ সাজি কণী পাৰে।

কৈৰা চৰাই

কৈৰা চৰাই কোঢ়া চৰাই প্ৰজাতিৰ আন এবিধ চৰাই। কৈৰাৰ পাখিৰ ৰং ইটা বৰণীয়া। বুকুখন ক’লা আৰু দীঘল। নেজডাল ক’লা-বগা, ফুটুকা-ফুটুকী। ইহঁতে মানুহ দেখিলেই খুব বেগাই লৰ মাৰে। নিচেই ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ত ইহঁতে আহাৰ বিচাৰি জোপোহাৰ মাজৰ পৰা ওলাই আহে। ‘কই কই’কৈ মতা বাবেই সিহঁতৰ নাম কইৰ বা কৈৰা। ইহঁতৰ মতাটোৱে আকৌ ‘কই’ৰ আগত ‘হয়’ এটা লগাই ‘হয় কই হয় কই’কৈ মাতি থাকে। সেয়ে সিহঁতৰ আন এটা নাম হয়কলি চৰাই।

যমডাকিনী চৰাই

যমডাকিনী চৰাইৰ মাতটো বৰ কৰ্কশ। ইহঁতৰ মাতটো যেনে কৰ্কশ চৰাইটোও তেনে আপচু। চৰাইটো দেখিবলৈ ঢোঁৰা কাউৰীৰ নিচিনা। মূৰৰ পৰা ভৰিলৈ কিচ্‌কিচীয়া ক’লা। ইহঁতে ৰাতি ‘মৰ ঔ মৰ ঔ’ বুলি মাতে। সেইবাবে ইহঁতৰ আন এটা নাম মৰাচৰাই। দিনত কিন্তু সিহঁতৰ কোনো সাৰ-সুৰেই পোৱা নাযায়। ঘৰৰ চালত হুদু, শগুন পৰিলে আৰু যমডাকিনীয়ে ঘৰৰ চৌহদত মাতিলে গৃহস্থৰ অমংগল হয় বুলি আমাৰ সমাজত বিশ্বাস চলি আহিছে।

কাউচা চৰাই

কাউচা চৰাই পাতি-কাউৰীতকৈ অলপ সৰু হয়। দেহৰ বৰণ নীল বৰণীয়া, চকু দুটা ৰঙা। ইহঁতে ‘কাউচ কাউচ’কৈ বৰ আমনিদায়ক মাত মাতে। শুনিবলৈ অকণো ভাল নালাগে। কাউচা চৰাইবোৰ মুকলি পথাৰত জাক পাতি ফুৰে। ধাননিৰ মাজে মাজে ফৰিং, পোক-পৰুৱা আদি খাই খেতিয়কৰ উপকাৰ সাধে। কাউচা চৰাইয়ে পানীৰ পৰাও আহাৰ বিচাৰি খায়। মাছ, জোক, ভেকুলী আদি পানীৰ পৰা ঠোঁটেৰে ধৰি ততালিকে উৰি যায়।

শালিকা

শালিকা দুবিধ। ঘৰ শালিকা আৰু চুটিয়া শালিকা। ঘৰ-শালিকা ক’লা-মুগা বৰণীয়া। ইহঁতে ঘৰৰ চালত নাইবা ঘৰৰ ওচৰৰ জোপোহা গছৰ খোৰোঙত বাহ সাজে। ইয়াৰ বাহটোৰ গঢ় ভাল নহয়, কিছুমান খেৰ-কুটা, পাখি আদিৰ সংগ্ৰহ মাথোন। শালিকাৰ কণীৰ ৰং নীলা। চুটিয়া শালিকাৰ মূৰ, গলধন আৰু পিঠিৰ ৰং ক’লা চানেকীয়া। পেটৰফালে আকৌ পাতল ইটাগুৰীয়া ৰঙো থাকে। ডেউকা দুখনত মাজে মাজে অলপ বগা ৰঙো আছে। ঠোঁট আৰু কপালৰ মাজতে একোছা থিয় ক’লা নোম থাকে। ইহঁতে পিছে মানুহৰ ঘৰৰপৰা আঁতৰত হাবিয়ে-বনে থাকে। খেতি-পথাৰতো জাক বান্ধি ফুৰা দেখা যায়। মইনা চৰাইৰ দৰে ইহঁতেও মানুহৰ মাত অনুকৰণ কৰিব পাৰে আৰু শুৱলাকৈ গীত গাব পাৰে। ইহঁতে পোক-পৰুৱা, গছৰ গুটি আদি খায়।

