মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / পানীৰ সংকট মোচনত বৰষুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পানীৰ সংকট মোচনত বৰষুণ

 

এগিলাচ খোৱাপানীলৈ যেতিয়া আমি চাওঁ, আমি এটোপাল পানীৰ বুৰঞ্জীৰ কথা, মানুহৰ বুৰঞ্জীৰ কথা মনলৈ আনিব লাগিব। এই যে আমি খাওঁ পিয়াহৰ পানী, এই পানী বিভিন্ন আকৃতিত হাজাৰ হাজাৰ বছৰ জুৰি পৰিৱেশত পুনৰ আৱর্তন হৈ আমাৰ পাত্ৰলৈ ঘূৰি আহে। পৃথিৱীত ডাইন’ছৰ থকাৰ সময়ৰে পৰা পানী আছে। কিন্তু চিন্তনীয় বিষয় যে বিশুদ্ধ পানীৰ পৰিমাণ বৃদ্ধি হোৱা নাই— কেৱল বিৰামহীনভাৱে পুনৰ আৱর্তন হৈ আছে। আনহাতে অভাৱনীয় হাৰত বৃদ্ধি হৈছে জনসংখ্যা। খাবলৈ, ৰান্ধিবলৈ, গা ধুবলৈ, বাচন ধুবলৈ ইত্যাদি ঘৰুৱা ব্যৱহাৰৰ ওপৰিও উদ্যোগ আৰু অন্যান্য ক্ষেত্ৰতো বিশুদ্ধ পানীৰ প্রয়োজন।

কিছুসংখ্যকৰ বাবে পানীৰ নাটনি নাই, কিন্তু কিছুসংখ্যকৰ বাবে ই এক কঠিন সত্য।

সমগ্র পৃথিৱীজুৰি চাবলৈ হ’লে বিশুদ্ধ পানীৰ পৰিমাণ অতি ক্ষুদ্র। কেৱল ২.৫% পানীহে খোৱাৰ উপযোগী। বাকী পানী সাগৰত নিমখীয়া ৰূপত আৱদ্ধ। তাৰে আকৌ ১% হে আমি সহজেই লাভ কৰো, বাকী শতাংশ বৰফৰ ৰূপত ৰৈছে। ইমান কম পৰিমাণৰ বিশুদ্ধ পানী কোটি কোটি মানুহ, জীৱ-জন্তু, গছ-গছনিৰ বাবে ব্যৱহৃত হয়। এক চিন্তনীয় বিষয়।

পৃথিৱীৰ পানীৰ প্ৰাপ্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১৩৩ নং। ভাৰতত নৱীকৰণ পানীৰ উৎস বছৰি প্রায় ১,৮১৭ বৰ্গ কিলোমিটাৰ। এনেদৰে থাকিলে ভাৰতত ২০২৫ চনৰ পৰা গভীৰ পানীৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে।

পানীৰ সংকটৰ কিছু কাৰণ

এইটো নিশ্চিত যে সকলো ঠাইতে পানী সমানে উপলব্ধ নহয়। ঋতুজনিত কাৰণতো পানীৰ পৰিমাণৰ কম-বেছি হয়।

তথাপি অত্যধিক আৰু অবাঞ্ছিতভাৱে হোৱা পানীৰ ব্যৱহাৰে বৰ্তমান পানীৰ সংকটৰ সৃষ্টি কৰিছে। কোনো কোনো ঠাইত পানী পর্যাপ্ত পৰিমাণত থকাৰ পাছতো মানুহে পানীৰ সংকটৰ মুখামুখি হৈছে। ইয়াৰ প্রধান কাৰণটো হৈছে বৰ্দ্ধিত জনসংখ্যা। বাৰিষাৰ সময়ৰ উপৰিও অন্য ঋতুতো বর্তমান বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন খেতিত কৃত্রিম প্ৰণালীৰে পানী যোগান ধৰা হয়। বৰ্দ্ধিত জনসংখ্যাৰ খাদ্যৰ যোগানৰ প্রয়োজনত পানীৰ অত্যধিক ব্যৱহাৰ হ’বলৈ ধৰিছে।

উদ্যোগৰ প্রয়োজন আছে। কিন্তু এই উদ্যোগৰ চাপে পানীৰ সংকটৰ সৃষ্টি কৰিছে। বর্তমান নগৰত সৰহভাগতে গভীৰভাৱে মাটিৰ তললৈ পাইপ সুমুৱাই পানী উলিয়াই অনাৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাই মাটিৰ তলৰ পানী ক্ৰমাৎ শেষ কৰি আনিছে। কিছুসংখ্যক পানীৰ ক্ষেত্ৰত উদ্যোগৰ ৰাসায়নিক নিষ্কাশন, খেতিপথাৰৰ কীটনাশক দৰৱ, সাৰ ইত্যাদিয়েও পৰিষ্কাৰ পানীৰ গুণাগুণ নষ্ট কৰিছে।

  • কৃষিৰ আধুনিকীকৰণ।
  • নগৰীয়া জীৱন,
  • জনসংখ্যা বৃদ্ধি,
  • উদ্যোগীকৰণ ইত্যাদি।

পঞ্জাৱত হোৱা সেউজ বিপ্লৱে কৃষিক্ষেত্ৰত ভাৰতক নিশ্চয়কৈ উন্নত কৰিলে,কিন্তু এই সেউজ বিপ্লৱত বৰষুণৰ পানীয়ে যোগান ধৰা পানীতকৈ অধিক পানী (দুগুণ) কৃত্রিমভাৱে ব্যৱহাৰ কৰিব লগা হ’ল। অতি গভীৰতাৰ পৰা অনা পানীত আৰ্ছেনিক, ফ্ল’ৰাইড ইত্যাদি থাকে। আনহাতে খেতিপথাৰৰ উৎপাদনৰ বাবে ব্যৱহৃত সাৰেও পানীৰ গুণ নষ্ট কৰিছে। মাটিৰ তলৰ পানী ভাৰততে সর্বাধিক ব্যৱহাৰ হয়।

ৰাজস্থানৰ সুখাৰামৰ পত্নী তিনিগৰাকী। এগৰাকীয়ে ঘৰখনৰ কাম কৰে আৰু আন দুগৰাকীয়ে দৈনিক ৬/৭ ঘণ্টাকৈ ৩০/৪০ লিটাৰকৈ পানী কঢ়িয়াব লগা হয় দূৰ-দূৰণিৰ পৰা। কেৱল পানী কঢ়িয়াবৰ বাবেই তিনিগৰাকী বিয়া কৰাব লগা হ’ল সুখাৰামৰ। অধিকাংশ মহিলাৰে দায়িত্ব পানী সংগ্ৰহৰ। পানী কঢ়িওৱা মহিলাসকল গাৰ বিষত জৰ্জৰিত।

গুৰগাঁৱত প্রতি সপ্তাহত মাটিৰ তলৰ পানী টেংকাৰে যোগান ধৰে। কেইবাল্টিমান পানীৰে সপ্তাহ পাৰ কৰিবলগীয়া হয়। টেংকাৰ অহাৰ দিনা মহিলাসকলে সকলো কাম বাদ দি পানীৰ বাবে ৰয়। অধিক মানুহ, সীমিত পানী। এক ভয়াৱহ পৰিস্থিতি।

পূৰ্বতে ব্ৰিটিছৰ দিনৰ আগৰ ৰজাসকলে পুখুৰী খন্দাৰ বাবে মাটি দিছিল। সেয়া এক ইতিবাচক পদক্ষেপ।

বিকাশেই বিনাশ (?) কিছু চিন্তা

বর্তমানৰ খেতিপথাৰত ব্যৱহৃত সাৰ পানীত মিহলি হৈ পানী দূষিত কৰিছে। পানীত নাইট্র’জেন সংযোজিত হৈ পানী বিষাক্ত হোৱাৰ ফলত পঞ্জাৱত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

নদীৰ পানী, যেনে— যমুনাৰ পানী প্ৰদূষিত হৈ পানীত অক্সিজেনৰ স্তৰ কম কৰিছে।

দূষিত পানীৰে উৎপাদিত শাক-পাচলিত থকা টক্সিন ৰন্ধাৰ পূর্বে ধুই ল’লেও সম্পূৰ্ণৰূপে পৰিশোধন নহয়। শাক-পাচলিৰ শৰীৰত পানীৰ দ্বাৰা ৰাসায়নিক পদার্থ ইতিমধ্যেই নিগাজী হয়।

এনেধৰণৰ শাক-পাচলিয়ে বৃক্ক, অন্ত্র ইত্যাদিত ৰোগৰ বীজাণু সংক্রমিত কৰে।

মুম্বাইৰ মিঠি নদী এতিয়া কেৱল স্মৃতি। নৈখনৰ ৯৩% পানী আৱৰ্জনাৰে আৱদ্ধ। এখন আৱৰ্জনাত হেৰাই যোৱা নৈ। কিছু দূৰৈত বহু বিখ্যাত লোকৰ বহুমহলীয়া অট্টালিকা। এক অবিবেচক পৰিস্থিতি।

তেনেদৰে গংগাৰ অৱস্থাও চিন্তনীয়। উদ্যোগৰ পৰিশোধন নকৰা অৱশিষ্ট, ধমীয় ৰীতি-নীতিৰ এৰা-বোটলাৰে গংগা বৈ আছে। আমি পাহৰি গৈছো পানী আৱৰ্জনাত মিহলি হৈ যাব নোৱাৰে।

ব্ৰহ্মপুত্র নদীৰো একেই সমস্যা। নৈখন দেখি থাকিলে ভাৱ হয় আমাৰ সীমাহীন পানী আছে। ভাবিলে আচৰিত লাগিলেও সত্য যে চেৰাপুঞ্জীত ইমান বৰষুণ দিয়াৰ পাছতো খোৱাপানীৰ অভাৱ! বৰাক উপত্যকাতো একেই সমস্যা।

বৰষুণৰ পানীত কি থাকে?

বৰষুণে সকলো জীৱলৈ সুখ আনে। আকাশত উৰি ফুৰা ডাৱৰবোৰ কণ কণ পানীৰ টোপালৰ সমষ্টি। সকলো ডাৱৰেই কিছু বৰষুণ ননমায়। কেৱল কিছুমান সঠিক স্থিতিতহে ডাৱৰ বৰষুণ হৈ নামে। গছ-গছনিৰ বাবে বৰষুণৰ পানী আটাইতকৈ উৎকৃষ্ট, যিহেতু ইয়াত সকলো পুষ্টি আছে। এই পানীত নিমখ আৰু আন অনিষ্টকাৰী পদার্থও নাই। যদিও বৰষুণে বায়ুমণ্ডলৰ গেছ আহৰণ কৰে, তথাপিও পৃথিৱী স্পর্শ কৰালৈ বিশুদ্ধ হৈ পৰে। বৰষুণৰ পানী কোমল পানী হোৱা বাবে ইয়াৰ কোনো দাগ নেথাকে। এই পানী চাবোনৰ ব্যৱহাৰৰ বাবে উপযোগী। যেতিয়াই বৰষুণৰ পানীয়ে মাটি স্পর্শ কৰে, ই বিভিন্ন ৰসায়নেৰে দূষিত হৈ পৰে। পূৰ্বতে মাটিত থকা পানীৰ দ্বাৰাও দূষিত হ’ব পাৰে। কিন্তু মাটিত পৰাৰ পূর্বে ধৰি ৰখা পানী (বৰষুণৰ) বিশুদ্ধ। বৰষুণৰ পানীয়ে ভূগৰ্ভৰ পানী বৃদ্ধিত সহায় কৰে।

বৰষুণৰ খেতি কি ?

বৰষুণৰ খেতি হৈছে বৰষুণ পৰাৰ লগে লগে বৰষুণৰ পানী পৃথিৱীৰ উপৰিভাগেৰে বৈ যোৱাৰ পূর্বে সংৰক্ষণ কৰি তাৰ পুনৰ ব্যৱহাৰ কৰা।

দুটা ধৰণেৰে বৰষুণৰ পানী সংগ্ৰহ কৰা হয়—

  • উপৰিভাগেৰে বাগৰি যোৱা বৰষুণৰ খেতি।
  • মূধচৰ ওপৰৰ বৰষুণৰ পানীৰ খেতি।

সাধাৰণতেই নগৰত বৰষুণৰ পানী উপৰিভাগেৰে বৈ যায়। বিভিন্ন পদ্ধতিৰ অৱলম্বনৰ দ্বাৰা এই পানী সংগ্ৰহৰ ব্যৱস্থা কৰা হয়। মূধচৰ ওপৰৰ বৰষুণৰ পানীৰ খেতিত ঘৰৰ হেলনীয়া মূধচেৰে বাগৰি অহা পানী পাইপেৰে টেংকিত সংগ্ৰহ কৰা হয়। এই পদ্ধতিটো ব্যৱহাৰিক আৰু ইয়াত খৰচো কম। অর্থনৈতিকভাৱে দুর্বল লোকসকলে এইধৰণে পানী অতি সহজেই সংৰক্ষণ কৰিব পাৰে।

বৰষুণৰ পানীৰ সংগ্ৰহৰ লগতে শোধন

  • বালি, শিলগুটিৰ পৰিস্ৰাৱক:

এটা ইটাৰ গাঁথনিৰ টেংকি— য’ত পানীৰ পৰিস্ৰাৱকৰ বাবে ৰখা হয় আৰু শিলগুটি, বালি।

  • এঙাৰ পৰিস্ৰাৱক:

এটা ড্রাম অথবা কোঠাত (chamber) সৰু শিলগুটি, বালি আৰু এঙাৰ পৰিপূৰ্ণ কৰি ৰখা হয়। প্ৰতিটো স্তৰ এটাৰ পৰা আনটো তাঁৰৰ চালনীৰে পৃথক কৰা হয়। এই এঙাৰৰ স্তৰতো পানীৰ গোন্ধ যদি থাকে সেয়া শোধন কৰিবলৈ দিয়া হয়।

  • পাইপ পৰিস্ৰাৱক:

এই পৰিস্ৰাৱকত ব্যৱহৃত PVC পাইপ ১ৰ পৰা ১.২০ মিটাৰ দৈর্ঘ্যৰ হয়। মূধচ অনুসৰি PVC পাইপৰ ব্যাসাৰ্দ্ধ নির্ণয় কৰা হয়। উদাহৰণস্বৰূপে— ১৫০০ বর্গফুট মূধচৰ বাবে ৬ ইঞ্চিৰ ব্যাসাৰ্দ্ধৰ পাইপৰ প্রয়োজন। পাইপক তিনিটা কোঠালীত তাঁৰৰ চালনীৰে ভাগ কৰা হয়। প্ৰতিটো কোঠালীত শিলগুটি আৰু বালি ৰখা হয়। বালি আৰু শিলগুটিৰ মাজৰ স্তৰত এঙাৰ ৰখা হয়। এই পৰিস্ৰাৱকৰ দুয়োমূৰে প্ৰয়োজন অনুসৰি পানী ওলাই যোৱা আৰু ভিতৰলৈ অহাকৈ সুবিধা ৰখা হয়। এই পৰিস্ৰাৱক সুবিধাজনক।

স্পঞ্জ পৰিস্ৰাৱক

এই পদ্ধতিটো অতি সৰল। PVC ড্রাম এটাৰ মাজত স্পঞ্জৰ স্তৰ দিয়া হয়। এইটো আটাইতকৈ সহজ আৰু খৰচো কম।

বৰষুণৰ পানী ধৰি ৰখাৰ কিছু পদ্ধতি

  • সংৰক্ষণৰ প্ৰত্যক্ষ ব্যৱহাৰ:

মূধচৰ পৰা সংৰক্ষণ কৰা বৰষুণৰ পানী জমা কৰি ৰাখিব পৰা টেংকিলৈ নিয়া হয়। এই জমা কৰি ৰাখিব পৰা টেংকিতো বৰষুণৰ পৰিমাণ, বৰষুণৰ পানী সংগ্ৰহ কৰিব পৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হয়। প্ৰতিডাল পাইপৰ মুখত চালনী পৰিস্ৰাৱক ৰখা হয় আৰু এই পৰিস্ৰাৱকৰ মাজেৰে অহা পানী টেংকিত জমা কৰা হয়। প্ৰতিটো টেংকিতে অতিৰিক্ত পানী নিগৰি যোৱাৰ সুবিধা থকাটো বাঞ্ছনীয়। অতিৰিক্ত পানী বাগিচা, বাচন ধোৱা ইত্যাদি কামত ব্যৱহাৰ কৰা হয়। বৰষুণৰ খেতিৰ এয়া এক সফল প্রত্যক্ষ প্রয়োগ।

  • মাটিৰ তলৰ পানীক পুনৰ সক্রিয় কৰা:

মাটিৰ তলৰ পানীক সক্ৰিয় কৰাৰ মূল উদ্দেশ্য হৈছে বৰষুণৰ পানী যাতে মাটিৰ উপৰিভাগেৰে বৈ গৈ অপচয় নহয়। তাৰ বাবে—

  • কুঁৱা খন্দা।
  • গাঁত খন্দা।
  • খাল খন্দা।
  • নিগৰি যোৱা জলধাৰা (Tank) ইত্যাদিৰ পদ্ধতি অৱলম্বন কৰা উচিত।

গভীৰ নলীনাদৰ পুনৰ সক্রিয়কৰণ

মূধচৰ পৰা সংগ্ৰহ কৰা বৰষুণৰ পানী পাইপেৰে পৰিস্ৰাৱক জলধাৰালৈ বোৱাই নি গভীৰ নলীনাদ সক্রিয় কৰিবলৈ সংযোজন কৰা হয়। যিবোৰ গভীৰ নলীনাদৰ পানী শুকাই যায়, সেইবোৰো এই পদ্ধতিৰে পুনৰ সজীৱ কৰিব পৰা যায়।

এইক্ষেত্ৰত পৰিষ্কাৰ পানী পাবৰ বাবে প্রথম বৰষুণৰ পানী সংৰক্ষণ নকৰি বৈ যাবলৈ দিব লাগে।

সামৰণিত

উত্তৰাখণ্ডৰ কউচানীৰ বাসন্তী বেহেন এগৰাকী অতি সাধাৰণ মহিলা। কিন্তু তেওঁ সজাগ কৰিবলৈ সক্ষম হ’ল তেওঁৰ মৰমৰ ঠাইখনৰ মানুহবিলাকক। অনুৰোধ কৰিলে গছ নেকাটিবলৈ। বেহেনৰ ভাষাৰে— ‘জংগল নহী বচেগীত” পানী নেহী মিলেগী, পানী নেহী মিলেগী ত’ অনাজ নেহী হ’গী। বৰসাত জৱ হংগী, তব পানী ধীৰে ধীৰে ধৰতী মে যায়েগী, নদী মে যায়েগী।’ বেহেনে গাঁওখন সেউজ কৰিলে। প্রকৃততে পৃথিৱীৰ অসুখত সেউজৰ প্রয়োজন।

মহাৰাষ্ট্ৰৰ ভেলুত যেতিয়া পানীৰ সংকট হ’ল, তেতিয়া বহুকেইখন গাঁও একেলগ হ’ল। সমূহীয়াভাৱে তেওঁলোকে ৪৫ দিনৰ বাবে শ্রমদান কৰি পুখুৰীৰ আকৃতিত বহু ঠাইজুৰি খান্দিলে যাতে বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে। তেওঁলোকৰ মতে বৃক্ষ, পানী আমাৰ। প্রকৃতি আৰু আমাৰ সম্পর্ক যেতিয়া মধুৰ হ’ব তেতিয়া আমিও সুখী, প্রকৃতিও সুখী। সঁচাকৈয়ে মহাৰাষ্ট্ৰৰ ভেলু এতিয়া সেউজ। সুজলাং সুফলাং।

ৰাজস্থানৰ বিশেষকৈ বিকানীৰ, ফাল’দি আৰু বাৰমাৰত পৰম্পৰাগতভাৱে ঘৰবোৰৰ মাটিৰ তলত প্রায় ৬.১ মিটাৰ দ, ৪.২৭ মিটাৰ দীঘল আৰু ২.৪৪ মিটাৰ বহল ডাঙৰ কোঠা খোৱাপানী ধৰি ৰাখিবৰ বাবে নির্মাণ কৰা হয়। এইবোৰক টংকা বোলা হয়। এই টংকাত মুধচৰ বৰষুণৰ পানী সংগ্ৰহ কৰা হয়। ঘৰৰ হেলনীয়া মুধচৰ প্রথমজাক বৰষুণ কিন্তু সংগ্ৰহ কৰা নহয়, এই পানী মূধচ আৰু পাইপ পৰিষ্কাৰ কৰিবলৈ দিয়া হয়। গ্রীষ্মৰ সময়ত এই বিশুদ্ধ পানী ব্যৱহাৰ কৰা হয়। সকলো উৎসৰ পানী শুকাই যোৱাৰ পাছত এই বৰষুণৰ পানী অথবা পালাৰ পানী (স্থানীয় ভাষাত) হৈ পৰে অমৃতসম। ঘৰৰ তলত থকা টংকাই ঘৰখন শীতল কৰি ৰখাতো সহায় কৰে।

মূধচৰ বৰষুণৰ সংগ্ৰহ শ্বিলঙত প্রচলিত আছে। বিশ্বৰ সবাতোকৈ অধিক বৰষুণ হোৱা ঠাই চেৰাপুঞ্জী আৰু মৌছিনৰাম শ্বিলঙত থকাৰ পাছতো কিন্তু মেঘালয়ত খোৱাপানীৰ সংকট। সেয়ে প্রায় প্রতিঘৰ মানুহে নিজৰ পানীৰ প্রয়োজনৰ ১৫-২০% পানী এই মূধচৰ পৰা সংগ্ৰহ কৰা বৰষুণৰ পানীৰেই পূৰণ কৰে।

ভাৰতৰ তামিলনাডু হৈছে প্ৰথমখন ৰাজ্য, যিয়ে বৰষুণৰ পানীৰ খেতি প্রতিঘৰ মানুহৰ বাবে বাধ্যতামূলক কৰে। এই নিয়ম উলংঘনৰ শাস্তিমূলক ব্যৱস্থাও আছে।

আমাৰ অসমত CAG ৰ প্রতিবেদন অনুযায়ী নগৰীয়া পানীযোগান আঁচনিৰ অধীনত কেৱল ২৯% নগৰীয়া লোকেহে পানীযোগান আঁচনিৰ পাইপৰ পানী লাভ কৰে। সেয়াও যথেষ্ট পৰিমাণত নহয়। PWSSৰ ৬৯ টা সক্রিয় পাইপৰ পানী যোগানৰ কেৱল ৩৪টাতহে নিয়মীয়া পানীযোগান ধৰা হৈ আছে। আন ৩৫ টাত অনিয়মীয়া আৰু গ্রাহকৰ বাবে পর্যাপ্ত নহয়।

ভূগর্ভ অর্থাৎ মাটিৰ তলৰ পানীৰ ব্যৱহাৰ ভাৰতত সর্বাধিক। পানীৰ সংকট ক্ৰমাৎ গাঢ় হ’বলৈ লৈছে। অসমত বৰষুণৰ পৰিমাণ বেছি। প্রতিঘৰ মানুহ সজাগ হোৱাৰ সময় আহি পৰিছে। বৰষুণ হ’ল অতি বিশুদ্ধ সৰগীয় পানী। মানুহ, গছ, জীৱ-জন্তু, সকলোৰে বাবে নামি আহে বৰষুণ। পানী কেৱল বব জানে, ধৰি ৰখাৰ দায়িত্ব আমাৰ।

মিজোৰামত বছৰি ২,৫০০ মিমি (গড়) বৰষুণ হয়। সৰহভাগ ঘৰৰে হেলনীয়া মূধচ আছে য’ত বৰষুণৰ খেতিৰ অনুকুলৰ CGI চিট লগোৱা হয়। জমা কৰিবলগীয়া জলধাৰাত বাঁহ অথবা PVC পাইপ সংলগ্ন কৰা হয়। বর্তমান আইজলত ১০,০০০ তকৈও অধিক জলধাৰা আছে। ৰাজ্য চৰকাৰেও এই দিশত সহায় কৰি আহিছে।

ইতিবাচক পদক্ষেপ আৰু কিছু সক্রিয়তা

  • পানীৰ সংকট সম্পর্কে সজাগ হওক।
  • ঘৰ বন্ধাৰ সময়তে বৰষুণৰ খেতিৰ বাবে পদ্ধতি হাতত লওক। প্রযুক্তিৰ সহায় লওক।
  • ফ্লেটেই হওক বা নিজা ঘৰ এখনেই হওক, ঘৰৰ চোতাল পকী নকৰাকৈ ৰাখক। বৰষুণৰ পানী মাটিলৈ নিগৰি সোমাই যোৱাত যাতে সহায় হয়।
  • গছপুলি ৰোৱক। সেউজীয়া কৰি ৰাখক আপোনাৰ চৌপাশ।
  • গভীৰ নলীনাদ বহুওৱা ঠাইটুকুৰাৰ চৌপাশ পকী নকৰিব। বৰষুণৰ পানীৰে মাটিৰ তলৰ পানী উপকৃত হ’বলৈ দিয়ক।
  • বৰষুণৰ পানীৰে উপকৃত হওক পৃথিৱী, মানুহ, জীৱ-জন্তু, সকলো। তাৰে বাবে আমি সংৰক্ষণ কৰিব লাগিব বৰষুণৰ নিৰ্মল পানী।
  • পানীৰ ব্যৱহাৰত সচেতন হওক। প্রতি টোপাল পানীৰ মূল্য আছে।
  • বাচন ধোৱা পানী, গা ধোৱা পানী অথবা অন্যান্য ব্যৱহাৰৰ পানীৰ পুনৰ প্ৰয়োগৰ চিন্তা কৰিবৰ সময় এতিয়া।

অভাৱেই আৱিষ্কাৰৰ মূল। বৰষুণৰ সৌন্দর্য সকলোৰে আদৰৰ। বৰষুণত তিতাৰ আমেজেই সুকীয়া। বৰষুণ এক আশীর্বাদ। বৰষুণৰ পানীৰ সংৰক্ষণে আমাক কিছুদূৰ কৃত্রিম বানৰ পৰাও ৰক্ষা কৰিব। বৰষুণৰ খেতি আজিৰ চিন্তা নহয়, ই ভাৰতৰ এক প্রাচীন পদ্ধতি। উদাহৰণস্বৰূপে ৰাজস্থানৰ খাদিন, টেংক, নাদিচ, মহাৰাষ্ট্ৰৰ বন্ধৰাচ আৰু তাল, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ বুনধিচ, বিহাৰৰ আহাৰ আৰু পাইন কেৰালাৰ চুৰনগ্রাম, কর্ণাটকৰ কাৰ্টচ ইত্যাদি। ভূগৰ্ভৰ পানী ব্যৱহাৰ কেতিয়াও বাৰণ নহয়। সেয়েহে ভূগর্ভ অর্থাৎ মাটিৰ তলৰ পানী আমি কমকৈ ব্যৱহাৰ কৰি বৰষুণৰ পানী পর্যাপ্ত পৰিমাণে সংৰক্ষণ কৰিলে আৰু বহু সংকটত বিপর্যস্ত নহয়। সজাগ হওক। বৰষুণৰ পানী সংৰক্ষণ কৰি পানীৰ সংকট মোচন কৰাৰ সময় এয়া।

লেখিকা: কৰবী কাকতি।

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top