অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰৰ ভিতৰৰ প্ৰদূষণ

ঘৰৰ ভিতৰৰ প্ৰদূষণ

 

ক্ৰমবৰ্ধিত প্ৰদূষণৰ কবলত পৰি সমগ্ৰ বিশ্ব আজি বিপর্যস্ত। সাধাৰণতে প্ৰদূষণ বুলিলে আমি ঘৰৰ বাহিৰৰ বায়ু-পানী, মাটি আদিৰ কথাই বুজো। কিন্তু বাহিৰৰ এই প্ৰদূষণতকৈও যে ঘৰৰ ভিতৰৰ প্ৰদূষণ বেছি ভয়াৱহ সেই কথা আমি মুঠেও অনুধাৱন নকৰো। বর্তমান আধুনিক যুগৰ প্রযুক্তি সর্বস্ব যান্ত্রিক সভ্যতাই ঘৰৰ ভিতৰখনো বহুলাংশে প্ৰদূষিত কৰি জনজীৱন বিপর্যস্ত কৰি তুলিছে। বাহিৰৰ প্ৰদূষণতকৈ ঘৰৰ ভিতৰৰ প্ৰদূষণ বেছি ভয়াৱহ আৰু মাৰাত্মক প্রকৃতিৰ। কিয়নো বাহিৰৰ প্ৰদূষণৰ প্ৰদূষক উপাদানবোৰ বহু দূৰলৈ বিয়পি যোৱাৰ ফলত ইয়াৰ প্ৰভাৱ বহু পৰিমাণে কমি যায়। কিন্তু ঘৰৰ ভিতৰৰ প্ৰদূষণকাৰী উপাদানবোৰ ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া হয় বাবে ইয়াৰ কুপ্ৰভাৱবোৰো ঘৰৰ আৱাসীৰ ওপৰত প্রত্যক্ষভাৱে পৰে, ফলত জনস্বাস্থ্যৰ ক্ষতি অধিক হ’ব পাৰে।

সাধাৰণতে ঘৰৰ ভিতৰভাগ প্ৰদূষিত হোৱাৰ বহু কাৰণ বা কাৰক আছে। পাকঘৰ, ঘৰ এখনৰ অপৰিহার্য অংগ। এই পাকঘৰৰ পৰাই ৰন্ধন গেছ, প্রাকৃতিক গেছ, কেৰাছিন-কয়লা, খৰি-খেৰ আদি দহনৰ ফলত কার্বন-ডাই-অক্সাইডৰ উপৰি কাৰ্বন মন’ক্সাইড, ফৰ্মেল ডিহাইড আদি উৎপন্ন হয়। যিবোৰ পদার্থই ঘৰৰ আভ্যন্তৰ অবিৰামভাৱে প্ৰদূষিত কৰি ৰাখে। ঘৰৰ ভিতৰত ধূমপান কৰাৰ ফলতো প্ৰদূষিত হয়। বিড়ি-চিগাৰেটৰ ধোঁৱাত ডাইমিথাইনাল, নাইট্র’ছ’এমাইন আদি কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান থাকে বুলি বৈজ্ঞানিক পৰীক্ষাত প্রমাণিত হৈছে। কার্বন মন’ক্সাইড গেছৰ কাৰণে ৰক্তহীনতা বা এনিমিয়াকে ধৰি হৃদযন্ত্ৰৰ ৰোগ হ’ব পাৰে। আনহাতে ঘৰত ব্যৱহাৰ কৰা মহ দূৰকাৰী বিভিন্ন সামগ্ৰী, যেনে— ক্ৰীম, ধূপ, ইলেকট্রনিক মেট, স্প্ৰে আদিও আভ্যন্তৰীণ গৃহ প্ৰদূষণৰ অন্যতম উপাদান। এইবোৰ অতিশয় ক্ষতিকাৰক প্রকৃতিৰ। আমি দৈনন্দিন ব্যৱহাৰ কৰা চিয়াঁহী, তেল, বিভিন্ন ধৰণৰ ৰং (পেইন্ট), প্লাষ্টিক, কৃত্রিম সূতা আদিৰ পৰাও বেনজিন জাতীয় পদার্থ নিৰ্গত হয়, যিবোৰ নিতান্তই মাৰাত্মক প্রকৃতিৰ। তদুপৰি অন্যান্য কীটনাশকবোৰো  অভ্যন্তৰীণ গৃহপ্ৰদূষণৰ অন্যতম কাৰক। ঘৰত থকা বা ৰখা বিভিন্ন ইলেক্টনিক সামগ্ৰীসমূহৰ পৰাও যথেষ্ট প্ৰদূষণকাৰী সামগ্ৰী নিৰ্গমন হয়। আজিৰ মধ্যবিত্তীয় ঘৰ এখনক এক কথাত ‘ইলেক্ট্রনিক সামগ্ৰীৰ ভঁৰাল’ বুলি ক’লেও অত্যুক্তি কৰা নহয়। এনে এখন ঘৰ ফ্ৰীজ, এয়াৰকণ্ডিচনাৰ, ৱাশ্বিং মেচিন, মাইক্ৰ’ৱেভ অ’ভেন আদি নানা অত্যাধুনিক সামগ্ৰীৰে উপচি থাকে। ৰেডিঅ', টিভি, ম’বাইল ফোন আদিৰ কথা নক’লোৱেই যেনিবা। এই ইলেক্ট'নিক সামগ্ৰীসমূহৰ পৰাও অনর্গল অনেক প্ৰদূষণকাৰী পদাৰ্থৰ নিৰ্গমনৰ ফলত ঘৰৰ ভিতৰভাগ সহজে প্ৰদূষিত হয়। সীমিত শব্দেৰে আভ্যন্তৰীণ গৃহ প্ৰদূষণৰ কথা কৈ অন্ত কৰিব নোৱাৰি। সেয়ে সকলোৱে যদি সজাগ-সচেতন হৈ জীৱনৰ বাট নুবুলো তেনেহ’লে আমি ঘৰৰ ভিতৰুৱা প্ৰদূষণৰ কৱলৰ পৰা উদ্ধাৰ পাব নোৱাৰিম।

লিখক: ভূৱনেশ্বৰ ডেকা, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate