অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোটা আৱৰ্জনা সম্পৰ্কে কিছু চিন্তা

গোটা আৱৰ্জনা সম্পৰ্কে কিছু চিন্তা

উদ্যোগ বা কল-কাৰখানা, কৃষি কাৰ্য, ব্যৱসায়, চিকিৎসালয়, ঘৰুৱা কামকাজ আদিত সম্পদবোৰ ব্যৱহাৰ কৰাৰ পাছত যিবিলাক অৱশিষ্ট ওলায়, সেইবোৰকে এটা বাক্যত গোটা আৱৰ্জনা (Solid Wastes) বুলি কোৱা হয়। গোটা আৱৰ্জনাৰ কিছুমান উদাহৰণ হ’ল-পেলনীয়া টায়াৰ, অলাগতীয়াল ধাতু (যেনে-ধাৰ নথকা মামৰে ধৰা দা, কটাৰী, কোৰ আদি), নষ্ট হোৱা পুতলা, চকী-মেজ, গাড়ীৰ বিভিন্ন অপ্ৰয়োজনীয় অংশ, বিভিন্ন পেলনীয়া ইলেট্ৰ’নিক সামগ্ৰী, প্লষ্টিকৰ সামগ্ৰী-যিবোৰ ব্যৱহাৰৰ উপযোগী হৈ থকা নাই, বিকল গেছ চিলিণ্ডাৰ ইত্যাদি। গোটা আৱৰ্জনা জৈৱিকভাবে বিনষ্ট হোৱা(Biodegradable) আৰু জৈৱিকভাবে বিনষ্ট নোহোৱা (Non-biodegradable) -এই দুই প্ৰকাৰৰ হ’ব পাৰে। মনকৰিবলগীয়া কথাটো হ’ল-গোটা আৱৰ্জনাবোৰক কোনেও এৰাই চলিব নোৱাৰে। পৰিবেশঅৰ্থনীতিবিদসকলৰ ভাষাত এইবোৰক নেতিবাচক বাহ্যিকতা (Negative Externality) বুলি কোৱা হয়।

২০০৭ চনৰ তথ্যমতে আমেৰিকাই প্ৰতিবছৰে ২৬০ বিলিয়ন কিল’গ্ৰাম গোটা আৱৰ্জনা পেলায়। তেওঁলোকে প্ৰতিজন মানুহে প্ৰতিদিনে গড় হিচাপে ২ কিল’গ্ৰাম এনে আৱৰ্জনা পেলায়। তেওঁলোকে পৃথিৱীৰ মুঠ ৩০% গোটা আৱৰ্জনাৰ বাবে দায়ী। বৰ্তমান ভাৰতবৰ্ষই প্ৰতিবছৰে ৯৬০ মিনিয়ন টন গোটা আৱৰ্জনা পেলায়। ইয়াৰে ৩৫০ মিলিয়ন টন কৃষি খণ্ডৰ পৰা অহা জৈৱিক, ২৯০ মিলিয়ন টন উদ্যোগিক উৎসৰ পৰা অহা অজৈৱিক আৰু প্ৰায় ৪.৫ মিলিয়ন টন প্ৰকৃতিৰ বাবে বিপদসংকুল গোটা আৱৰ্জনা। আমাৰ দেশৰ প্ৰতিজন মানুহে প্ৰতিদিনে গড় হিচাপে ০.২ ৰ পৰা ০.৪৫ কিলোগ্ৰাম গোটা আৱৰ্জনা পেলায়। দেশখনৰ কিছুমান চহৰৰ গোটা আৱৰ্জনা পেলোৱা পৰিসংখ্যা এনেধৰণৰ: ৩৬% চহৰে (২২ খনৰ ভিতৰত ৮ খন) প্ৰতিদিনে ১০০০ টনতকৈ বেছি গোটা আৱৰ্জনা পেলায়। সেই চহৰ কেইখন হ’ল-আহমদাবাদ, দিল্লী, বৃহত্তৰ মুম্বাই, জয়পুৰ, কানপুৰ, লক্ষ্ণৌ, পুনে আৰু চুৰাট। ১৩.৬% চহৰে (২২ খনৰ ভিতৰত ৩খন) প্ৰতিদিনে ৫০০-১০০০ টন গোটা আৱৰ্জনা পেলায়। সেই চহৰ কেইখন হ’ল-ইন্দোৰ, লুথিয়ানা আৰু বদোদৰা। ৫০% চহৰে (২২খনৰ ভিতৰত ১১খন) প্ৰতিদিনে ৫০০ টনতকৈ কম পৰিমানৰ গোটা আৱৰ্জনা পেলায়। সেই চহৰ কেইখন হ’ল-আগৰতলা, আচাঞ্চল, চণ্ডীগড়, ফৰিদাবাদ, গুৱাহাটী, জামছেদপুৰ, কোচী, কোজিকোদ, মাংগালোৰ, মহিষুৰ আৰু ছিমলা।

প্ৰশ্ন হ’ল-গোটা আৱৰ্জনাবোৰক লৈ ইমান চিন্তা কিয়? প্ৰথম কথা, আৱৰ্জনাবোৰ একপ্ৰকাৰৰ শক্তি। এই সম্পৰ্কে দুই ধৰণৰ তাপৰ গতিৰ তত্ত্ব পোৱা যায়। তাপৰ গতিৰ প্ৰথম তত্ত্ব অনুসৰি-শক্তিৰ সৃষ্টি কৰিব নোৱাৰি, বিনাশো কৰিব নোৱাৰি-ৰূপান্তৰহে কৰিব পাৰি। বৈষয়িক সন্তুলন আৰ্হিয়ে (Material Balance Approach) দীৰ্ঘকালত এই সুত্ৰৰ কাৰ্যকাৰিতা প্ৰতিপন্ন কৰিছে। কাৰণ, বৈষয়িক সন্তুলন আৰ্হি ভোগ আৰু উৎপাদনৰ জৰিয়তে প্ৰকৃতিৰ পৰা আন্ত:প্ৰবাহ হোৱা সম্পদ (শক্তিৰ ৰূপত) আৰু ইয়াৰ পৰা প্ৰকৃতিলৈ ঘুৰি যোৱা সম্পদ (আৱৰ্জনাৰ ৰূপত) সমান হ’ব লাগিব-আগমন কৰা আৰু প্ৰত্যাগমন কৰা শক্তিৰ মাজত কোনো ধৰণৰ হেৰফেৰ নাথাকে। এই তত্ত্বৰ পৰা ল’বলগীয়া শিক্ষা এয়ে যে-যিমানে সম্পদবোৰৰ ব্যৱহাৰ কৰা হয়, আৱৰ্জনাৰ পৰিমানো বৃদ্ধি পায়। আৱৰ্জনাবোৰে শক্তিৰ ৰূপান্তৰ ঘটি প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

তাপৰ গতিৰ দ্বিতীয় তত্ত্ব অনুসৰি-এটা আৱদ্ধ অৱস্থাত, সম্পদৰ শক্তি সলনি কৰাত প্ৰকৃতিৰ সামৰ্থ্য সীমিত। উদাহৰণস্বৰূপে-শক্তি ৰূপান্তৰ ঘটোৱা কালতে ইয়াৰ কিছু অংশ ব্যৱহাৰ বৰ্জিত (unusable) হৈ পৰে। ব্যৱহাৰ বৰ্জিত হ’লেও ইয়াৰ অস্তিত্ব শূন্য হৈ নপৰে। খৰি জ্বলালে ই ধংস হৈ নাযায়। বৰঞ্চ ইয়াত নিহিত হৈ থকা শক্তি, তাপশক্তিলৈ ৰূপান্তৰ হয়। খৰি জ্বলনৰ পৰা নি:সৰিত শক্তিৰ আটাইবোৰকে শক্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। কিছু অংশ প্ৰকৃতিৰ বুকুত বিলীন হৈ যায় আৰু কিছু অংশ ছাই হিচাপে থাকি যায়। ইয়াৰ অৰ্থ হ’ল-ৰূপান্তৰ প্ৰক্ৰিয়াত এটা অৱস্থাৰ পৰা শক্তি আন এটা অৱস্থালৈ ৰূপান্তৰ হ’লে ইয়াৰ বিনাশ হয় সঁচা, কিন্তু এই শক্তিক ইয়াৰ পূৰ্বৰ উৎসৰ অৱস্থাত গুণগতভাবে অক্ষত ৰূপত ঘুৰাই পাব নোৱাৰি। অৰ্থাৎ, ৰূপান্তৰৰ প্ৰতিটো স্তৰত শক্তিৰ কৰ্ম-সামৰ্থ্য (work Efficiency) লোপ পায়। গতিকে, সম্পদবোৰ ব্যৱহাৰ কৰাৰ আগতে ভাৱিবলৈ বাধ্য কৰায় যে যি কামত সম্পদবোৰ ব্যৱহাৰ কৰা হয়, সেইবোৰৰ পৰা কিছু হ’লেও আৱৰ্জনা ওলাবই, লগতে ব্যৱহৃত সম্পদবোৰ ইতিমধ্যে শেষ হৈ যায়। অৰ্থাৎ, সেইবোৰ আৰু আমি আগৰ অৱস্থালৈ ঘুৰাই নাপাও।

গোটা আৱৰ্জনাসমূহৰ প্ৰভাৱ স্থানীয় আৰু বিশ্বজনীন-দুইধৰণৰ হ’ব পাৰে। যেনে-জৈৱিকভাবে হজম নোহোৱা প্লাষ্টিক য’তে ত’তে পেলালে নিজৰ বাৰীত হাল বোৱাৰ সময়ত বা কোৰ মৰাৰ সময়ত অসুবিধাত পেলায়-এয়া স্থানীয় সমস্যা। আনহাতে, এইবোৰ পুৰি পেলালে জলবায়ুৰ পৰিবৰ্তন (Climate Change) তথা গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধিত অৰিহণা যোগায়-সেয়া বিশ্বজনীন সমস্যা। অৱশ্যে, পৰিবেশ সম্পৰ্কীয় সকলোবোৰ স্থানীয় সমস্যাই বিশ্বজনীন সমস্যা আৰু সকলোবোৰ বিশ্বজনীন সমস্যাই স্থানীয় সমস্যা। কিছুমান বিশ্বজনীন পৰিবেশ সম্পৰ্কীয় সমস্যা আমি ইতিমধ্যে ভোগ কৰি আহিছোঁৱেই। যেনে-জাৰকালৰ সময় কমি জহকালৰ সময় বৃদ্ধি পোৱা, সময়মতে মৌচুমী বতাহ নবলাৰ ফলত বাৰিষাৰ সময়ৰ পৰিবৰ্তন হোৱা, খৰাঙৰ দৰে পৰিস্থিতিয়ে দেখা দিয়া, যিকোনো সময়তে যিকোনো অঞ্চলতে বানপানী হোৱা বা ধল অহা ইত্যাদি।

গোটা আৱৰ্জনাৰ সৈতে দেশ এখনৰ আৰ্থিক অৱস্থাৰ কেনেধৰণৰ সম্পৰ্ক আছে? চাইমন কুজনেটছ (Simon Kuznets) নামৰ পৰিবেশ বিজ্ঞানী এজনে দেখুৱাইছে যে প্ৰথম অৱস্থাত পৰিবেশৰ অৱনতি আৰু আৰ্থিক উন্নয়নৰ সম্পৰ্ক একমুখী হয়। অৰ্থাৎ, আৰ্থিক উন্নয়ন বৃদ্ধি পালে, পৰিবেশৰ অৱনতি বৃদ্ধি পায়; আৰ্থিক অৱনতি ঘটিলে, পৰিবেশৰ অৱনতি কম হয়। কিন্তু, এক নিৰ্দিষ্ট অৱস্থাৰ পাছত পৰিবেশৰ অৱনতি আৰু আৰ্থিক উন্নয়নৰ সম্পৰ্ক বিপৰীতমুখী হয়। অৰ্থাৎ, আৰ্থিক উন্নয়ন হয় যদিও পৰিবেশৰ অৱনতি কমি যায়। কাৰণ হিচাপে কোৱা হৈছে যে এটা সময়ত সংশ্লিষ্ট দেশখনৰ চৰকাৰৰ লগতে জনসাধাৰণ পৰিবেশৰ প্ৰতি সচেতন হৈ পৰিবেশ ৰক্ষাৰ বাবে প্ৰস্তুত কৰা সকলোবোৰ নীতি-নিয়ম শ্ৰদ্ধা সহকাৰে পালন কৰে।

আধুনিক অৰ্থনীতিবিদসকলে অকল মানুহৰ আয় বৃদ্ধি হ’লেই উন্নয়ন হোৱা বুলি নকয়। পৰিবেশ ধংস কৰি আয় বৃদ্ধি কৰিলে তাক বৃদ্ধি বুলিবহে পাৰি, উন্নয়ন নহয়। উন্নয়নৰ পৰিমান উলিয়াবলৈ হ’লে উপাৰ্জিত আয়ৰ পৰা ইতিমধ্যে ধংসপ্ৰাপ্ত পৰিবেশৰ মুদ্ৰাগত পৰিমান বিয়োগ কৰিব লাগিব, যাক সেউজ হিচাপ (Green Accounting) বুলি কোৱা হয় (যিটো নিৰূপণ কৰা সহজ নহয়)।

পৰিবেশ ৰক্ষাৰ বাবে গোটা আৱৰ্জনাবোৰক লৈ আমি কি কৰিব পাৰোঁ? ইফালে, এইবোৰক আমি এৰাই চলিবও নোৱাৰোঁ। গোটা আৱৰ্জনাবোৰক নিয়ন্ত্ৰণ কৰাৰ কিছুমান উপায় আছে। ইয়াত চমুকৈ আলোচনা কৰা যাওক।

প্ৰথম, এইবোৰক প্ৰতিৰোধ কৰিব লাগে। অৰ্থাৎ, গোটা আৱৰ্জনা সৃষ্টি হ’ব পৰা সম্পদ ব্যৱহাৰ কৰা উচিত নহয়। যদিও এই পদ্ধতিটো সৰ্বগ্ৰাহ্য, বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ নহয়। গোটা আৱৰ্জনা সৃষ্টি নোহোৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈ জীৱন ধাৰণ কৰা সম্ভৱ নহয়। দ্বিতীয়-নিম্নতম উৎপন্ন। এই পদ্ধতি অনুসৰি যিমান পাৰি কম পৰিমানৰ গোটা আৱৰ্জনা উৎপন্ন কৰিব লাগে। এই পদ্ধতিটো অতি বাস্তৱসন্মত। তদুপৰি এই পদ্ধতিৰ বাবে কোনো ধৰণৰ উচ্চ প্ৰযুক্তিসম্পন্ন সা-সঁজুলিৰ প্ৰয়োজন নহয়। ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ ব্যক্তিজনৰ সামাজিক দায়বদ্ধতা আৰু পৰিবেশ সচেতনতাৰ। পৃথিৱীৰ সকলো মানুহে সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰিলে নিশ্চিতভাবে কম পৰিমানৰ গোটা আৱৰ্জনা সৃষ্টি হ’ব। এটা সৰু উদাহৰণ দিয়া যাওক। বজাৰলৈ গ’লে প্ৰয়োজনীয় সামগ্ৰীখিনি কিনি আনিবলৈ ঘৰৰ পৰাই মোনা লৈ গ’লে এৰাব নোৱাৰা সামগ্ৰীখিনিৰ বাবেহে দোকানীৰ পৰা প্লাষ্টিকৰ মোনা (Polythene Bag) ল’লে প্লাষ্টিকৰ দৰে মাৰাত্মক গোটা আৱৰ্জনাৰ পৰিমান কমাই উৎপন্ন কৰা হ’ব। তৃতীয়-পুনৰ ব্যৱহাৰ। অৰ্থাৎ, কিছুমান সামগ্ৰী বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। সামগ্ৰীসমূহ বাৰে বাৰে ব্যৱহাৰ কৰাৰ ফলত গোটা আৱৰ্জনাৰ পৰিমান কমকৈ উৎপন্ন হ’ব। যেনে-বিয়া বা আন সামাজিক অনুষ্ঠানৰ ভোজ আদিত পানী বা চাহ খাবলৈ প্লাষ্টিকৰ কাপ ব্যৱহাৰ নকৰি এলুমিনিয়ামৰ কাপ ব্যৱহাৰ কৰিলে গোটা আৱৰ্জনা উৎপন্নৰ পৰিমান কম হ’ব। কাৰণ এলিমিনিয়ামৰ কাপ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিটোও বাস্তৱসন্মত আৰু সকলোৱে প্ৰয়োগ কৰিব পৰা পদ্ধতি। ইয়াৰ বাবেও উচ্চ প্ৰযুক্তিসম্পন্ন সা-সঁজুলিৰ প্ৰয়োজন নহয়। প্ৰয়োজন মাথো-সামাজিক দায়বদ্ধতা আৰু এটা সাংস্কৃতিক (Cultured) মানসিকতাৰ। চতুৰ্থ-পুনৰ নিৰ্মাণ। অৰ্থাৎ, সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰৰ অনুপোযোগী হৈ পৰাৰ পাছত পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি ল’লে গোটা আৱৰ্জনা উৎপন্নৰ পৰিমান কম হ’ব। যেনে-লোৰ দা এখন ভাঙিলে, কমাৰশাললৈ নি ব্যৱহাৰৰ উপযোগী কৰি গঢ়াই ল’ব পাৰি। টিভি এটা বেয়া হ’লে, পুৰণি হ’ল বুলি সেইটো পেলাই দি নতুন এটা কিনিলে আগৰ টিভিটো গোটা আৱৰ্জনা হ’বগৈ। তাকে নকৰি মেৰামতি কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰিলে গোটা আৱৰ্জনা বৃদ্ধি ৰোধ কৰাত কিছু হ’লেও সহায়ক হ’ব। যদিও এই পদ্ধতিটো বাস্তৱসন্মত, ইয়াৰ বাবে সময় আৰু ধনৰ খৰচৰ লগতে পুনৰ নিৰ্মাণ কৰিব পৰা সা-সুবিধাৰ প্ৰয়োজন হয়। পঞ্চম-শক্তি উৎপন্ন। যিহেতু গোটা আৱৰ্জনাসমূহো এক প্ৰকাৰ শক্তি, গতিকে এইবোৰৰ পৰা উৎপন্ন হোৱা শক্তিয়ে প্ৰকৃতিৰ বাবে বিপদ সৃষ্টি কৰাৰ পৰিবৰ্তে সমাজৰ বাবে প্ৰয়োজনীয় শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। এই পদ্ধতি প্ৰয়োগ কৰিলে গোটা আৱৰ্জনাসমূহক আৱৰ্জনাৰ পৰিবৰ্তে সম্পদ হিচাপে গণ্য কৰা হয়, যিহেতু এইবোৰৰক শক্তি উৎপাদনৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। এই পদ্ধতিটোৰ অসুবিধা এয়ে যে ইয়াৰ বাবে উচ্চ প্ৰযুক্তিসম্পন্ন সা-সঁজুলিৰ প্ৰয়োজন হয় আৰু সেয়েহে এই পদ্ধতি সকলোৱে প্ৰয়োগ কৰিব পৰা বিধৰ নহয়। শেষত-নি:শেষ। অৰ্থাৎ, গোটা আৱৰ্জনাসমূহক নি:শেষ কৰি পেলাব পাৰি। অৱশ্যে, ওপৰত উল্লেখ কৰা পদ্ধতিবোৰৰ কোনো এটা পদ্ধতিকে ব্যৱহাৰ কৰিব নোৱাৰিলেহে এই পদ্ধতি প্ৰয়োগ কৰা উচিত। এয়া হ’ল গোটা আৱৰ্জনা নিয়ন্ত্ৰণ কৰাৰ শেষ পদ্ধতি। এই পদ্ধতি প্ৰয়োগ কৰিলে কিছু হ’লেও পৰিবেশৰ ওপৰত কু-প্ৰভাৱ পেলায়। গোটা আৱৰ্জনাবোৰক বিভিন্ন প্ৰকাৰে নি:শেষ কৰিব পাৰি। ইয়াৰে ঘৰতে কৰিব পৰা এটা সহজ উপায় হ’ল-দুই প্ৰকাৰৰ ডাষ্টবিন ব্যৱহাৰ কৰা। এবিধত জৈৱিকভাবে বিনষ্ট হোৱা (Biodegradable) আৰু আৰু আনবিধত জৈৱিকভাবে বিনষ্ট নোহোৱা (Non-biodegradable) গোটা আৱৰ্জনাসমূহ পেলাব লাগে। জৈৱিকভাবে বিনষ্ট নোহোৱা  গোটা আৱৰ্জনাবোৰক এঠাইত পুতি পেলাব লাগে। নাইবা, আৱৰ্জনাৰ পৰা শক্তি উৎপন্ন কৰা উদ্যোগসমূহলৈ কেঁচামাল হিচাপে যোগান ধৰিব পাৰি। জৈৱিকভাবে বিনষ্ট হোৱা গোটা আৱৰ্জনাসমূহ সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰাখিনিক কৃষি ভূমিত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, নোৱাৰিখিনিক প্ৰাকৃতিকভাবে নি:শেষ হ’বলৈ দিব লাগে।

মুঠ কথা-মানৱ জাতি থাকে মানে গোটা আৱৰ্জনা ওলাবই। দেশৰ ঔদ্যোগিক বিকাশৰ বাবে উদ্যোগ স্থাপন কৰিবই লাগিব। কিন্তু, ইয়াৰ অৰ্থ এইটো নহয় যে পৰিবেশৰ প্ৰতি কাণসাৰ নিদিয়াকৈ কেৱল বৰ্তমান প্ৰজন্মৰ বাবে সৰ্বতোপ্ৰকাৰে দেশৰ বিকাশ হওক, ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনত একো নাথাকক। দেশৰ উদ্যোগসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন নীতি-নিয়ম প্ৰস্তুত কৰি থাকে। ভৱিষ্যত প্ৰজন্মৰ বাবেও পৃথিৱীখন সুন্দৰ আৰু সম্পদৰ উভৈনদী কৰি ৰাখিবৰ বাবে ঘৰুৱাভাবেও প্ৰচেষ্টা চলোৱা সকলো সচেতন নাগৰিকৰে কৰ্তব্য হোৱা উচিত। এই ক্ষেত্ৰত, বয়োজেষ্ঠ্যসকলৰ লগতে উঠি অহা ল’ৰা-ছোৱালীসকলোৰো সমানে কৰণীয় আছে।

লিখক: বিপুল ৰাভা।

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate