অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিং কোব্ৰা

কিং কোব্ৰা

শংখচূড় যাৰ বৈজ্ঞানিক নাম Ophiophagus Hannah হ’ল পৃথিৱীৰ সৰ্ববৃহৎ বিষধৰ সাপ। জিম্‌ কৰবেটে তেওঁৰ ‘Jungle Lore’ নামৰ কিতাপখনত কিং কোব্ৰাক ‘সৰ্পৰাজ’ নামেৰে অভিহিত কৰিছিল। এই সৰ্পৰাজৰ এটা অভাৱনীয় কাণ্ডৰ সাক্ষী হৈছিলো যোৱাটো বৰ্ষৰ নৱেম্বৰ মাহত। এই দৃশ্য দেখি বহু সময়লৈ আমি নিজক নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলোঁ, কল্পনাতো ভবা নাছিলোঁ যে কেতিয়াবা আমি এনে দৃশ্যৰ মুখামুখি হ’ম।

প্ৰায় দুপৰীয়াৰ ভাগৰ সময়। পাহাৰী পথত খোজকাঢ়ি গৈ আছো। হঠাৎ দেখিলো পথৰ দাঁতিত কিছু লোক। প্ৰথমতে কথাটো ইমান গুৰুত্ব দিয়া নাছিলো। কিন্তু কিছু দূৰ অগ্ৰসৰ হোৱাত দেখিলো মানুহবোৰে কাষৰ নলাত কিবা এটা ভালদৰে চাইছে আৰু সকলোৰে চকুৱে-মুখে চেপা উত্তেজনা। আমি দ্ৰুত গতিত খোজ দি যি দৃশ্য দেখিলো সেয়া নিতান্তই অভাৱনীয়: এটা সাপে লাহে লাহে আন এটা সাপক ভক্ষণ কৰি আছে। ক’লা আৰু হালধীয়া ৰঙৰ সাপ এটাই পৰম সন্তুষ্টিৰে খাইছে আন এটা সাপ। Cobra বা ফেঁটী শ্ৰেণীৰ সাপ বুলি জানিছিলো যদিও প্ৰথম অৱস্থাত বুজা নাছিলো যে ইয়েই স্বয়ং সৰ্পৰাজ কিং কোব্ৰা অৰ্থাৎ শংখচূড়। লাহে লাহে মানুহৰ সমাগম বৃদ্ধি পালে। অৱশ্যে এনে লোকৰ উপস্থিতিক সি ভ্ৰূক্ষেপ নকৰি ভক্ষণ পৰ্ব চলাই গৈছে। জানিব পাৰিলো যে ওপৰৰ পাহাৰত যুঁজ কৰি দুয়োটা সাপ এটা নলাত পৰে। তাতেই কিং কোব্ৰাই অন্য সাপটোক মেৰিয়াই ধৰি মাথাত কামোৰ দিয়ে। সম্ভৱত: এই কামোৰৰ ফলতে দুৰ্ভগীয়া সাপটো নিস্তেজ হৈ পৰে আৰু কিং কোব্ৰাৰ খাদ্যত পৰিণত হয়। প্ৰায় আধা ঘন্টাৰ শ্বাসৰুদ্ধৰ দৃশ্যৰ অৱসান ঘটাই এটা সময়ত হাবিৰ মাজত সি মিলি গ’ল। শীতে বিদায় নোলোৱা পৰ্যন্ত সি সম্ভৱত: আৰু বাহিৰ নোলাব।

কিং কোব্ৰা বুলি ক’লেও এইবিধ সাপ অন্যান্য কোব্ৰা বা ফেঁটী সাপতকৈ পৃথক। ই আকৃতিত বহু ডাঙৰ। ইহঁতে অন্য সাপ ভক্ষণ কৰি খাদ্য চাহিদা পূৰণ কৰে। জিম কৰবেটৰ মতে কিং কোব্ৰা অন্য জাতৰ সাপ খায়েই জীয়াই থাকে। ইহঁতৰ গতিবেগ তীব্ৰ। মাৰাত্মক বিষধৰ সাপ দেখা যায়। ভাৰতবৰ্ষৰ উপৰি বাংলাদেশ, ম্যানমাৰ, ভূটান আদিত ইয়াৰ উপস্থিতি যথেষ্ট। মূলত: পাৰ্বত্য বনাঞ্চল বা পৰ্বতৰ পাদদেশত, য’ত জলাশয় অথবা পানীৰ স্ৰোত আছে, সেয়াই কিং কোব্ৰাৰ পছন্দৰ আৱাসস্থল। হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ পৰা আৰম্ভ কৰি কেৰালা বা বাংলাদেশৰ সুন্দৰ বনৰ গভীৰত ইয়াৰ অস্তিত্ব পোৱা যায়। কিং কোব্ৰাৰ ফনাৰ আকৃতি অন্যান্য কোব্ৰা প্ৰজাতিৰ সাপতকৈ ডাঙৰ। ইহঁতৰ গড় দৈৰ্ঘ্য ১০ ৰ পৰা ১৪ ফুট হয় যদিও ১৮ ফুট দৈৰ্ঘ্যৰ কিং কোব্ৰাও বিৰল নহয়। অতি সহজে ক্ৰুদ্ধ হৈ পৰা কিং কোব্ৰাৰ বিষ মূলত: নিউৰোটক্সিক। অৰ্থাৎ কিং কোব্ৰাৰ বিষে আক্ৰান্ত প্ৰাণীৰ স্নায়ুতন্ত্ৰ আমন্ত্ৰণ কৰে। ইয়াৰ এটা সাধাৰণ দংশনেই কোনো প্ৰাণী বা মানুহক মাৰি পেলোৱাৰ বাবে যথেষ্ট। মাইকী কিং কোব্ৰা প্ৰজননৰ সময়ত কুণ্ডলী পকাই থাকে। গছৰ শুকান পাত আদিৰে ওখ ঢিপ তৈয়াৰ কৰি সজা ঠাইত এবাৰত ইহঁতে ২০ টাৰ ওপৰত কণী দিয়ে। কুণ্ডলী পকোৱা শৰীৰটোৱে ইনকিউবেটৰৰ কাম কৰে। কণীবোৰৰ পৰা পোৱালি জন্ম নোপোৱা পৰ্য্যন্ত মাকে ঢিপটো আগুৰি শক্ৰৰ হাতৰ পৰা কণীবোৰ ৰক্ষা কৰে। এই প্ৰসংগত ক’ব পাৰি যে কিং কোব্ৰা পোৱালিৰ গড় দৈৰ্ঘ্য ৪৫ ছেন্টিমিটাৰৰ পৰা ৫৫ ছেন্টিমিটাৰ। কিন্তু ইহঁতৰ বিষ প্ৰাপ্তবয়স্ক সাপৰ দৰে সমানেই ভয়ংকৰ।

কিং কোব্ৰাৰ খাদ্য তালিকাত আছে অন্যান্য সাপৰ উপৰি চৰাই আৰু আন বহু সৰু মেৰুদণ্ডী প্ৰাণী। কেতিয়াবা কেতিয়াবা বৃহৎ আকাৰৰ প্ৰাণী ভক্ষণ কৰাৰ পিছত দীৰ্ঘদিন ইহঁতে অনায়াসে অনাহাৰে থাকিব পাৰে। কিং কোব্ৰাৰ প্ৰধান শত্ৰু হ’ল নেউল বা চিকাৰী চৰাই। ফনা দেখুৱাই ভয় দেখুৱাবলৈ চেষ্টা কৰিলেও শেষত গৈ ৰণত পৰে। তদুপৰি সংকুচিত হৈ অহা বনাঞ্চল, উঞ্চায়ন তথা পৰিৱৰ্তিত জলবায়ুৰ বাবে বন আৰু বন্য জন্তুৰ মাজত ইহঁতো আজি বিপৰ্য্যস্ত।

লিখক: হেমন্ত বেজবৰুৱা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate