মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / পৃথিৱীৰ হৃদপিণ্ড
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৃথিৱীৰ হৃদপিণ্ড

 

ক্ৰান্তীয় তথা ট্ৰপিকেল অৰণ্যবোৰ হৈছে সমগ্ৰ পৃথিৱীৰ হৃদপিণ্ড স্বৰুপ-

 

এইবোৰক সাধাৰণতে বৰ্ষাৰণ্য হিচাপে জনা যায়।বৰ্ষাৰণ্য শব্দটো ১৯৯৮ চনত জাৰ্মাণীৰ এজন উদ্ভিদ বিজ্ঞানীয়ে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল।বৰ্ষাৰণ্য হৈছে সেইবোৰ অৰণ্য,য’ত অনবৰতে সেমেকা বাতাৱৰণ বিৰাজ কৰে,যিবোৰ অৰণ্যত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়।বৰ্ষাৰণ্যবোৰ হৈছে জৈৱ-বৈচিত্ৰ্যৰ অফুৰন্ত ভঁৰাল।১৮০ ৰ পৰা ২২০ ফুট উচ্চতা পৰ্যন্ত গছ ইয়াত দেখিবলৈ পোৱা যায়।বৰষুণৰ পৰিমাণ অধিক হোৱা বাবে এনে অৰণ্যবোৰত বৰষুণৰ পানী বাষ্পীকৰণ হৈ পুনৰ অৰণ্য ভুমিক আবৃত কৰি ৰাখে।সেয়েহে বৰ্ষাৰণ্যত আৰ্দ্ৰতাৰ পৰিমাণ বেছি।ইয়াত বছৰি ২৩০ দিন পৰ্যন্ত বৰষুণ হয়,ইয়াৰ সৰ্বাধিক উষ্ণতা ৩৫০ আৰু সৰ্বনিম্ন ১০ চেলছিয়াছ।

সাধাৰণতে বৰ্ষাৰণ্যবোৰত থকা বিশেষ চাৰিটা স্তৰৰ উদ্ভিদে ইয়াক আন অৰণ্যৰ পৰা পৃথক কৰি গঢ়ি তুলিছে,

এই বিশেষ চাৰিটা স্তৰ হৈছে ক্ৰমে-

 

শীৰ্ষ স্তৰ বা ‘Emergen Layer’-এই স্তৰত ৩৫ ৰ পৰা ৪৫ মিটাৰমানলৈকে ওখ গছবোৰ পোৱা যায়।এই স্তৰৰ গছবোৰৰ পাতবোৰ সৰু সৰু,যিবোৰ দেখাত মেলি থোৱা ছাতিৰ দৰে।দ্বিতীয় স্তৰটো হৈছে মধ্যস্তৰ বা ‘Canopy Layer’-এই স্তৰৰ গছবোৰ প্ৰায় সমান উচ্চতাৰ,জোপোহা,গছৰ মুৰবোৰ সাধাৰণতে চেপেটা আৰু প্ৰায় ২০ ৰ পৰা ৩০ ফুট পৰ্যন্ত গছবোৰ ওখ হয়।বৰ্ষাৰণ্যৰ তৃতীয় স্তৰটোক নিম্নস্তৰ বা ‘Understory Layer’বুলি জনা যায়।৫ ৰ পৰা ৭ মিটাৰ ওখ গছবোৰ এই স্তৰত দেখিবলৈ পোৱা যায়।এই স্তৰৰো সৰহসংখ্যক উদ্ভিদৰে মুৰবোৰ দীঘলীয়া হয়।এই স্তৰটো বিভিন্ন প্ৰজাতিৰ চৰাই,সৰীসৃপ,সাপ,পোক-পতংগ আদিৰ আৱাসস্থলী।একোখন বৰ্ষাৰণ্যৰ একেবাৰে শেষৰ স্তৰটো হৈছে ভুমিসংলগ্ন স্তৰ বা ‘Herb Layer’-ইয়াত গুল্মজাতীয় উদ্ভিদ,ঢেঁকীয়াজাতীয় উদ্ভিদ,পৰাশ্ৰয়ী,স্থলজ বা কপৌজাতীয় উদ্ভিদ,সৰু বনজাতীয় উদ্ভিদ,ভিন্ন প্ৰজাতিৰ কচু,বেত,বনৰীয়া কলগছ আদি পোৱা যায়।এই স্তৰটোত আৰ্দ্ৰতা আৰু উষ্ণতাৰ সঘন তাৰতম্য ঘটি থাকে।

জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে বৰ্ষাৰণ্যবোৰৰ গুৰুত্ব যথেষ্ট বেছি।বহু গুৰুত্বপুৰ্ণ উদ্ভিদ আৰু প্ৰাণী এই অৰণ্যবোৰে জীয়াই ৰাখিছে।বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছ শোষণৰ উল্লেখযোগ্য স্থলী হৈছে বৰ্ষাৰণ্যবোৰ।গোলকীয় উষ্ণতা (Global Warming)নিয়ন্ত্ৰণতো এই অৰণ্যবোৰে বিশেষ ভুমিকা পালন কৰি আহিছে।সৰ্বসাধাৰণ  ৰাইজৰ অৰ্থনৈতিক দিশতো এই অৰণ্যবোৰে প্ৰভুত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।এটা সমীক্ষা মতে,সমগ্ৰ বিশ্বত প্ৰায় ৫০ কোটি মানুহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে বৰ্ষাৰণ্যৰ ওপৰত নিৰ্ভৰশীল।

বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যখন হৈছে দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকা অঞ্চলত অৱস্থিত আমাজন বৰ্ষাৰণ্য।আমাৰ দেশত ভাৰতবৰ্ষতো এনে বহু বৰ্ষাৰণ্য দেখিবলৈ পোৱা যায়।ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ,পশ্চিমঘাট অঞ্চল,আৰব সাগৰৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰ,ভাৰত মহাসাগৰৰ উপদ্বীপবোৰ,উত্তৰ-পুৰ্বাঞ্চলৰ বিশেষকৈ অসমত আৰু ওড়িশাৰ কিছু কিছু অঞ্চলত এনে বৰ্ষাৰণ্য দেখিবলৈ পোৱা যায়।ভাৰতবৰ্ষৰ উত্তৰ-পুৰ্বাঞ্চলত বিশেষকৈ অসমৰ অৰণ্যভুমিত দেখিবলৈ পোৱা কেতবোৰ বৈশিষ্ট্যই অসমৰ মাটিত ক্ৰান্তীয় বৰ্ষাৰণ্যৰ উপস্থিতি তথা অস্তিত্বৰ সম্ভেদ দিয়ে।উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত জয়পুৰ আৰু দিহিং সংৰক্ষিত বনাঞ্চল,তিনিচুকীয়া জিলাৰ দিৰাক সংৰক্ষিত বনাঞ্চল আৰু ধেমাজি জিলাৰ জোনাইত অৱস্থিত পৰা সংৰক্ষিত বনাঞ্চলকেইখন হৈছে অসমৰ উল্লেখযোগ্য বৰ্ষাৰণ্য।উজনি অসমৰ ডিব্ৰুগড় ,তিনিচুকীয়া আৰু ধেমাজি জিলাত অৱস্থিত এই অৰণ্যকেইখনৰ ভুমিকা অতি মন কৰিবলগীয়া।এই প্ৰতিখন অৰণ্যই জৈৱ-বৈচিত্ৰ্যৰ অক্ষয় ভাণ্ডাৰ।

অলেখ উদ্ভিদ আৰু জীৱ প্ৰজাতি সমৃদ্ধ বৰ্ষাৰণ্যকেইখনক জীয়াই ৰখাৰ বাবে আমাৰ বহুখিনি কাম এতিয়াও কৰিবলৈ বাকে আছে।আমাৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন মতে কেতবোৰ সমস্যাই এই অৰণ্যকেইখনৰ অস্তিত্বলৈ ক্ৰমশ:ভাবুকি কঢ়িয়াই আনিছে।ক্ৰমশ:বৃদ্ধি পাই অহা নিৰ্বননিকৰণ,চোৰাং চিকাৰীৰ দপদপনি ,বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ লগতে কেতবোৰ প্ৰাকৃতিক দুৰ্যোগ যেনে-ভুমিস্খলন,বান আৰু খহনীয়া আদিয়ে এই বৰ্ষাৰণ্যবোৰলৈ প্ৰবল ভাবুকি কঢ়িয়াই আনিছে।আমাৰ শাসক পক্ষৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে এই অৰণ্যবোৰৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৎপৰ হোৱাৰ সময় আহি পৰিছে।এইখিনিতে এটা কথা প্ৰণিধানযোগ্য যে অসমৰ বৰ্ষাৰণ্যবোৰৰ লগতে ইয়াত থকা সম্পদবোৰৰ উচ্চ অধ্যয়ন আৰু গৱেষণা কৰাৰ বাবে যোৰহাটত স্থাপন কৰা ‘বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ‘(Rainforest Research Institute)ৰো যথেষ্টখিনি কৰণীয় কাম আছে বুলি আমি ক’ব খোজোঁ।অৰণ্যভুমি আৰু ইয়াত উপলব্ধ উদ্ভিদ আৰু প্ৰাণীবোৰ তথা পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত চলোৱা অধ্যয়নতেই তেওঁলোক সীমাবদ্ধ নাথাকি বৰ্ষাৰণ্যবোৰৰ দীৰ্ঘস্থায়িত্ব তথা সুৰক্ষাৰ হেতু কেতবোৰ কাম হাতত ল’বলৈও এই প্ৰতিষ্ঠানটোক বিশেষভাৱে আহ্বান জনাইছোঁ।

অসমৰ মাটিত উপলব্ধ এই বিশেষ শ্ৰেণীৰ অৰণ্যভুমিক ৰক্ষা কৰাৰ বাবে অহৰ্নিশে অহোপুৰুষাৰ্থ চেষ্টা চলাই থকা অৰাজনৈতিক সংগঠনবোৰৰ লগতে বিভিন্ন প্ৰকৃতিপ্ৰেমীসকলৰ আমি শলাগ ল’বই লাগিব।এইসকলৰ সামুহিক প্ৰচেষ্টা,চৰকাৰৰ ওচৰত আবেদন-নিবেদন,বিভিন্ন গ্ৰন্থ,পুস্তিকা,প্ৰবন্ধ-পাতি আদি লিখি জনসচেতনতা বৃদ্ধিৰ স্বাৰ্থত এক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছে।এইসকল ব্যক্তিৰ প্ৰচেষ্টাতেই ইতিমধ্যে কেইবাখনো বৰ্ষাৰণ্যত ‘বৰ্ষাৰণ্য মহোৎসৱ’আয়োজন কৰা হৈছে।এই মহোৎসৱবোৰৰ জৰিয়তে বৰ্ষাৰণ্যবোৰৰ উপযুক্ত সুৰক্ষা দিয়াৰ লগতে এইসমুহক সদায় জীয়াই ৰখাৰ স্বাৰ্থত বহুবোৰ কাম হাতত লোৱা হৈছে।এনেবোৰ ইতিবাচক চিন্তা আৰু কৰ্মসুচীবোৰ নিশ্চিতকৈ আমাৰ বাবে অতি সুখবৰ।

উল্লেখযোগ্য যে অকল বৰ্ষাৰণ্য বুলিয়েই নহয়,আমি সকলোৱে আমাৰ চৌপাশত থকা অৰণ্যভুমিক যিকোনো বস্তৰ বিনিময়ত হ’লেও স্ংৰক্ষণ কৰিবই লাগিব।কিয়নো,বৃহংগম দৃষ্টিৰে চাবলৈ গ’লে এই অৰণ্যৰ বুকুতেই জীয়াই আছিল আমাৰ বহু হাজাৰ বছৰীয়া মানৱ সভ্যতাৰ ইতিহাস আৰু এই অৰণ্যৰ বুকুতেই সদায় জীয়াই থাকিব পৰিৱৰ্তিত সুসভ্য মানৱ সভ্যতাৰ ভৱিষ্যতৰ ইতিহাস।এখন অৰণ্যৰ মৃত্যু মানেই বহুজ্বৱেন বিপন্ন আৰু ধ্বংস।

লেখক:গৌতম শৰ্মা (দৈনিক অসম)

 

3.35714285714
GAUTAM SARMAH Aug 04, 2017 04:22 PM

Thank you so much

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top