অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোলকীয় উষ্ণতা, বৃদ্ধি, হিমবাহৰ অৱক্ষয় ইত্যাদি

গোলকীয় উষ্ণতা, বৃদ্ধি, হিমবাহৰ অৱক্ষয় ইত্যাদি

 

হিমবাহৰ গলন, গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিবর্তন শীর্ষক বিষয়ে সাম্প্রতিক সময়ত বেছ জনপ্রিয়তা অর্জন কৰিছে। ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত ২০০৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত ‘জার্মানৱাছ' নামৰ এক আন্তর্জাতিক সংস্থাই প্রকাশ কৰা এক প্রতিবেদন অনুসৰি বিশ্বৰ দৰিদ্ৰ দেশসমূহ সর্বাধিক ক্ষতিগ্রস্ত হৈছে। প্রাকৃতিক পৰিবেশৰ বিৰূপ আচৰণৰ ফলত ক্ষতিগ্রস্ত বিশ্বৰ শীৰ্ষ দহখন দেশ হ’ল বাংলাদেশ, ম্যানমাৰ, হণ্ডুৰাছ, ভিয়েটনাম, নিকাৰাগুৱা, হাইতি, ভাৰত, ডমিনিকান প্রজাতন্ত্র, ফিলিপাইন আৰু চীন। প্রাকৃতিক দুর্যোগত ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈকে এই দেশসমূহত ক্ষতিৰ পৰিমাণ সর্বাধিক। সেয়েহে এই উন্নয়নশীল দেশসমূহত পৰিবেশৰ ভাৰসাম্যতা ৰক্ষাত গুৰুত্ব দিয়া অত্যধিক দৰকাৰ। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তন কেতিয়াবা সমার্থকভাবে ব্যবহাৰ কৰা দেখা যায় যদিও দুয়োটা শব্দই নিজস্ব অর্থ বহন কৰে। গোলকীয় উষ্ণতা বৃদ্ধি হ’ল মানব সৃষ্ট গ্রীনহাউছ গেছৰ নিৰ্গমন আৰ, সৌৰজ্যোতিৰ পৰিবৰ্তন। যাৰ ফলত পৃথিবীৰ ভূতল আৰু সমুদ্রপৃষ্ঠৰ গড় উচ্চতা বৃদ্ধি পায়। আনহাতে জলবায়ুৰ পৰিৱৰ্তনে জলবায়ুৰ স্থিতিৰ তাপ আদিৰ গড় পৰিবর্তনক সূচিত কৰে। ৰাষ্ট্ৰসংঘৰ IPCC(Inter Governmental Panel on Climate Change) ৰ 4th Accessment Reports ত উল্লেখ কৰা হৈছে যে জলবায়ুৰ পৰিবর্তন, সমুদ্রপৃষ্ঠৰ উষ্ণতা বৃদ্ধি, হিমবাহৰ গলন আদিৰ মূল কাৰণ হ’ল গোলকীয় উষ্ণতা বৃদ্ধি। অত্যধিক মাত্ৰাত বৃদ্ধি পোৱা পৰিবেশ প্ৰদূষণে উষ্ণতা বৃদ্ধিত চালকৰ কাম কৰিছে। ঔদ্যোগিক বিপ্লৱৰ পিছৰ পৰা পৰিবেশত কার্বনৰ যৌগসমূহ আৰু নাইট্ৰাছ অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে পৰিবেশ অতিমাত্রা বিষাক্ত কৰি অ’জন স্তৰত ফুটা কৰিছে। এণ্টাৰ্কটিকা বা কুমেৰু অঞ্চল বৰফৰ ডাঠ আৱৰণেৰে আবৃত বিশাল স্থলভূমি। বিগত কোটি কোটি বছৰ ধৰি বৰফ জমা হৈ এই অঞ্চল এক মহাদেশীয় হিমবাহত পৰিণত হৈছে। এই ভূখণ্ডত বৰফৰ আচ্ছাদন প্রায় ২.৬ কিলোমিটাৰ ডাঠ আৰু পৃথিৱীৰ পৰিশ্ৰুত পানীৰ ৯০% ইয়াত আছে। ক্রমাগত তুষাৰপাতৰ ফলত সঞ্চিত বৰফৰ চাপত তলৰ বৰফ সাগৰ উপকূল পাৰ হৈ পানী প্রসাৰিত হয় আৰু সমসাময়িকভাবে মহাদেশীয় হিমবাহ পুনৰ গঢ়ি উঠে। কিন্তু আই পি চি চিৰ প্রতিবেদন অনুসৰি এই হিমবাহ ১৯৫০ চনৰ পৰা প্রায় ২০% শীৰ্ণ হৈ পৰিছে। ৭০ৰ দশকৰ পৰা ইয়াত বৰ্দ্ধিত তাপমানৰ লগত সংগতি ৰাখি হিমবাহসমূহ প্রায় ২০% শীর্ণ হৈ পৰিছে। হিমালয়ৰ পর্বতশ্রেণী সুমেৰু আৰু কুমেৰু অঞ্চলৰ পিছতে সর্ববৃহৎ বৰফৰ স্তুপ। সেয়েহে ইয়াক "ৱাটাৰ টাৱাৰ অৱ এছিয়া' বুলিও কোৱা হয়। ৭০-ৰ দশকৰ পৰা ইয়াত বৰফৰ আস্বাদন পাতল হৈ পৰিছে। বিশেষতঃ যোৱা দশকত বৰফৰ আস্বাদন পাতল হৈ পৰিছে। যোৱা দশকত বৰফৰ গলন অস্বাভাবিকভাবে বৃদ্ধি পাইছে। ১৯৫৩ চনত হিমালয় জয় কৰা পর্বতাৰোহী এডমাণ্ড হিলাৰী আৰু টেন্‌জিং নর্গেই মাউন্ট এভাৰ্ণেষ্টৰ পৰা বেছকেম্প স্থাপন কৰা হিমবাহটো পূৰ্ণৰ স্থানৰ পৰা ৫কিলোমিটাৰ আঁতৰি গৈছে। ভূটান আৰু নেপালৰ হিমবাহবোৰো প্রতিবছৰে গড়ে ৪০ মিটাৰ স্থানান্তৰিত হৈছে। এই হিমবাহবোৰো গলি পর্বতমালাৰ ওপৰত জলাশয় সৃষ্টি কৰিছে, যাৰ ফলত বানপানীৰ আশংকা বৃদ্ধি পাইছে। আই পি চি চিৰ মতে, বর্তমানৰ হাৰত হিমবাহবোৰ গলি থাকিলে হিমালয়ৰ অন্তত: ৪৪ টা হিমবাহৰ জলাশয়ে আগন্তুক পাঁচ বছৰৰ ভিতৰত বান্ধ ভাঙি ভয়াবহ বানৰ সৃষ্টি কৰি বিশ্বক বিপদাপন্ন কৰিব। হিমবাহবোৰে বৃহৎ পৰিমাণৰ পানী ধৰি ৰাখে। পৃথিবীৰ অধিকাংশ লোক পাহাৰ-পৰ্বতৰ পৰা বৈ অহা নৈ, জান, জুৰিৰ পানীৰ ওপৰত নিৰ্ভৰশীল। এছিয়াৰ সাতখন বৃহৎ নদী গংগা, ব্ৰহ্মপুত্র, সিন্ধু, চালয়ুইন, মেকং, ইয়াংচি আৰু হোৱাংহোৰ উৎসস্থল হ’ল হিমালয়। মাত্র ভাৰততে প্রায় ৫০ কোটি মানুহ গংগা আৰু ইয়াৰ উপনদীসমূহৰ পানীৰ ওপৰত নিৰ্ভৰশীল। হিমবাহ গলিলে বাঢ়নী পানী নদীৰে সাগৰলৈ লৈ যায়। হিমবাহবোৰ গ্ৰীষ্মকালত সম্পূর্ণ গলি গ’লে শুকান ঋতুত মাথোঁ শুকান নদীহে থাকিব, যাৰ ফলত উদ্ভব হ’ব পৰা পৰিস্থিতি সহজেই অনুমেয়। আই পি চি চিৰ মতে, বিশ্বৰ অন্য অঞ্চলৰ তুলনাত হিমালয়ৰ বিস্তৃত বৰফমালা দ্রুতভাবে গলি গৈছে আৰু ২০৩৫ চনৰ ভিতৰত হিমালয়ৰ সকলো হিমবাহ গলি যাব বুলি ধাৰণা কৰিছে। ফলস্বৰূপে, হিমালয়ৰ কাষৰীয়া দেশসমূহ ব্যাপক বিপর্যয়ৰ গৰাহত পৰিব। অর্থনৈতিক, ৰাজনৈতিক, ভৌগোলিক সকলো ক্ষেত্ৰতে এই দেশবোৰ হিমালয়ৰ পৰ্বতমালাৰ লগত ওত:প্ৰোতভাৱে জড়িত। কৃত্ৰিম উপগ্ৰহৰ পৰা পোৱা তথ্যমতে, ১৯৬২ চনৰ পৰা ২০০৪ চনলৈকে প্ৰায় ১৬% হিমবাহ গলি গৈছে। তদুপৰি চীনৰ একাডেমী অৱ ছায়েন্সৰ মতে ১৯৫০ চনৰ পৰা চীনৰ সীমান্ত অঞ্চলৰ বৰফমালাৰ প্রায় ৫% গলি গৈছে। ইয়াৰ পৰা সহজেই অনুমেয় যে উৎপাদন, অর্থনীতি, উদ্যোগ, জনবসতি, ভৌগোলিক পৰিসীমা আদি সকলোতে পৰিবেশৰ বিৰূপ প্রভাবে অদ্ভুত পৰিবৰ্তন আনিব। হিমালয়ৰ পৰা বৈ অহা পানীৰ ওপৰত নিৰ্ভৰশীল কোটি কোটি ভাৰতীয়ৰ জীৱন দুর্বিষহ ক্ষতিৰ সন্মুখীন হ’ব। তদুপৰি, ভৌগোলিক সীমাৰেখাৰ পৰিবর্তনে দেশৰ সার্বভৌমত্বতো ভাবুকিৰ সৃষ্টি কৰিব। সেয়েহে সকলো দেশৰ চৰকাৰে হিমালয়ৰ হিমবাহৰ অৱক্ষয় ৰোধ কৰাৰ বাবে সচেষ্ট হোৱা পৰিলক্ষিত হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে অনতি পলমে জীৱৰ প্রাণস্বৰূপ পানীয়েই প্রাণহৰণৰ কাৰণ হ'ব। সেয়েহে সময়ৰ শৰ সময়ত ব্যৱহাৰ কৰি চৰকাৰৰ লগতে প্ৰতিজন নাগৰিকে প্ৰদূষণ ৰোধ, গোলকীয় উষদ্ধতা বৃদ্ধিৰ বিৰুদ্ধে আগবাঢ়ি অহা দৰকাৰ।

লেখিকা: স্মৃতিৰেখা ভূঞা।

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate