মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা

অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা

আজিৰ সময়ত সমগ্ৰ বিশ্বৰ বাবে জলবাযু পৰিৱৰ্তন এক জ্বলন্ত সমস্যা হৈ পৰিছে। পৃথিৱীত পৰা সূৰ্যৰ বিকিৰনৰ মাত্ৰাৰ সালসলনি, ভূ গৰ্ভৰ টেকটনিক প্লেটৰ স্থানান্তৰ, আগ্নেয়গিৰি উদ্গীৰণ আদি প্ৰাকৃতিক কাৰনত জলবায়ুৰ পৰিবৰ্তন হয়। কিন্তু আজিৰ সময়ত মানুহৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ বিনাশ, বায়ুমণ্ডলত বিষাক্ত ক্ষতিকাৰী গেছৰ নিৰ্গমন, মাটি আৰু নদীৰ পানীত হোৱা প্ৰদূষণ আদিৰ বাবে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ বিশ্বজুৰি খৰতকীয়া গতিত হ’বলৈ লৈছে। মুলত: মানৱ সৃষ্ট প্ৰদূষনৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উঞ্চতা তড়িৎ গতিত বৃদ্ধি পাবলৈ লৈছে। এনে উঞ্চতা বৃদ্ধিয়ে উত্তৰ মেৰুৰ বৰফপিণ্ডবোৰ গলাবলৈ আৰম্ভ কৰিছে আৰু সাগৰ পৃষ্ঠৰ উচ্চতা ভয়াবহ ভাবে বৃদ্ধি হৈছে। গোলকীয় উঞ্চতা বৃদ্ধি একে গতিত চলি থাকিলে অচিৰেই সমুদ্ৰ পৃষ্ঠৰ ওচৰত থকা কেইবাখনো দেশৰ মাটি সাগৰৰ পানীত জাহ যাব। আনহাতে বিশ্বজুৰি শীত আৰু গ্ৰীষ্ম কালৰ প্ৰাবল্য বৃদ্ধি পাব। সেইদৰে খৰাং আৰু প্ৰবল বৰষুণ দুয়োটাৰে প্ৰকোপ বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে। অতিপাত শীত আৰু তুষাৰপাত, প্ৰচণ্ড গৰম, বিধ্বংসী বানপানীত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা আশাতীত ভাৱে বৃদ্ধি হ’ব। বিশ্বৰ সকলো অঞ্চলতে জলবায়ুৰ নাটকীয় পৰিৱৰ্তনে প্ৰলয়ৰ সৃষ্টি কৰিব।

কোনো এটা অঞ্চলৰ জলবায়ুয়ে  অঞ্চলটোত বসবাস কৰা লোকৰ জীৱিকা, জীৱন যাপনৰ পদ্ধতি, খাদ্যাভ্যাস আদিত প্ৰভাৱ বিস্তাৰ কৰে। মানুহৰ ধৰ্মীয় বিশ্বাস আৰু সামজিক নীতি নিয়মতো জলবায়ুৰ প্ৰত্যক্ষ প্ৰভাৱ থাকে। সেয়েহে জলবায়ু পৰিৱৰ্তনৰ লগে লগে মানুহৰ আৰ্থ সামাজিক জীৱনত পৰিৱৰ্তন আহিবলৈ লয়। এনে পৰিবৰ্তনৰ লগত মানুহে তাত্ক্ষণিক ভাৱে নিজকে খাপ খুৱাই লোৱাটো কঠিন হৈ পৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৰে পিছপৰা আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু পৰম্পৰাগত জীৱন শৈলীৰে যুগ যুগ ধৰি বাস কৰি অহা মানুহৰ বাবে জলবায়ু পৰিবৰ্তনে যে বিভীষিকাৰ সৃষ্টি কৰিব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি।

অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয় ভাবে পৰিবৰ্তন হ’বলৈ লৈছে। উত্তৰ পূৰ্বঞ্চলৰ ৰাজ্য সমুহৰ বৰষুণ আৰু তাপমাত্ৰাৰ লেখৰ পৰা জানিব পৰা হৈছে যে একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমান প্ৰায় ২৫ শতাংশলৈ হ্ৰাস পাইছে। উত্তৰ পূৰ্বাঞ্চলত এটা দশকত ভূ পৃষ্ঠৰ উঞ্চতা ০.১১ ডিগ্ৰী হাৰত বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলত পৰিৱেশ ধ্বংসতকৈ গোলকীয় উঞ্চতা বৃদ্ধিয়ে বেছিকৈ প্ৰভাৱ পেলাইছে। অসমৰ প্ৰায় ১৫ খন জিলাত ২০০৫ আৰু ২০০৬ চনত ব্যাপক খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। উল্লেখ্য যে ২০০৬ চনত বৰষুনৰ মাত্ৰা প্ৰায় ৪০% হ্ৰাস পাইছিল। অসমৰ খেতিয়ক এতিয়াও পানীৰ বাবে প্ৰায় সম্পূৰ্ণভাৱে বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে বৰষুণৰ পৰিমান কমি গ’লে কৃষিক্ষেত্ৰত হাহাকাৰ লাগে। বৰষুণ কমাৰ লগে লগে গৰমৰ পৰিমান বৃদ্ধিয়ে খেতিৰ সৰ্বনাশ কৰে। আনহাতে প্ৰবল বৰষুণ আৰু কেইবাদিনো একেৰাহে হোৱা বৰষুণে খেতিৰ মাটি প্লাবিত কৰি খেতি উচন কৰে। নৈ কাষৰীয়া গাওঁ আৰু চৰ চাপৰিবোৰ পানীত ডুব গৈ মানুহ, পশু আৰু খেতিৰ বাবে প্ৰলয়ৰ সৃষ্টি কৰি আহিছে। জলসিঞ্চন বা নদীৰ পানী নিয়ন্ত্ৰণ কোনোটোৰে সুব্যৱস্থা নথকা বাবে অসমৰ কৃষকে প্ৰায় প্ৰতি বছৰে খেতিৰ ফচল চপাবলৈ প্ৰকৃতিৰ লগত সংঘৰ্ষ কৰিব লগীয়া হয়। ধান খেতি অসমৰ মুখ্য খেতি আৰু এই খেতি পানীৰ ওপৰত বহু পৰিমানে নিৰ্ভৰশীল হোৱাৰ বাবে পানীৰ অভাৱ বা প্ৰাচুৰ্য দুয়োটাই খেতিয়কক সংকটত পেলায়। সেইদৰে আবতৰীয়া শীতকালীন বৰষুণে কুঁহিয়াৰ, আলু, কবি আদি ৰবি শস্য ক্ষতিগ্ৰস্থ কৰিছে।

অসমৰ বিশ্ব বিখ্যাত চাহ উদ্যোগতো জলবায়ুৰ পৰিবৰ্তনে নেতিবাচক প্ৰভাৱ পেলাইছে। চাহ খেতিৰ বাবে সময়ে সময়ে কম পৰিমানে হোৱা বৰষুণ আৰু নাতিশীতোঞ্চ জলবায়ু অতি উপযোগী। কিন্তু জলবায়ুৰ পৰিবৰ্তনৰ ফলত এহাতে যেনেদৰে কম সময়ৰ ভিতৰত প্ৰচুৰ বৰষুণ হৈছে সেইদৰে দীৰ্ঘ সময় জুৰি বৰষুণ নোহোৱাৰ বাবে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি খৰাং বা অতি বৰষুণ দুয়োটাই চাহ খেতিৰ বাবে বিপদ জনক। অতিপাত বৰষুণে মাটিৰ ওপৰৰ অংশত খহনীয়াৰ সৃষ্টি কৰি গছবোৰ দুৰ্বল কৰে। দীঘলীয়া খৰাং বতৰত বিভিন্ন পোক পতঙ্গই চাহ গছত আক্ৰমণ কৰে আৰু সেয়েহে অধিক কীটনাশক দৰব প্ৰয়োগ কৰিব লগীয়া হয়। সেইদৰে উঞ্চতা বৃদ্ধি আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমান বৃদ্ধিয়ে চাহ গছৰ ক্ষতি কৰিছে। এনেবোৰ কাৰনত চাহৰ গুণগত মান অধোগামী হয়। অসমৰ জলবায়ুৰ পৰিবৰ্তন অব্যাহত থাকিলে এদিন হয়তো অসমৰ বুকুৰ পৰাই চাহ বিলুপ্ত হৈ পৰিব।

অসমৰ জলবায়ু পৰিবৰ্তনে মাছৰ উত্পাদনতো প্ৰভাৱ পেলাইছে। মাছ পোহা খাল, বিল বোৰৰ জলস্তৰ হ্ৰাস আৰু জলবায়ুৰ উঞ্চতা বৃদ্ধি হোৱাৰ বাবে পানীত অক্সিজেনৰ পৰিমান হ্ৰাস পাইছে। সেই বাবে মাছৰ বংশবৃদ্ধি বাধাগ্ৰস্থ হৈছে। খাদ্যৰ বাবে মাছৰ ওপৰত নিৰ্ভৰশীল মিচিঙৰ দৰে জনগোষ্ঠী সমুহ বিপদত পৰিছে। নগাওঁ জিলাত থকা মত্স্য উত্পাদন গোট সমুহতো জলাশয় সমুহৰ জলস্তৰ হ্ৰাস হোৱাৰ কাৰনে উত্পাদনত বিৰূপ প্ৰভাৱ পেলাইছে। নগাওঁ জিলাৰ দক্ষিণ অংশৰ পৰা মধ্য অসমৰ কাৰ্বি আংলঙলৈকে এই অঞ্চলটোত স্বাভাৱিক বৰষুণৰ পৰিমান এনেয়ো কম। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ পৰিমান অধিক হ্ৰাস হোৱাটোৱে সেই অঞ্চলৰ লোকৰ জীৱনক প্ৰভাৱিত কৰিছে। ভূপৃষ্ঠৰ জলস্তৰ হ্ৰাস হোৱা বাবে বিশুদ্ধ খোৱা পানীৰ নাটনিয়ে দেখা দিছে। কোনো কোনো অঞ্চলত মানুহে প্ৰদূষিত পানী সেৱন কৰিবলৈ বাধ্য হৈছে আৰু ই ভয়ংকৰ ৰোগ আৰু অকাল মৃত্যুৰ কাৰন হৈ পৰিছে।

অসমত মৌচুমী বায়ুৰ আগমনৰ আগে আগে বা আগমনৰ সময়ত সাধাৰনতে প্ৰচুৰ বৰষুণ হয়। এই বৰষুণে বানপানীৰ সৃষ্টি কৰে। নদীবোৰ ওফন্দি উঠি গৰা খহায়, মথাউৰি ভাঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে। বৰষুণে পাহাৰৰ মাটি খহাই আনি নদীত পেলায়। প্ৰতি বছৰে হৈ থকা এনে প্ৰক্ৰিয়াৰ ফলত নদী পৃষ্ঠ সমুহত মাটি জমা হৈ নদীৰ বুকু বাম হৈ আহিছে আৰু বানপানীৰ প্ৰকোপ তড়িৎ গতিত বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ অহাৰ বাবে নদীখনৰ বহন ক্ষমতা যথেষ্ট হ্ৰাস পাইছে আৰু প্ৰবল বৰষুণৰ সময়ত ব্ৰহ্মপুত্ৰই তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। বানপানীয়ে বোৱাই অনা গেদেৰে অন্য জলাশয় সমুহো পুৰ হৈ পৰাত সমস্যা আৰু গভীৰ হৈ পৰিছে। জীয়াঢল নদীয়ে কঢ়িয়াই অনা গেদে ১০ ফুট দ জলাশয় পুতি পেলোৱাৰ দৰে ঘটনা সংঘতিত হৈছে। চীন দেশৰ বিজ্ঞানী সকলে চলোৱা এটা সমীক্ষাত ধৰা পৰিছে যে তিব্বত অঞ্চলত চাংপো নামেৰে জনাজাত ব্ৰহ্মপুত্ৰ বৈ অহা অঞ্চলত জলবায়ুৰ উঞ্চতা বৃদ্ধিৰ পৰিমান গড় গোলকীয় উঞ্চতা বৃদ্ধিৰ পৰিমানতকৈ যথেষ্ট বেছি। ফলত সেই অঞ্চলৰ বৰফৰ পাহাৰবোৰ খৰতকীয়াকৈ গলিবলৈ লৈছে আৰু বৰফ গলা পানীয়ে বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অধিক  বৃদ্ধি কৰাত অৰিহনা যোগাইছে।

অসমৰ বনাঞ্চলৰ খৰতকীয়া ধ্বংসযজ্ঞয়ো অসমৰ জলবায়ুলৈ অশনি সংকেট কঢ়িয়াই আনিছে। পৰিকল্পনা বিহীন ভাৱে অসমৰ হাবিৰ পৰা গছ কাটি থকা হৈছে। Forest Cover matrix 2011 ৰ সমীক্ষাত পোৱা গৈছে যে অসমত এটা দশকত গড়ে প্ৰায় ১৭ বৰ্গ কিল’মিটাৰ ডাঠ বনাঞ্চল আৰু ১৫৪ বৰ্গ কিল’মিটাৰ মধ্যমীয়া বনাঞ্চল হ্ৰাস পাই আহিছে। চৰকাৰৰ সেউজী ধৰা আঁচনি, বনাঞ্চল বৃদ্ধিৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ সহযোগিতাৰ প্ৰচেষ্টা, নানান বেচৰকাৰী সংগঠনৰ সজাগতা শিবিৰ আদিয়েও বনাঞ্চল হ্ৰাস হোৱাটো ৰোধ কৰিব পৰা নাই। যাদৱ পায়েঙৰ দৰে অৰণ্য প্ৰেমীৰ ব্যক্তিগত উদ্যোগত নতুন বনাঞ্চলৰো স্থাপনা হৈছে  যদিও বনাঞ্চল ধ্বংসৰ তুলনাত সেয়া অতি নগন্য বুলিব পাৰি। বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটিৰ স্বাভাৱিক খহনীয়া প্ৰতিৰোধী ক্ষমতা নাইকীয়া হৈছে। বনাঞ্চল ধ্বংসই উত্তৰ পূৰ্বাঞ্চলৰ আপুৰুগীয়া জৈৱ বৈচিত্ৰতো আঘাট হানিছে। উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চল বিশ্বৰ ৩৪ টা জৈৱ বৈচিত্ৰ কেন্দ্ৰৰ ভিতৰত দুটাকৈ সংবেদনশীল জৈৱ বৈচিত্ৰ হট ষ্পটৰ অন্তৰ্ভুক্ত হৈ আছে। জলবায়ুৰ দ্ৰুত পৰিবৰ্তনে এই অঞ্চলত থকা প্ৰাণী আৰু গছ গছনিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অসমত পোৱা বিৰল প্ৰজাতিৰ পশু পক্ষী সমুহ জলবায়ুৰ পৰিবৰ্তনে নি:চিহ্ন কৰি পেলোৱাৰ আশংকা ঘনীভূত হৈছে। জলবায়ুৰ পৰিবৰ্তনে জীৱ জন্তু আৰু পক্ষীকুলৰ প্ৰজনন ক্ষমতাতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। অসমলৈ বিভিন্ন সময়ত অহা পৰিভ্ৰমী চৰাইবোৰেও জলবায়ুৰ পৰিবৰ্তনৰ বাবে দিশ সলাবলৈ বাধ্য হৈ পৰিব পাৰে।

অসমৰ বহুতো পিছপৰা অঞ্চলৰ মানুহে জীৱন ধাৰনৰ বাবে বনাঞ্চলৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে। কেইবাটাও আদিবাসী জনগোষ্ঠী তেওঁলোকৰ জীৱিকা আৰু খাদ্যৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু দ্ৰুতগতিত অৰণ্য হ্ৰাস পোৱাৰ ফলত এই জনগোষ্ঠী সমুহ জীয়াই থাকিবলৈকে চৰম সংকটৰ সন্মুখীন হৈছে। আগতে হাবিৰ মাজৰ পৰা খৰি লুৰি আনি বিক্ৰী কৰি পেটে ভাতে জীয়াই থকা মানুহবোৰে উপায় নাপাই নিজৰ ল’ৰা ছোৱালীক কাম হাজিৰা কৰিবলৈ পঠিয়াব লগীয়া হৈছে। চৰা দামত খোৱাবস্তু কিনি খাবলৈ অপাৰগ এই লোক সকলে তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।  এইবোৰ অঞ্চলৰ ছোৱালী, মহিলা সকল নাৰী সৰবৰাহী চক্ৰৰ বলি হৈ আহিছে। সেইদৰে শিশু অপহৰন আৰু মানৱ অংগৰ ব্যৱসায়ো চলিছে।

ব্ৰহ্মপুত্ৰৰ বানত প্ৰতি বছৰে চৰ চাপৰিত বাস কৰা লোক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হয়। তেওঁলোকৰ ঘৰ খেতিপথাৰ সকলো পানীত বুৰ যায় বাবে জীয়াই থাকিবলৈ তেওঁলোকে ওখ ঠাই বিচাৰি মথাউৰি বা কোনো ওখ ঠাইত আশ্ৰয় ল’ব লগীয়া হয়। তেওঁলোকে বাঁহ আৰু প্লাষ্টিকেৰে ঘৰ সাজি নতুন ঠাইত বাস কৰিবলৈ লয়। এইদৰে বছৰৰ বিভিন্ন সময়ত পানীৰ ওপৰত নিৰ্ভৰ কৰি বহুত বাৰ তেওঁলোকে চোং সলাব লগীয়া অৱস্থা হয়। নতুন ঠাইত তেওঁলোকে পুনৰ জীৱিকাৰ সন্ধান কৰিবলগীয়া হয়। পানী কমাৰ পিছত তেওঁলোকে হয়তো অন্য এটা চাপৰিলৈ গৈ নিজৰ বসতি স্থাপন কৰেগৈ। একপ্ৰকাৰ যাযাবৰী জীৱন কটাবলৈ বাধ্য হোৱা এই সকল লোকে অত্যন্ত দাৰিদ্ৰ আৰু ক্ষুধাৰ মাজত জীয়াই থাকে। তেওঁলোকৰ ল’ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াব নোৱাৰে, কোনো চিকিত্সাৰ সুবিধা নাপায়। বান আৰু গৰাখহনীয়াত সৰ্বস্ব হেৰুওৱা মানুহবোৰে পেটৰ ভোকত ওচৰৰ চহৰবোৰলৈ আহি অসামাজিক কামত লিপ্ত হোৱাৰো উদাহৰণ আছে। কিছুমানে কাম বিচাৰি কেৰেলা, বাংগালোৰ বা মুম্বাইৰ দৰে চহৰলৈ গৈ সেইবোৰ চহৰত শাৰীৰিক শ্ৰম কৰিবলৈ লয়।

পৰিৱেশ, সামাজিক আৰু আঁচনি প্ৰৱৰ্তন কেন্দ্ৰই  (Centre for Environment, Social and Policy Research (CESPR) ) অসমৰ ছয়খন জিলা – লক্ষীমপুৰ, যোৰহাটৰ মাজুলী, মৰিগাওঁ, শোণিতপুৰ, বাক্সা আৰু ডিব্ৰুগড়ত চলোৱা এটা সমীক্ষা অনুসৰি জলবায়ু পৰিবৰ্তনে সৃষ্টি কৰা প্ৰাকৃতিক বিপৰ্যয়ে অসমৰ পিছপৰা জনগোষ্ঠী সমুহৰ লাখ লাখ মানুহৰ জীৱনলৈ অমানিশা নমাই আনিছে। জলবায়ু পৰিবৰ্তনে এচাম মানুহৰ পৰম্পৰাগত জীৱিকাৰ উত্সক নেতিবাচক ভাৱে প্ৰভাৱান্বিত কৰিছে। আৰ্থিক ভাৱে অতিশয় পিচপৰা লোক সকলৰ মাজত এই প্ৰভাৱ ব্যাপক, কিন্তু কিছু পৰিমানে আৰ্থিক ভাৱে উন্নত লোক সকলেও কাম বিচাৰি ওচৰৰ নগৰ, চহৰলৈ ঢাপলি মেলিবলগীয়া হৈছে। অতিশয় পিছপৰা অঞ্চল সমুহৰ মহিলা সকলে জীৱন নিৰ্বাহৰ বাট বিচাৰি আনকি নিজৰ শৰীৰ পৰ্যন্ত বিক্ৰী কৰিব লগীয়া হৈছে। বানপানীৰ গৰাহত পৰা ল’ৰা ছোৱালীবোৰে বিশেষকৈ ছোৱালীবোৰে আধাতে পঢা শুনা সামৰিবলৈ বাধ্য হৈছে।

বিশ্বজুৰি হোৱা জলবায়ু পৰিবৰ্তন আৰু গোলকীয় উঞ্চতা বৃদ্ধিয়ে বিশ্বৰ সকলো দেশতে কম বেছি পৰিমানে বিৰূপ প্ৰভাৱ পেলাইছে। আন্ত:ৰাষ্ট্ৰীয় স্তৰত পৰিৱেশ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। বায়ুমণ্ডলত বিষাক্ত সেউজ গৃহ গেছৰ (Greenhouse gas) পৰিমান হ্ৰাস কৰিবলৈ বিভিন্ন দেশত নানান বাধ্য বাধকতা আৰোপ কৰা হৈছে। মানুহৰ নিজৰ ভৱিষ্যতৰ বাবেই পৰিৱেশ সংৰক্ষণ কৰাটো অতি আৱশ্যকীয় হৈ পৰিছে। জলবায়ুৰ পৰিবৰ্তন নিয়ন্ত্ৰন কৰিবলৈ হ’লে মানুহে অচিৰেই বনাঞ্চল ধ্বংস কৰাটো বন্ধ কৰিব লাগিব। খনিজাত সামগ্ৰী ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশ দ্ৰুতগতিত ক্ষতিগ্ৰস্থ হৈছে। সেয়েহে বিকল্প সেউজ শক্তি ব্যৱহাৰৰ ওপৰত এতিয়া সৰ্বাধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে। বিষাক্ত গেছ বায়ুমণ্ডললৈ নিৰ্গত কৰা বা জলাশয়ৰ পানী আৰু মাটি প্ৰদূষিত কৰা উদ্যোগ সমুহৰ ওপৰত অনতিপলমে ব্যৱস্থা লোৱাটো আৱশ্যকীয়  হৈ পৰিছে।

আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২০১৪ চনৰ ১২ নৱেম্বৰত বিশ্বৰ দুখন অতি প্ৰভাৱশালী দেশ আমেৰিকা আৰু চীনদেশে নিৰ্গমনৰ মাত্ৰা ২০২৫ চনলৈ প্ৰায় ২৫ শতাংশ হ্ৰাস কৰিবলৈ আৰু ২০৩০ চনলৈ বিকল্প ইন্ধনৰ ব্যৱহাৰ ২০ শতাংশলৈ বৃদ্ধি কৰিবলৈ ঐক্যমতত উপনীত হৈছে। বিশ্ব অৰ্থনীতিৰ দুখন মুধাফুটা দেশে লোৱা এনে সিন্ধান্তই ২০১৫ চনৰ ডিছেম্বৰত পেৰিছত হ’বলগীয়া ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিৱৰ্তনৰ শীৰ্ষ সন্মিলনত নিৰ্গমন হ্ৰাস কৰণৰ দিশত বিশ্বজুৰি ঐক্যমতত উপনীত হ’ব পৰা যাব বুলি আশা কৰা হৈছে। ২০০৫ চনৰ পৰা বলবৎ হোৱা কিয়োটো প্ৰ’টকল অনুসৰি বিশ্বৰ উন্নত দেশ সমুহৰ বাবে নিৰ্গমনৰ পৰিমান ২০০৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত ১৯৯০ চনৰ নিৰ্গমনতকৈ ৫ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছিল। ২০১২ চনত দোহাত অনুস্থিত সন্মিলনত নিৰ্গমনৰ মাত্ৰা অধিক হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। আন্ত:ৰাষ্ট্ৰীয় স্তৰত হোৱা এনে প্ৰয়াসে বিশ্বৰ দেশ সমুহক নিৰ্গমন আৰু প্ৰদূষণৰ প্ৰতি সজাগ কৰি তুলিছে। কিন্তু এনে বাধ্য বাধকতা উন্নয়নৰ পৰিপন্থী বুলি উন্নয়নশীল দেশ সমুহে সদায় ওজৰ আপত্তি কৰি আহিছে। সেয়েহে নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশ্বৰ সকলো দেশে এতিয়াও এক উমৈহতীয়া সহমতত উপনীত হ’ব পৰা নাই।

এই কথা সহজেই অনুমান কৰিব পাৰি যে অসমে সন্মুখীন হোৱা কেইবাটাও আৰ্থ সামাজিক সমস্যাৰ এটা মুল কাৰক হ’ল জলবায়ুৰ পৰিবৰ্তন। জলবায়ুৰ পৰিবৰ্তনে এক নীৰৱ ঘাতকৰ ৰূপত কাম কৰি আছে। সেয়েহে জলবায়ুৰ পৰিবৰ্তনৰ ভয়াবহতাৰ বিষয়ে জনসাধাৰনক সজাগ আৰু সচেতন কৰাটো অতি প্ৰয়োজনীয়। জনসাধাৰণৰ সহায় সহযোগিতাৰ অভাৱত এনে বিশালকায় বিপদৰ পৰা পৰিত্ৰান পোৱাটো সহজ নহয়। জলবায়ু পৰিবৰ্তনৰ বেগ স্তিমিত কৰিবলৈ হ’লে মানুহে পৰিৱেশ সংৰক্ষণত যোগদান কৰিব লাগিব। অনাহকত গছ গছনি কটা, পাহাৰৰ মাটি কটা, নদীৰ পানী প্ৰদূষিত কৰা আদি কামবোৰ তাত্ক্ষণিক ভাৱে বন্ধ কৰিব লাগিব। চৰকাৰেও উন্নয়নৰ নামত জধে মধে পৰিৱেশ ধ্বংস কৰাৰ পৰা বিৰত থাকিব লাগিব। উন্নয়নৰ নামত বিনষ্ট কৰা প্ৰতি বৰ্গমিটাৰ বনাঞ্চলৰ পৰিপুৰক হিচাপে নতুন ঠাইত বনাঞ্চল স্থাপন কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ হ’ব লাগিব। উন্নত আৰু প্ৰদূষণ কম হোৱা প্ৰযুক্তিৰ ব্যৱহাৰ উদ্যোগ সমুহৰ বাবে বাধ্যতামুলক কৰিব লাগিব। ব্যক্তিগত যান বাহনৰ ঠাইত ৰাজহুৱা বাহন কৰিবলৈ চৰকাৰে উদ্গনি দিব লাগিব আৰু তাৰ বাবে সু ব্যৱস্থা গঢ়ি তুলিব লাগিব। উল্লেখ্য যে মেট্ৰ’ ৰেলসেৱা প্ৰৱৰ্তন হোৱাৰ পিছত দিল্লি চহৰৰ প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে।

জলবায়ু পৰিবৰ্তনৰ ভাৱে হোৱা কুফল সমুহ বিজ্ঞানসন্মত ব্যৱস্থাৰে আৰু প্ৰযুক্তিৰ প্ৰয়োগেৰে বিনাশ কৰিবলৈ চৰকাৰ সদায় যত্নপৰ হ’ব লাগিব। উদাহৰণ স্বৰূপে দীঘলীয়া খৰাং বতৰত কৃত্ৰিম ভাৱে পানী যোগান ধৰিব পৰা জলসিঞ্চন ব্যৱস্থা গঢ়ি উঠিব লাগিব। বাম হৈ যোৱা নদীৰ বুকু খান্দি নদীৰ বহন ক্ষমতা বৃদ্ধি কৰিব লাগিব যাতে বানপানীৰ পৰা ক্ষতি কমকৈ হয়। কৃষিকামত ব্যৱহাৰ নোহোৱা মাটিত গছ গছনি ৰোপন কৰি কৃত্ৰিম ভাৱে বনাঞ্চল গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগিব। বনাঞ্চল সংৰক্ষণ কৰাৰ বাবে থকা আঁচনি আৰু আইন সমুহ কঠোৰ ভাৱে বলবৎ কৰিব লাগিব যাতে বন ধ্বংসৰ কামত জড়িত ব্যক্তি সকলে শাস্তি পায়। এই ক্ষেত্ৰত চৰকাৰৰ বিশেষ ভূমিকা আছে।

অসমৰ কেইবাটাও পৰিৱেশ প্ৰেমী বেচৰকৰী সংগঠনে জলবায়ু পৰিবৰ্তনৰ কুফল প্ৰশমিত কৰাৰ বাবে কাম কৰি আছে। এই ক্ষেত্ৰত আৰণ্যক নামৰ সংগঠনটোৱে বানপানীৰ আগলি বতৰা দিয়াৰ বাবে আধুনিক তথ্য প্ৰযুক্তি, দুৰ সংযোগ আৰু সাধাৰণ মানুহৰ সহযোগিতা ব্যৱহাৰ কৰি এক ফলপ্ৰসু ব্যৱস্থা গঢ়ি তুলিছে। ধেমাজীৰ জীয়াঢল আৰু লক্ষিমপুৰৰ শিঙৰা নদীৰ পাৰৰ ৪০ খন গাৱঁৰ মানুহে এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হৈছে। সংগঠনটোৰ এনে প্ৰয়াসে আন্তৰ্জাতিক সমাদৰ লাভ কৰিছে আৰু ২০১৪ চনৰ ৰাষ্ট্ৰসংঘৰ লাইট হাউচ এক্টিভিটি পুৰস্কাৰেৰে সন্মানিত হৈছে।

আৰণ্যকৰ এই প্ৰয়াসে প্ৰমাণ কৰি দেখুৱাইছে যে জলবায়ু পৰিবৰ্তন এক বিশ্বব্যাপী হোৱা পৰিঘটনা হ’লেও স্থানীয় ভাৱে কিছু সৃষ্টিশীল চিন্তা আৰু প্ৰযুক্তিৰ প্ৰয়োগেৰে এই পৰিবৰ্তনৰ কুফল সমুহ প্ৰশমিত কৰাটো সম্ভৱ। চৰকাৰ, প্ৰকৃতি প্ৰেমী বেচৰকাৰী সংগঠন আৰু জন সাধাৰণ আটায়েই একেলগে পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ ৰোধ কৰিবলৈ সংকল্পবদ্ধ হ’ব লাগিব। এই ক্ষেত্ৰত অধিক গৱেষণা আৰু নতুন জ্ঞান তথা প্ৰযুক্তিৰ প্ৰয়োগে অভাৱনীয় সুফল কঢ়িয়াই আনিব পাৰে।

জলবায়ু পৰিবৰ্তন এক জ্বলন্ত সমস্যা। এই বিষয়ে আমি এতিয়াই একো ব্যৱস্থা নল’লে ভৱিষ্যতে এই পৃথিৱীত মানুহ জীয়াই থকাই কঠিন হ’ব। জলবায়ু পৰিবৰ্তন অব্যাহত থাকিলে এদিন অসম হাবি গুচি মৰুভূমি হ’ব, বৰ লুইত শুকাই যাব, আকাল অনাটনত দুৰ্ভিক্ষৰ সৃষ্টি হ’ব। আমি সকলোৱে উপলব্ধি কৰা উচিত যে আমি আমাৰ উপৰি পুৰুষৰ বাবে এনে এখন পৃথিৱী এৰি থৈ যোৱা উচিত, যিখন পৃথিৱীত তেওঁলোকে মুকলি মুৰীয়াকৈ উশাহ নিশাহ ল’ব পাৰিব আৰু সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰিব।

দিপাংকৰ বৰুৱা

3.10447761194
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top