অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

 

পৰিবৰ্তন, সময়ৰ সোঁতৰ লগে লগে ই পৰিলক্ষিত হয় সমাজৰ প্ৰতিটো বস্তুতে। প্রকৃতিও ইয়াৰ পৰিপন্থী নহয়। জীৱ, নিৰ্জীৱ আদি সকলো পৰিৱৰ্তনৰ অধীন। বতৰৰ পৰিৱৰ্তন এটা জটিল শব্দ, আৰু এই বিষয়বস্তুটোৱে বহুতো গবেষকৰ ধ্যান আকর্ষণ কৰি আহিছে। ডাঙৰ প্রশ্ন এটা হ’ল-কেনেকৈ মানৱ জাতিৰ কৰ্মই এইર বতৰ পৰিবৰ্তনৰ ভূমিকা পালন কৰি আহিছে। এই বিষয়ে চিন্তা-চর্চা কৰাৰ আগতে আমি বতৰৰ সংজ্ঞাটো জানি লোৱাৰ বিশেষ প্রয়োজন।

বতৰ আচলতে কি? বতৰে জানো নিৰ্ধাৰণ নকৰে আমি কোন সময়ত কি কাপোৰ অথবা বস্ত্ৰ পৰিধান কৰিব লাগে, কোন সময়ত কেনেকুৱা ধৰণৰ খেতি-বাতি কৰিলে সেই খেতি-বাতি ভাল আৰু লাভদায়ক হয়, সেয়াও জানো বতৰে নিৰ্ধাৰণ নকৰে?

‘The term 'climate change'. which has largly replaced the concept of 'Global Warming in recent years in the United States."

বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজখনেও আজি জীৱন যাপনৰ যুঁজত বহু পৰিৱৰ্তনৰ সন্মুখীন হৈছে। আধুনিকতাৰ দৌৰত খেতি-বাতিৰ বাবে থকা পথাৰবোৰ সংকুচিত হৈ আহিছে। জনসংখ্যা বৃদ্ধিও ইয়াৰ এটা প্রধান কাৰণ। বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান স্থাপন হোৱাৰ লগে লগে তাৰ পৰা নির্গত বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক ধোঁৱা আৰু পদার্থই জৈৱিক বাতাবৰণ দূষিত কৰি তুলিছে। এই বতৰৰ পৰিবর্তনে আমাৰ অসমখনকো বহুক্ষেত্ৰত জুৰুলা কৰি তুলিছে। আৱতৰীয়া বানপানী, গৰাখহনীয়া, কৃত্রিম বানপানী আদিয়ে চহৰ-নগৰ, আনকি গাঁৱলীয়া অঞ্চলৰো বিস্তৰ ক্ষতিসাধন কৰিছে।

এই জলবায়ু অথবা বতৰৰ পৰিৱৰ্তনে মহিলাসকলক বাৰুকৈয়ে প্রভাবিত কৰিছে। Wonen are particularly vulnerable to climate change because they are more prone to the adverse impats from climate chage. যোৱা কেইবছৰত চলোৱা এটা সমীক্ষাত এইটো পৰিলক্ষিত হৈছে যে বতৰ আৰু জলবায়ুৰ পৰিৱর্তনে অসমীয়া মানুহৰ দৈনন্দিন জীৱন যাপনৰ প্ৰক্ৰিয়াৰ লগতে মহিলাসকলো দিনহাজিৰা, বনকৰা কৰ্মী হিচাপে কাম কৰিবলৈ বাধ্য কৰাইছে।

Centre for Environment.Social and Policy Research (CESPR). হ’ল গুৱাহাটীত থকা এনে এটা অনুষ্ঠান যিয়ে বিভিন্ন ধৰণৰ গবেষণামূলক কামত ন্যস্ত থাকে। এই অনুষ্ঠানটোৱে (INECC) Indian Network or Ethics & Climate Change নামৰ অনুষ্ঠানটোৰ সহযোগিতা চলোৱা গৱেষণাৰ অন্তত এনে এটা সিদ্ধান্তত উপনীত হৈছে যে যিসকল মানুহ, বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল, সেইসকল কৃষি এৰি অন্যান্য বৃত্তি গ্রহণ কৰিবলৈ বাধ্য হৈছে। বতৰ পৰিৱৰ্তনৰ এই কুফলে অসমৰ কেইবাখনো জিলাক প্রভাৱিত কৰিছে। এই সমীক্ষা অসমত ৬টা স্থানত চলোৱা হৈছিল—ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, মৰিগাঁও আৰু বাক্সাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাক সামৰি চলোৱা এই সমীক্ষাই জলবায়ু পৰিবৰ্তনৰ নতুন নতুন তথ্য পোহৰলৈ আনিছে। এই কথা সদৰী কৰে CESPR ৰ সদস্য সবিতা দেৱীয়ে। জলবায়ুৰ পৰিৱর্তনৰ ফলত বিশেষকৈ গাঁৱলীয়া অঞ্চলত বসবাস কৰা মহিলাসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে। খাদ্যৰ অভাৱ, বিশুদ্ধ খোৱা পানীৰ নাটনি ইত্যাদিয়ে মহিলাসকলক বাৰুকৈয়ে প্রভাবিত কৰিছে। জলবায়ু পৰিৱৰ্তনৰ প্রভাৱ ইতিমধ্যেই অসমৰ বিভিন্ন অঞ্চলত পৰা দেখা গৈছে। আৰু পৰিৱৰ্তনৰ এই ৰূপ চৰকাৰী আঁচনিয়ে এতিয়াও ঢুকি পাবগৈ পৰা হোৱা নাই। গবেষণাৰ সময়ছোৱাত বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ অহাৰ লগতে এই জলবায়ুৰ পৰিবর্তনে মহিলাৰ লগতে গাভৰু, ছোৱালীবোৰক বনকৰা ছোৱালী অথবা দিন হাজিৰাৰ দৰে বৃত্তিলৈ ঠেলি পঠিয়াইছে। যোৱা কেইবা বছৰ ধৰি হৈ থকা জলবায়ুৰ পৰিবর্তনে বহুতো ঘৰক আর্থিক দুৰৱস্থাৰ ফালে ঠেলি দিয়াৰ লগতে চাহ বাগানত কাম কৰা গাভৰু-যুৱতীক দেহ ব্যৱসায়ৰ নিচিনা ঘৃণনীয় কাম কৰিবলৈ বাধ্য কৰিছে। এচাম অসৎ মানুহে এই যুবতীসকলৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ বিভিন্ন ধৰণৰ চাকৰিৰ প্রলোভন দি অসমৰ বাহিৰৰ ঠাইলৈ লৈ গৈ অসৎ কামত লিপ্ত হ’বলৈ বাধা কৰে।

এই গবেষণাৰ তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এইটো গম পোৱা গৈছে যে আমাৰ ভবিষ্যৎ প্রজন্মৰ বাবে বহুতো কঠিন পৰিস্থিতিয়ে বাট চাই আছে। এই পৰিস্থিতিবোৰৰ লগত মুখামুখি হ'বলৈ হ’লে এনে ধৰণৰ আৰু গবেষণামূলক কাম হাতত ল’ব লাগিব। লগতে এই গৱেষণাৰ তথ্যবোৰৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে নিজৰ কাম-কাজ চলাই যাব পাৰিব।

লিখক: প্ৰিন্স মানস।

 

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate