মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / জৈৱ-বৈচিত্ৰ আৰু মানৱ সমাজ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱ-বৈচিত্ৰ আৰু মানৱ সমাজ

জৈৱ-বৈচিত্ৰ আৰু মানৱ সমাজ

জৈৱ-বৈচিত্ৰ্য বুলি ক’লে পৃথিৱী পৃষ্ঠৰ স্থলজ, সামুদ্ৰীক আৰু অন্যান্য জলজ পৰিস্থিতি তন্ত্ৰত থকা বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আদিৰ মাত্ৰাৰ কথা বুজোৱাৰ লগতে প্ৰজাতিবোৰৰ মাজত থকা পাৰ্থক্য, ঐক্য আৰু পৰিৱৰ্তনকে ধৰি পৰিপাৰ্শ্ব তন্ত্ৰৰ কথাও সূচনা কৰে। পৃথিৱী পৃষ্ঠত প্ৰকৃততে কিমান প্ৰজাতিৰ প্ৰাণী আছে, সেই কথা সঠিককৈ জনা নাযায়। যি কি নহওক, নিৰ্দ্ধাৰণ কৰা মতে, পৃথিৱী পৃষ্ঠত ৩-১০০ নিযুত বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে আৰু এইবোৰৰ মাজৰ পৰা ১.৫ নিযুত প্ৰজাতিৰ জীৱ আৰু উদ্ভিদ এতিয়ালৈকে চিনাক্ত কৰা হৈছে। ইতিমধ্যে চিনাক্ত কৰা জীৱ আৰু উদ্ভিদ প্ৰজাতিবোৰৰ ভিতৰত ৭,৫১,০০০ বিধ পোক-পত্ংগ, ২,৫০,০০০ বিধ ফুল ফুলা গছ-লতা, ২,৮১,০০০ বিধ জন্তু, ৫৮,০০০ বিধ ভেঁকুৰ, ৩০,০০০ বিধ এককোষী আৰু স্ংকোষকেন্দ্ৰীয় কোষী, ২৬,৯০০ বিধ শেলুৱৈ, ৪,৮০০ বেক্টেৰিয়া আৰু তেনে জাতীয় প্ৰাণী আৰু ১,০০০ বিধ ভাইৰাছ। জীৱ প্ৰজাতিবোৰ জীয়াই থাকিবলৈ বহুতো কাৰণত উচিত পৰিৱেশৰ অভাৱ হৈ অহাৰ লগে লগে বহুতো প্ৰজাতিৰ বাবে জীয়াই থকাৰ স্থানৰ অভাৱ হ’বলৈ আৰম্ভ কৰিছে।

পৃথিৱী পৃষ্ঠত জৈৱিক সম্পদ তথা জৈৱ-বৈচিত্ৰতা প্ৰায় চাৰি বিলিয়ন(এক বিলিয়ন=১০০ কোটি)বছৰ ধৰি বৰ্তি আছে। পৃথিৱী পৃষ্ঠত বিগত আধা বিলিয়ন বছৰত পাঁচটা অতি বিক্ষিপ্ত ঘটনা ঘটিছিল, যাৰ ফলত পৃথিৱী পৃষ্ঠত বহুতো জৈৱ সম্পদৰ বিনাশ হ’ল আৰু সেইবোৰৰ ভিতৰত ডাইন’ছৰবোৰ প্ৰধান। পৃথিৱী পৃষ্ঠত ঘটা প্ৰথমটো ভয়ংকৰ দুৰ্ঘটনা ৪৪৮ নিযুত বছৰৰ আগেয়ে অৰ্ড’ভিছিয়ান কল্পত ঘটিছিল। এতিয়াৰ পৰা ৩৬৫ নিযুত বছৰৰ আগৰ ডেভ’নিয়ান কল্প, ২৮৬ নিযুত বছৰৰ আগৰ পাৰমিয়ান কল্প ক্ৰমে দ্বিতীয় আৰু তৃতীয় কল্প আৰু চতুৰ্থ কল্প হ’ল এতিয়াৰ পৰা ২১০ নিযুত বছৰৰ আগেয়ে স্ংঘটিত ট্ৰায়েছিক কল্প। বৰ্তমানৰ পৰা ৬৬ নিযুত বছৰৰ আগেয়ে আকৌ স্ংঘটিত হয় ক্ৰিটেচিয়াছ কল্প। এই মহাকল্পকেইটাৰ প্ৰথম চাৰিটাত স্ংঘটিত হোৱা দুৰ্যোগবোৰ বতৰৰ সাল-সলনিৰ ফলত হোৱা আৰু পঞ্চম তথা শেষৰ দুৰ্যোগটো উল্কা পিণ্ডই পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ ফলত হৈছিল। ষষ্ঠ বিলুপ্তিটো মানৱ জাতিৰ কৰ্মৰ জৰিয়তে আৰম্ভ হৈছে বুলি ভৱা হয়। বিজ্ঞানীসকলে নিৰ্দ্ধাৰণ কৰি দিছে যে মানুহৰ কাৰুকাৰ্যই এই শতিকাৰ মধ্যভাগ মানত পৃথিৱী পৃষ্ঠৰ প্ৰায় দহ বিলিয়ন জীৱ-জন্তু, কীট-পত্ংগ আৰু উদ্ভিদৰ প্ৰজাতি পৃথিৱীৰ পৰা নি:শেষ কৰি দিব।

পৃথিৱীৰ ভৌগোলিক আয়তনৰ সাত শতাংশ হ’ল ক্ৰান্তীয় বৰ্ষাৰণ্য যাক পৃথিৱীৰ হাঁওফাঁও বুলি কোৱা হয়। এই বৰ্ষাৰণ্যবোৰতে পৃথিৱীপৃষ্ঠত এতিয়ালৈকে চিনাক্ত কৰা জীৱ-জন্তু আৰু উদ্ভিদ প্ৰজাতিবোৰৰ আধাভাগ আছে। পৃথিৱী পৃষ্ঠৰ বাৰখন বৰ্ষাৰণ্য আৰু আঠখন বন ভূমিৰ চাৰিখন ক্ৰান্তিয় অঞ্চলত আৰু চাৰিখন ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত। এই বিশখন স্থানক ‘হট স্পট’ তথা অতি উল্লেখনীয় স্থান বুলি কোৱা হৈছে। পৃথিৱী পৃষ্ঠৰ এই উল্লেখনীয় স্থানবোৰৰ ৰক্ষণাবেক্ষণ উচিতভাৱে তদাৰক নকৰিলে বন্য প্ৰাণীৰ এই আৱাস স্থলবোৰৰ জৈৱ-বৈচিত্ৰতাৰ নব্বৈ শতাংশই অদূৰ ভৱিষ্যতে বিনাশ হৈ যাব বুলি বিজ্ঞানীসকলে ক’ব বিচাৰে। প্ৰতিদিনে ৫০ ৰপৰা ১৫০ টা পৰ্যন্ত জৈৱ-বৈচিত্ৰৰ প্ৰজতি বিনাশ হ’ব ধৰিছে। অহা অৰ্দ্ধশতিকাত ক্ৰান্তীয় অঞ্চলৰ অৰণ্যবোৰ বিনাশ হ’ব বুলিও ভৱা হৈছে, যাৰ ফলত জৈৱ মণ্ডলৰ প্ৰাণী আৰু উদ্ভিদ প্ৰায় একেবাৰে নি:শেষ হৈ পৰিব। গোটেই পৃথিৱীজুৰি বৰ্তমান প্ৰায় ৬০,০০০ মান উদ্ভিদৰ প্ৰজাতি আৰু ২,০০০ বিধ মান জীৱ-জন্তুৰ প্ৰজাতি বিনাশ হোৱাৰ পথত। বিনাশৰ পথত থকা জীৱ-জন্তৰ ভিতৰত ৩৪৩ বিধমান মাছ, ৫০ বিধ মান উভয়চৰ প্ৰাণী, ১৭০ বিধ মান সৰীসৃপ, ১৩৫৫ বিধমান অমেৰুদণ্ডী প্ৰাণী, ১০৩৭ বিধমান চৰাই আৰু ৪৯৭ বিধমান স্তন্যপায়ী প্ৰাণী আছে।

ভাৰতীয় দৃশ্যপট

জৈৱ-বৈচিত্ৰতা গোটেই পৃথিৱীজুৰি একে ধৰণে প্ৰসাৰিত নহয়। আমাৰ দেশত প্ৰকৃতিৰ আশিৰ্বাদত অৰণ্য, তৃণভূমি, উপকূলীয় জলাহভূমি, আৰ্দ্ৰভূমি আদি থকাৰ হেতু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু গছ-গছনি আছে। আমাৰ দেশ ক্ৰান্তিয় অঞ্চলত পৰা বাবে দেশৰ বিভিন্ন অঞ্চলৰ জলবায়ু বেলেগ বেলেগ। আন্দামান নিকোবৰ দ্বীপ আৰু অৰুণাচল প্ৰদেশৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ পৰা আৰম্ভ কৰি ৰাজস্থানৰ মৰুভূমি অঞ্চল আৰু লাডাখৰ নিচিনা বৰফেৰে আবৃত অতি ঠাণ্ডা অঞ্চলো আমাৰ দেশত আছে।

ইতিমধ্যে উল্লেখ কৰি অহা হট স্পটবোৰৰ ভিতৰত আমাৰ দেশৰ দুটা অঞ্চল আছে আৰু সেই অঞ্চলকেইটা হ’ল-পূব হিমালয় অঞ্চল আৰু পশ্চিমঘাট অঞ্চল। পৃথিৱীৰ বাৰখন বহুধা বৈচিত্ৰৰ ৰাষ্ট্ৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষও এখন। পৃথিৱীৰ মুঠ মাটি-কালিৰ ২.৮ শতাংশ আৱৰি থকা আমাৰ দেশখনত এতিয়ালৈকে জনা অৱস্থাত থকা পৃথিৱীৰ জৈৱ বৈচিত্ৰতাৰ আঠ শতাংশ আছে। আমাৰ দেশত প্ৰায় ৪৫,০০০ মান বিভিন্ন গছ-বনৰ প্ৰজাতি আছে আৰু এয়া পৃথিৱীৰ গছ-বনৰ সাত শতাংশ। আমাৰ দেশত পৃথিৱীৰ মুঠ প্ৰণালীৰ ৬.৪ শতাংশ আছে। গছ-গছনিৰ বিচিত্ৰতাত আমাৰ দেশ পৃথিৱীৰ ভিতৰত দশম আৰু এছিয়া মহাদেশৰ ভিতৰত চতুৰ্থ স্থানত আছে। স্তন্যপায়ী প্ৰণীৰ ক্ষেত্ৰত আমাৰ দেশৰ স্থান পৃথিৱীৰ ভিতৰত দশম। সাগৰীয় আৰু অন্য জলজ ক্ষেত্ৰত তেনেধৰণৰ কোনো হিচাপ নাই যদিও আমাৰ দেশত অজস্ৰ সামুদ্ৰিক উদ্ভিদ, মাছ, কাছ, প্ৰবাল, শামুক, কোমল দেহৰ প্ৰাণী, সৰীসৃপ আৰু স্তন্যপায়ী জীৱ আছে। আমাৰ দেশত ১৬৭ বিধ অতি দৰকাৰী খেতি কৰা গছ-বন আছে আৰু এই গছ-বনৰ প্ৰজাতিবোৰৰ লগত স্ংযোগ থকা আৰু ৩২০ বিধমান অন্যান্য গছ-বনো আছে। আমাৰ দেশত আকৌ চিকিত্সকসকলে ১০০০ প্ৰজাতিতকৈও অধিক প্ৰজাতিৰ প্ৰায় ২৫০০ বিধমান গছ-বন বিভিন্ন ৰোগৰ চিকিত্সাৰ বাবে ব্যৱহাৰত লগায়।

জৈৱ-বৈচিত্ৰৰ ৰক্ষণাবেক্ষণ

মানৱ জাতিয়ে বহুতো শতিকা ধৰি পৃথিৱী পৃষ্ঠৰ জীৱ-জন্তু, উদ্ভিদ আৰু অন্যান্য প্ৰাণীবোৰক ব্যৱহাৰ আৰু অপব্যৱহাৰ কৰি আহিছে। প্ৰকৃতিগত আৰু মানুহে সৃষ্টি কৰা বহুতো কাৰণে গছ-গছনি আৰু জীৱ-জন্তুৰ কিছুমান প্ৰজাতি লোপ পাইছে আৰু অধিক লোপ পোৱাৰ দিশত অগ্ৰসৰ হৈছে। জৈৱিক বিলুপ্তিটো এটা প্ৰকৃতিগত প্ৰপঞ্চ যদিও মানুহৰ কাৰুকাৰ্যয়ো যে বিলুপ্তিকৰণত সহায় কৰিছে, সেয়া সঁচা আৰু বহুতো প্ৰজাতীৰ প্ৰাণী আৰু উদ্ভিদ নাইকীয়া হৈ যোৱাৰ ক্ৰম সাধাৰণতে বৃদ্ধি হৈ আছে। হিচাপ কৰা মতে, ক্ৰান্তিয় অৰণ্য অঞ্চলৰ পৰা প্ৰতি বছৰে ১৪,০০০-৪০,০০০ বিভিন্ন প্ৰজাতিৰ প্ৰাণী, উদ্ভিদ আৰু ভেঁকুৰ আদি নি:শেষ হ’ব ধৰিছে। ২০০০ বৰ্ষৰ পৰা প্ৰত্যেক বছৰত বিশ্বজুৰি ছয় নিযুত হেক্টৰ অৰণ্য নাইকীয়া হৈ আহিছে। ২০০৪ চনৰ এটা হিচাপত আমাৰ দেশত প্ৰায় ৭৫০ প্ৰজাতিৰ গছ-বন আৰু প্ৰাণী বিলুপ্তিৰ পথত বুলি কোৱা হৈছিল। আন এটা সমিক্ষাত কোৱা হৈছিল যে বিশ্বৰ প্ৰায় পঁচিশ শতাংশ গছ-বন আৰু প্ৰাণী ২০২৫ চনত মানত লুপ্ত হৈ পৰিব যদি বৰ্তমানৰ পৰিমাণত প্ৰজাতিৰ বিলুপ্তিকৰণ চলি থাকে। যোৱা কেইবা শতিকা ধৰি জৈৱিক সম্পদবোৰৰ হানি হ’বলৈ আৰম্ভ কৰাত মানৱ জাতি বাচি থকাৰ প্ৰতি এটি ভাবুকি স্বৰুপ হৈ পৰিছে।

জৈৱ-বৈচিত্ৰৰ অৱনমনৰ মূলতেই হ’ল:

(ক) প্ৰাণী আৰু উদ্ভিদৰ প্ৰাকৃতিক আৱাস কমি যোৱা

(খ) যি স্থানত যি ধৰণৰ জীৱ-জন্তু আছিল, তেনেস্থানত এতিয়া অন্য প্ৰজাতিৰ জীৱ-জন্তুৰ বাসস্থান কৰা আৰু অন্য প্ৰজাতিৰ গছ বন লগোৱা

(গ) জীৱ-জন্তুৰ বাসস্থানসমূহত স্বভাৱ বিৰুদ্ধ জীৱ-জন্তুৰ প্ৰজাতি সুমুওৱা

(ঘ) মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ

(ঙ) জীৱ-জন্তুৰ বাসস্থান দখল কৰি বিস্তৃত খেতি কৰা আদি বহুতো কৰ্মই জৈৱ-বৈচিত্ৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

জৈৱ-বৈচিত্ৰৰ ৰক্ষণাবেক্ষণ হ’ল এটা পূণ্য ধাৰণা। আমাৰ দেশত জৈৱ-বৈচিত্ৰৰ ৰক্ষণাবেক্ষণৰ কথা খৃ: পূ: তিনি মানৰ পৰাই উপলব্দ্ধি কৰি অহা হৈছে। সম্ৰাট অশোকে অৰণ্য আৰু প্ৰাকৃতিক সম্পদ ৰক্ষণাবেক্ষণৰ বাবে ৰাজ আজ্ঞা জাৰি কৰিছিল। তেওঁ সেই সময়তেই বনৰীয়া জন্তু ৰক্ষণাবেক্ষণৰ কিছু আইন প্ৰণয়ন কৰিছিল আৰু বহুতো প্ৰজাতিৰ জীৱ জন্তু বধ কৰাটো আইনবিৰোধী বুলি ঘোষোণা কৰিছিল। ভাৰতীয় স্ংবিধানেও পাৰিপাৰ্শ্বিক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আইন প্ৰণয়ন কৰি আহিছে। আমাৰ দেশত ১৫৬৬ লাখ বৰ্গ কিলোমিটাৰ জুৰি ১৪ খন স্ংৰক্ষিত জীৱ মণ্ডল অঞ্চল, ৮৯ খন জাতীয় উদ্যান আৰু ৫০০ খন অভয়াৰণ্য আছে। পাৰিপাৰ্শ্বিকতা স্ংৰক্ষণৰ ক্ষেত্ৰত ভাৰতীয় স্ংবিধানে দি ইণ্ডিয়ান ফৰেষ্ট এক্ট(১৯৭২), দি ৱাইল্‌ড লাইফ প্ৰটেকচন এক্ট(১৯৭২), দি ফৰেষ্ট কনজাৰভেচন এক্ট(১৯৮০) আৰু দি এনভিৰণমেণ্ট প্ৰটেকচন এক্ট(১৯৮৮) আদি প্ৰণয়ন কৰিছে। দি জুল’জিকেল ছাৰ্ভে অৱ্‌ ইণ্ডিয়াই বিভিন্ন জীৱ-জন্তুৰ ক্ষেত্ৰত জৰীপ কৰি চৰাই, স্তন্যপায়ী জন্তু, মাছ, সৰীসৃপ আদিৰ অৱস্থিতিৰ বিষয়ে ৰেকৰ্ড কৰিছে। দি ৱাইল্‌ড লাইফ ইনষ্টিটিউট অৱ্‌ ইণ্ডিয়াই দেশৰ অৰণ্যভূমিক ‘সুৰক্ষিত অঞ্চল’ হিচাপে ৰখাৰ ক্ষেত্ৰত আগভাগ লৈছে। আমাৰ দেশে আৰ্দ্ৰভূমি, মেংগ্ৰুভ আৰু প্ৰৱাল প্ৰাচীৰবোৰৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰতো ইতিমধ্যে কাম আৰম্ভ কৰিছে। জৈৱ-বৈচিত্ৰ মানৱ জাতি বৰ্তি থাকিবৰ বাবে প্ৰয়োজন। ১৯৯২ চনত ৰিঅ’ ডি জেনেইৰ’ত হোৱা বিশ্বৰ মূৰব্বীসকলৰ ‘আৰ্থ-ছামিট’ত পৃথিৱী পৃষ্ঠৰ জৈৱিক-বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰতো বহুতো কৰ্ম নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছিল। ৰাষ্ট্ৰস্ংঘই ইয়াৰ ৮৩ স্ংখ্যক পূৰ্ণাংগ অধিৱেশনত যোৱা ২০১০ বৰ্ষটো ‘আন্তৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ্য বছৰ’ হিচাপে ঘোষোণা কৰিছিল। ইয়াৰ মূলতেই হ’ল পৃথীৱিত মানৱ জাতি বাচি থাকিবৰ বাবে জৈৱ-বৈচিত্ৰৰ কিমান প্ৰয়োজন তাকে বুজোৱা। মানৱ জাতিক জৈৱ-বৈচিত্ৰৰ বিষয়ে সম্যক জ্ঞান দিয়া আৰু সচেতন কৰাৰ বাবে ২০১০ চনৰ ২২ মে’ তাৰিখটো আকৌ International Day For Biological Diversity (IDB)হিচাপে ঘোষোণা কৰা হৈছিল। মানৱজাতিয়ে বহুতো শতিকা ধৰি জৈৱ-বৈচিত্ৰক নানা ধৰণে ব্যৱহাৰ আৰু অপব্যৱহাৰ কৰি আহিছে। পৃথিৱীজুৰি বিশ্বৰ ধনী আৰু পৰাক্ৰমী দেশসমূহে জৈৱ-বৈচিত্ৰৰ অপাৰ শক্তিৰ কথা অনুভৱ কৰিছে। জৈৱ-বৈচিত্ৰক বাণিজ্যিক ব্যৱহাৰ কৰা সকলে অধিক অপব্যৱহাৰেৰে জীৱ সমাজক ধ্বংসৰ ফাললৈ ঠেলি আছে। মানৱ বুৰঞ্জীত আদিম কালৰ পৰা জৈৱ-বৈচিত্ৰৰ লগত মানৱ জাতিৰ উন্ন্য়নৰ সকলো দিশ সাঙোৰ খাই থকাৰ কথা আমি জানো। তদুপৰি, বহুতো কৃষ্টিগত আৰু ধৰ্মীয় বিশ্বাসো প্ৰকৃতিৰ লগত জড়িত হৈ আছে। ‘Biodiversity is nature’s insurance policy against disasters’ বুলি কোৱা হয়। বিজ্ঞানৰ ফালৰপৰা জৈৱ-বৈচিত্ৰ্য মানৱ জাতি পৃথিৱী পৃষ্ঠত বৰ্তি থকাৰ বাবে অত্যন্ত আৱশ্যক বুলি প্ৰমাণ কৰা হৈছে।

ড° চৌধুৰী নাথ শইকীয়া, দৈনিক অসম।

3.02173913043
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top