কিতাপ ,প্ৰকৃতি আৰু সংগীত যেনেকৈ এজন ব্যক্তিৰ মানসিক অৱসাদ দূৰ কৰে ঠিক একেদৰেই জীৱ জন্তুৰ সংগইও মানুহৰ অৱসাদ দূৰ কৰিব পাৰে । আজিকালি বহুতো সৰু সৰু ল’ৰা ছোৱালীয়ে স্কুলীয়া পঢ়া শুনাৰ সময়খিনিৰ বাহিৰে কম্পিউটাৰ ,ভিদিঅ’ গেম,স্মাৰ্ট ফোন আদিতেই ব্যস্ত হৈ থাকে । তেনে ক্ষেত্ৰত সেই অভ্যাসবোৰ অলপ কমাবলৈ পিতৃ-মাতৃয়ে পোহনীয়া জীৱ-জন্তুৰ সহায় লোৱা দেখা যায় । মুঠতে মানসিক অৱসাদ আৰু এক বিমল আনন্দ অনুভৱ কৰিবলৈ জীৱ-জন্তুৱে বহুত সহায় কৰে ।
পোহনীয়া জীৱ-জন্তু বুলিলে সাধাৰণতে কুকুৰ ,মেকুৰী আদিৰ কথাই মনলৈ আহে । কিন্তু সকলো পৰিবেশতে কুকুৰ মেকুৰী আদি পোহাটো সম্ভৱ নহয় । চহৰত থকা সকলৰ বাবেটো প্ৰায়েই অসম্ভৱ হৈ পৰে । কেতিয়াবা হয়তো ভাৰাঘৰৰ মালিকে জীৱ-জন্তু ৰখাটো পচন্দ নকৰে আকৌ কেতিয়াবা হয়তো কুকুৰ মেকুৰী পোহাটো ব্যয়বহুল হৈ পৰে । মুঠতে বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে নিজৰ জীৱ-জন্তু প্ৰিয় মনটোক দমাই ৰাখিব লগা হয় । পিছে এই ক্ষেত্ৰত এবিধ জন্তুৰ পৰা কোনো ধৰণ আহুকাল নহয় । সেইবিধেই হ’ল গিনিপিগ ।
গিনিপিগ- যাক ইংৰাজীত Guinea Pig বোলা হয় আৰু বৈজ্ঞানিক নাম হ’ল Cavia porcellus । এটা সময়লৈকে কেৱল বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা আৰু খাদ্য হিচাপেহে গিনিপিগ ব্যৱহাৰ হৈছিল যদিও লাহে লাহে পোহনীয়া জন্তু হিচাপেও ই জনপ্ৰিয়তা লাভ কৰে ।
গিনিপিগবোৰ সাধাৰণতেই খুব নম্ৰ আৰু মৰমীয়াল চৰিত্ৰ হয় । মানুহৰ সংগ ইহঁতে খুবেই ভাল পাই । নিজৰ গৰাকী কাষত ইহঁতে সদায়ে নিৰাপদ অনুভৱ কৰে। ইহঁতৰ অন্য জীৱক আক্ৰমণ কৰা চৰিত্ৰ খুবেই বিৰল যদিও কাৰোবাৰ পৰা আঘাত পালে বা পোৱালী থকা মাকৰ কাষৰ পৰা অচিনাকী ব্যক্তিয়ে পোৱালী চুবলৈ গলে আক্ৰমণ কৰিব পাৰে ।ইহঁতৰ সহজেই আয়ত্ব কৰিব পৰা গুণটোৰ বাবে প্ৰশিক্ষণ দিবলৈও সহজ।
পৰিবেশ আৰু স্বাস্থ্যসন্মত দিশটোৰ ফালে চালে দেখা যায় যে অন্য জীৱতকৈ গিনিপিগ বেছি স্বাস্থ্য সন্মত । অন্য জীৱৰ দৰে ইহঁতে ঘৰ-দুৱাৰো লেতেৰা নকৰে। নিজৰ এলেকাটো বা ঘৰটোৰ বাহিৰে বেলেগ ঠাইলৈ গৰাকীয়ে নিনিলে নাযায় । ইহঁতৰ থকা ঠাইটুকুৰা প্ৰতিদিনে চাফা কৰি ৰাখিলে ইহঁতৰ শৰীৰো চাফা হৈ থাকে। গৰমৰ দিনত দিনে এবাৰকৈ গিনিপিগক গা ধুৱাব পাৰি যদিও ঠাণ্ডা দিনত নোৱাৰি। কাৰণ ইহঁতৰ ঠাণ্ডা খুব বেছি লাগে। গা নুধুৱালেও গিনিপিগে নিজৰ দেহ নিজেই চফা কৰি ৰাখে। কিন্তু যদিহে সিহঁতি শুৱা কম্বলখন লেতেৰা হৈ থাকে সিহঁতৰ গাৰ পৰা গোন্ধ ওলাব পাৰে । সেইবাবেই সিহঁতৰ কাপোৰ কানিবোৰ চাফাকৈ ৰাখিব লাগে ।
খাদ্য হিচাপে ঘাঁহ গিনিপিগৰ আটাইতকৈ প্ৰিয় খাদ্য । কিন্তু চহৰৰ লোকে ঘাঁহ দিব নোৱাৰিবও পাৰে । তেতিয়া গাজৰ, বীণ , তিঁয়হ, মধুৰী, আপেল,আঙুৰ, গোমধান, পালেং, বন্ধাকবি ,ফুল কবিৰ পাত, চৌয়া (ইয়াৰ অসমীয়া নাম নাজানো ) কেঁচা মটৰ,মটৰৰ পাত ,গাখীৰ দিব পাৰে । ঘেঁহুৰ দৰে টান খাদ্য এবিধ আন খাদ্যৰ লগত দিবই লাগে । নহ’লে দাঁতৰ খজুৱতি মাৰিবলৈ যিকোনো টান বস্তু কুটিব পাৰে । এটা বাচনত খাদ্যৰ লগতে পানীও সদায় দি থ’ব লাগে । কিছুমানে বাতিত পানী খাব নাজানিলে তেনে গিনিপিগৰ বাবে পানী খাবলৈ বজাৰত এবিধ বিশেষ ফ্লাস্ক পোৱা যায় । বন্ধা কবি ,ফুল কবি, পালেং আৰু তিঁয়হ কেতিয়াও একেৰাহে দিব নালাগে । পৰাপক্ষত দিবই নালাগে কিয়নো এই কেইবিধ বস্তুৱে সিহঁতৰ পেটত গেছৰ সৃষ্টি কৰে । আৰু গিনিপিগৰ সাধাৰণতে আৰু আটাইতকৈ সহজে হোৱা বেমাৰটোৱেই হৈছে গেছ । এই ক্ষেত্ৰত গৰাকীয়ে নিজৰ গিনিপিগ কেইটাক লক্ষ্য কৰি থাকিব লাগে । ইহঁত খুবেই খেলা-ধুলা প্ৰিয় । আৰু খাই খুব ভাল । আৰু যেতিয়াই ইহঁতি খাবলৈ আৰু খেলিবলৈ এৰে তেতিয়াই অনুমান কৰি ল’বলৈ লাগে ইহঁত অসুস্থ । তেনে সময়ত তৎক্ষণাত্ চিকিৎসা কৰি লাগে । নহ’লে গিনিপিগটো মৰি যোৱা সম্ভাৱনাই বেছি । সেইবাবে পোহনীয়া জন্তু হিচাপে গিনিপিগ ঘৰলৈ আনিলে লগতে গেছৰ ঔষধো আনি থ’ব লাগে । সৰু ল’ৰা ছোৱালীৰ বাবে ব্যৱহাৰ কৰা Colicaid Syrup টো গিনিপিগৰ গেছ হ’লে বহুত ভালকৈ কাম কৰে । ড্ৰপাৰে ইয়াৰ মাথো এটা টোপাল অসুস্থ গিনিপিগটো খুৱাই দিব লাগে । এঘণ্টা মানৰ ভিতৰত যদি গিনিপিগটো সুস্থ হৈ নুঠে তেতিয়া চিকিৎসকৰ কাষ চাপিব । গেছৰ বাবে Aristozyme চিৰাপটোও ব্যৱহাৰ কৰিব পাৰে । গিনিপিগৰ শাৰীৰিক বিকাশৰ বাবে B complex আৰু vitamin C ৰ ঔষধো পাৰিলে সদায় খুৱাব লাগে ।
গিনিপিগ এজনী প্ৰায় চাৰিমাহ মান বয়সৰ পৰা গৰ্ভৱতী হয় । গিনিপিগ এজনী গৰ্ভৱতী হ’লে অনুমান কৰিবলৈ উপায়টো হ’ল -গৰ্ভৱতী হোৱাৰ পাছৰে পৰা ইহঁতৰ খোৱাৰ পৰিমাণ বহুত বাঢ়ি যায় । আৰু খোজ কাটল গহীন হৈ পৰে । লাহে লাহে গিনিপিগ জনী শকত হৈ এটা বলৰ হৈ পৰিব পাৰে । পোৱালি জন্ম দিয়াৰ দুদিনমানৰ আগৰ পৰা মাজে মাজে কু কু কুৱাই থাকিব পাৰে । চিকিৎসা বিজ্ঞানৰ মতে এজনী গিনিপিগে ৬০ৰ পৰা ৭৫ দিন গৰ্ভধাৰণ কৰে । কিন্তু অভিজ্ঞতাৰ পৰা এইটো কথা দৃঢ়কৈ ক’ব পাৰি যে সকলো গিনিপিগে ৬০ৰ পৰা ৭৫ দিনত পোৱালি নিদিবও পাৰে ।কিছুমান গিনিপিগে প্ৰায় ৯০-১১০ দিন মান সময় লয় । এই গৰ্ভধাৰণ কৰা সময়চোৱা গিনিপিগ জনী যিমান পাৰি যত্ন ল’ব লাগে ।
গিনিপিগক কেতিয়াও অকলশৰীয়াকৈ পুহিব নালাগে । লগ নাপালে এটা সময়ত ইহঁত মৰি যাব পাৰে । বৰ্তমান দিল্লীত এহাল গিনিপিগৰ মূল্য ১০০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত । দিল্লীৰ বিভিন্ন স্থানত গিনিপিগ কিনিবলৈ পোৱা যায় । তদুপৰি গৰাকী ক’ৰবালৈ গ’লে থৈ যাবলৈ গিনিপিগৰ আবাস স্থানো দিল্লীৰ বহু ঠাইত আছে ।
জীৱ-জন্তু মানুহৰ দৰেই । গৰাকীয়ে আপোন কৰি ল’লে সিও গৰাকীক আপোন কৰি ল’ব । ইহঁতক কেৱল অলপ আশ্ৰয় আৰু মৰম লাগে, তাৰ বিনিময়ত সিহঁতে নিজৰ গৰাকীক দিয়ে পৃথিৱীৰ শ্ৰেষ্ঠ ভালপোৱাখিনি । সেই ভালপোৱা খিনিক পৰা জানো আমি বঞ্চিত হৈ থাকিব খুজোঁ ??
মাধুৰীমা
শেহতীয়া উন্নীতকৰণ: : 6/5/2020