অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱ বৈচিত্ৰ আৰু ভাৰতবৰ্ষ

জৈৱ বৈচিত্ৰ আৰু ভাৰতবৰ্ষ

প্ৰ্কৃতিয়ে আমাক আমাৰ চাৰিওফালে অৰ্থাৎ পৰিৱেশৰ কথা শিকায়। যদি প্ৰকৃতিয়েই ভগৱান তেতিয়া ধৰিত্ৰী আমাৰ আই। সেয়ে ধৰিত্ৰী আইক আমি সদায়ে ৰক্ষা কৰাৰ যত্ন কৰিব লাগে যিটো আমাৰ কৰ্তব্য আৰু দায়িত্ব।

পৃথিবী পৃষ্ঠ্ৰ কোনো এক পৰিৱেশত থকা জীৱ প্ৰ্জাতিসমূহৰ প্ৰজাতিগত আৰু আনুবংশিক বা জিনগত বৈচিত্ৰৰ লগতে আৱাসভূমি বা পৰিস্থিতি তন্ত্ৰৰ বিভিন্নতাৰ অৱস্থাই হৈছে জৈৱ বৈচিত্ৰ্য।পৰিৱেশ সাপেক্ষে জৈৱ বৈচিত্ৰ্যৰ অৱস্থা বেলেগ বেলেগ হোৱা দেখা যায়।উদাহৰনস্বৰুপে পাহৰুৱা অঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু মৰুভূমি অঞ্চলৰ জৈৱ বৈচিত্ৰ একে নহয়।তেনে পৰিৱেশক বৰ্তি থকা জীৱসমুহৰ পৰিৱেশিক অৱস্থা লক্ষ্য কৰি বিজ্ঞানীসকলে সমগ্ৰ জীৱ বৈচিত্ৰ্য আৰু মৰুভূমী অঞ্চলৰ জৈৱ বৈচিত্ৰ্য একে নহয়।তেনে পৰিবেশত বৰ্তি থকা জীৱসমূহৰ পৰিৱেশিক অৱস্থা লক্ষ্য কৰি বিজ্ঞানীসকলে সমগ্ৰ জীৱ বৈচিত্ৰ্যক তিনিটা পৃথক স্তৰত বৰ্ননা কৰিছে।।সেই স্তৰকেইটা হল—প্ৰ্জাতিগত বৈচিত্ৰ্য,জিনগত বৈচিত্ৰ্য বা অনুবংশিক বৈচিত্ৰ্য আৰু পৰিস্থিতি তন্ত্ৰ বিষয়ক বৈচিত্ৰ্য।

পৃথিৱীত অলেখ প্ৰ্জাতিৰ জীৱ আছে। এই জীৱ প্ৰ্জাতিসমূহৰ মাজত থকা চাৰিত্ৰিক ভিন্নতাই হৈছে প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য।গাধ আৰু ঘোৰাঁ দেখাত একে হলেও দুয়ো কিন্ত বেলেগ বেলেগ প্ৰজাতিৰ প্ৰানী।যিবোৰ চৰিত্ৰই জীৱসমূহৰ এটা প্ৰ্জাতিৰ অন্তৰ্ভুক্ত কৰে,সেইবোৰৰ ভিতৰত উল্লেখযোগ্য চৰিত্ৰটো হল সিহতৰঁ মাজত হোৱা প্ৰজনন চৰিত্ৰ।মন কৰিবলগীয়া কথা এয়ে যে বেলেগ বেলেগ প্ৰ্জাতিৰ মাজত কেতিয়াও প্ৰজনন নহয়।

আনুবংশিক বৈচিত্ৰ্যই জিনগত পৰ্য্যায়ত সকলো প্ৰ্জাতিৰ মাজত থকা ভিন্নতাৰ বুজায়।ধান এক প্ৰকাৰৰ শস্য উৎপাদিত উদ্ভিদ প্ৰ্জাতি।ধানৰ এটা প্ৰ্জাতিৰ ভিতৰতেই বিভিন্ন ধৰনৰ ধান পোৱা যায়,যিবিলাকৰ আকাৰ ৰ্ং আৰু সোৱাদ আদি বিভিন্ন ধৰনৰ পাৰিৱেশিক অৱস্থাত বেলেগ বেলেগ হয়।আধুনিক কৃষি পদ্ধতিত শস্য জাতীয় উদ্ভিদ যেনে-ধান,সৰিয়হ,বুটমাহ আদিৰ খেতিত আৰু পশুপালন ক্ষেত্ৰত ভিন্ন জাতৰ প্ৰানীৰ আনুবংশিক বৈচিত্ৰ্য নিৰ্নয়ত ভাৰতবৰ্ষই সফলতা লাভ কৰা দেখা যায়।পৰিস্থিতি তন্ত্ৰৰ জৈৱ বৈচিত্ৰ্যত বিভিন্ন জীৱ প্ৰ্জাতিৰ্যে বাস কৰা আৱাসভূমি যেনে—তৃণভূমি,জলাহ্ভূমি,মৰুভূমি আদিত সৃষ্টি কৰা পৰিৱেশতগত ভিন্নতাক নিৰ্দেশ কৰে আৰু সেইবাবেই পৰিস্থিতি তন্ত্ৰৰ জৈৱ বৈচিত্ৰ্য আচলতে আৱাসভুমিৰ বৈচিত্ৰ্যহে।ইয়াৰ উপৰি অনুজীৱৰ বাসস্থানৰ কথা মনলৈ আহোতেঁ বহুতো কথাই মনলৈ আহে যদিও বহুতো অনুজীৱ মানুহ আৰু আন কিছুমান প্ৰানীৰ জীৱৰ অন্ত্ৰত জীয়াই থাকি অনুজীৱবোৰ খাদ্য পাচনত সহায় কৰে।কিছুমান উদ্ভিদৰ শিপাত বসবাস কৰা অনুজীৱই বায়ুমণ্ডলৰপৰা মুক্ত নাইট্ৰ্জেন স্ংগ্ৰহ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিতা অৰিহনা যোগায়।গতিকে বিভিন্ন পৰিস্থিতি তান্ত্ৰিক জৈৱ বৈচিত্ৰৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি অনুজীৱৰ বৈচিত্ৰৰ কথা কবই লাগিব সেয়া নিশ্চিত।যিকোনো এটা পৰিৱেশত থকা জীৱসমূহৰ লগতে ইয়াৰ চৌপাশৰ পৰিবেশৰ বিষয়ে কৰা অধ্যয়নেই হল পৰিস্থিতি বিজ্ঞান।পৰিস্থিতি বিজ্ঞানত জীৱ হিচাপে প্ৰানী আৰু উদ্ভিদ প্ৰজাতিক প্ৰাধান্য দিয়া হয় যদিও ক্ষুদ্ৰ ক্ষুদ্ৰ অনুজীৱ,বিয়োজক বিলাককো প্ৰধান্য দি সি সিবিলককৰ খাদ্যভাস আৰু বাসস্থানৰ বিষয়ে সবিশেষ অধ্যয়ন কৰা হয় কাৰনেই সকলো অজৈৱিক আৰু জৈৱিক উপাদানৰ থুল বা নিকায়ক পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়।পৰিস্থিতি তন্ত্ৰ এটাৰ অজৈবিক কাৰকসমুহ হল—বায়ু পানী,মাটি সূৰ্য্যৰ তাপ আৰু পোহৰৰ লগতে সেই পৰিৱেশক জলৱায়ু আদি।আকৌ জৈবিক কাৰক হিচাপে উৎপাদক,উপভোক্তা আৰু বিয়োজকেই প্ৰ্ধান।গতিকে গোলকীয় উত্তাপন ৰদ বতাহ-বৰষুন মাটিৰ গুনাগুন,ভৌগলিক অৱস্থাৰ ওপৰত ভিত্তি কৰি পৰিস্থিতি তন্ত্ৰৰ শ্ৰেনী বিভাজন কৰা হয়।বিজ্ঞানী জী,টাইলাৰ মিলাৰে কোৱাৰে দৰে পৃথিৱীৰ সমগ্ৰ পৰিস্থিতি তন্ত্ৰসমূহক একেলগে জীৱমণ্ডল বোলা হয় যদিও ভূ-পৰিস্থিতি তন্ত্ৰ আৰু জল পৰিস্থিতি তন্ত্ৰৰ গঠন প্ৰনালী বেলেগ বেলেগ।

কোনো পৰিস্থিতি তন্ত্ৰই অপৰিৱৰ্তীয় নহয় বা স্ব-পৰিচালিত নহয়।পৰিস্থিতি তন্ত্ৰ একোটাৰ জীৱিত আৰু অজীবিত কাৰকসমূহৰ প্ৰাধান্য সময়ৰ লগে লগে পৰিবৰ্তন হৈ নতুন পৰিস্থিতি তন্ত্ৰ একোটাৰ উদ্ভৱ হয় তাকেই পৰিস্থিতি অনুক্ৰমন বুলি কোবা হয়।পৰিস্থিতি অনুক্ৰমন তন্ত্ৰ একোটাৰ নিদিষ্ট বহন ক্ষমতা বা সহ্য কৰিব পৰা ক্ষমতা আছে।অধিক আৱৰ্জনাৰ পৰিৱেশ পৰিস্থিতি তন্ত্ৰ এটা ধ্বংস কৰি দিব পাৰে।এতিয়া আমাৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছে।ফলত পৰিৱেশৰ প্ৰ্দুষিত হৈ বিষাক্ত হৈ পৰিছে আৰু বহুতো জীৱ প্ৰজাতি পৃথিৱীখনৰ পৰা বিলুপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে।আমি আমাৰ জীৱ প্ৰ্জাতিসমূহক ৰক্ষা কৰিবলৈকে অৰ্থাৎ জৈৱ প্ৰ্জাতিসমূহক ৰক্ষা কৰিবলৈকে অৰ্থাৎ জৈৱ বৈচিত্ৰ্যপূৰ্ন কৰি ৰাখিবলৈ পৰিৱেশক উন্নয়ন সাধন কৰা উচিত।

ভাৰতবৰ্ষত চিনাক্ত হোবা উদ্ভিদ আৰু প্ৰানী প্ৰজাতিৰ স্ংখ্যা কিছুমান উল্লেখ কৰা হল---

উদ্ভিদ শ্ৰেনী                                 প্ৰজাতিৰ স্ংখ্যা

বেক্টেৰিয়া                                    ৮৯০

ভেকুৰঁ                                    ১৪,৫০০ বিধ

ঢ়েকীয়া                                    ১,১০০ বিধ

নগ্ববীজী                                    ৬৪ বিধ

গুপ্তবিজ                                  ১৭,৫০০ বিধ

শেলাই                                   ৬,৫০০ বিধ

প্ৰানীৰ শ্ৰেনী                               প্ৰ্জাতিৰ স্ংখ্যা

মাছ                                    ২,৫৪৬ বিধ

উভচৰ                                   ২০৯ বিধ

সৰীসৃপ                                   ৪৫৬ বিধ

চৰাই                                    ১,২৩২ বিধ

স্তন্যপ্ৰায়ী                                  ৩৯০ বিধ

অমেৰুদণ্ডী                                 ৮,৩২৯ বিধ

 

এটা কথা ঠিক যে পৃথিৱীৰ সকলো অঞ্চলতে জৈৱ বৈচিত্ৰ্যৰ স্থিতি একে নহয়।যিবোৰ অঞ্চলত জৈৱ বৈচিত্ৰ্য অধিক তেনে অঞ্চলসমূহেই হল জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অধিক চহকী অঞ্চল আৰু তেনে অঞ্চলসমূহকেই হটস্প্ট অঞ্চল।উদাহৰনস্বৰুপে ভাৰতবৰ্ষ দুটা মুখ্য হটস্পট অঞ্চলৰ কথা উল্লেখযোগ্য।এটা হল পূব হিমালয় আৰু আনটো হল পশ্চিম ঘাট অঞ্চল।পূব হিমালয়  হটস্পট অঞ্চলৰ অন্তৰ্ভক্ত দেশ কেইখন  হল-পূৱ ভাৰত(উত্তৰ-পূৱাঞ্চল,অসম)নেপাল,ভুটান,আৰু দক্ষিন-পশ্চিম চীন দেশ।এই সমগ্ৰ অঞ্চলটোত প্ৰায় ৯০০০ প্ৰ্জাতিৰ উদ্ভিদ আৰু ৭,৬৯,৪২৮ স্ংখ্যক প্ৰজাতিৰ প্ৰানী চিনাক্ত কৰা হৈছে।ইপিনে মালাবৰ উপকূল আৰু পশ্মিমঘাট পৰ্বতমালাই আগুৰি থকা বৃহত্তৰ অঞ্চলটোৱেই হৈছে পশ্মিমঘাট হতস্পট অঞ্চল।এই হটস্পট অঞ্চলতে ৩১৫ বিধ স্থানীয় মেৰুদণ্ডী প্ৰানী প্ৰজাতি পোৱাৰ লগতে ৩০৮ বিধ স্থানীয় বৃক্ষ প্ৰ্জাতিৰ উদ্ভিদ পোৱা যায়।ইয়াৰ উপৰি পশ্মিমঘাট অঞ্চলতে ১১২ বিধ স্থানীয় প্ৰজাতিৰ অৰ্কিড পোৱা যায়।

জৈৱ্য বৈচিত্ৰ্যৰ ক্ষেত্ৰত অধিক চহকী অঞ্চল হিচাপে অৰ্থাৎ হটস্পত হিচাপে অসম হল বিশ্বৰ পচিশটা হটস্পট অঞ্চলৰ এটা।এই জৈৱ বৈচিত্ৰ্যৰ প্ৰাচুয্যৰ বাবে অসমৰ জলবায়ু নিশ্চয় অনুকুল।সেয়েহে জৈৱ বৈচিত্ৰৰ স্ংৰক্ষনৰ ক্ষেত্ৰত অসমভূমি জীৱৰ আৱাস অঞ্চল হিচাপে প্ৰাধান্য পাই আহিছে।জীৱ-প্ৰজাতিবোৰক সুকুলমে নিজৰ নিজৰ স্থানীয় বাসস্থানতে নিৰাপদে স্ংৰক্ষন কৰা ব্যৱস্থাই হৈছে স্থানিক স্ংৰক্ষন ব্যৱস্থা(insitu conservation)।স্ংৰক্ষিত বঞ্চাচল হিচাপে ৰাষ্ট্ৰীয় উদ্যান,অভয়াৰন্য আৰু প্ৰাকৃতিগত জলাহ্ভূমিত বিভিন্ন জীৱ প্ৰজাতিক স্ংৰক্ষন কৰা ব্যৱস্থা এতিয়া চৰকাৰীভাবে কাৰ্যপন্থা হাতত লৈ কাৰ্যকৰী কৰা হৈছে।উদাহৰনস্বৰুপে অসমত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান,ষোল্লখন অভয়াৰন্য আৰু এখন জলাহভূমি জীৱসমূহক চৰকাৰীভাবে ৰক্ষনাবেক্ষন দিয়াৰ ব্যৱস্থা কৰা হৈছে।আকৌ জীৱ প্ৰজাতি কিছুমানক সুকলমে নিজ নিজ স্থানীয় বাসস্থানৰ পৰা লৈ গৈ দূৰত কৰা স্ংৰক্ষন ব্যৱস্থাই হল বহি:স্থানত স্ংৰক্ষন ব্যৱস্থা(ex-situ conservation)।উদ্ভিদ উদ্যান প্ৰানী উদ্যান বা চিৰিয়াখানা আৰু শস্যক্ষেত্ৰ বা কৃষি গৱেষনাকেন্দ্ৰ্সমূহ হল বহি:স্থানত কৰা স্ংৰক্ষন ব্যৱস্থা।যত বিভিন্ন প্ৰকাৰৰ জিৱসমূহ সুকলমে বৰ্তি থকাৰ ব্যৱস্থা চৰকাৰীভাবে কৰা হয়।ইয়াৰ উপৰি বীজ ভৰালঁ(seed bank) ডিম্ব আৰু শুক্ৰানু ভৰাল,ভ্ৰূন ভৰালঁ আদিৰ লগতে জিন ভৰাঁলৰো ব্যৱস্থাই জৈৱ বৈচিত্ৰ্য স্ংৰক্ষনত এক গুৰুত্বপূৰ্ন ভূমীকা অনস্বঈকাৰ্য হিচাপে স্বীকৃত হৈছে।

ইতিপূৰ্বে ভাৰতবৰ্ষত চৰকাৰীভাবে কেইবাখনো পৰিৱেশ বিষুয়ক স্ংৰক্ষন আইন গৃহীত হৈছে।এই স্ংৰক্ষন আইন অনুসৰি জৈৱ বৈচিত্ৰ্য স্ংৰক্ষনৰ প্ৰচেষ্ঠা ১৯৮৬ চনৰপৰাই চৰকাৰীভাৱে কাৰ্যকৰী কৰা হৈছে যাতে প্ৰকৃতিৰ বুকুত জৈৱ বৈচিত্ৰ্য বিৰাজমান হৈ থাকে।জৈৱ বৈচিত্ৰ্যৰ ব্যৱহাৰিক মুল্য,উৎপাদনক্ষম মূল্য,সৌন্দৰ্যবোধক মুল্য,সামাজিক তথা নৈতিক মুল্য আদিলৈ লক্ষ্য কৰি জৈৱ বৈচিত্ৰ্যৰ ওপৰত অধিক গুৰুত্ব প্ৰ্দান কৰা হৈছে যাতে অৱাসভূমিত বিলিপ্তি,চোৰাংচিকাৰীৰ উৎপাত বন্যপ্ৰানী আৰু মানুহৰ স্ংঘাতত সৃষ্টি হোৱা জৈৱ বৈচিত্ৰ্যৰ ভয়াবহ স্ংকটে বিভীষিকাৰ সৃষ্টি কৰিব নোৱাৰে সেয়া আমাৰ কাম্য হোৱা উচিত।।

লিখক: মহানন্দ পাঠক

উৎস:ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate