অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উষ্ণায়নৰ প্ৰভাৱ

উষ্ণায়নৰ প্ৰভাৱ

পৃথিৱীক যি বায়ুমণ্ডলে এখন চাদৰৰ দৰে আৱৰি ৰাখিছে তাৰ ভূমিকা অনেক। সূৰ্যৰ পৰা অহা ৰশ্মিয়ে বায়ুমণ্ডলক অনায়াসে ভেদ কৰি পৃথিৱীলৈ গুচি আহে। কাৰণ, এই ৰশ্মিৰ তৰংগদৈৰ্ঘ কম। ইয়াৰ ফলত পৃথিৱীৰ পানী আৰু স্থলভাগৰ পৰা যি প্ৰতিফলিত ৰশ্মি মহাশূণ্যলৈ ঘূৰি যাবলৈ চেষ্টা কৰে, তাৰ তৰংগ দৈৰ্ঘ্য বেছি হোৱাত থমকি ৰ’বলগীয়া হয় প্ৰাকৃতিক গ্ৰীণহাউছ গেছৰ (কাৰ্বন ডাই-অক্সাইড, জলীয় বাষ্প, মিথেন ইত্যাদি) স্তৰত। এই স্তৰে প্ৰকৃতিত একমুখী দাপোনৰ দৰে কাম কৰে। আমাৰ কৃতকৰ্মৰ বাবে বায়ুমণ্ডলত গ্ৰীণহাউছ গেছৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে, বাঢ়ি গৈ আছে বায়ুমণ্ডলৰ তাপমাত্ৰা। বিগত ১০০ বছৰত পৃথিৱীব্যাপি তাপমাত্ৰা বাঢ়িছে গঢ়ে ০.৮ ডিগ্ৰী চেলছিয়াছ। গ্ৰীণহাউছ গেছৰ নিৰ্গমন বাঢ়ি থাকিলে, এই শতাব্দীতেই বিশ্বৰ তাপমাত্ৰা গড়ে ৪ ডিগ্ৰী পৰ্য্যন্ত বাঢ়ি যাব পাৰে। সেয়ে হ’লে ক্ষতিগ্ৰস্ত হ’ব প্ৰাণী আৰু প্ৰকৃতি। সমানে ঘটি থাকিব পৰিৱেশ বিপৰ্য্যয়ৰ দৰে ঘটনা। আমি সকলোৱে জানো যে পৃথিৱীৰ তিনি ভাগ পানী আৰু এভাগ মাটি। গতিকে স্পষ্টকৈ বুজা যায় যে মাটিৰ তুলনাত পানী বেছি হোৱা মানে সাগৰে দৃঢ়তাৰে বান্ধি ৰাখিছে স্থলভাগক। স্থলভাগ অতি দ্ৰুতভাৱে উত্তপ্ত হয়, আকৌ দ্ৰুতগতিৰে ঠাণ্ডা হোৱাৰ প্ৰৱণতাও থাকে। কিন্তু পানীভাগৰ তাপমাত্ৰা বাঢ়িলে সেয়া দ্ৰুতভাৱে কমাৰ কোনো সম্ভাৱনা নাথাকে। বিশ্বৰ অনেক ঠাইত গ্ৰীষ্মকালত সেই তাপমাত্ৰা বৃদ্ধিৰ পৰিমাণ ১০ ৰ পৰা ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। বিজ্ঞানীসকলৰ পূৰ্বাভাস সঠিক হ’লে তাপমাত্ৰা বঢ়াৰ সৈতে সংগতি ৰাখি এই শতিকাৰ শেষৰফালে সাগৰপৃষ্ঠৰ উচ্চতা দুই মিটাৰ বাঢ়িব। ফলত বিশ্বৰ জনসংখ্যাৰ অন্তত: ২.৫ শতাংশ গৃহহাৰা হ’ব।

পৰিৱেশিবিদসকলৰ মন্তব্য, উষ্ণায়নৰ প্ৰভাৱত ক্ৰমাগতভাৱে তাপমাত্ৰা বৃদ্ধি হৈছে বাবেই শীতপ্ৰধান অঞ্চলৰ প্ৰাণীবোৰে পাহাৰৰ উচ্চ এলেকাৰ ফালে গুচি গৈছে। ইয়াৰ উদাহৰণস্বৰূপে, বক্সাৰ অৰণ্যৰপৰা দাৰ্জিলিঙলৈ পলাই গৈছিল ৰঙা পাণ্ডাৰ দৰে প্ৰাণীবোৰ। কিন্তু তাতো থাকিব নোৱাৰি সিহঁত বেলেগ অঞ্চললৈ গুচি গৈছে। মাথোঁ ভাৰতেই নহয়, অষ্ট্ৰেলিয়াতো এই সমস্যা দেখা গৈছে। কিন্তু তাত ওখ পাহাৰ নথকা বাবে বিভিন্ন প্ৰাণী বিপদাপন্ন হৈ পৰিছে। উষ্ণায়নৰ প্ৰভাৱত সুন্দৰবনৰ মাটি আৰু পানী বেছি নিমখীয়া হৈ পৰিছে।

সমস্যা হৈছে বাঘ আৰু অন্যান্য প্ৰাণী আৰু উদ্ভিদৰ ক্ষেত্ৰত। ইয়াৰ ফলতেই বাঘবোৰ জনাঞ্চললৈ গুচি আহিছে। পৰিৱেশবিদসকলৰ মতে, উষ্ণায়নৰ ফলত বহুতো পাহাৰীয়া ফুল নিৰ্দিষ্ট সময়ৰ আগতেই ফুলিব ধৰিছে। ইয়াৰ ফলতেই ফুলৰ ওপৰত নিৰ্ভৰশীল কীট-পতংগ আৰু চৰাই-চিৰিকটিৰ জীৱন-চক্ৰত পৰিৱৰ্তনে দেখা দিছে। পাহাৰৰ কৃষিভূমিত অজানা গছ আৰু পোকৰ সংখ্যা বৃদ্ধি পোৱাও বিশেষজ্ঞসকলে লক্ষ্য কৰিছে।

সমীক্ষা মতে, ৬০ দশকৰ পৰা হিমবাহবোৰ দ্ৰুতহাৰত গলিব ধৰিছে। এই গলি যোৱাৰ হাৰ ৯০ ৰ দশকত দ্বিগুণ হৈ পৰিছে। আলাস্কাৰ পশ্চিম অঞ্চলৰ সাগৰৰ পাৰত তথা কানাডাৰ উত্তৰ অংশত যিবোৰ হিমস্তৰ আছে সেইবোৰ ধ্বংসৰ পৰিমাণ গ্ৰীণলেণ্ড আৰু মেৰু অঞ্চলতকৈ বেছি। বৰফৰ এই অৱক্ষয়ে সমুদ্ৰৰ জলস্তৰ প্ৰতিবছৰে বঢ়াই দিছে ০.৩২ ছেন্টিমিটাৰকৈ। বিজ্ঞানীসকলৰ মতে, গংগাৰ উৎপত্তিস্থল গংগোত্ৰী আৰু আগৰ ঠাইত নাই। প্ৰায় এক কিলোমিটাৰ দূৰলৈ আঁতৰি গৈছে। কাৰণ হিমবাহৰ আকাৰ হ্ৰাস পাইছে। তাপমাত্ৰা বৃদ্ধিৰ ফলত পৃথিৱীৰ অনেক অঞ্চল মৰুভূমিত পৰিণত হৈছে। এই প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত হ’ব বিশ্বৰ ১১০ খন দেশৰ ২০০ কোটি মানুহ। ৰাষ্ট্ৰসংঘৰ এক তথ্যমতে, পৃথিৱীৰ মুঠ ৩০ শতাংশ স্থলভূমি পিছলৈ মৰুভূমিত পৰিণত হ’ব। কিন্তু কেনেভাৱ এই সমস্যাৰ সমাধান হ’ব?

পৰিৱেশবিদসকলৰ মতে, বিশ্বৰ উষ্ণায়ন কমাবলৈ হ’লে বনানীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। নিৰ্বিচাৰে গছ কটাৰ ক্ষেত্ৰত দেশসমূহে কঠোৰভাৱে আইন বলবৎ কৰিব লাগিব। দেশৰ মুঠ আয়তনৰ ৩৩ শতাংশলৈ বনাঞ্চল বৃদ্ধি কৰিব লাগিব। বায়ুৰ তাপমাত্ৰাৰ সমতা ৰখাৰ ক্ষেত্ৰত সেউজীয়া উদ্ভিদৰ গুৰুত্ব অপৰিসীম। মাথোঁ অক্সিজেন সৰবৰাহৰ ক্ষেত্ৰতেই নহয়, বায়ুৰ পৰা জলীয় বাষ্প গ্ৰহণ কৰি পুনৰ পাতৰ ছিদ্ৰৰ মাজেদিয়েই প্ৰকৃতিক ঘূৰাই দিয়ে গছে। ইয়াৰ ফলত বায়ুৰ তাপমাত্ৰা ভালেখিনি হ্ৰাস পায়। আনফালে, কল-কাৰখানাৰ পৰা অনবৰত বতাহত মিহলি হৈ গৈছে কাৰ্বন-ডাই-অক্সাইড গেছ। সমগ্ৰ বিশ্বৰ ৫০ কোটিৰো অধিক গাড়ীয়ে বতাহত প্ৰতিনিয়ত ঢালি দিছে টন টন গ্ৰীণহাউছ গেছ। আমি জানো যে সালোক-সংশ্লেষণৰ বাবে গছক প্ৰয়োজন হয় কাৰ্বন-ডাই-অক্সাইড গেছৰ। সেইকাৰণে কোৱা হয় যে পৰিৱেশৰ ৪০ শতাংশ কাৰ্বন বনাঞ্চলত সঞ্চিত হৈ থাকে। নিৰ্বিচাৰে গছ কাটি থাকিলে সেই কাৰ্বন বতাহলৈ ঘূৰি যাব। এইটো ঠিক যে নগৰায়নৰ ফলত মূল অৰণ্য আৰু বঢ়োৱাৰ উপায় নাই। সেইবাবেই বনানীকৰণৰ দৰে পদ্ধতিয়েই সকলোতকৈ উপযুক্ত। কমাব লাগিব কয়লা, তেল, প্ৰাকৃতিক গেছৰ দহন, পৰিৱৰ্তে বঢ়াব লাগিব অপৰম্পৰাগত শক্তি (বায়ুশক্তি, সৌৰশক্তি আদি)ৰ উৎপাদন আৰু ব্যৱহাৰ-যিবোৰ অফুৰন্ত আৰু কোনো পৰিৱেশ দূষণ নঘটায়।

লিখক: উজ্জীৱন কুমাৰ দত্ত, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate