অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৃথিৱী খনক বচাওঁ আহক

পৃথিৱী খনক বচাওঁ আহক

জানুৱাৰী ২০০০ চনত পেৰিচত বহা ৰাষ্টসংঘৰ উষ্ণতা বৃদ্ধিৰ ফলত পৰিৱৰ্তন সম্পৰ্কীয় ইণ্টাৰ গভৰ্নমেণ্টল পেনেলত ১৩০ খন দেশে ভাগ লৈছিল। আমাৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ বাবে ৰাষ্ট্ৰসংঘই ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ কৰে। ইংৰাজীত এই দশকটোক চমুকৈ IDNDR (International Decade for Natural Disaster Reduction ) বুলি কোৱা হয়। এই সন্মিলনত বিশ্বৰ ২৫০০ জন বিজ্ঞানী আৰু বতৰ বিশেষজ্ঞ সকলে এই পৰিৱৰ্তনীয় ধ্বংস পক্ৰিয়াক ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰ সমূহক অনতি পলমে

ব্যৱস্থা ল'বলৈ আবেদন জনাইছিল। এই পৰিৱৰ্তনৰ ফল স্বৰূপে নিম্ন লিখিত সাম্ভাৱ্য পৰিমাণে সমূহ উল্লেখ কৰিছে।

(১) ১.১ ডিগ্ৰী ছে.গ্ৰে. ৰ পৰা ৬.৪ ডিগ্ৰী ছে. গ্ৰে লৈ উষ্ণতা বৃদ্ধি পাব।

(২) সমুদ্র পৃষ্ঠৰ উষ্ণতা ২৮ ছে.মি. ৰ পৰা ৪৩ ছে.মি. লৈ বৃদ্ধি পাব।

(৩) বৰ্তমান শতিকাৰ দ্বিতীয়াৰ্ধত সুমেৰুৰ বৰফ গলি নাইকিয়া হ'ব।

(৪) উষ্ণ প্ৰবাহ বৃদ্ধিৰ প্ৰবল সম্ভাৱনা।

(৫) গ্ৰীষ্ম মণ্ডলীয় ধুমুহাৰ তীব্ৰতা বৃদ্ধিৰ আশংকা।

(৬) অধিক হাৰত বন-জুই আৰু মৰুভূমিৰ প্ৰসাৰ।

(৭) ভূমিৰ অৱলুপ্তি।

(৮) এলাৰ্জিৰ ভয়ংকৰ ৰূপ ।

(৯) জীৱ-জন্তুৰ ডি.এন.এ. পৰিৱৰ্তন।

(১০) উদ্ভিদৰ উৎপাদন হ্ৰাস।

(১১) হাৰিকেনৰ অধিক শক্তি বৃদ্ধি।

(১২) হ্ৰদ সমূহৰ বিলুপ্তি।

(১৩) অধিক হাৰত জীৱৰ অৱলুপ্তি।

(১৪) অধিক বৰষুণ অথচ কম পানী।
আগন্তুক শতিকা অৰ্থাৎ ২১০০ চনলৈ পৃথিৱীৰ সম্ভাৱ্য উষ্ণতা ১.১ ডিগ্ৰী ছেঃগ্ৰেঃ লৈ বৃদ্ধি পাব । এই উষ্ণতা বৃদ্ধিৰ ফলত সুমেৰুৰ বৰফ আচ্ছাদন , গ্ৰীণ লেণ্ডৰ তুষাৰ স্তৰ , এন্টাৰ্টিকাৰ বিস্তীৰ্ণ বৰফ আচ্ছাদন �গলি সাগৰ পৃষ্ঠৰ জল ৰাশিৰ উচ্চতা ২৮-৪৩ ছে.মি. লৈ বৃদ্ধি পাব । ইয়াৰ ফলত সাগৰৰ উপকূলীয় নিম্ন অঞ্চলবোৰ ব্যাপক বানপানীৰ গৰাহত পৰিব আৰু বিশ্বজুৰি ১১০-৩২০ কোটি লোক খোৱা পানীৰ সংকটত ভুগিব কমেও ৫০ কোটি লোক দুৰ্ভিক্ষত পীড়িত হ'ব । পৃথিৱীৰ সু-উচ্চ পৰ্বত মালা বোৰৰ হিমবাহ সমূহ গলি গলি শেষ হোৱাৰ কাৰণে নদী উপনদী বোৰৰ পানীত শুকাই তৰাং হৈ পৰিব । ইয়াৰ ফলস্বৰূপে জলসিঞ্চন আৰু জলবিদ্যুৎ প্ৰকল্প সমূহৰ দ্ৰুত গতিত অপ মৃত্যু ঘটিব।
সভ্যতাৰ বিকাশৰ আৰু প্ৰগতিৰ বাবে প্ৰকৃতি ধ্বংস হৈছে । বৰ্তমান মানুহৰ সৰ্বগ্ৰাসী লোভত গোটেই বিশ্বতে অৰণ্য বিনাশৰ যজ্ঞ অব্যাহত আছে । অৰণ্য সম্পদ ধ্বংসৰ ফলত পৃথিৱী খন আজি এটা বিশাল "গ্ৰীণ হাউচ" ত পৰিণত হৈছে । কাৰ্বন ড্ৰাই অক্সাইডৰ পৰিমাণ বৃদ্ধি ফলত অজন স্তৰটো পাতল হৈ ফুটাৰ সৃষ্টি হৈছে আৰু ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে । ইয়াৰ পৰা বিকিৰত হোৱা বিভিন্ন ধৰণৰ অবাঞ্চিত ৰশ্মিৰ ফলত নতুন নতুন ৰোগত মানুহ বোৰ আক্ৰান্ত হৈছে ।
আমাৰ মানুহৰ ভুলৰ বাবে শস্য-শ্যামলা , বিনন্দীয়া পৃথিৱী আৰু ইয়াৰ লগতে ১০,০০০ বছৰৰ প্ৰাচীন মানৱ সভ্যতা শংকটৰ সন্মুখীন হৈছে । চাবলৈ গ'লে আজি ২০০ বছৰ ধৰি বিশ্বৰ বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ বাবে ৭৫% দায়ী উন্নত দেশ সমূহ । আধুনিক সভ্যতা আৰু বিজ্ঞানৰ ন-ন আৱিষ্কাৰে মানুহক ভোগ - বাদী কৰাৰ ফলত প্ৰকৃতি ধ্বংস খৰতকীয়া হৈ পৰিছে । প্ৰকৃতিৰ লগত মিতিৰালি নকৰিলে আমাৰ ধ্বংস অনিবাৰ্য্য । চমুকৈ Environment friendly development২০০৬ চনৰ বিশ্ব পৰিবেশ দিবসৰ মূল বিষয়বস্তু আছিল মৰুভূমি আৰু মৰুভূমি কৰণ (desert & desertification) শুকান মাটিক মৰুভূমিৰ পৰা ৰক্ষা কৰক । পৃথিৱীৰ মূল স্থল ভাগৰ ২৯% ৰ ১০% হল শুকান মৰুভূমি । যি দেখা গৈছে বিশ্বৰ কৃষি উপযোগী মাটি ৩০% এচিয়াত ২০% আফ্ৰিকাত ৯% উত্তৰ আমেৰিকাত ১৬% দক্ষিণ আমেৰিকাত ,৭% ইউৰোপত ,৬% অষ্ট্ৰেলিয়াত। গতিকে , বৰ্তমান এই ২৯% ভূমি ৰক্ষা কৰাই মানৱ সমাজৰ প্ৰধান কৰ্তব্য।
আমাৰ চৰকাৰে যদি সজাগ হৈ কোনো বিহিত ব্যৱস্থা নলয় তেন্তে অতি সোনকালে দুৰ্নীতি পৰায়ণ আৰু অদূৰদৰ্শী লোকসকলে বনাঞ্চল কাটি তহিলং কৰি মৰুভূমিত পৰিণত কৰিব । প্ৰকৃতিয়েই জীৱশ্ৰেষ্ঠ মানৱৰ ৰক্ষা কবচ আৰু ইয়াক সজতনে ৰখাটো আমাৰ কৰ্তব্য । সকলো ঠাইতে বৃক্ষ প্ৰেমৰ মহামন্ত্ৰ উচ্চাৰিত হওঁক । গছ বৰ অতিথি বৎসল । ঐশ্বৰ্যময়ী শাখা -প্ৰশাখাৰে স্নেহচ্ছায়া প্ৰদান কৰি জীৱ কুলৰ কল্যাণ সাধন কৰে , ফল-ফুলে প্ৰতি পালন কৰে , সেয়ে তৰুবৰক গণ্য কৰা হয় শান্তি দাতৃ মাতৃৰূপে । গছ থাকিলেহে জন-মানৱৰ কাতৰ উশাহ - নিশাহ স্বাভাৱিক হ'ব । গছ থাকিলেহে মানুহ থাকিব । উচ্ছৃংখল আৰু যন্ত্ৰণা পীড়িত সমাজক মাথোঁ গছেহে নিৰাময় তথা প্ৰশান্তি প্ৰদান কৰিব পাৰে । সেয়েহে সকলোৰে মুখত বৃক্ষ-বন্দনাৰ সুমধুৰ স্তৱক উচ্চাৰিত হওক । প্ৰদূষণ মুক্ত হওক পৃথিৱীৰ সমগ্র আকাশ বতাহ । গছৰ মহত্ব সকলোৱে বুজি উঠক।
মৃদুল নাথ

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate