অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানাহ-ঐতিহাসিক নদী

মানাহ নদীৰ উৎপত্তি আৰু বিৱৰণ

ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অসম| এই অসমৰে ঐতিহাসিক মৰ্যাদাপূৰ্ণ এখন উল্লেখযোগ্য নদী হ’ল মানাহ| যোগিনীতন্ত্ৰমতে প্ৰাচীন কামৰুপ ৰাজ্যক যি চাৰিটা পীঠত ভাগ কৰা হৈছিল তাৰে ৰত্নপীঠ আৰু কামপীঠৰ মধ্যৱৰ্তী সীমা আছিল মানাস (মানাহ)| মানাহ নদী দক্ষিণ ভুটান আৰু ভাৰতৰ সীমামুৰীয়া অঞ্চলৰ এটা জলপ্ৰবাহ| মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰু বৰ ১০৪ খন উপ-নদীৰ মানাহ এখন প্ৰধান উপ-নদী| ভূটান ৰাষ্ট্ৰৰ জনসাধাৰণে এই দেশৰ পাহাৰৰ মাজেৰে বৈ অহা নদীখনক ‘ডাং মে চু’ নামেৰে অভিহিত কৰে| নদীখন তললৈ নামি আহি থাকোতে ভূটানৰ পাংৱান জিলাত ‘মাং দে চ্যু’ নামৰ নদী এখনৰ লগ হৈ ভাৰতত সোমায়| ভাৰতত ‘মানাস’ তিনিটা ভাগত বিভক্ত হৈ মানাহ, বেঁকী আৰু হাকোৱা নাম লৈ প্ৰথমে পূৱমুৱা হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈ গতি কৰে| তাৰ পিছত বিভিন্ন ঠাইৰ মাজেৰে দিশ সলাই দক্ষিণ দিশে ধাৱমান হয়| হাকোৱা নৈখন কিছুদূৰ নামি আহি পুনৰ মানাহ নৈত লগ লাগে| তেনেদৰে মানাহ নৈৰ পৰা এটি সুঁতি নল-খাগৰিৰ মাজেৰে একা-বেঁকাকৈ বৈ আহি বেঁকী নদীত পৰে- যিটো সুঁতি জনসাধাৰণৰ মাজত নলযোৰা নামে পৰিচিত|

"মানাহ" নামৰ উৎপত্তিৰ কাহিনী:

‘মানাহ’ নামটোৰ উৎপত্তিৰ বিভিন্ন কাহিনী প্ৰচলিত আছে| মানসকলে অসম আক্ৰমণ কৰি বাধাহীন ভাৱে পূৱৰ পৰা পশ্চিমলৈ এটা বিস্তৃত অঞ্চল নিজৰ অধীনলৈ আনিছিল| কিন্তু এঠাইত এখন বিশেষ নদীয়ে তেওঁলোকৰ এই অভিযানত বাধাৰ সৃষ্টি কৰে| নদীখন পাৰ হ’ব নোৱাৰি থমকি ৰবলগীয়া হয় মানসকল| নদীখনৰ পাৰটোতে মানসকলে জয়ৰ শেষ সীমা কৰি উভতি যাবলগীয়া হয়| মানসকল এই নদীৰ পাৰ পৰ্যন্ত আহিছিল বাবেই সেই অঞ্চলেৰে প্ৰবাহিত নদীখনৰ নাম মানাহ (মান+আহ) হৈছিল বুলি কিছুমানে বিশ্বাস কৰে|

আন এচামৰ মতে নিজৰ সুতীব্ৰ তৰ্ংগায়িত জলৰাশিৰে মানসকলৰ অগ্ৰগতিত এই নদীখনে বাধাৰ সৃষ্টি কৰিছিল বাবেই ইয়াৰ নাম মানাহ হ’ল (মানা অৰ্থাৎ বাধা দিয়া কাৰ্য)|

একেদৰেই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বৰ্তমানৰ মঠনগুৰিত ভগৱান শিৱৰ মঠ এটা থকা বাবে ঠাইখনৰ নাম ‘মঠৰগুৰি’ হয়| হিমালয় পৰ্বতৰ কৈলাশত মহাদেৱৰ বাসস্থান আৰু তাৰ পৰা কিছু নিলগত তেওঁৰ জীয়ৰী মনসাৰ বাসস্থান| এই মঠনগুৰিত দেৱী মনসাৰো এটি মঠ আছিল| তাত ভক্তগণে তেওঁক আগবঢ়োৱা পূজাত সন্তুষ্ট হৈ উৎফুল্ল মনেৰে সেই ঠাইত বিচৰণ কৰিছিল আৰু হিমালয়ৰ নামনিৰে বৈ অহা নিৰ্মল জলধাৰাত স্নান কৰি তৃপ্ত হৈছিল| দেৱী মনসাৰ বিচৰণভূমিৰ জলধাৰা তেওঁৰ নামেৰেই মানাস বা মানাহ নামেৰে জনাজাত হোৱা বুলি জলশ্ৰুতিও বিদ্যমান|

আন এটা কাহিনী অনুযায়ী কোঁচ ৰাজ্যৰ সিংহাসনচ্যুত ৰজা নৰসিংহই ৰজা নৰনাৰায়ণৰ ভয়ত নিজে স্থাপন কৰা আইখিৰি নদীৰ পাৰৰ গাঁৱৰ পৰা নেপাললৈ পলায় যায়| কিন্তু তেওঁৰ কন্যা মানসীয়ে পিতৃক অনুকৰণ নকৰি ভূটানৰ পাদদেশত আশ্ৰয় লয় আৰু মন্দিৰ সাজি শিৱৰ আৰাধনাত ব্ৰতী হয়| সেই মন্দিৰৰ ভগ্নাৱশেষ ঐতিহ্যৰ আকৰ্ষণ হিচাপে এতিয়াও আছে| তেওঁৰ নামেৰে ঠাইখনৰ নাম মানাস, পিছলৈ মানাহ হোৱা বুলিও মানুহে ধাৰনা কৰে|

মানাহ নদীৰ বিস্তৃত অঞ্চল

মানাহ নৈ খনে অসমৰ বুৰঞ্জীৰ পাত উজলাই ৰাখিছে| মহাভাৰতৰ ভীষ্ম পৰ্বত কবি ৰামসৰস্বতীয়ে বৰ্ণনা কৰিছে এইদৰে-

বৃহৎ নগৰ তান্দ্ৰ কাৰণ যে স্থান|

সত্যভুমে যত্নে তাক কৰিছা নিৰ্মাণ||

তাহাৰ নিকতে বহে সুন্দৰ মানাহ|

যাত হন্তে তৰ্পণে দুখৰ হোৱে নাশ||

কবিগৰাকীৰ জন্মৰ সময়ত হাউলীৰ মাজেৰে বোৱা বৰনগৰস্থ মানাহ প্ৰবল জীৱন্ত নদী আছিল| বৰ্তমান সেই অঞ্চলৰ উদ্দাম গতিৰ বেঁকী নদীৰ নাম-গোন্ধেই নাছিল| ১৮৯৭ খ্ৰীষ্টাব্দৰ ভুমিকম্পৰ পিছতহে বেঁকীয়ে প্ৰৱলতা লাভ কৰে আৰু প্ৰাচীন বৰনগৰ ৰাজ্যখন দুটা অঞ্চলত বিভক্ত হয়-হাউলী আৰু নতুন বৰনগৰ হিচাপে এই বৰনগৰেই বৰ্তমানৰ বিস্তৃত সৰভোগ|

এই মানাহ নৈ খন বৰ্তমান বৰপেটা জিলাৰ সীমা হিচাপেও নিৰ্দ্ধাৰিত হয়| ভূটানৰ পৰা নামি অহা খৰস্ৰোতা বুৰঞ্জীপ্ৰসিদ্ধ নৈখনৰ দৈৰ্ঘ্য সৰ্বমুঠ ৩৭৬ কিলোমিটাৰ অৰ্থাৎ ২৩৪ মাইল| ভূটানৰ বোৱতী অংশ ২৭২ কিলোমিটাৰ আৰু অসমৰ বোৱতী অংশ ১০৪ কিলোমিটাৰ| নৈখন আগৰ বগৰীবাৰী পৰগণাৰ মাজেৰে বৈ গৈ যোগীঘোপাৰ ওচৰত বিশাল ব্ৰহ্মপুত্ৰত লগ লাগিছে| মানাহ নদী বাৰমহীয়া| হিমালয় অঞ্চলৰ উল্লেখযোগ্য নদী ব্ৰহ্মপুত্ৰক কেতিয়াও শুকাই নোযোৱা পৰ্বতৰ উঁহে পানীৰ যোগান ধৰে| সেয়ে ইয়াৰ প্ৰধান উপনদী সমুহৰ অন্যতম মানাহ নদী খৰালি কিছু শীৰ্ণ হ’লেও ইয়াৰ পানী অবিৰতভাৱে সদায়ে বৈ আছে| বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত নাও চলাচলত আহি পৰা সংকটৰ সময়ত নাওবিলাকে মানাহ নৈৰ বুকুত আশ্ৰয় কৰি উজাই আহি চাউলখোৱা নদীৰে হাজো আৰু সেই পথেৰে সহজতে গুৱাহাটী পাইছিল|

ভূটান আৰু অসমৰ নদী উপত্যকাত নৈখনে ৰাজ্যৰ বিভিন্ন সুঁতি আৰু পৰ্বতীয়া জুৰিৰ লগ লাগি প্ৰবল বেগেৰে আহি অসমত সোমাই পৰিছে| মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা মঠনগুৰিৰ মাজেৰে বৈ আহি অবিভক্ত কামৰুপ জিলা আৰু গোৱালপাৰা জিলাৰ সীমা নিৰ্দ্ধাৰণ কৰি আহি ব্ৰহ্মপুত্ৰৰ লগ লাগিছে| সাম্প্ৰ্তিক কালত এই নদীখনে বেঁকী আৰু চাউলখোৱা নদীৰ লগ-লাগি ব্ৰহ্মপুত্ৰৰ পাৰৰ তাহানিৰ বুৰঞ্জীপ্ৰসিদ্ধ হাদিৰাচকী আৰু বৰ্তমানৰা বাঘবৰ পাহাৰৰ পশ্চিমাঞ্চলৰ লুইতত পৰিছে| ১৭৯৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত আমদানি-ৰপ্তানি সামগ্ৰীৰ শুল্ক আদায়ৰ বাবে এখন চুক্তি সম্পাদিত হৈ হাদিৰাত চকী স্থাপিত হৈছিল (১৮১ পৃ: বৰপেটাৰ বুৰঞ্জী)| এই মানাহে বুকুত কঢ়িয়াই ফুৰিছে দেশৰ ৰাজনৈতিক উত্থান-পতনৰ বুৰঞ্জীৰ অলেখ কাহিনী| এই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে-কিদৰে নদীৰ বুকুত লীন হৈছে বহুতো গাঁও আৰু একেদৰে নদীয়ে গতি সলাই তাৰ বুকুত গঢ়িছে গাঁও| সম্প্ৰতি জিলা বিভক্ত হোৱাৰ পিছত উত্তৰ অসমৰ বিটিএ ডিৰ নৱগঠিত চিৰাং জিলাৰ পশ্চিম সীমা আৰু গোৱালপাৰাৰ কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ পূৱ সীমাৰে জিলাকেইখনৰ সীমা নিৰ্দ্ধাৰণকাৰী নদীৰুপে পৰিগণিত হৈছে|

অবিভক্ত কামৰুপ আৰু গোৱালপাৰা জিলাৰ মাজৰ সীমামুৰীয়া নদীখনৰ পুৰণি নাম ‘সুৱৰ্ণ মানাস’| এই নামৰ উল্লেখ বুৰঞ্জীত পোৱা যায়| ১৬৫৯ খ্ৰীষ্টাব্দত আহোম সৈন্যৰ লগত কোঁচসকলৰ যি তয়াময়া ৰণ হৈছিল, সেই ৰণত আহোম সকলে জয় সাব্যস্ত কৰিব পৰাত কোঁচসকলে সুৱৰ্ণ মানাহেৰে পলায়ন কৰিছিল| আনহাতে, কবি ৰাম সৰস্বতীৰ লেখাত পোৱা বিজয়পুৰ তথা হাউলীৰ ওচৰেদি যোৱা নদীখনৰ নাম ‘মানাস’| গতিকে একেবাৰে পূৱৰ তেতিয়াৰ জীৱন্ত নদীখন এতিয়া মৰামানাহ নামে খ্যাত হৈ পৰিছে| ঊনৈশ শতিকাৰ শেষভাগত ১৮৯৭ খ্ৰীষ্টাব্দৰ ভূঁইকঁপৰ পিছত মানহৰ গতিপথৰ পৰিৱৰ্তন হয়| তেতিয়া এটা সৰু জুৰিৰ নিচিনা ক্ষীণ অৱয়ৱৰ মানাহ নদীৰ এটি সুঁতি বৰজান বৰ বেঁকা-বেঁকীকৈ বৈ অহাত ইয়াৰ নাম বেঁকী হয়| বেঁকী নদী মানাহৰ পৰা ফাটি আহি মানাহৰ পানীৰে পুষ্ট হৈ চাউলখোৱা নদীৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ| বাৰিষা কালত বেঁকীৰ মাজেৰে মানাহে নিজৰ শক্তি প্ৰদৰ্শন কৰাটো সকলোৰে জ্ঞাত| বৰ ভুঁইকঁপৰ আগলৈকে এই মানাহ নদী কোবাল আৰু প্ৰবল সোঁতৰ আছিল| নদীখনেৰে ভূটান পাহাৰৰ ফালৰ পৰা বহু কাঠ ভাহি আহিছিল| মানুহে সেই কাঠ বগাই নদীখন পাৰ হ’ব পাৰিছিল|

মানাহ নদী উপত্যকাত বহুতো পৰ্বতীয়া সুঁতি আৰু প্ৰাকৃতিক জুৰি লগ হৈ নদীখনক শক্তিশালী কৰি তুলিছে- যাৰ পাৰে পাৰে পৰ্বতৰ পাদদেশত ডাঠ পৰ্নপাতী অৰণ্য গঢ় লৈ উঠিছে| বালি আৰু শিলাময় এক মনোৰম দৃশ্যৰ পয়োভৰ ঘটিছে| বিৰাজ হৈছে জৈৱ-বৈচত্ৰ্যৰ এক অপূৰ্ব পৰিৱেশ| জলবায়ুৰ সঘন পৰিৱৰ্তনে দক্ষিণৰ গৰম আৰু আদ্ৰাৱস্থা সৃষ্টি কৰি উত্তৰাঞ্চল ঠাণ্ডা আৰু শুষ্ক অৱস্থালৈ ধাৱমান হৈছে| ইয়াৰ ফলত মৌচুমী বায়ু প্ৰবল হৈ গ্ৰীষ্মকালত বৰষুণ মাত্ৰাধিক আৰু শীতকালত বৰষুণৰ অভাৱত শুকান বতৰ সৃষ্টি হয়| সেই অনুপাতে গ্ৰীষ্ম আৰু শীতত বোৱতী পানীৰ মাত্ৰাও ২০ গুণ পৰ্যন্ত কম-বেছি হোৱা পৰিলক্ষিত হয়| মানাহে প্ৰায় ৭৬৪১ কিউবিক মিটাৰ পানী ব্ৰহ্মপুত্ৰলৈ বোৱাই নিয়ে- যিয়ে নেকি ব্ৰহ্মপুত্ৰৰ সৰ্বমুঠ বোৱতী পানীৰ প্ৰায় ৫.৪৮% যোগান ধৰে| সভ্যতা আৰু সংস্কৃতি গঢ় লোৱা মানাহৰ দুয়োকাষৰ ভুমি সেয়েহে এক বিশাল কৃষিভূমিলৈ পৰিৱৰ্তন হৈছে|মানাহ নদীখন অসমৰ ৰাইজৰ বৰ আদৰৰ, বৰ হেঁপাহৰ| ইয়াত জড়িত হৈ আছে অসমীয়াৰ আশা-নিৰাশা, জয়-পৰাজয়| মানাহে অসমৰ সভ্যতা-সংস্কৃতিলৈ যি অভূতপূৰ্ব বৰঙণি যোগাই আহিছে তাৰ উমান বুৰঞ্জীয়েহে দিব পাৰে| পৰিৱৰ্তিত সময়ৰ লগে লগে ই গতি সলাইছে| নতুন নতুন ৰুপত নতুন অঞ্চলেৰে গতি কৰিছে| কিন্তু এই গতি নিৰবধি| নিজৰ স্বছন্দ গতিৰে আগুৱাই যাওঁতে বহন কৰি গৈছে ইতিহাসৰ বহু ঘটনাৰ সাক্ষ্য| অনেক স্মৃতিৰ টুকুৰা বুকুত সাবটি অবিৰতভাৱে ধাৱমান হৈ আছে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুলৈ- যাৰ মাজেৰে লীন হৈ যাৱ সুবিশাল সাগৰত|

লেখক:- কাঞ্চন দাস

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate