অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় আঁচনি আই এন ডি চি

ব্যতিক্ৰমী পৰিৱেশবিদ মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি এক অক্টোবৰৰ মাজনিশা ৰাষ্ট্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে জলবায়ু পৰিৱৰ্তন বিষয়ক এখন ৰাষ্ট্ৰীয় আঁচনি Intended Nationally Determined Contribution চমুকৈ আই এন ডি চি প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ যোৱাৰ আগদিনাই অৰ্থাৎ ২৩ ছেপ্টেম্বৰত আই এন ডি চি ৰ খচৰা প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰা হয় আৰু ই কেবিনেটত গৃহীত হয়। ৩৮ পৃষ্ঠাজোৰা ভাৰতৰ আই এন ডি চি ৰ ভিত্তিতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ‘জলবায়ু ন্যায্যতা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে। বক্তৃতাত তেওঁ কৈছিল, ‘আমি যেতিয়া জলবায়ু ন্যায্যতাৰ কথা কওঁ, আমি আমাৰ সংবেদনশীলতা প্ৰকাশ কৰোঁ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ধ্বংসলীলাৰ পৰা দেশৰ দৰিদ্ৰ, আক্ৰান্ত হ’ব পৰা চামক প্ৰতিৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লওঁ।

আই এন ডি চি প্ৰস্তুত কৰা হৈছে কিয়?

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন গোলকীয় সংৰচনা চুক্তিত স্বাক্ষৰকাৰী ৰাষ্ট্ৰসমূহৰ একবিংশতম (CoP-21) সন্মিলনখন ২০১৫ চনৰ পৰা ৩০ নবেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হৈছে-য’ত বিশ্বৰ প্ৰতিনিধিসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ কাৰণে এখন নতুন চুক্তি-‘সাৰ্বজনীন জলবায়ু চুক্তি’ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই চুক্তি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি সদস্য ৰাষ্ট্ৰসমূহে যোৱা ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিজ নিজ ৰাষ্ট্ৰৰ ২০১০ চনৰ পৰৱৰ্তী কালৰ জলবায়ু সম্পৰ্কীয় কাৰ্য্যসূচীৰে আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনিখনেই হ’ল আই এন ডি চিবোৰৰ ভিত্তিতে নতুন চুক্তিখন চূড়ান্ত হ’ব।

ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল লগ হৈ ১৯৯১ চনৰ ফেব্ৰুৱাৰীত এখন ‘জলবায়ু পৰিৱৰ্তনৰ গোলকীয় সংৰচনা চুক্তি’ (UNFCCC-United Nations Framework Convention On Climate Change)প্ৰস্তুত কৰি উলিয়ায়। সেই চুক্তি স্বাক্ষৰিত হয়। ১৯৯২ চনত ৰিঅ’ দ্য জেনেৰিঅ’ত অনুষ্ঠিত ‘ধৰিত্ৰী সন্মিলন’ত। চুক্তিখন বলৱৎ হৈছিল ১৯৯৪ চনৰ ২১ মাৰ্চৰ পৰা। ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে চুক্তিত স্বাক্ষৰ কৰা দলসমূহৰ সন্মিলন অনুষ্ঠিত হৈ আহিছে। সন্মিলনত নিৰ্গমন নিয়ন্ত্ৰণৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয় আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰা হয়। এই চুক্তিৰ আধাৰত প্ৰথমখন সন্মিলন (CoP-1) ১৯৯৫ চনৰ ২৮ মাৰ্চৰ ৭ এপ্ৰিললৈ ৱাৰ্লিনত অনুষ্ঠিত হৈছিল। ১৯৯৭ চনত জাপানৰ কিয়’টত অনুষ্ঠিত তৃতীয়খন (CoP-3) সন্মিলনত গুৰুত্বপূৰ্ণ কিয়’ট চুক্তি গ্ৰহণ কৰা হৈছিল। এই চুক্তি অনুসৰি উন্নত আৰু ঔদ্যোগিক ৰাষ্ট্ৰবোৰে মূল অনুসৰি উন্নত আৰু ঔদ্যোগিক ৰাষ্ট্ৰবোৰে মূল ৬ বিধ সেউজগৃহ গেছৰ নিৰ্গমন পৰিমাণ ২০০৮-১২ চনৰ ভিতৰত ১৯৯০ চনৰ নিৰ্গমন পৰিমাণতকৈ (৪৪৫-৪৫০ পি পি এম) কমেও ৫ শতাংশ কমাব লাগিব। কিয়’ট চুক্তিত সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাসকৰণৰ কাৰণে দুটা সময়সীমা ধাৰ্য্য কৰা হৈছিল-প্ৰথমটো ২০০৮-২০১২ আৰু দ্বিতীয়টো ২০১৩-২০২০ চন।

সকলো উন্নত ৰাষ্ট্ৰৰ ভিতৰত ফ্ৰান্সেই আটাইতকৈ কম সেউজগৃহ গেছ নিৰ্গমনকাৰী ৰাষ্ট্ৰ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰেঁছৱা অ’লাণ্ডে কৈছে যে এইবাৰৰ সন্মিলনত তেওঁ ২০২০ চনৰ ভিতৰত ১৯৯০ চনতকৈ ৪০ শতাংশ আৰু ২০৪০ চনৰ ভিতৰত ৬০ শতাংশ সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰাৰ এক অভিলাষী লক্ষ্য ঘোষণা কৰিব।

আই এন ডি চি আঁচনিৰ লক্ষ্য আৰু পৰিকল্পনা

ভাৰতবৰ্ষই আই এন ডি চি আঁচনি ৮ টা লক্ষ্য প্ৰস্তুত কৰিছে-

১) বহনক্ষম জীৱন-যাপন প্ৰণালী নিশ্চিত কৰা।

২) প্ৰদূষণমুক্ত অৰ্থনৈতিক বিকাশ সাধন কৰা।

৩) মুঠ ঘৰুৱা উৎপাদনৰ নিৰ্গমন মাত্ৰা হ্ৰাস কৰা।

৪) জীৱাশ্ম ইন্ধন ব্যৱহাৰ নকৰাকৈ বিজুলী শক্তিৰ উৎপাদন বৃদ্ধি কৰা।

৫) কাৰ্বন আৱদ্ধকৰণৰ কাৰণে কাৰ্বন ভাণ্ডাৰৰ প্ৰসাৰণ ঘটোৱা।

৬) বিত্তীয় যোগান নিশ্চিত কৰা।

৭) সুবিধাজনক প্ৰযুক্তিৰ আমদানি কৰা আৰু

৮) শক্তি সামৰ্থ বৃদ্ধি কৰা।

ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত নবীকৰণ ইন্ধনৰ পৰা ৪০ শতাংশ শক্তি উৎপাদনৰ পৰিকল্পনা কৰিছে। তদুপৰি তিনি বিলিয়ন টন কাৰ্বন ডাই-অক্সাইড (CO2) শোষণৰ কাৰণে বৃক্ষৰোপণৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ গঢ়ি তোলাৰো পৰিকল্পনা কৰিছে। ২০৩০ চনত ভাৰতত বিজুলীৰ চাহিদা বৰ্তমানতকৈ তিনিগুণ বৃদ্ধি পাব, যাৰ কাৰণে থাৰ্মেল শক্তি অপৰিহাৰ্য্য হৈ পৰিব, তথাপি নিৰ্গমন নীতি কটকটীয়া কৰি ৰখাৰে সিদ্ধান্ত লৈছে।

ভাৰতবৰ্ষৰ জনমূৰি নিৰ্গমন আটাইতকৈ কম। ২০১০ চনত যেতিয়া বহুতো উন্নত ৰাষ্ট্ৰৰ জনমূৰি নিৰ্গমন ৭-১৫ মেট্ৰিক টন আছিল, ভাৰতৰ জনমূৰি নিৰ্গমন আছিল মাত্ৰ ১.৫৩ মেট্ৰিক টন। শক্তিৰ ব্যৱহাৰ বছৰি ৭ শতাংশ। কয়লা আৰু পৰম্পৰাগত জীৱাশ্ম ইন্ধনৰ ওপৰতেই ভাৰত নিৰ্ভৰশীল। ভাৰতে কিয়’ট’ চুক্তি সমৰ্থন কৰে যদিও বহনক্ষম বিকাশক অগ্ৰাধিকাৰ দিয়ে। দেশখনে যান-বাহনত ইতিমধ্যেই প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ২০০৮ চনৰ জুন মাহত ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় কৰ্ম-আঁচনি গ্ৰহণ কৰিছিল। সেই কৰ্ম-আঁচনিখনত চলিত আৰু ভৱিষ্যতৰ জলবায়ুৰ সৈতে নিজকে খাপ খুৱাই লোৱা তথা ইয়াৰ পৰিৱৰ্তন ৰোধ কৰাত গুৰুত্ব দিয়া হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আমাৰ বিকাশ অপৰিহাৰ্য যদিও জনমূৰি সেউজগৃহ নিৰ্গমন পৰিমাণ উন্নত ঔদ্যোগিক ৰাষ্ট্ৰবোৰতকৈ কেতিয়াও বেছি হ’বলৈ দিয়া নহব। ভাৰতবৰ্ষই লাহে লাহে জীৱাশ্ম ইন্ধন শক্তি উৎসৰ পৰা নবীকৰণযোগ্য শক্তি উৎসলৈ গতি কৰিছে। ইতিমধ্যে ২০২২ চনৰ ভিতৰত ১৭৫ গিগা ৱাট (১৭৫ GW) নবীকৰণযোগ্য শক্তি উৎপাদনৰ পৰিকল্পনা কৰিছে। উৎপাদন আৰু বঢ়াব পৰা গ’লহেতেন যদিহে আমেৰিকা আৰু অন্য উন্নত ৰাষ্ট্ৰবোৰে দায়িত্ব অনুসৰি উন্নয়নশীল ৰাষ্ট্ৰবোৰলৈ অৰ্থ আৰু প্ৰযুক্তিৰ যোগান ধৰিলেহেঁতেন। সৌৰশক্তি আৰু বায়ুশক্তি উৎপাদনৰ প্ৰযুক্তিবোৰ অতি ব্যয়বহুল।

ভাৰতীয় মুঠ ঘৰুৱা উৎপাদন ২০৩০ চনত বৰ্তমানতকৈ ৫ গুণ বাঢ়িব, শক্তিৰ ব্যৱহাৰ তিনিগুণ বাঢ়িব, কাৰ্বন নিৰ্গমনো দুগুণতকৈ বেছি হ’ব। ভাৰতৰ বিশাল জনসংখ্যাৰ অধিকাংশৰ উন্নত মানৰ জীৱন ধাৰণৰ বাবে উন্নয়ন বৰ্তাই ৰখাটো প্ৰয়োজনীয় আৰু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱত হ’ব পৰা ক্ষতিসমূহ প্ৰতিৰোধৰ ব্যৱস্থা কৰাটো বাঞ্ছনীয়। আনহাতে, অতিৰিক্ত নিৰ্গমন নিয়ন্ত্ৰণৰ কাৰণে প্ৰয়োজন হয়-সেউজ বিকাশ ব্যৱস্থা, আন্ত:ৰাষ্ট্ৰীয় কাৰ্বন বাণিজ্য, সহজলভ্য নতুন প্ৰযুক্তি মূলত: উমৈহতীয়া সহযোগিতা।

ভাৰতৰ তিনিটা স্পষ্ট লক্ষ্য

১) নিৰ্গমন নিয়ন্ত্ৰণত ৰাখিব: ২০৩০ চনৰ ভিতৰত ভাৰতে কয়লাৰ পৰা শক্তি উৎপাদন কৰিয়েই নিৰ্গমনৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব। ইয়াৰ সমৰ্থনত আন্ত:ৰাষ্ট্ৰীয় শক্তি অধিকৰণৰ সমীক্ষা দেখুওৱা হৈছে যে ২০৪০ চনলৈকে কয়লাৰ পৰা শক্তি উৎপাদন কৰিলেও ভাৰতে আমেৰিকাতকৈ কম কয়লা ব্যৱহাৰ কৰিব। ভাৰতে আত্মবিশ্বাসেৰে ঘোষণা কৰিছে-২০০৯ চনত দেশখনে সংকল্প লৈছিল ২০২০ চনৰ ভিতৰত নিৰ্গমন ২০০৫ চনৰ পৰ্য্যায়তকৈ ২০-২৫ শতাংশ কমাব। ভাৰত সক্ষম হ’ল ১৮.৬ শতাংশ কমাবলৈ। এতিয়া পুনৰ সংকল্প লৈছে-২০৩০ চনৰ ভিতৰত ৩০-৩৫ শতাংশ কমাব।

২) নবীকৰণযোগ্য শক্তি উৎসৰ প্ৰসাৰণ: ২০৩০ চনৰ ভিতৰত ভাৰতে নবীকৰণযোগ্য উৎসৰ পৰা ৪০ শতাংশ শক্তি আহৰণ কৰাৰ ক্ষমতা আয়ত্ত কৰিব। বৰ্তমান নবীকৰণযোগ্য শক্তি, সৌৰ শক্তি আৰু জলশক্তিয়ে মুঠ প্ৰয়োজনীয়তাৰ ৩০ শতাংশ পূৰণ কৰিছে। শক্তি উৎপাদন যেতিয়া তিনিগুণ হ’ব-তেতিয়া নবীকৰণযোগ্য উৎসৰ পৰা অহা শক্তি হ’ব ৩২০ গিগাৱাট। অহা ৭ বছৰত অৰ্থাৎ ২০২২ চনৰ ভিতৰত ঘৰুৱা সৌৰশক্তি সামৰ্থ ৩৩ গুণ বঢ়াই ১,০০,০০০ মেগাৱাট কৰিবলৈ হ’লে ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন হ’ব। আণৱিক শক্তিৰ উৎপাদন ১০ গুণতকৈ বেছি হৈ ৬৩ গিগাৱাট আৰু জলশক্তি দুগুণ হৈ ৮৪ গিগা ৱাট হ’ব।

৩) কাৰ্বন ভাণ্ডাৰৰ প্ৰসাৰণ: গছ-গছনিয়ে কাৰ্বন শোষণ কৰে। ভাৰতে পৰিকল্পনা লৈছে ২০৩০ চনৰ ভিতৰত ২.৫-৩ বিলিয়ন টন CO2 শোষণৰ কাৰণে কাৰ্বন ভাণ্ডাৰ গঢ়ি তুলিব। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ১,৪০,০০০ কিলোমিটাৰ দূৰত্বলৈ দুশাৰী গছ ৰোপণৰ লক্ষ্যও লৈছে। বৃহৎ বননিকৰণ পুঁজিয়েহে বৃক্ষৰোপণৰ দ্বাৰা বনাঞ্চল গঢ়া প্ৰকল্পক উৎসাহিত কৰিব। যিহেতু কাৰ্বন আবদ্ধকৰণ প্ৰক্ৰিয়াটো বনাঞ্চল পৰিচালনাৰ ওপৰতে নিৰ্ভৰ কৰে, এই কাৰ্যসূচীৰ ৰূপায়নৰ দিশত অধিক গুৰুত্বৰ প্ৰয়োজন আছে।

মিতব্যয়িতা আৰু সহযোগিতাৰে নিৰ্গমন নিয়ন্ত্ৰণ সম্ভৱ

নিৰ্গমন হ্ৰাসকৰণত বৰ্তমান গুৰুত্ব দিয়া হৈছে যদিও ইয়াৰ কাৰণ উদ্‌ঘাটন আৰু সমাধানতকৈ অধিক গুৰুত্ব দিয়া হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত। গোলকীয় পাৰিস্থিতিক সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত গুৰুত্বটো “পাৰিৱেশিক বিপদাশংকা পৰিচালনা”ৰ পৰা আঁতৰাই পাৰিস্থিতিক সীমাবদ্ধতাৰ ভিতৰত অৰ্থনৈতিক বিকাশ কেনেকৈ কৰিব পাৰি, সেই দিশতহে গুৰুত্ব দিব লাগিব। মানুহৰ গুৰুত্বটো আজিকালি উৎপাদন প্ৰক্ৰিয়াতকৈ উপভোগ প্ৰক্ৰিয়াত বেছি হৈছে। দেখা গৈছে বৰ্তমান মানুহৰ মৌলিক প্ৰয়োজন বাসস্থান, খাদ্য, গতিশীলতা-এইবোৰত প্ৰত্যক্ষভাৱে শক্তি বিনিয়োগৰ চাহিদা ৪০ শতাংশ আৰু ইয়াত ৮০ শতাংশ সম্পদৰ ব্যৱহাৰ হয়। ফলত ৩৬ শতাংশ CO2 নিৰ্গমন হয়। ২০৫০ চনৰ ভিতৰত সামূহিক নিৰ্গমনৰ দুই পঞ্চমাংশ হ্ৰাস কৰিবলৈ হ’লে সামৰ্থ্য বৃদ্ধি কৰিব লাগিব, শক্তি সামৰ্থ্য বৃদ্ধিহে ইয়াৰ প্ৰকৃত আহিলা।

উপভোগ সৰ্বস্ব বিশ্ব প্ৰবাহ লক্ষ্য কৰি সমাজ বিজ্ঞানে জলবায়ু আৰু গোলকীয় পৰিৱেশ পৰিৱৰ্তনক পাৰ্থিৱ সমস্যাৰ সলনি সামাজিক সমস্যা হিচাপে গ্ৰহণ কৰিছে। সেয়েহে যাতায়ত ব্যৱস্থা, শক্তি, বাসস্থান, খাদ্য প্ৰণালী-এই মূল প্ৰয়োজনীয়তা কেইটাৰ ৰূপান্তৰণতেই নিহিত আছে দীৰ্ঘম্যাদী সমাধানসূত্ৰ। ভাৰতে ইয়াৰ ‘স্মাৰ্ট চিটি’ গঢ়াৰ প্ৰচাৰৰ লগত ‘বাম কাৰ্বন নিৰ্গমনকাৰী চিটী’ গঢ়াৰ প্ৰচাৰো সংযুক্ত কৰিব লাগিব। নিজে এখন গাড়ী লোৱা বা নিজৰ গাড়ীখন সদায় চলোৱাৰ সলনি আনৰ গাড়ীকে সহযোগিতাৰে চলোৱাত গুৰুত্ব দিব লাগিব, যি দ্ৰুত নিৰ্গমন সমস্যা কিছু হ’লেও প্ৰতিহত কৰিব। ল’ৰা-ছোৱালীক স্কুল পৰ্য্যায়ৰ পৰাই জীৱন-যাপন প্ৰণালী সৰলীকৰণৰ শিক্ষা দিব লাগিব। দূৰদৰ্শিতাৰে কিছুমান সংযোগ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, উদাহৰণস্বৰূপে-জলবিদ্যুৎ প্ৰকল্পৰ কাষৰীয়া অঞ্চলত গেদ মিশ্ৰিত বোকা প্ৰতিৰোধ কৰিবলৈ বৃক্ষৰোপণৰ দৰে ব্যৱস্থা।

পেৰিছ সন্মিলনত UNFCC ৰ সদস্য ৰাষ্ট্ৰই নিজ নিজ আই এন ডি চি প্ৰতিবেদন দাখিল কৰিব। ২০২০ চনৰ পৰৱৰ্তী কালত সেউজগৃহ গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ পৰিকল্পনাৰ সফলতা লাভ কৰে আৰ্থিক স্বচ্ছলতা, প্ৰদূষণমুক্ত প্ৰযুক্তিৰ সহজলভ্যতা আৰু সদস্য ৰাষ্ট্ৰবোৰৰ পাৰস্পৰিক সহযোগিতাৰ ওপৰত। UNFCC এ প্ৰস্তুত কৰা আন্ত:ৰাষ্ট্ৰীয় গাঁথনিত সকলোৰে সহযোগিতাৰ মাধ্যমেৰে জলবায়ুৰ পৰিৱৰ্তন নিয়ন্ত্ৰণ সম্ভৱ কৰাৰ কথা উল্লেখ আছে। এনে ব্যৱস্থাহে ‘উমৈহতীয়া কিন্তু স্বতন্ত্ৰ দায়বদ্ধতা’ৰ নীতিৰ ক্ষেত্ৰত সংগতিপূৰ্ণ।

নিৰ্গমন সংক্ৰান্তত উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ মাজত এতিয়াও মতবিৰোধ আছে-‘চহকী নাগৰিকে কম খৰচত পৰ্য্যাপ্ত শক্তি আৰু স্বাচ্ছন্দ্য লাভ কৰে, আনহাতে দৰিদ্ৰ চামে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱো ভোগ কৰে আৰু নিৰ্গমন নকৰাকৈ নিয়ন্ত্ৰণৰ ব্যৱস্থাও নিজেই কৰিব লাগে।’ তথাপি জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো যেতিয়া গোলকীয়, নিৰ্গমন কৰক-নকৰক, পৰিৱৰ্তনৰ প্ৰভাৱ যেতিয়া সকলোৱে ভুগিবই, সাৰ্বজনীন বাধ্যবাধকতা নাথাকিলেও বিশ্ব সমাজৰ অংশ হিচাপে প্ৰতিখন ৰাষ্ট্ৰ আৰু প্ৰতিজন মানুহে নিজাববীয়াকৈ সেউজগৃহ গেছৰ নিৰ্গমন নিয়ন্ত্ৰণত জড়িত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। সেয়েহে পেৰিছত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তনৰ বিশ্ব সন্মিলনখন অতি গুৰুত্বপূৰ্ণ। আশা কৰা হৈছে যে সন্মিলনত গৃহীত হ’ব লগা ‘জলবায়ুৰ সাৰ্বজনীন চুক্তি’য়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতা নিয়ন্ত্ৰণৰ কাৰণে নতুন নিৰ্দেশনা আগবঢ়াব।

লেখিকা: ড° অমিয়া ৰাজবংশী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate