অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিভিছি পানীৰ নলীৰ ভয়াবহতা

পিভিছি পানীৰ নলীৰ ভয়াবহতা

সাৱধান........PVC পানীৰ পাইপ কেতিয়াও নলগাব। আহক প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে জানো।

প্লাষ্টিকৰ ধৰণ:
সাধাৰণ ব্যৱহাৰত ব্যৱহাৰ হোৱা প্লাষ্টিকবোৰ ৭ ভাগত বিভক্ত:
• PET or PETE : পলিথিলিন টেৰেফ্-থালেট(Polyethylene Terephthalate)।
• HDPE : বেচি ঘনত্বৰ পলিথিলিন(High density Polyethylene)।
• PVC : পলিভিন’ল ক্লৰাইড(Polyvinyl Chloride)।
• LDPE: ক’ম ঘনত্বৰ পলিথিলিন(Low-density Polyethylene)।
• PP : পলিপ্ৰপেলিন(Polypropylene)।
• PS: পলিষ্টাইৰিণ (Polystyrene)।
• অনান্য ধৰণৰ কিছুমান পলিথিলিন।

PET or PETE: এই ধৰণৰ পলিথিলিনবোৰ ৰিচাইক’ল কৰিবলৈ সহজ। সেয়ে এই পলিথিলিন আন কিছুমান বিধতকৈ সস্তা হ’য়। ইয়াক সাধাৰণতে চ’ডা,কল্ডডিংচৰ বটল,পানী বটল,আলু চিপচ্ ৰ মোনা বা তেনেধৰণৰ আন বস্ত্ত ভৰোৱা মোনা আৰু আন বহুতো দোকানৰ সামগ্ৰী ভৰোৱা মোনা বিলাক তৈয়াৰ কৰোতে ব্যৱহাৰ ক’ৰা হ’য়।এই ধৰণৰ প্লাষ্টিকবোৰ ভাঙি গুৰি হৈ যাবলৈ উত্তম অৱস্থাত ৫ ৰ পৰা ১০ বছৰ সময় লাগে।

HDPE: এই ধৰনৰ প্লাষ্টিকবোৰেই মই জনাত আটাইতকৈ বেচি ৰিচাইক’ল কৰা হ’য়। ইয়াক ডিটাৰজেন্টৰ বটল,গাখীৰৰ ডাঙৰ কাৰ্টুন,চেম্পু বটল,হেয়াৰ কন্ডিচনাৰ বটল,মটৰ গাড়ী-মটৰ চাইকেলৰ তেল বা মবিল ভৰোৱা পাত্ৰ আৰু বহুত খাদ্যৰ বাহিৰে অন্য কামত ব্যৱহাৰ হোৱা বস্ত্তৰ পাত্ৰ নিৰ্মানত ব্যৱহাৰ কৰা হ’য়।এই প্লাষ্টিক ইয়াক নিৰ্মান কৰা পাত্ৰৰ ডাঠৰ ওপৰত নিৰ্ভৰ কৰি ১০০ বছৰৰ ভিতৰত নষ্ট হৈ গুৰি হৈ যায়।

PVC: আৱিস্কাৰক Eugene Baumann .এই ধৰণৰপ্লাষ্টিকৰে পানী পাইপৰ পৰা আৰম্ভ কৰি ল’ৰা-ছোৱালীৰ পুতলালৈকে বনোৱা হ’য়। ই কিমান দিনৰ ভিতৰত নষ্ট হৈ যায় তাক সঠিককৈ কব নোৱাৰি।ইয়াৰ পৰা বহুতো বিষাক্ত পদাৰ্থ নিৰ্গত হৈ থাকে।বহুতো হেল্থ অৰগেনাইজেশ্ব্যনৰ মতে ইয়াতকৈ বিষাক্ত প্লাষ্টিক আন একো নাই।ইয়াক নিৰ্মান কৰাৰ সময়ত dioxin নামৰ এবিধ বিষাক্ত গেছ নিৰ্গত হ’য়। সেয়ে Greenpeace society য়ে ইয়াক বন্ধ কৰিবলৈ বিশ্বত কিছুমান লবীৰো সৃষ্টি কৰিছে। সেয়ে পানী পাইপ PVC সলনি লোহাৰে নিৰ্মান কৰাবোৰ ব্যৱহাৰ কৰক।

LDPE: বৰ্ত্তমান সময়ত আমাৰ গ্ৰোচাৰী বেগবোৰ এই প্লাষ্টিকেৰে নিৰ্মান কৰা হয়। সূৰ্যৰ আল্ট্ৰাভায়লেট ৰশ্মিৰ সংস্পৰ্শত এই প্লাষ্টিক নষ্ট হ’বলৈ ৫০০ বছৰ লাগে। আৰু সংৰক্ষিত অৱস্থাত ১০০০ বছৰ লাগে। প্লাষ্টিকৰ আৱিস্কাৰ ১০০০ বছৰ হোৱা নাই, সেয়ে ই পৰীক্ষাগাৰৰহে গৱেষণা। যদি মাটিৰ তলত সূৰ্যৰ ৰশ্মিৰ পৰা বচাই ইয়াক পুতি ৰখা যায় তেতিয়া ইয়াৰ নষ্টকাল অসিমীত।

PP: এই প্লাষ্টিক অতি পাতলকৈ বনোৱা বস্ত্ত ভৰোৱা মোনা,ৰচী,কাপোৰ,বাথৰুমৰ চাৱাৰৰ আহিলা ইত্যাদি বনাবলৈ ব্যৱহাৰ কৰা হ’য়। ইয়াৰ সূৰ্যৰ ৰশ্মিৰ বিক্ৰিয়াৰ বিপৰীতে ৰোধক ক্ষমতা অতি বেচি। সেয়ে ই হাজাৰ বছৰলৈ ধ্বংস নহয়।

PS: এই ধৰণৰ প্লাষ্টিক সাধাৰণতে ফলমূল ,কাপ,বাচন-বৰ্ত্তন, ইলেকট্ৰিকেল সামগ্ৰী,গ্লাচৰ সামগ্ৰী আৰু আন আন ধৰণৰ কিছুমান ঠুনুকা বস্ত্ত ভৰোৱা বাকচত নাভাঙিবলৈ ব্যৱহাৰ কৰা ফ’ম(foam) নিৰ্মানত ব্যৱহাৰ কৰা হ’য়। এনে প্লাষ্টিক নষ্ট হ’বলৈ ৫০ বছৰ সময় লাগে। তথাপি ইয়াক পেলোৱা ঠাইৰ সূৰ্য ৰশ্মিৰ তীব্ৰতাৰ ওপৰত এইটো কথা নিৰ্ভৰ কৰিব যে কিমান ক্ষীপ্ৰতাৰে ইয়াৰ পচন প্ৰক্ৰিয়া আৰম্ভ হ’য়।

Other Types: এই ধৰণৰ প্লাষ্টিকবোৰ ওপৰৰ ৬টা বিভাগত নপৰা যিকোনো প্লাষ্টিক হ’ব পাৰে। এই ধৰনৰ প্লাষ্টিকবোৰ সাধাৰণতে নপঁচে, যদিহে ৰাসায়নিক ভাবে ইয়াক নষ্ট কৰা নহয়।

লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate