মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / গতি নাই গছ অবিহনে:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গতি নাই গছ অবিহনে:

গছ অবিহনে গতি নাইৰ বিষয়ে লিখাহৈছে

গছ-গছনিৰ প্ৰয়োজনীয়তা

 

বৰষুণে মাটিত কেনেধৰণে ক্ৰিয়া কৰে? বৰষুণৰ টোপালবোৰে তীব্ৰ গতিৰে আহি পৃথিৱীৰ বুকুত খুন্দা মাৰে। গছ-গছনি বা ঘাঁহ-বন নথকা উদং মাটিত খুন্দা মাৰিলে মাটিৰ কণাবোৰ স্থানচ্যুত হয়। কিছুমান কণাই মাটিৰ বুকুৰ ছিদ্ৰবোৰ বন্ধ কৰি পানী মাটিৰ তললৈ সোমোৱাত বাধা আৰোপ কৰে। ফলত মাটিৰ পানী শুহি লোৱা ক্ষমতা হ্ৰাস পায়। তুলনামূলকভাৱে দ ঠাইত পানী জমা হ’বলৈ ধৰে। মাটিৰ তলতৈ পানী নিগৰাত বাধাগ্ৰস্ত হ’লে জমা হোৱা পানী মাটিৰ ওপৰেৰে বৈ যাবলৈ আৰম্ভ কৰে। পানীৰ লগতে বিচ্ছিন্ন হোৱা কণাবোৰেও গতি লয়। মাটিৰ ওপৰেৰে বাগৰি যোৱা মাটি-পানীৰ মিশ্ৰণটোকে Surface Runoff বুলি কোৱা হয়। বৰষুণৰ পানীৰ মাটিৰ তললৈ যোৱাভাগ, চাপৰ ঠাইত জমা হোৱা ভাগ আৰু ভাপ হোৱা অংশটোৰ বাহিৰে বাকীখিনি Surface Runoff। জমা হোৱা অংশৰ পৰিমাণ বেছি হ’লে Surface Runoff কম হয়। Surface Runoff ভূমি ক্ষয়ৰ এটা প্ৰধান কাৰক। মাটিৰ তললৈ সোমাই যোৱা পানীভাগ বৰষুণৰ পিছতো নিজৰাৰ ৰূপত আমি ব্যৱহাৰ কৰিব পাৰোঁ। গছ-গছনি থাকিলে Water Strorage বেছি হয়। সেয়ে ঘন বননি থকা পাহাৰৰ বুকুত নিজৰাৰ সৃষ্টি হয়।

অনাচ্ছাদিত এঢলীয়া ঠাইত Surface Runoff–ৰ পৰিমাণ আৰু শক্তি বাঢ়ে। ফলস্বৰূপে ই মাটিৰ ওপৰৰ সাৰুৱা অংশ দ্ৰুত গতিত ধুই নিবলৈ আৰম্ভ কৰে আৰু অতি সোনকালে তলৰ শিলাখণ্ডই মূৰ দাঙি উঠে। যেতিয়া মাটিডৰা খেতিৰ অনুপযোগী হৈ পৰে, তেতিয়াহে উপলব্ধি হয় যে মাটিডৰা খহনীয়াই গ্ৰাস কৰিলে। উপযুক্ত সময়ত ব্যৱস্থা নল’লে সমগ্ৰ পথাৰখনেই ধ্বংসৰ গৰাহত পৰে- কৃষিজীৱীৰ জীৱিকাৰো অন্ত হয়। যদি মুকলি আৰু তুলনামূলকভাৱে সমান ভূ-খণ্ডৰ ওপৰৰপৰা কাগজৰ নিচিনা পাতল চামনি একোটা প্ৰতিজাক বৰষুণৰ লগে লগে গুচি যায় ইয়াক Sheet Erosion বোলে। Sheet Erosion সহজে চকুত নপৰে। কিন্তু ই অতিশয় অনিষ্টকাৰী এইবাবেই যে ই উৰ্বৰ ভূ-খণ্ডৰ ওপৰত আক্ৰমণ কৰে।

এক একৰ মাটিৰপৰা প্ৰতি সপ্তাহত এক কিউবিক মিটাৰ উপৰিভাগৰ মাটি যদি গুচি যায়, সেয়া কাৰো দৃষ্টিগোচৰ নহ’বও পাৰে। কিন্তু এই প্ৰক্ৰিয়াটো চলি থাকে, তেন্তে এক পুৰুষ বা ত্ৰিশ বছৰ পিছত দেখা যাব যে সমগ্ৰ এলেকাটোৰপৰা এঘাৰ ইঞ্চি মাটি হেৰাই গৈছে। সময়োপযোগী ব্যৱস্থাৰ দ্বাৰা এনে ক্ষয়ীকৰণ সহজে ৰোধ কৰিব পাৰি।

এটা উদাহৰণেৰে এই কথাটো স্পষ্টভাৱে অনুধাৱন কৰিব পাৰি। আমাৰ গাঁওবোৰত চাৰিওকাষে ঘৰেৰে আৱৰা চোতাল একোখন থাকে। বৃহৎ পৰিয়ালৰ ক্ষেত্ৰত আগ চোতাল পাছ চোতাল থাকে। চোতালৰ ওপৰখন সদায় মুকলি। বৰষুণত ঘৰৰ চালৰ পানী আৰু বৰষুণৰ টোপালবোৰ পোনে পোনে চোতালত পৰে। বৰষুণৰ পানীৰ লগত চোতালৰ মাটি গুচি যোৱাটো সাধাৰণতে দৃষ্টিগোচৰ নহয়। কিন্তু কিছু বছৰৰ মূৰে মূৰে চোতালত মাটি ভৰাবলগীয়া অৱস্থা হয়। এয়া Sheet Erosion–ৰ চাক্ষুষ প্ৰমাণ।

Sheet Erosion-ৰ পিছৰ পৰ্যায় Rill Erosion। এই অৱস্থাত আঙুলিৰ আকাৰৰ সৰু সৰু নলাই গোটেই অঞ্চলটো আৱৰি ধৰে আৰু নলাবোৰেৰে পানী জোৰেৰে ব’বলৈ ধৰে। এই অৱস্থাটো মাটি চহোৱা সঁজুলিৰে পথাৰখন সমান কৰি ল’ব পৰা যায় আৰু উপযুক্ত ব্যৱস্থাৰে বেছি বেয়া হোৱাৰপৰা পথাৰখন ৰক্ষা কৰিব পাৰি।

ওপৰত উল্লেখ কৰা দুটা অৱস্থাৰ পিছতো আওকণীয়া হৈ থাকিলে শেষস্তৰ Gulley Erosion হয়গৈ। Rill বোৰ ক্ৰমে দ আৰু বহল হ’বলৈ ধৰে। বৰষুণৰ পানী যিফালৰপৰা বাগৰি আহে খালবোৰ সেইফাললৈ আগুৱাব ধৰে। সেইবাবে ইয়াক ‘উল্টাখণ্ডা’ বুলিও কোৱা হয়। এনে দ খাল বা নলাবোৰত গৰু-মানুহ সহজে লুকাব পৰা হয়। তেতিয়া আৰু মাটিডৰা সমান কৰি খেতি কৰাৰ অৱকাশ নাথাকে। কেৱল বৰষুণৰ ঠিক পিছতে পথাৰ ধুই নিয়া ঘোলা বোকাপানীহে বৈ যোৱা দেখা যায়। মাটিৰ গভীৰতাত হোৱা অন্ত:স্ৰোতৰ বাবে ওচৰৰ পথাৰৰ পানীও এই নলাই টানি যায়। ফলত সমুদায় পথাৰৰ অনিষ্ট হয়।

অসমত প্ৰায় বাৰ হাজাৰ হেক্টৰ খেতিৰ মাটি উল্টাখণ্ডাৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূটান, আবৰ পাহাৰ আদিৰ সংলগ্ন অঞ্চলত এনে সমস্যা অতি প্ৰকট। উল্টাখণ্ডাৰ বিধ্বংসী ৰূপ ‘ৰেভাইন’ বা লোংগা। চম্বল উপত্যকাৰ ৰেভাইনৰ ইতিহাস সকলোৰে জ্ঞাত। সম্পদৰ ক্ষতিৰ লগে লগে অসামাজিক কামৰো আড্ডা হৈ পৰে।

ভূমিক্ষয় ৰোধ কৰাৰ একমাত্ৰ উপায় গছ-গছনিৰ ব্যৱস্থা কৰা-


গছ-গছনি, ঘাঁহ-বনেনো ভূমিক্ষয় ৰোধ কৰাত কেনেভাৱে সহায় কৰে দেখা যাওক। বৰষুণৰ পানী সাধাৰণতে তিনিভাগত বিভক্ত হয়। এভাগ ভাপ হৈ উৰি গৈ বায়ুমণ্ডলত প্ৰৱেশ কৰে। এক অংশ মাটিৰ ভিতৰলৈ সোমায়- যিটো Percolation বুলি কোৱা হয় আৰু বাকী অংশ মাটিৰ ওপৰেৰে বাগৰি যায়। জোৰেৰে পৃথিৱীৰ বুকুলৈ নমা বৰষুণৰ টোপোলবোৰৰ গতি উদ্ভিদে ৰোধ কৰে। ডালে-পাতে ডাঙৰ টোপালবোৰ সৰু সৰু কণা কিছুমানলৈ ৰূপান্তৰ কৰে আৰু পোনে পোনে মাটিত খুন্দা মৰাত বাধা আৰোপ কৰে। তুলনামূলকভাৱে সৰু কণাই ধীৰ গতিৰে মাটিক আঘাত কৰে। আন কিছু কণাই গা-গছেৰে বৈ আহি মাটি চুৱেহি। এনেক্ষেত্ৰত মাটিৰ কণাবোৰ মূল গাৰপৰা বিচ্ছিন্ন নোহোৱাকৈ থাকে। তদুপৰি উদ্ভিদ থকা মাটিডৰাত নানাধৰণৰ পোক-পৰুৱাই বাহ লয়। এই প্ৰাণীবোৰ আৰু শিপাই মাটিক ছিদ্ৰযুক্ত কৰি ৰাখে। ফলত মাটি কিছু কোমল হৈ থাকে। কোমল মাটিৰ ছিদ্ৰৰে বেছি পৰিমাণৰ পানী মাটিৰ ভিতৰলৈ সোমাবৰ সুবিধা পায়। ফলত Sheet Erosion বহু পৰিমাণে কমি যায়। আকৌ Trans Piration–ৰ দ্বাৰা গছে পানীভাগ মাটিৰপৰা শুহি লয় আৰু বৰষুণৰ পানী মাটিত জমা হ’বলৈ ঠাই উলিয়াই দিয়ে। গছ নাথাকিলে উদং মাটিত পৰা সেই পৰিমাণৰ পানীও Runoff হ’লহেঁতেন। অৰণ্য অঞ্চলত বাষ্পীকৰণো(Evaporation) বহুত কম। গতিকে দেখা যায় বৰষুণৰ পানী গছ-বনৰ আৱৰণ থকা মাটিত বহুখিনি ঠাইতেই ব্যৱহাৰ হয়।

যিখিনি Runoff হিচাপে ব’বলৈ যত্ন কৰে তাৰো গতি সৰি পৰা শুকান ডাল-পাতে ৰোধ কৰে। গতি কমাৰ লগে লগে পানীৰ ক্ষয়ীকৰণ ক্ষমতাও কমি যায়। পানী বেছি সময় মাটিৰ ওপৰত থাকিলে ই ভিতৰলৈ সোমাবৰ প্ৰয়াস কৰে। ভূমি সংৰক্ষণৰ মূল সূত্ৰও এইটোৱেই যে কোনো এক জলচ্ছেদৰ Time of Concentration বৃদ্ধি কৰা।

লেখক-কন্দৰ্প মজুমদাৰ(দৈনিক অসম)

2.93548387097
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top