মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / ই-আৱৰ্জনা: মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি এক ভাবুকি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ই-আৱৰ্জনা: মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি এক ভাবুকি:

ই-আৱৰ্জনা: মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি এক ভাবুকিৰ বিষয়ে লিখা হৈছে

 

আৱৰ্জনা বুলি ক’লে আমি অদৰকাৰী জাৱৰ-জোঁথৰ, পেলনীয়া সামগ্ৰী আদিকো বুজো আৰু সাধাৰণতে আমি ইয়াৰ য’তে-ত’তে দলিয়াই পেলাওঁ। আৱৰ্জনাৰপৰা হ’ব পৰা ক্ষতি তথা সমস্যাৰ বিষয়ে আজিৰ জনসাধাৰণ কিছু পৰিমাণে জ্ঞাত হ’বলৈ ধৰিছে আৰু সেইবাবে সচেতনো হৈছে। কিন্তু আমাৰ সততে মনলৈ নহা তথা সাধাৰণ ৰাইজৰ জ্ঞাত নোহোৱা আৰু এবিধ অতি সাংঘাতিক আৰু বিপজ্জনক আৱৰ্জনা হ’ল ই-আৱৰ্জনা। যিবিলাক ইলেক্ট্ৰকেল আৰু ইলেক্ট্ৰনিক জীৱনকাল শেষ হৈ আহিছে বা অব্যৱহৃত হৈ পৰিছে, সেইবিলাকক আমি ইলেক্ট্ৰনিক আৱৰ্জনা(Electrical Waste) বা চমুকৈ ই-আৱৰ্জনা(E-Waste) বুলি কওঁ। সভ্যতাৰ তীব্ৰবেগী দৌৰত ইলেক্ট্ৰনিক সামগ্ৰীবিলাক আমাৰ দৈনন্দিন জীৱনত ওতঃপ্ৰোতভাৱে সাঙোৰ খাই পৰিছে। সেইবিলাকৰ অবিহনে আমাৰ জীৱন-ধাৰণ স্থবিৰ হৈ যাব খোজে। ই-আৱৰ্জনা অতি অনিষ্টকাৰী তথা বিপজ্জনক। বৰ্তমান এই ই-আৱৰ্জনাই মানৱ-স্বাস্থ্য আৰু পৰিৱেশৰ বাবে এক ভয়ানক ভাবুকিস্বৰূপ হৈ পৰিছে।

এই ই-আৱৰ্জনাবিলাকৰ ভিতৰত অন্যতম হ’ল-

 

অব্যৱহৃত বা বেয়া হৈ যোৱা কম্পিউটাৰ, টেলিভিছন, ভি ছি আৰ, ষ্টেৰিঅ’, ফেক্স মেছিন, ইলেক্ট্ৰনিক লেম্প, ফ্ৰীজ, ম’বাইল ফোন, আমোদ-প্ৰমোদৰ বাবে ব্যৱহৃত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, শ্ৰৱণৰ আহিলা, বেটাৰী আদি। এইবিলাকৰ ভিতৰত কিছুমান মেৰামতি কৰি বা শোধন কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি।

আজিৰ সমাজ জীৱনত ই-আৱৰ্জনা এটা বাঢ়ি অহা সমস্যা। ইলেক্ট্ৰনিক তথা ইলেক্ট্ৰকেল সামগ্ৰীবিলাকত থকা অনিষ্টকাৰী পদাৰ্থ কিছুমানৰ বাবে ই-আৱৰ্জনা মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অতি ভয়ানক হ’ব পাৰে। উদাহৰণস্বৰূপে ঘৰত ব্যৱহৃত কম্পিউটাৰসমূহ। ইয়াত এনে কিছুমান পদাৰ্থ সংযুক্ত হৈ থাকে, যিবিলাক অতি বিষাক্ত। উদাহৰণস্বৰূপে ক্ল’ৰিণ আৰু ব্ৰে’মিনযুক্ত পদাৰ্থসমূহ, বিষাক্ত গেছ, বিষাক্ত ধাতু, জৈৱিকভাৱে সক্ৰিয় কিছুমান পদাৰ্থ, এছিড, প্লাষ্টিক সংৰক্ষণৰ কাৰণে যোগ কৰা পদাৰ্থসমূহ ইত্যাদি। এই বিপজ্জনক তথা অনিষ্টকাৰী পদাৰ্থবিলাক থকাৰ কাৰণে ইলেক্ট্ৰনিক সা-সৰঞ্জামবিলাকৰ জীৱন-কাল শেষ হোৱাৰ পিছত বা ব্যৱহাৰৰ অনুপযোগী হ’লে পৰিৱেশ বা মানৱ স্বাস্থ্যৰ কাৰণে ভয়ানক ভাবুকি স্বৰূপ হৈ পৰে, যদিহে এই আৱৰ্জনাবিলাক প্ৰণালীবদ্ধ আৰু স্বাস্থ্যসন্মতভাৱে দূৰীকৰণৰ ব্যৱস্থা নতুবা শোধনৰ ব্যৱস্থা কৰা নহয়।

আজিকালি মানুহৰ ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়, কাৰখানা আদি সকলোতে কম্পিউটাৰৰ ব্যৱহাৰ অতি সাধাৰণ হৈ পৰিছে আৰু যাৱতীয় কাম-কাজসমূহ মানুহে কম্পিউটাৰৰ যোগেদিয়েই সমাধা কৰে।

কম্পিউটাৰৰ চাৰ্কিট ব’ৰ্ডখন লেড আৰু কেডমিয়ামেৰে গঠিত। বেটেৰীতো কেডমিয়াম থাকে। কেথ’ড ৰে’ টিউৰ(CRT)টোত লে’ড-অক্সাইড আৰু বেৰিয়াম থাকে। প্ৰিন্টেড চাৰ্কিড ব’ড, কেবল আৰু প্লাষ্টিকবিলাকত ব্ৰ’মিনযুক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়। কম্পিউটাৰৰ প্লাষ্টিক, আৱৰণটোত আৰু তাঁৰবিলাকত পলিভিনাইল ক্ল’ৰাইড(PVC) নামৰ পদাৰ্থ ব্যৱহাৰ কৰা হয়। যি অতি বিষাক্ত ডাই-অক্সিন আৰু ফিউৰান নামৰ পদাৰ্থ উৎপন্ন কৰে(যেতিয়া কম্পিউটাৰত ব্যৱহৃত মূল্যৱান ধাতুসমূহ মুক্ত কৰিবৰ বাবে দহন কৰা হয়)।  তদুপৰি চাবি(Swicth)বিলাক পাৰা ধাতুৰে গঠিত। পুৰণা ‘কেপাচিটৰ’, ট্ৰেন্সফৰ্মাৰ আদিত পলিক্ল’ৰিনেটেড বাইফিনাইল(PCB) নামৰ বিষাক্ত যৌগ থাকে। গতিকে গোটেই কম্পিউটাৰটোৱেই কিছুমান বিষাক্ত যৌগৰে ভৰি আছে বুলি আমি ক’ব পাৰোঁ। ‘বেছেল একচন নেটৱৰ্ক’ নামৰ প্ৰতিষ্ঠানটোৰ এক তথ্য অনুসৰি পৃথিৱীৰ ৫০০ মিলিয়ন কম্পিউটাৰত ২.৮৭ বিলিয়ন কিলোগ্ৰাম প্লাষ্টিক, ৭১৬.৭ মিলিয়ন কিলোগ্ৰাম লে’ড আৰু ২,৮৬,৭০০ কিলোগ্ৰাম পাৰা থাকে। অকল কম্পিউটাৰেই নহয়, প্ৰায় সকলোবিলাক ইলেক্ট্ৰনিক সামগ্ৰীতে লে’ড আৰু টিন ধাতু জোৰা লগাবৰ বাবে ব্যৱহাৰ কৰা হয়। পুৰণা, অব্যৱহৃত বা বেয়া হোৱা এনে কম্পিউটাৰৰ আৱৰ্জনাই বৰষুণ আদিৰ সহায়ক নদী, জান, জুৰি, খাল আদিৰ পানীত বিষাক্ত লে’ড খুব সোনকালে মিহলি কৰি পানী প্ৰদূষিত কৰে।

পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ ওপৰত ই-আৱৰ্জনাৰ প্ৰভাৱ:

 

ইলেক্ট্ৰনিক আৰু বৈদ্যুতিক আৱৰ্জনা নিৰ্মূলকৰণ আৰু সেইবিলাকৰ পুনৰাৱৰ্তন পৃথিৱীৰ বহুতো উন্নত আৰু উন্নতিশীল দেশৰ বাবে এটা লেখত ল’বলগীয়া সমস্যা। ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক আৱৰ্জনাবিলাক য’ত দমাই যোৱা হয়, সেইবিলাক ঠাইৰ পানী আৰু মাটি সাংঘাতিক ধৰণে প্ৰদূষিত হয়। উদাহৰণস্বৰূপে, অব্যৱহৃত বা বেয়া কম্পিউটাৰৰ আৱৰ্জনাৰপৰা ৰ’দ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক পৰিঘটনাৰ যোগেদি মাটিৰ তলত পানীভাগ দূষিত হৈ খোৱা পানী প্ৰদূষিত কৰে। আনহাতে, গলিত অৱস্থাত থকা কম্পিউটাৰে মাটিৰ আম্লিকতা বঢ়ায়। ইলেক্ট্ৰনিক আৱৰ্জনাবিলাক দাহ কৰিলেও তাৰপৰা বহুতো বিষাক্ত গেছ আৰু ধোঁৱা নিৰ্গত হয়। ফলস্বৰূপে চাৰিওফালৰ বায়ুমণ্ডল বিষাক্ত তথা প্ৰদূষিত হৈ পৰে। কোনো সাৱধানতা অৱলম্বন নকৰিলে বা প্ৰদূষণ দূৰীকৰণৰ যথোপযুক্ত সুব্যৱস্থা গ্ৰহণ নকৰাকৈ দ’মাই ৰখা ই-আৱৰ্জনাৰপৰা কিমান সাংঘাতিক ধৰণে মানুহ, পশু-পক্ষী, বায়ুমণ্ডলত কুপ্ৰভাৱ পৰিব পাৰে সেয়া সাধাৰণ মানুহে কল্পনাও কৰিব নোৱাৰে। কিছুমান ইলেক্ট্ৰনিক সামগ্ৰীত থকা চাৰ্কিট ব্ৰেকাৰ যেতিয়া নষ্ট হৈ যায় তেতিয়া তাত থকা বিষাক্ত ধাতু, পাৰা নিগৰি ওলাই যায়। সেই একেই অৱস্থা হয় যেতিয়া পলিক্লৰিনেটেড বাই ফিনাইলবিলাক কণ্ডেনচাৰৰপৰা নিৰ্গত হয়। দ’মাই থোৱা কেডমিয়ামযুক্ত প্লাষ্টিক বা অগ্নি প্ৰতিৰোধক ব্ৰ’মিনযুক্ত প্লাষ্টিক আৱৰ্জনাৰপৰা বিষাক্ত ব্ৰ’মিনযুক্ত ডাই-ফিনাইল ইথাৰ আৰু কেডমিয়াম নিগৰি গৈ মাটি আৰু পানী বিষাক্ত কৰি তোলে। আনহাতে, পেলনীয়া ‘কেথ’ড ৰে’ টিউবৰপৰা বিষাক্ত সীহ লেড নিৰ্গত হৈ মাটি আৰু খোৱাপানীত মিহলি আৰু জীৱ-জন্তুৰ শৰীৰত প্ৰৱেশ কৰে।

ইলেক্ট্ৰনিক সামগ্ৰীবিলাক তৈয়াৰ কৰোঁতে বহুতো বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয় বাবে ইলেক্ট্ৰনিক আৱৰ্জনাবিলাকে পৰিৱেশৰ বহুলভাৱে ক্ষতিসাধন কৰে। এই জ্বিষাক্ত পদাৰ্থবিলাকৰ ভিতৰত সীহ, পাৰা, ক্ৰমিয়াম, কেডমিয়াম আদি উল্লেখযোগ্য। গোটেই বিলাক ইলেক্ট্ৰনিক সামগ্ৰীতে প্ৰিন্টেড চাৰ্কিট ব’ৰ্ড থাকে, যিবিলাকত বিষাক্ত সীহ, এন্টিমণি আদি থাকে।

ই-আৱৰ্জনাৰ পুনৰাৱৰ্তন:

 

ব্যৱহাৰৰ অনুপযোগী ইলেক্ট্ৰনিক সামগ্ৰীবিলাক উৎপাদনকাৰী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰি পুনৰ কাৰ্যক্ষম কৰিব পাৰি। গতিকে ই আৱৰ্জনাবিলাক ইলেক্ট্ৰনিক সামগ্ৰী প্ৰস্তুতকৰণৰ এবিধ অতিৰিক্ত কেঁচা সামগ্ৰীও হ’ব পাৰে। ইয়াৰ দ্বাৰা প্ৰতিষ্ঠানটো তথা অব্যৱহৃত ইলেক্ট্ৰনিক সামগ্ৰী গৰাকীজন অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব পাৰে। পুনৰাৱৰ্তনৰ আটাইতকৈ সুবিধাজনক দিশটো হ’ল, ইয়াৰ দ্বাৰা পৰিৱেশ প্ৰদূষণৰ হাৰ কমে। তদুপৰি এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰতিষ্ঠানবিলাকত শ্ৰমিকৰ নিযুক্তিৰ হাৰ বৃদ্ধি পায়। জনা গৈছে যে, লেপটপ বা অন্য ইলেক্ট্ৰনিক সামগ্ৰীৰ পুনৰাৱৰ্তনৰ ফলত বহুত পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰিব পাৰি।

আশা কৰোঁ, অদূৰ ভৱিষ্যতে জনসাধাৰণৰ সক্ৰিয় সহযোগ আৰু পূৰ্ণ সচেতনতা, ই-আৱৰ্জনাৰ পুনৰাৱৰ্তন, আৱৰ্জনা পেলোৱা তথা গোটোৱাৰ উপযুক্ত স্থান নিৰ্দ্ধাৰণ আৰু উপযুক্ত চৰকাৰী আইন প্ৰণয়নৰ দ্বাৰা এই আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা ভয়ানক পৰিস্থিতিৰ পৰা কিছু পৰিমাণে হ’লেও মুক্ত হ’ব পৰা যাব।

ইলেক্ট্ৰনিক সামগ্ৰী কিছুমানত থকা অনিষ্টকাৰী মৌল আৰু সেইবিলাকৰপৰা মানৱ স্বাস্থ্যত হ’ব পৰা ক্ষতিৰ তালিকা

ই-আৱৰ্জনাৰ উৎস

উৎসত থকা অনিষ্টকাৰী মৌল

স্বাস্থ্যত কৰা ক্ষতি

কম্পিউটাৰৰ প্ৰিন্টেড চাৰ্কিট ব’ৰ্ডৰ ছলডাৰ(Solder) আৰু মণিটৰৰ গাছকেট(gaskets)

সীহ(Lead)

লে’ডৰ বিষক্ৰিয়াৰ ফলত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অনিষ্ট হয়, ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়, বৃক্ক(Kidney) অনিষ্ট হয়। তদুদৰি লেডৰ বিষক্ৰিয়াৰ ফলত সৰু ল’ৰা-ছোৱালীৰ মস্তিষ্কৰ উন্নতিত বাধাৰ সৃষ্টি হয়।

‘ছিপ ৰেজিষ্টৰ’ আৰু ‘ছেমি কণ্ডাক্টৰ’, কম্পিউটাৰৰ বেটৰী, চাৰ্কিট ব’ৰ্ড, কেথ’ড ৰে’ টিউব ইত্যাদি

কেডমিয়াম

মানৱ শৰীৰত কিডনী আৰু লিভাৰৰ ক্ষতিসাধন কৰাৰ উপৰি নাৰ্ভৰ অনিষ্ট সাধন কৰে।

‘প্ৰিন্টেড চাৰ্কিড ব’ৰ্ড’, চাবি

পাৰা(Mercury)

পাৰাৰ বিষক্ৰিয়াৰ ফলত মানৱ দেহত মগজুৰ ক্ষতিসাধন হোৱাৰ উপৰি স্বাশ-তন্ত্ৰ আৰু ছালৰ বিসংগতিয়ে দেখা দিয়ে।

ক্ষয় নোযোৱা, অব্যৱহৃত আৰু গেলভেনাইজড ষ্টীল প্লেট, ডেকৰেটৰ ইত্যাদি

ক্ৰমিয়াম

ক্ৰমিয়ামৰ বিষক্ৰিয়াৰ ফলত এজমেটিক, ব্ৰংকাইটিছ আৰু DNA অনিষ্ট হোৱাৰ সম্ভাৱনা।

কম্পিউটাৰ আৰু তাত ব্যৱহৃত কেবলসমূহ

প্লাষ্টিক, প্ৰধানকৈ পি ভি চি(PVC)

জ্বলালে ডাইঅক্সিন আৰু ফিউৰান নামৰ অতি বিষাক্ত গেছ উৎপন্ন হয়, যিয়ে

  • ৰোগ প্ৰতিৰোধ ব্যৱস্থা(Immume system)ৰ অনিষ্ট সাধন কৰে।
  • হৰম’নৰ কাৰ্যকলাপত বিসংগতিয়ে দেখা দিব পাৰে।
  • গৰ্ভৱতী মহিলাৰ বিসংগতিপূৰ্ণ সন্তান জন্ম হ’ব পাৰে।

প্লাষ্টিকেৰে তৈয়াৰ ইলেক্ট্ৰনিক সৰঞ্জাম আৰু চাৰ্কিড ব’ৰ্ড

ব্ৰ’মিনেটেড ফ্লেম ৰিটাৰডেন্ট(BFR)

এণ্ড’ক্ৰাইন প্ৰণালী(Endocrine system)ৰ কাৰ্যত বাধাৰ সৃষ্টি হয়।

চি আৰ টি-ৰ সন্মুখভাগ

বেৰিয়াম

কম সময়ৰ বাবে সেৱন কৰিলে-

  • মাংসপেশীৰ দুৰ্বলতাই দেখা দিয়ে।
  • হৃদযন্ত্ৰ, যকৃত আৰু প্লীহাৰ অনিষ্ট হয়।

কম্পিউটাৰৰ মাদাৰ ব’ৰ্ড

বেৰিলিয়াম

  • কেন্সাৰ সৃষ্টিকাৰী(প্ৰধানকৈ হাঁওফাওঁৰ কেন্সাৰ সৃষ্টি কৰে)
  • উশাহত লোৱা বেৰিলিয়ামৰ ধোঁৱা আৰু ধূলিয়ে ক্ৰণিক ‘বেৰিলিয়াম ডিজিছ’, ‘বেৰাইল’ক’ছিছ সৃষ্টি কৰে।
  • ছালৰ বেমাৰ সৃষ্টি কৰে।

 

লেখক: ৰাণু বৰুৱা(দৈনিক অসম)

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top