কাউৰী

কাউৰী দীৰ্ঘজীৱি চৰাই। ই কেইবা প্ৰকাৰৰো আছে। ঢোৰা-কাউৰী, পাতি-কাউৰী, পানী-কাউৰী ইহঁতৰ কেইবিধমান প্ৰকাৰ। ঢোৰা-কাউৰীবোৰ ডাঙৰ আৰু ভৰিৰ পৰামূৰলৈ চিক্‌চিকিয়া ক’লা। পিঠিখনত বেঙেনাবুলীয়া ৰঙৰ জিলমিলনিও দেখা যায়। পাতি-কাউৰীৰ গলধনটো ধোঁৱা বৰণীয়া। কাউৰীৰ ঠোঁট টান আৰু দীঘল। কাউৰীৰ ডেউকা ডাঙৰ আৰু নেজ দীঘল। ইহঁতৰ মতা-মাইকী দুয়োটাই উমনিত বহে, আন চৰাইৰ কিন্তু মাইকীজনীয়েহে উমনিত বহে। ঢোঁৰা-কাউৰীয়ে জাক মাতি নুফুৰে আৰু মানুহৰ ঘৰলৈও বেছি যাতায়াত নকৰে। পাতি-কাউৰীয়ে জাক পাতি থাকে কিন্তু দন্দ কৰাই সিহঁতৰ স্বভাৱ। কাউৰী য’তেই থাকে, তাতেই কোৰ্হাল লগাই থাকে। সেইবুলি ইহঁতৰ ভাল গুণ নথকা নহয়, যিবোৰ নেকি আমাৰ অনুকৰণ যোগ্য। আনহাতে শগুণ, চিলনী আদিৰ লগতে কাউৰীয়েও গেলা-পচা বস্তু, মৰাশ আদি খাই পৃথিৱীখন চাফ-চিকুণকৈ ৰখাত সহায় কৰে। পানী-কাউৰীয়ে মৰাশ নাখায়, পানীৰ ওপৰে ওপৰে ঘূৰি ফুৰে আৰু পানীৰ পৰা মাছ, ভেকুলী কেঁকোৰা আদি ধৰি খায়। সেয়ে সিহঁতৰ নাম পানী-কাউৰী। আকৃতিত ই অৱশ্যে কাউৰীতকৈ কিছু সৰু।

শগুণ

শগুণ দেখিবলৈ ইমান আপচু যে অকণো ভাল নালাগে। কিন্তু ইহঁতে মৰাশ খাই মানৱ জাতিৰ যথেষ্ট উপকাৰ সাধিছে। ডালচেৰেক নোমৰ বাদে ইহঁতৰ মূৰ আৰু ডিঙি তেনেই টকলা। ডিঙিৰ গুৰিতে এখন গল ঢাপলি আছে। ইয়াৰ পাখিবোৰ ধোঁৱা-বৰণীয়া, কজলা। ইহঁতৰ ঠোঁট শকত আৰু আঁকোৰা। ঠেং আৰু পতা ক’লা। শগুণে বহুত ওপৰলৈ উৰিব পাৰে। আকাশত উৰি থাকোতে পাখি মাৰিবই নালাগে, পাখি দুখন অলপ হলাই বতাহৰ সোঁততে ভাঁহি গৈ থাকে। ইহঁতৰ দৃষ্টিও বৰ চোকা, বহু ওপৰৰ পৰাই মৰাশ চকুত পৰে। এটা শগুণ মাটিলৈ নমা দেখিলেই আন শগুণো নামিবলৈ ধৰে আৰু ততালিকে এজাক শগুণে মৰাশটো বেঢ়ি ধৰে। ইহঁতে ডাঙৰ গছত গছৰ সৰু ডাল আৰু পাতেৰে বিশৃংখলভাৱে চাং এখনৰ দৰে ডাঙৰকৈ বাহ সাজে। এই চাংখনৰ মাজ ডোখৰ কেঁচা পাতেৰে ঢাকি তাতে এটা মাত্ৰ কণী পাৰে। কণীটোৰ বৰণ গোমোঠা বগা। এজাক শগুণৰ মাজত ৰঙা মূৰ আৰু ডিঙিৰে এটা বা দুটা তামুলী শগুণ থাকেই। মৰাশ দেখিলে এটা এটাকৈ শগুণ আহি গোট খাই ৰৈ থাকেহি, তামুলী শগুণ নহালৈকে সিহঁতে কোনেও খাবলৈ আগ নাবাঢ়ে। তামুলী শগুণে অকণমান চুই দিলেই সিহঁতে খাবলৈ আৰম্ভ কৰে। সেইবাবে তামুলী শগুণক ৰজা শগুণ বুলিও কয়।

বগলী

বগলী এবিধ মাছ খোৱা চৰাই। অৱশ্যে বগলীয়ে মাছ খোৱাৰ উপৰিও ভেকুলী, ফৰিং, কেঁকোৰা, পোক-পৰুৱা আদিও খায়। ইহঁতে গৰু-ম’হ চৰি ফুৰোতে জঁপিয়াই জঁপিয়াই লগে লগে চৰি ফুৰে আৰু গৰু-ম’হৰ খোজত ওলোৱা পোক-পৰুৱাবোৰ ধৰি খায়। বগলীয়ে নিচেই ৰাতিপুৱাতে জাক পাতি আহাৰৰ সন্ধানত বাহিৰ হয় আৰু দিনটোৰ কাম অন্ত হ’লে সন্ধিয়া আকৌ জাক পাতি বাহলৈ ওভতে। ইহঁতে পানীৰ ওচৰৰ ওখ গছত বাহ সাজে। বগলী আকৌ কেইবা জাতৰো আছে। ঠোঁটৰ বৰণ হিচাপে বগলী দুই প্ৰকাৰৰ- হালধীয়া ঠোঁট থকা জাতিক গৰু-বগ আৰু ক’লা ঠোঁট থকা জাতিক ম’হ বগ বোলে। দেহৰ আকাৰৰ হিচাপতো বগলী দুবিধ- ডাঙৰ বিধক বৰবগ আৰু সৰু বিধক সৰুবগ বোলে। ইয়াৰ বাহিৰেও আৰু এটা উপজাতি আছে, তাৰ ঠোঁটটো ক’লা আৰু আঁকোৰা। সেই বিধক আঁকুৰি-বগ বোলে। কণী পাৰিবৰ সময়ত ম’হ-বগৰ মূৰত দুডাল লাহিকৈ পাখি গজে। বুকু আৰু পিঠিতো নকৈ ধুনীয়া পাখি গজে। গো-বগৰো কণী পাৰিবৰ সময়ত মূৰত, ডিঙিত আৰু পিঠিত পাতলীয়াকৈ কোমল পাখি গজে। বৰবগ আৰু সৰুবগৰ গাটো একেবাৰে শুকুলা ৰঙৰ। বৰবগৰ ডিঙিৰ পাখি বৰ মূল্যৱান।

হাঁহ

হাঁহ আমি সকলোৱে সততে দেখি থকা চৰাই। ইহঁত ঘৰচীয়া আৰু বনৰীয়া দুই প্ৰকাৰৰ হয়। হাঁহে পানীত সাঁতুৰিবলৈ ভাল পায়। ই পানীত ডুব মাৰি তলে তলে ঘূৰি ফুৰে আৰু মাটিতো খোজ কাঢ়ি ফুৰে। মাইকী হাঁহে মাহ দিনত ১৫/১৬ টা মান কণী দিয়ে আৰু কণীত উম দি পোৱালি জগায়। হাঁহে ‘পেঁক পেঁক’কৈ ডাঙৰ মাত মাতে। হাঁহৰ ঠোঁট টান আৰু চেপেটা। পাখিবিলাক কোমল আৰু ঘন আৰু নেজৰ পৰা মূৰলৈকে সজোৱা। হাঁহ কেইবা জাতৰো আছে। যেনে- ৰাজহাঁহ, পাতিহাঁহ, চীনাহাঁহ ইত্যাদি। বগা, ক’লা, পখৰা, মটিয়া আদি নানা বৰণৰ হাঁহ দেখিবলৈ পোৱা যায়। ইহঁত ধান, মাহ, শামুক, পোক, শেলুৱৈ আদি খাই জীয়াই থাকে। হাঁহৰ কণী বৰ পুষ্টিকৰ খাদ্য। ঘৰচীয়া হাঁহৰ বাহিৰেও অসমৰ হাবিত নানা ধৰণৰ বনৰীয়া হাঁহো দেখা যায়। আনহাতে অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহ মানলৈ বিভিন্ন জাতৰ বনৰীয়া হাঁহ মানাহ আৰু কাজিৰঙাৰ হাবিৰ জলাশয়বোৰত আৰু ব্ৰহ্মপুত্ৰ নদীৰ আওহতীয়া ঠাইবোৰত আহি আশ্ৰয় লয়হি। এই হাঁহবোৰৰ মূল ঠাই হ’ল কাশ্মীৰ আৰু লাডাখ অঞ্চলৰ হ্ৰদবোৰ। কচুহাঁহ, ঘিলাহাঁহ, পানীহাঁহ, দেওহাঁহ, শৰালি, চাকৈ-চকোৱা, ধৃতৰাজ আদি আটাইবোৰ হাঁহ জাতিৰ চৰাই। অৱশ্যে প্ৰত্যেকৰে পাখিৰ ৰং, দেহৰ গঠন আৰু প্ৰকৃতিৰ তাৰতম্য আছে। শৰালি হাঁহতকৈ অলপ সৰু আকৃতিৰ। ইহঁত গৰম কালিহে আমাৰ ইয়ালৈ আহে। ইহঁতে, দলনি, পুনি, পানী-মেটেকা আদি থকা নৈ, বিলত চৰি ভাল পায়। কেঁচু, শামুক, ভেকুলী আৰু পানীত গজা ঘাঁহৰ কুমলীয়া আগ খায়। ইহঁতে সুৰীয়া মাত মাতি আকাশেদি জাক পাতি উৰি যোৱা দৃশ্য চাবলৈ বৰ মনোমোহা। শৰালিৰ মূৰ আৰু পাখিৰ ৰং মুগা, নেজ ক’লা আৰু পিঠিত পথালিকৈ ক’লা আঁক-বাক আছে। চাকৈ-চকোৱাৰ পাখিৰ ৰং ইটাবৰণীয়া। ডেউকা দুখনত ক’লা আৰু সেউজীয়া ৰঙেৰে মিনা কৰা। ইহঁত বৰ দৰদী চৰাই। আনবিলাক চৰাই ৰাতি যোৰ হিচাপে থাকে, কিন্তু চাকৈ-চকোৱাৰ মতাটো বিল বা নৈৰ ইপাৰে আৰু মাইকীজনী সিপাৰে থাকে। ৰাতি ইটোৱে সিটোক কৰুণ সুৰেৰে মাতি থাকে, ৰাতি পুৱালেহে আকৌ লগ লাগে। বনৰীয়া হাঁহৰ গাৰ তুলনাত ডেউকা দুখন ডাঙৰ। সেইকাৰণে সিহঁতে সুন্দৰকৈ উৰিব পাৰে।

দেওহাঁহ

আটাইবোৰ হাঁহৰ ভিতৰত দেওহাঁহ হ’ল আপুৰুগীয়া চৰাই। এইবিধ চৰাইৰ সংখ্যা এটা সময়ত একেবাৰে কমি আহিছিল আৰু দুই-এবছৰতে হয়তো লুপ্ত হ’লহেঁতেন। প্ৰকৃতিপ্ৰেমী মেকেজী চাহাবৰ তৎপৰতাত ডুমডুমাৰ আশে-পাশে থকা অৰণ্যভূমিবোৰত ১৯৬৮-৬৯ চনৰ ভিতৰত কেইটামান দেওহাঁহ ধৰা হ’ল আৰু তাৰে বাৰটা হাঁহ ‘শিল্পব্ৰিজ’ত থকা ‘বিশ্ব বনৰীয়া চৰাই সংৰক্ষণ অনুষ্ঠান’ লৈ সংৰক্ষণৰ বাবে পঠোৱা হ’ল। গুৱাহাটী চিৰিয়াখানাতো দেওহাঁহৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই দুটা অনুষ্ঠানৰ আশাশুধীয়া যত্নত এই চৰাইবিধ নি:চিহ্ন হোৱাৰ পৰা ৰক্ষা পৰিল। দেওহাঁহৰ মূৰ আৰু ডিঙিৰ পাখিৰ বৰণ বগা চানেকীয়া- মাজে মাজে ক’লা বৰণৰ ফুটুকা-ফুটুকী চিন আছে। বুকুখনৰ বৰণ ক’লা, পাখিবোৰৰ মূৰত সেউজীয়া ৰঙৰ আৰু মদৰুৱা ক’লা বৰণৰ দীঘলীয়া আঁচ আছে। বুকুৰ তলভাগ আৰু তলপেটৰ বৰণ ৰঙা চানেকীয়া মুগা আৰু গাৰ দুয়োকাষৰ পাখিবোৰৰ বৰণো তেনেকুৱা। ভৰিৰ পৰা আৰম্ভ কৰি ভৰিৰ পতালৈকে হালধীয়া। কমলা ৰঙৰ ঠোঁটটোত ক’লা চানেকীয়া মুগা বৰণৰ ফুটুকা-ফুটুকী চিন সামান্যভাৱে আছে। চকুকেইটা ডাঙৰ ডাঙৰ ৰঙচুৱা ৰঙৰ। ডেউকা দুখনৰ দুয়োকাষে থকা দীঘল পাখিবোৰ বগলীৰ পাখিৰ দৰে শুকুলা। শুকুলা পাখিবোৰ দূৰৈৰ পৰাই তিৰবিৰাই জিলিকি থকা দেখা যায়। দেওহাঁহৰ গছৰ লগত নেৰানেপেৰা সম্বন্ধ। দেওহাঁহে গছত বাহ লয়, কণী পাৰে আৰু মানুহ-দুনুহ দেখা পালেই সাউৎকৈ উৰি নেদেখা হয়। দেওহাঁহেই একমাত্ৰ হাঁহজাতীয় চৰাই, যাৰ গছৰ লগত সম্বন্ধ আছে। ইহঁতক নিশাচৰ প্ৰাণী বুলি ক’ব পাৰি, ওৰে নিশা পানীত সাঁতুৰি-নাদুৰি দিনৰ বেলিকা গছৰ ওপৰত উঠি থাকে। ফেৰেঙনি থকা গছৰ থকা গছৰ ধোন্দত নাইবা আন চৰায়ে এৰি থৈ যোৱা গছৰ খোৰোঙতে দেওহাঁহে বাহ সাজি লয়। ইহঁতে পানীৰ কাষতেই থকা গছ আদিতহে বাহ বান্ধে যদিও কেতিয়াবা আকৌ সুবিধাজনক ঠাই বিচাৰি পানীৰ পৰা কিছু দূৰৈতো বাহ সাজি থাকে। পাঁচ ফুটৰ পৰা প্ৰায় পঞ্চাশ ফুটমান ওখলৈকে ইহঁতৰ বাহ থকা দেখা যায়। মাইকী দেওহাঁহে এবাৰতে পোন্ধৰটামানলৈকে কণী পাৰে আৰু আঠাইশ-ঊনত্ৰিশ দিনমানলৈকে উমনিত বহে। মাইকী দেওহাঁহজনী উমনিত বহি থকা কালছোৱাত মতা দেওহাঁহটো বাহৰ ওচৰে-পাজৰেই ঘূৰি ফুৰে। মতা দেওহাঁহ প্ৰায় ত্ৰিশ ইঞ্চি আৰু মাইকী দেওহাঁহ চব্বিশ ইঞ্চিমান ডাঙৰ হোৱা দেখা যায়। ইহঁতে পানীত হোৱা ঘাঁহ-বন, শামুক, কেঁকোৰা, মাছ- বিভিন্ন জলচৰ পোক-পতংগ আদি খায় আৰু হাবিৰ মাজৰ বন্ধ পানী, নিজৰা আদিত আহাৰ বিচাৰি ফুৰে।

পেলিকান চৰাই

পেলিকান চৰাইৰ অসমীয়া নাম হ’ল ভেলা। মাছেই ইহঁতৰ প্ৰধান আহাৰ। পাখিৰ ৰং ধোঁৱা বৰণীয়া বগা। এফুটমান দীঘল ঠোঁটটো ডাঠ আৰু পোন। ঠোঁটৰ মাজত ক’লা ফুটফুটীয়া দাগ এশাৰী আছে। ইহঁতে যেতিয়া জাক পাতি পানীৰ ওপৰত ফুৰে, দূৰৈৰ পৰা পাল তৰা নাও যেন দেখি। ইহঁতে দীঘল ঠোঁটটোৰে পল চবিওৱাৰ দৰে চবিয়াই চবিয়াই মাছ ধৰি খায়।

পাৰ চৰাই

পাৰ চৰাই এবিধ কপৌ জাতীয় ধুনীয়া চৰাই। ই নানা বৰণৰ আছে। নানা ৰঙৰ পাখিবোৰত ৰ’দৰ পোহৰ ই যেতিয়া জিকমিকাই উঠে, তেতিয়া দেখিবলৈ বৰ ভাল লাগে। ই সহজে পোহ মানে আৰু ইহঁতৰ মতা-মাইকীৰ মাজত বৰ মিল। ইহঁতে ধান, চাউল, মাহ, সৰিয়হ আদি খায়। পাৰ চৰায়ে জাক পাতি আহাৰ খোৱা দৃশ্য চাবলৈ বৰ ভাল। ইহঁতৰ ঠোঁট আৰু ঠেং দুখন ৰঙা। ই মাহত এযোৰকৈ পোৱালি দিয়ে। পাৰ চৰাইৰ মাংস বৰ পুষ্টিকৰ। ইহঁতে ‘লা-পা-কুৰ-কুৰ’কৈ সুৰ লগাই শুৱলাকৈ মাতে। পাৰ চৰায়ে নিজৰ থকা ঠাইৰ কথা কেতিয়াও নাপাহৰে। অঁকোৱা-পকোৱা বাটেৰে বহুত দূৰণিলৈ গ’লেও আকৌ নিজৰ ঠাই ওলায়হি। আগৰ দিনত পাৰ চৰাইৰ ডিঙিত চিঠি আঁৰি দি দূৰণিৰ বাতৰি অনা-নিয়া কৰিছিল।

কুকুৰা চৰাই

কুকুৰা চৰাই দেখিবলৈ বৰ ধুনীয়া। মতা কুকুৰাৰ মূৰত ‘জঁ’ আছে। ইহঁতৰ পাখিৰ ৰং নানা বৰণৰ। পাখিবিলাক কোমল আৰু ঘন। ইহঁতৰ ঠোঁট সৰুকৈ জোঙা আৰু টান। এই ঠোটেৰে খুচৰি খুচৰি ধান, মাহ, কেঁচু, পোক আদি খায়। মাইকী কুকুৰাই মাহত ১৮/২০ টা কণী পাৰে আৰু কণীত উম দি পোৱালি জগায়। আনে অনিষ্ট কৰে বুলি মাকে পোৱালিবোৰ ডেউকাৰে আৱৰি ৰাখে। কুকুৰাই ৰাতি প্ৰত্যেক প্ৰহৰতে আৰু ৰাতি পুৱাবৰ সময়ত ডাক দিয়ে। কুকুৰাৰ গাৰ তুলনাত পাখি দুখন ডাঙৰ বাবে সি উৰিবও পাৰে। এবিধ আকৌ বনৰীয়া কুকুৰাও আছে। পোহনীয়া বিধতকৈ সিহঁতে বেছিকৈ উৰিব পাৰে আৰু দেখিবলৈও ধুনীয়া।

ময়ূৰ চৰাই

ময়ূৰ আটকধুনীয়া চৰাই। মতা ময়ূৰৰ নেজডাল প্ৰায় দুহাত মান দীঘল আৰু সেউজীয়া ৰঙৰ নেজডাল নীলা, বেঙুনীয়া ৰঙৰ কিছুমান চকু আছে। পিঠিখন মটীয়া বৰণৰ, মূৰ, ডিঙি আৰু ডেউকাৰ কিছু অংশ ডাঠ নীলা। ডাৱৰীয়া বতৰ আৰু জোনাক নিশা ইহঁতে নেজৰ পাখিবোৰ মেলি পেখম ধৰি নাচে। ইয়াকেই ম’ৰাই চালি ধৰা বুলি কোৱা হয়। অৱশ্যে মতাটোৱেহে নাচে, দেখিবলৈও মতাটোৱে বেছি শুৱনি। মতা-মাইকী দুয়োটাৰে মূৰত ত্ৰিভুজ আকৃতিৰ সুন্দৰ ‘জঁ’ আছে। ম’ৰা চৰায়ে বাহ নাসাজে। ঘন হাবিত জোপোহা বনৰ মাজত থাকে আৰু তাতেই কণী পাৰে। বিশেষকৈ মানাহ, কাজিৰঙা আৰু গোৱালপাৰাৰ কেতবোৰ অঞ্চলত ইয়াক পোৱা যায়। চৰাইটো হিচাপে কণ্ঠস্বৰ পিছে অকণো শুৱলা নহয়, বৰ হুটা। মতাটোৱে মেকুৰীৰ দৰে মাউ মাউকৈ মাতে। ইহঁতে ঘাঁহ-পাত, গছৰ গুটি, পোক-পৰুৱা, সাপ-ভেকুলী আদি খায়।

পৰ্ঘুমা আৰু হাইঠা চৰাই

পৰ্ঘুমা আৰু হাইঠা পাৰ জাতীয় চৰাই। ই ছাই বৰণীয়া চৰাই। ই ‘পৰ্ঘুম পৰ্ঘুম’কৈ মাতে। হাইঠা কপৌ চৰাইৰ দৰে- বৰ ধুনীয়া। ইয়াৰ ডেউকাৰ ৰং সেউজীয়া যদিও হালধীয়া আৰু ক’লা ৰঙো দেখিবলৈ পোৱা যায়। ডিঙিটো পাতল ৰঙা আৰু বেঙুনীয়া ৰঙেৰে বোলোৱা। ইহঁতে গছৰ আগত পাতৰ ৰঙৰ সৈতে মিলি থাকে। হাইঠাৰ মঙহ খাবলৈ পাৰৰ দৰেই।

ভদৰকলি চৰাই

ভদৰকলি চৰাই শালিকাৰ সমান ডাঙৰ, কিন্তু নেজ কিছু দীঘল। ইয়াৰ ঠোঁট, মূৰ আৰু পিঠিৰ কিছু অংশ ক’লা ৰঙৰ। বুকু আৰু নেজ বগা ৰঙৰ, নেজত অৱশ্যে ক’লা ৰঙো নোহোৱা নহয়। ইয়াৰ এটা অদ্ভুত অভ্যাস আছে। নেজডাল লম্বভাৱে দাঙি যায়। ই গছৰ গুটি, পোক-পৰুৱা, বিছা আদি খায়। এইবিধ চৰায়ে পাঁচোটা কণী পাৰে। কণীবোৰ মটীয়া ফুট থকা সেউজীয়া।

বালিমাহী চৰাই

বালিমাহী ঘৰচিৰিকাৰ সমান ডাঙৰ চৰাই। কিন্তু সিহঁতৰ দীঘল নেজ আছে আৰু নেজডাল অনবৰতে নচুৱাই থাকে। বালিমাহী চৰাই বৰ কষ্টসহিষ্ণু চৰাই, সদায় কামতে ব্যস্ত থাকে। সেউজীয়া ঘাঁহনি পথাৰ ইহঁতৰ বৰ প্ৰিয়। ঘাঁহনি পথাৰত যেতিয়া জাকে জাকে বালিমাহী চৰাই লৰি-ঢাপৰি খেলিবলৈ ধৰে, তেতিয়া চাবলৈ বৰ ধুনীয়া হয়। ইহঁতে গৰু-ম’হ আদিৰ পাছে-পাছে ফুৰি জন্তুবোৰৰ গছকত ওলোৱা কীট-পতংগ আদি সিহঁতৰ ঠেঙৰ মাজত সুমুৱাই লৰি-ঢাপৰি খায়। ইহঁতে মানুহ দেখিলে এনেভাৱে মাতিবলৈ ধৰে যে শুনোতাৰ ভাৱ হয়, ই যেন ভেঙুচালি কৰিহে মাতিছে। এইবিধ চৰাইক পাছে শীতকালিহে দেখিবলৈ পোৱা যায়। আহিন-কাতি মাহত ইহঁতে চাইবেৰিয়া অঞ্চলৰ পৰা আমাৰ ইয়ালৈ আহে আৰু চ’ত-বহাগ মাহত আকৌ গুচি যায়। ইহঁতৰ পিঠিৰ ৰং ক’লা, ডিঙি বগা। বুকুৰ এডোখৰ ক’লা ৰঙেৰে বোলোৱা। ইহঁতৰ আন এটা নাম ধুপুনী চৰাই। কিছুমানে আকৌ খঞ্জন বা খঞ্জৰী পখীও বোলে। ইহঁতৰ লেখীয়া আন এবিধ চৰাই হ’ল মাটিমাহী চৰাই। মাটিমাহীৰ পাখিৰ ৰং মটীয়া।

উৎস: বিকাশপেডিয়া দল।

3.19444444444
জাকিৰ Aug 05, 2019 08:36 PM

চৰাইবোৰৰ উপকাৰ বহুত। অনুগ্ৰহ কৰি ঔষধ ইত্যাদিত চৰাইকূলক ব্যৱহাৰ কৰা কথাখিনি মচি দিয়ে যেন।

দীপঙ্কৰ বিশ্বাস Apr 20, 2018 01:56 PM

খুব সুন্দৰ ।

Sanjay kr chetry Dec 13, 2017 11:19 AM

গঠনমূলক

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top