মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / জলবায়ু পৰিৱর্তন, সেউজ গৃহ গেছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জলবায়ু পৰিৱর্তন, সেউজ গৃহ গেছ

জলবায়ু পৰিৱর্তন, সেউজ গৃহ গেছৰ বিষয়ে লিখা হৈছে

 

জলবায়ু পৰিবর্তন, গোলকীয় উষ্ণতাৰ বৃদ্ধি, বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধি—

 

এই তিনিটা পৰিৱেশসম্বন্ধীয় সংজ্ঞা আজিৰ যুৱ প্রজন্মৰ বাবে যথেষ্ট পৰিচিত আৰু গুৰুত্বপূর্ণ। উনৈশ শতিকাৰ আৰম্ভণিতে প্রথম জলবায়ু পৰিৱৰ্তনৰ বিষয়ে বতৰ বিজ্ঞানীসকল সচেতন হোৱাৰ লগতে এই বিষয়ে সন্ধানী হৈ পৰিছিল আৰু জলবায়ু নিয়ন্ত্ৰণত প্রধান ভূমিকা গ্রহণ কৰা সেউজগৃহ গেছ আৰু সেউজ গৃহ পৰিঘটনাৰ বিষয়েও সম্ভেদ পাইছিল।

এই বিষয়ে আলোচনা কৰাৰ আগতে বায়ুমণ্ডলত সেউজ গৃহ পৰিঘটনা আৰু সেউজ গৃহ গেছৰ বিষয়ে চমু আভাস পাঠকৰ আগত দাঙি ধৰাৰ প্রয়োজনবোধ কৰিছোঁ। আমি জানো যে সূৰ্য্যৰ ৰশ্মি পৃথিৱীলৈ আহোঁতে হ্রস্ব তৰংগও আহে আৰু এই হ্রস্ব তৰংগত অহা সূর্যৰ ৰশ্মিয়ে আমাৰ বায়ুমণ্ডল ভেদ কৰি পৃথিৱীৰ বুকুত আপতিত হয় আৰু পৃথিবীৰ লগতে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে আৰু এই বর্ধিত উষ্ণতাৰ সমতা ৰক্ষাৰ বাবে পৃথিৱীৰ লগতে বায়ুমণ্ডলেও অতিৰিক্ত তাপ ধীৰে ধীৰে দীৰ্ঘ তৰংগত মহাকাশলৈ নিক্ষেপ কৰে। পৃথিৱীয়ে প্রতিদিনে যিমান তাপ সূর্যৰ পৰা গ্রহণ কৰে, তাৰ সমপৰিমাণৰ তাপ মহাকাশলৈ এৰি দি পৃথিৱী আৰু বায়ুমণ্ডলৰ তাপৰ সমতা ৰক্ষা কৰি আহিছে। এইক্ষেত্ৰত বায়ুমণ্ডলে এটা বিশেষ ভূমিকা গ্রহণ কৰে। ই পৃথিৱীলৈ অহা সূর্যৰ ৰশ্মিক সহজভাবে প্রবেশ কৰিবলৈ দিলেও পৃথিৱীয়ে বিকিৰণ কৰা তাপ বায়ুমণ্ডলৰ কোনো কোনো গেছে শোষণ কৰি উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ পৰা তাপ ওলাই যোৱাত বাধা দিয়ে আৰু এই কার্যক সেউজ গৃহ পৰিঘটনা বোলা হয়। এনেদৰে বায়ুমণ্ডলৰ তাপ শোষণ কৰা গেছসমূহক সেউজ গৃহ গেছ বোলা হয়। এই সেউজ গৃহ গেছসমূহৰ ভিতৰত প্রধান হৈছে কার্বন-ডাই-অক্সাইড (CO2)। কার্বন-ডাই-অক্সাইডৰ উপৰি মিথেইন (CH4), নাইট্ৰাছ অক্সাইড (N2O), অ’জন (O3) আৰু বায়ুমণ্ডলৰ জলীয় বাষ্পও সেউজ গৃহ গেছৰ অন্তৰ্গত| তদুপৰি পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগতে মানুহৰ অত্যাধুনিক জীৱনশৈলীয়ে নকৈ উদ্ভৱ কৰা ক্লৰ’ফ্লৰ’ কাৰ্বন(CFC) হ’ল কার্বন আৰু সেউজ গৃহ গেছৰ অন্তর্ভুক্ত।

উনবিংশ শতিকাৰ শেষৰ ফালৰ পৰাই বিজ্ঞানীসকলে অনুমান কৰিব পাৰিছিল যে মানুহৰ কিছুমান আচৰণ আৰু অত্যাধুনিক জীৱনধাৰা প্রণালীয়ে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধি কৰিব পাৰে আৰু ফলত জলবায়ুৰো পৰিৱর্তন হ’ব পাৰে।

আধুনিক পৰিৱেশ বিজ্ঞানীসকলৰ মতে কেতবোৰ প্ৰাকৃতিক কাৰণ যেনে আগ্নেয়গিৰি উদ্‌গিৰণ, ফলকৰ স্থান পৰিৱর্তন, সাগৰীয় সোঁত আদিয়েও পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ কাৰক হ'লেও মানুহৰ কার্যকলাপেও জলবায়ু পৰিৱৰ্তনত বিশেষভাৱে অৰিহণা যোগায়। দৰাচলতে শিল্প বিপ্লৱৰ আৰম্ভণি আৰু তাৰ পৰৱর্তী কালত হোৱা বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত উন্নতিৰ লগে লগে ন ন কল-কাৰখানাৰ যন্ত্ৰ-পাতি উদ্ভাৱন, দ্রুত হাৰত হোৱা নগৰীকৰণ, উদ্যোগীকৰণ, বৃহৎ হাৰত জৈৱিক ইন্ধনৰ দহন, কৃষিভূমিত উচ্চ হাৰত হোৱা ৰাসায়নিক সাৰ প্রয়োগ, আদিয়ে পৃথিৱীৰ লগতে বায়ুমণ্ডলৰো যথেষ্ট ক্ষতি কৰে। আধুনিক যন্ত্ৰ-পাতিৰ দ্বাৰা উৎপাদিত কার্বন-ডাই-অক্সাইডৰ লগতে ক্ল’ৰ’ফ্ল’ৰ কার্বনৰ নিচিনা মাৰাত্মক সেউজ গৃহ গেছ অহৰহভাৱে বায়ুমণ্ডললৈ নির্গত হৈ আছে, যিয়ে আমাৰ নিৰ্মল প্রাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতি কৰিছে। এইদৰে পৰিৱেশ বিনষ্টকৰণে উপকাৰী জীৱ-জন্তুৰ লগতে মানুহৰ সুস্থ জীৱন-নির্বাহৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে। তলৰ তালিকাত প্রধান সেউজ গৃহ গেছসমূহ আৰু সিহঁতৰ উৎসসমূহ দাঙি ধৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্রকাশিত এটা তথ্য অনুসৰি এই কথা জানিব পৰা গৈছে প্রাক উদ্যোগীকৰণকালত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ আছিল ২৭০ ppm আৰু ২০০৫ চনত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ৩৭২ ppm হয়। যদি এইধৰণে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড বৃদ্ধি পাই থাকে, তেতিয়াহ’লে ২০৮৫ ইং ৫৮৫ ppm লৈকে বৃদ্ধি পাব আৰু এই কার্যই পৃথিৱীৰ উষ্ণতা বর্তমানতকৈ প্রায় ৬° চেণ্টিগ্রেড বৃদ্ধি কৰিব। এই উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে প্রভাৱ পেলাই নানা সমস্যাৰ সৃষ্টি কৰিব। তাৰে ভিতৰত মেৰু অঞ্চলৰ বৰফ গলা, সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি কৰা, পৃথিৱীৰ নিম্ন ভূমিসমূহ প্লাবিত হোৱা, খৰাং বতৰে মৰু আৰু মৰুসদৃশ অঞ্চল বৃদ্ধি কৰাৰ উপৰি সবাতোকৈ ডাঙৰ কথা হৈছে জীৱ-জন্তু আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো বর্ধিত উষ্ণতা পেলোৱাৰ সম্ভাৱনা প্ৰবল। বৰ্ধিত গোলকীয় উষ্ণতাই বিভিন্ন ধৰণৰ ৰোগ যেনে-মেলেৰিয়া, থাইলেৰিয়া বা গোধা ৰোগ, দেও, পীত জ্বৰ ইত্যাদিৰ পৰিমাণ বৃদ্ধিয়ে বিশ্ব জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। যোৱা ১৯০০ চনৰ শেষৰ ফালে সমগ্র বিশ্বই এনে সমস্যাৰ প্রতি সন্দিহান হৈ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চিন্তা কৰে আৰু ১৯৯৭ চনৰ ডিচেম্বৰ মাহত পৃথিৱীৰ মুঠ ১৬০খন দেশৰ বিজ্ঞানী আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু অধিবেশনৰ প্রতিনিধিবৃন্দই জাপানৰ কাঁইট" নামৰ ঠাইত একত্ৰিত হৈ গোলকীয় জলবায়ু পৰিৱৰ্তনৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ লগতে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে বদ্ধপৰিকৰ হৈছিল। এই অধিবেশনে জলবায়ু পৰিবর্তনে কৰা জটিল সমস্যাক বিশ্বৰ সকলো দেশৰ ঐক্য আৰু সহমতৰ জৰিয়তে গোলকীয় জলবায়ুক এক নিৰাপদ অৱস্থানত আবদ্ধ কৰাৰ লগতে এই সংক্রান্তত উচ্চ মানৰ অধ্যয়ন আৰু বিশ্লেষণত গুৰুত্ব দিয়াৰ প্রয়াস কৰে। কিন্তু আমেৰিকা, অষ্ট্রেলিয়াৰ দৰে উন্নত দেশসমূহে তেওঁলোকৰ অত্যাধুনিক জীৱনশৈলীৰ লগত আপোচ কৰিবলৈ অনীহা প্ৰদৰ্শন কৰাই অধিৱেশনৰ সফলতাৰ পূৰ্ণ মাত্ৰা প্ৰদান নকৰিলেও মূল সমস্যা সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ বুলিব পাৰি। পৰৱৰ্তীকালত এনে জলবায়ু অধিৱেশনসমূহে ২১ শতিকাত কার্বন-ডাই-অক্সাইডৰ নিৰ্গম ৰোধ কৰা, জৈবিক ইচ্ছন দহন নিয়ন্ত্ৰণ কৰা, বনাঞ্চল ধ্বংস ৰোধ কৰা আৰু ক্লৰ’ফ্লৰ কাৰ্বন, হাড্ৰফ্ল’ৰ কাৰ্বনৰ নিচিনা সেউজ গৃহ গেছৰ নিৰ্গম তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণত গুৰুত্ব দিছে।

উল্লেখযোগ্য যে বিশ্বৰ অতিৰিক্ত কার্বন-ডাই-অক্সাইড নির্গমৰ দুই-তৃতীয়াংশ কেৱল উন্নত দেশসমূহে তেওঁলোকৰ অত্যাধুনিক নগৰীয়া জীৱন-ধাৰণ প্ৰণালীৰ দ্বাৰা সম্পাদিত হয়। গতিকে বিভিন্ন দেশে নির্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ ঠাৱৰ কৰিবলৈ কার্বন ফুট প্রিন্ট নামেৰে এটা সংজ্ঞাৰ ন-কৈ সংযোজন ঘটিছে। বিশ্বৰ প্ৰত্যেকজন মানুহে প্ৰত্যেকদিনে ব্যক্তিগত কাম, যেনে-উশাহ-নিশাহ লোৱাৰ পৰা আৰম্ভ কৰি নিত্য-ব্যৱহার্য বস্তুসমূহৰ দ্বাৰা অহৰহ কার্বন-ডাই-অক্সাইড বায়ুমণ্ডললৈ এৰি দিয়ে। এনেদৰে প্রত্যেক ব্যক্তিয়ে বায়ুমণ্ডললৈ এৰি দিয়া কার্বন-ডাই-অক্সাইডৰ পৰিমাণক কার্বন ফুট-প্রিন্ট বোলা হয়। যিহেতু উন্নত দেশসমূহৰ জীৱনশৈলীত উন্নত যন্ত্ৰ-পাতিৰ প্রয়োগ যথেষ্ট বেছি, গতিকে তেওঁলোকৰ জনসাধাৰণে বায়ুমণ্ডললৈ সৰহ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে বাবে তেওঁলোকৰ কাৰ্বন ফুট-প্রিন্ট উন্নয়নশীল দেশৰ জনসাধাৰণতকৈ যথেষ্ট বেছি।

বর্তমান অৱস্থাৰ পৰিপেক্ষিতত কার্বন ফুট-প্রিন্ট কমাবৰ বাবে কিছুমান বিকল্প ব্যৱস্থা ন-কৈ আবিষ্কাৰৰ পয়োভৰ ঘটিছে। কার্বন ফুট প্রিন্টক প্রতিহত কৰা এনে ন ব্যৱস্থাসমূহক কার্বন হেণ্ড প্রিন্ট বোলা হয়। সেয়েহে প্রাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ লগতে আর্থিক ব্যয় কমাবৰ বাবে

কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত কার্বন হেণ্ড-প্রিন্টৰ কেইটামান উপায় জনসাধাৰণৰ জ্ঞাতার্থে উল্লেখ কৰা হ’ল-

 

১। এটা সাধাৰণ (ICL) বাল্বৰ সলনি এটা CFL বাল্ব ব্যৱহাৰ কৰিলে বিজুলী শক্তিৰ ব্যয় কমোৱাৰ লগতে বার্ষিক ৪৮৪ কেজি CO2 উৎপাদন কমায় আৰু বাৰ্ষিক আর্থিক ব্যয়ৰ পৰিমাণ ৪০৯ টকা কমাব পাৰি।

২। কম্পিউটাৰৰ ক্ষেত্ৰত ডেস্কটপৰ ঠাইত লেপ্‌টপ্‌ ব্যৱহাৰ কৰিলে বাৰ্ষিক (CO2) ৰ পৰিমাণ ২০৫ কে:জি: কমাৰ লগতে আর্থিক ব্যয় প্রায় ১,০০০ টকা কমাব পাৰি।

৩| TV, DVD আদিৰ দৰে ইলেক্ট্রনিক সামগ্ৰী মূল প্লাগত বন্ধ কৰিলে CO2 ৰ উৎপাদন ১০৬ কে:জি: কমোৱাৰ লগতে আর্থিক ব্যয় ৫১৪ টকা পর্যন্ত কমাব পাৰি।

৪। সাধাৰণ পাত্ৰৰ সলনি প্ৰেচাৰ কুকাৰত ৰান্ধিলে বার্ষিক ১২৪.৯১ কে:জি: CO2 ৰ উৎপাদন হ্রাস কৰাৰ লগতে বাৰ্ষিক ব্যয় ১,০৪৮ টকা হ্রাস কৰিব পাৰি।

তদুপৰি আন কিছুমান সাধাৰণ কথা যেনে— কাগজ ব্যৱহাৰত মিতব্যয়ী হোৱা, সন্তানক টিভি বা ভিডিঅ' গেমত ব্যস্ত নাৰাখি মুকলি পৰিৱেশত খেলিবলৈ দিয়া, সন্তানক স্কুললৈ অনা-নিয়া কৰাত ব্যক্তিগত গাড়ী ব্যৱহাৰ নকৰি সমূহীয়া যান-বাহন ব্যৱহাৰ কৰা, জৈবিক ইন্ধন দহনত সাৱধান হোৱা, ঘৰুৱা আৱৰ্জনা য’তে-ত’তে নেপেলাই বাৰীৰ চুকত নির্দিষ্ট গাঁতত জমা কৰা, গাড়ী চলাওঁতে পৰিবহণ সংকেতত আধা মিনিটতকৈ বেছি সময় ৰ’ব লগা হ'লে গাড়ীৰ ইঞ্জিনৰ ছুইচ বন্ধ কৰা ইত্যাদি কার্যৰ দ্বাৰাও বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ কমাব পৰা যায়। সেয়েহে বর্তমান সময়ত বিনষ্টকৰণ ৰোধ কৰিব পৰা সমূহ উপায় অৱলম্বন কৰাৰ নিতান্তই প্রয়োজন আৰু তেনে কৰিলেহে এটা সুন্দৰ, সুস্থ প্রাকৃতিক পৰিবেশত সুস্থ-সবল জীৱন-যাপন কৰা সম্ভৱ হ'ব।

লেখিকা: যুতি মণি বৰদলৈ, পূৰ্বাচল।

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top