মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / প্ৰকৃততে প্ৰকৃতিত পানী কেই প্ৰকাৰৰ ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰকৃততে প্ৰকৃতিত পানী কেই প্ৰকাৰৰ ?

প্ৰকৃততে প্ৰকৃতিত পানী কেই প্ৰকাৰৰ ?

প্ৰশ্নটোৰ উত্তৰ সৰ্বসাধাৰণৰ বাবে ব্যৱহাৰিক ক্ষেত্ৰত সিমান দৰকাৰী নহ’লেও বিদ্যাতনিক ক্ষেত্ৰত জ্ঞানাৰ্জনৰ বাবে ইয়াৰ নিশ্চয় প্ৰয়োজন আছে। সেই কাৰণেই হয়তো বক্তৃতা-সভা, কৰ্মশালা আদিত আমাক কেতিয়াবা ছাত্ৰ-ছাত্ৰীয়ে আৰু কেতিয়াবা শিক্ষক সকলে এই প্ৰশ্নটো সোধে? ১৯৬২ চনত ৰুছ আৰু মাৰ্কিন ৰসায়ন বিজ্ঞানী সকলে ‘পলিয়াটাৰ’ (polywater) নামৰ এবিধ অস্বাভাৱিক ধৰ্ম বিশিষ্ট পানী আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছিল। তেতিয়া স্বাভাৱিকতে এনে ধৰণৰ প্ৰশ্নই গুৰুত্ব লাভ কৰিছিল। কিন্ত পাছত বিজ্ঞানী সকলে সেই আৱিষ্কাৰ নিশ্চিতভাৱে প্ৰমাণ কৰি দেখুৱাব নোৱাৰিলে। কিয়নো তেওঁলোকে দাবী কৰামতে সাধাৰণ পানীৰ প্ৰতিদ্বন্দ্বী পলিৱাটাৰ প্ৰকৃতিৰ বুকুত পোৱা নগ’ল।

এই লেখাৰ শিৰোনামাৰ প্ৰশ্নটোৰ উত্তৰ কেইবা ধৰণে পোৱা যাব পাৰে। কোনোৱে হয়তো উৎস অনুসৰি পানীক বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰে। কোনোৱে আকৌ পানীৰ ভৌতিক অৱস্থাৰ ভিত্তিত ইয়াৰ ভাগবোৰ দেখুৱাব পাৰে। পানীৰ বিষয়ে অতি কমেও পাঢ়াশলীয়া জ্ঞান থকা সকলে হয়তো ক’ব- পানী ২ প্ৰকাৰৰ : কঠিন পানী (hard water) আৰু কোমল বা মৃদু পানী (soft water)। এই দুবিধ পানীৰ পাৰ্থক্য এইদৰে নিৰ্ণয় কৰিব পাৰি : কঠিন পানীত সহজে চাবোনৰ ফেন নোলায়, আনহাতে কোমল পানীত সহজে চাবোনে ফেনায় আৰু সেয়ে এই ক্ষেত্ৰত কম চাবোন খৰচ হয়। কঠিন পানীও আকৌ দুই প্ৰকাৰৰ হ’ব পাৰে : স্থায়ী কঠিন পানী আৰু অস্থায়ী কঠিন পানী। স্থায়ী কঠিন পানীত কেলছিয়াম, মেগনেছিয়াম আদি ধাতুৰ ছালফেট বা ক্ল’ৰাইড লৱণ থাকে। বিশেষ পদ্ধতিৰ সহায়ত পানীৰ স্থায়ী কঠিনতা দূৰ কৰিব পাৰি। অস্থায়ী কঠিন পানীত বিশেষকৈ কেলছিয়াম, মেগনেছিয়াম, আইৰন আদি ধাতুৰ বাইকাৰ্ব’নেট লৱণ থাকে। এনে কঠিন পানী উতলাই বা পানীত চূণ মিহলাই কোমল কৰিব পাৰি। আমাৰ ঘৰুৱা কাম কাজৰ উপৰিও ঔদ্যোগিক কামত ব্যৱহাৰৰ উপযোগী কৰিবলৈ কঠিন পানী কোমল কৰাটো প্ৰয়োজনীয়।

পৰমাণু শক্তিৰ উৎপাদন সম্পৰ্কে কিছু পৰিমাণে জনা সকলে হয়তো প্ৰশ্নটোৰ উত্তৰত ক’ব : পানী ২ প্ৰকাৰৰ- গধুৰ পানী (heavy water)আৰু লঘু পানী (light water)। গধুৰ পানী কিছুমান নিউক্লীয় ৰিএক্টৰত ব্যৱহাৰ কৰা হৰা, আৰু সেই গধুৰ পানীৰ তুলনাত সাধাৰণেই ইয়াক লঘু পানী বোলা হয়।

যদিও দুয়োটা উত্তৰেই নিজ নিজ ক্ষেত্ৰত শুদ্ধ, পানীৰ অণুৰ ৰাসায়নিক গঠনৰ দিশৰ পৰা চাবলৈ গ’লে পিছৰ উত্তৰটো এই লেখাৰ সন্দৰ্ভত অধিক প্ৰাসংগিক। আমি জানো যে পানীৰ অণু দুটা হাইড্ৰ’জেন পৰমাণু (H) আৰু এটা অক্সিজেন পৰমাণুৰ দ্বাৰা (O) গঠিত। ইয়াৰ ৰাসায়নিক নাম হাইড্ৰ’জেন অক্সাইড; আৰু ইয়াৰ অণুৰ ৰাসায়নিক সংকেত H2O। আমি এই পানীৰ অণুটো গঠন হওতে হাইড্ৰ’জেন আৰু অক্সিজেন প্ৰত্যেকৰে এক প্ৰকাৰৰ পৰমাণু আছে বুলি ধৰি লৈছোঁ। কিন্ত প্ৰকৃততে প্ৰকৃতিত হাইড্ৰ’জেন আৰু অক্সিজেন প্ৰত্যেকৰে কমেও তিনি প্ৰকাৰৰ পৰমাণু থাকে। সি পৰমাণু বোৰক সিহঁতৰ আইছ’ট’প বা সমস্থানিক (isotope) বোলা হয়। কথাটো ভালদৰে বুজিবলৈ পৰমাণুৰ গঠনৰ বিষয়ে কিছু আলোচনা কৰিব লাগিব।

পৰমাণু ঘাইকৈ তিনি বিধ কণিকাৰ দ্বাৰা গঠিত। সেয়া হ’ল ইলেকট্ৰন, প্ৰ’টন আৰু নিউট্ৰন। পৰমাণুৰ কেন্দ্ৰভাগত বা নিউক্লিয়াছত প্ৰ’টন আৰু নিউট্ৰন কণিকাবোৰ থাকে। নিউক্লিয়াছৰ চৌপাশে ইলেকট্ৰনবোৰ ঘূৰি থাকে। যিহেতু ইলেকট্ৰনবোৰৰ ভৰ নগণ্য, সেয়ে পৰমাণু এটাৰ সমস্ত ভৰ ইয়াৰ নিউক্লিয়াছতেই থূপ খাই থাকে। একেবিধ মৌলৰ পৰমাণুবোৰৰ নিউক্লিয়াছত একে সংখ্যক প্ৰ’টন থাকিলেও নিউট্ৰনৰ সংখ্যা ভিন ভিন হ’ব পাৰে। অৰ্থাৎ মৌলটোৰ তেনে পৰমাণুবোৰৰ পাৰমাণৱিক সংখ্যা (atomic number)একে হ’লেও ভৰসংখ্যা (mass number) বেলেগ বেলেগ হয়। এইদৰে একেবিধ মৌলৰে বেলেগ বেলেগ সংখ্যাৰ নিউট্ৰন থকা পৰমাণুবোৰেই হ’ল মৌলটোৰ সমস্থানিক বা আইছ’ট’প।

হাইড্ৰ’জেন আইছ’ট’প তিনিটা : সাধাৰণ হাইড্ৰ’জেন বা প্ৰ’টিয়াম (protium); ইয়াৰ H1 বা H। গধুৰ হাইড্ৰ’জেন বা ডিউটেৰিয়াম (heavy hydrogen বা deuterium); প্ৰতীক H2 বা D। ট্ৰিটিয়াম (tritium); প্ৰতীক H3 T। প্ৰ’টিয়াম বা সাধাৰণ হাইড্ৰ’জেন আটাইতকৈ সৰল মৌল; ইয়াৰ নিউক্লিয়াছত মাত্ৰ এটা প্ৰ’টন থাকে, কিন্ত নিউট্ৰন নাথাকে। ডিউটেৰিয়ামৰ নিউক্লিয়াছত এটা প্ৰ’টন আৰু এটা নিউট্ৰন থাকে, আৰু ট্ৰিটিয়ামৰ নিউক্লিয়াছত এটা প্ৰ’টন আৰু দুটা নিউট্ৰন থাকে। গতিকে সাধাৰণ হাইড্ৰ’জেনতকৈ ডিউটেৰিয়াম আৰু ট্ৰিটিয়ামৰ ভৰ বেছি। ট্ৰিটিয়াম প্ৰকৃততে নিচেই কম কম পৰিমাণে পোৱা যায়; প্ৰকৃততে প্ৰতি ১০১৭ টা হাইড্ৰ’জেন পৰমাণুৰ লগত মাত্ৰ এটা ট্ৰিটিয়াম পৰমাণু থাকে। ই এবিধ তেজস্ক্ৰিয় পদাৰ্থ আৰু ইয়াৰ অৰ্ধায়ু (half life period) হ’ল ১২.৩ বছৰ। ই ঘাইকৈ মৌলৰ কৃত্ৰিম ৰুপান্তৰ্ণ প্ৰক্ৰিয়াত উৎপন্ন হয়।

৬ প্ৰকাৰৰ পানী

ওপৰত উল্লেখ কৰি অহা প্ৰকাৰৰ হাইড্ৰ’জেনৰ (প্ৰ’টিয়াম, ডিউটেৰিয়াম আৰু ট্ৰিটিয়াম) প্ৰত্যেকৰে দুটাকৈ পৰমাণুৱে অক্সিজেন এটা পৰমাণু লগত যোজিত হৈ মুঠতে ৩ প্ৰকাৰৰ পানী গঠন কৰিব পাৰে। সেয়া হ’ল :

প্ৰ’টিয়াম+অক্সিজেন= সাধাৰণ পানী (H2O);

ডিউটেৰিয়াম+অক্সিজেন=ডিউটেৰিয়াম পানী (D2O);

ট্ৰিটিয়াম+অক্সিজেন=ট্ৰিটিয়াম পানী (T2O)।

সাধাৰণ পানী প্ৰকৃতিত প্ৰচুৰ পৰিমাণে পোৱা যায়। সাধাৰণ পানীৰ লগত অতি কম পৰিমাণে (ওজন হিচাপে প্ৰায় ০.০০৩ শতাংশ) গধুৰ পানী (ডিউটেৰিয়াম পানী বা ডিউটেৰিয়াম অক্সাইড) থাকে। বিশুদ্ধ D2O ৰ ধৰ্ম সাধাৰণ পানীতকৈ বেলেগ। সাধাৰণ পানীৰ বিদ্যুৎ বিশ্লেষণ বা আংশিক পতন ঘটাই গধুৰ পানী উৎপাদন কৰা হয়। গধুৰ পানী পৰমাণু শক্তি উৎপাদন কৰা ৰিএক্টৰত নিউট্ৰনৰ দ্ৰুত গতি হ্ৰাস কৰিবলৈ মন্থৰক (মডাৰেটৰ) হিচাপে ব্যৱহাৰ কৰা হয়। ট্ৰিটিয়ামৰ দৰে ট্ৰিটিয়াম পানীও তেজষ্ক্ৰিয় পদাৰ্থ।

কিন্ত প্ৰ’টিয়াম, ডিউটেৰিয়াম আৰু ট্ৰিটিয়ামৰ যিকোনো দুটাৰ প্ৰত্যেকৰে পৰা এটাকৈ পৰমাণু লৈ মুঠতে দুটা পৰমাণুৰ লগত অক্সিজেন পৰমাণুটোৰ যোজন ঘটিও অন্য ৩ প্ৰকাৰৰ পানীৰ সংকেত হ’ব HDO, HTO আৰু DTO।

অৰ্থাৎ এতিয়া লৈকে আমি ৬ প্ৰকাৰৰ পানী পালো। সিহঁতৰ ৰাসায়নিক সংকেতবোৰ হ’ল :   H2O, D2O, T2O, HDO, HTO আৰু DTO।

১৮ প্ৰকাৰৰ পানী

প্ৰকৃতিত হাইড্ৰ’জেনৰ নিচিনাকৈ অক্সিজেনৰো ৩ প্ৰকাৰৰ আইছ’ট’প আছে : সিহঁতৰ ভৰসংখ্যা ক্ৰমে ১৬, ১৭ আৰু ১৮। এই পৰমাণু তিনিটাক অক্সিজেন-১৬ (O16), অক্সিজেন-১৭ (O17) আৰু অক্সিজেন-১৮ (O18) হিচাপে লিখা হয়। অক্সিজেন-১৬ ৰ নিউক্লিয়াছত ৮ টা প্ৰ’টন আৰু ৮ টা নিউট্ৰন, অক্সিজেন-১৭ৰ নিউক্লিয়াছত ৮ টা প্ৰ’টন আৰু ৯ টা নিউট্ৰন, আৰু অক্সিজেন-১৮ ৰ নিউক্লিয়াছত ৮ টা প্ৰ’টন আৰু ১০ টা নিউট্ৰন থাকে।

ওপৰত উল্লেখ কৰি অহা ৬ প্ৰকাৰৰ পানীৰ অণুত যোজিত হৈ থকা অক্সিজেন পৰমাণুটো O16 আইছ’ট’প। অৰ্থাৎ এই O16 আইছ’ট’পটো H, D আৰু T ৰ বিভিন্ন প্ৰকাৰে গঠিত ৬ টা দুটীয়া দলৰ (অণুৰ) সৈতে সংযুক্ত হৈ আছে। সেইদৰে অক্সিজেনৰ O17 আৰু O18 আইছ’ট’পৰ প্ৰত্যেকেই H, D আৰু T ৰ বিভিন্ন প্ৰকাৰে গঠিত ৬ টাকৈ দুটীয়া দলৰ (অণুৰ) সৈতে সংযুক্ত হৈ মুঠতে আৰু ১২ প্ৰকাৰৰ পানী গঠন কৰিব পাৰে। গতিকে প্ৰকৃতিৰ বুকুত মুঠতে ১৮ প্ৰকাৰৰ পানী পোৱা গ’ল।

ৰসায়ন বিজ্ঞানী সকলে প্ৰাকৃতিক পানীৰ পৰা এই ১৮ বিধ পানী বিশুদ্ধ ৰুপত পৃথক কৰিব পাৰিছে। তেওঁলোকে এই বিভিন্ন প্ৰকাৰৰ পানীৰ ভৌতিক ধৰ্মবোৰো অধ্যয়ন কৰিছে। প্ৰতিবিধ পানীৰে ঘনত্ব, হিমাংক আৰু উতলাংকও ভিন ভিন। উদাহৰণ স্বৰুপে, ১ লিটাৰ সাধাৰণ পানীৰ ভৰ ১ কিল’গ্ৰাম (৪ ডিগ্ৰী ছেলছিয়াছত); অন্যহাতে ১ লিটাৰ গধুৰ পানীৰ ভৰ ১.১ কিল’গ্ৰাম। সাধাৰণ পানীৰ হিমাংক ০ ডিগ্ৰী ছেলছিয়াছ আৰু উতলাংক ১০০ ডিগ্ৰী ছেলছিয়াছ। আনহাতে গধুৰ পানীৰ হিমাংক ৩.৮ ডিগ্ৰী ছেলছিয়াছ আৰু উতলাংক ১০১.৪ ডিগ্ৰী ছেলছিয়াছ। এই ১৮ বিধ পানীৰ ভিতৰত আটাইতকৈ পাতল বা লঘু হ’ল সাধাৰণ পানী (সংকেত H2O16) আৰু আটাইতকৈ গধুৰ হ’ল ট্ৰিটিয়াম পানী (সংকেত T2O18)। প্ৰকৃতিত বিভিন্ন প্ৰকাৰৰ পানীৰ পৰিমাণ স্থানভেদে বেলেগ বেলেগ। সাগৰত থকা প্ৰতি টন সাধাৰণ পানীত প্ৰায় ১৬৫ গ্ৰাম গধুৰ পানী থাকে।

ইতিমধ্যে আমি পাই অহা ১৮ বিধ পানীৰ অণু প্ৰকৃততে তিনি প্ৰকাৰৰ হাইড্ৰ’জেন (H, D আৰু T) পৰমাণু আৰু তিনি প্ৰকাৰৰ অক্সিজেন পৰমাণুৰ (O16, O17 আৰু O18) বিভিন্ন ধৰণে হোৱা মিলনৰ ফলত সৃষ্টি হৈছে। বিজ্ঞানী সকলে বৰ্তমান হাইড্ৰ’জেন আৰু অক্সিজেনৰ আৰু কিছু সংখ্যক আইছ’ট’প কৃত্ৰিম ভাৱে প্ৰস্তুত কৰিবলৈ সমৰ্থ হৈছে। সেই বোৰৰ ভিতৰত আছে হাইড্ৰ’জেন-৪ (H4), হাইড্ৰ’জেন-৫ (H5) আৰু অক্সিজেন-১৪ (O14), অক্সিজেন-১৫ (O15), অক্সিজেন-১৯ (O19) আৰু অক্সিজেন-২০ (O20)। এই আইছ’ট’প বোৰৰ ফলত উৎপন্ন হ’বপ্পৰা পানীৰ নতুন ধৰণৰ অণুবোৰৰ কথা বিবেচনা কৰিলে পানীৰ সৰ্বমুঠ প্ৰকাৰৰ সংখ্যা হ’বগৈ ১০৫।

বিজ্ঞান-সংবাদ

মৌ মাখিলৈ ফুলৰ বৈদ্যুতিক আদৰণি

অকল মনোমোহা ৰং, সুগন্ধ আৰু ধুনীয়া আকৃতিয়েই নহয়, ফুলে পৰিবেশলৈ এক প্ৰকাৰৰ বৈদ্যুতিক সংকেতো এৰি দিয়ে। এই সংকেতৰ প্ৰভাৱ আমাৰ ওপৰত কি দৰে পৰে সেই বিষয়ে এতিয়া লৈকে জানিব অৰা হোৱা নাই, কিন্ত পৰাগ-সংযোগকাৰী পতংগক ই কিদৰে আকৰ্ষিত কৰে সেই বিষয়ে শেহতীয়াকৈ বিজ্ঞানী সকলে জ্ঞান অৰ্জন কৰিছে। এবিধ মৌ মাখিয়ে (বৰমৌ; bum-biebee) এই বৈদ্যুতিক সংকেত গ্ৰহণ কৰি কোন বিধ ফুলত বেছি মৌ আছে তাক চিনাক্ত কৰিব পাৰে। গৱেষক সকলে দেখিছে যে উদ্ভিদ বোৰ সচৰাচৰ ঋণাত্মক বিদ্যুৎ আধান যুক্ত আৰু বায়ুৰ মাজেদি উৰি যাওঁতে ঘৰ্ষণৰ জৰিয়তে মৌ মাখিয়ে ধনাত্মক বৌদ্যুতিক আধান আহৰণ কৰে। মৌ মাখিটো ফুলত পৰা লগে লগে ফুল পাহৰ বৈদ্যুতিক আধান অতি কম সময়ৰ বাবে সামান্য পৰিমাণে বৃদ্ধি পায়। সেই ফুল পাহত পাছত পৰিবলৈ অহা মৌ মাখিটোৱে এই পৰিৱৰ্তন অনুভৱ কৰি গম পায় যে সেই ফুল পাহৰ পৰা ইতিমধ্যে মৌ চুহি নিয়া হৈছে। সেই কাৰণে পিছৰ মৌ মাখিটো তাত নপৰি অইন ফুলত পৰিবলৈ যায়। মৌ মাখিয়ে কেনেকৈ এই বৈদ্যুতিক সংকেত চিনাক্ত কৰে, সেই বিষয়ে জনা হোৱা নাই। কিন্ত ই এনেকুৱাও হ’ব পাৰে যে স্থিতি বৈদ্যুতিক বলৰ বাবে মৌ মাখিটোৰ গাৰ নোম্বোৰ দাং খাই উঠে (যিদৰে শুকান বতৰত ফণি, পলিএষ্টাৰৰ কাপোৰ আদিৰ সংস্পৰ্শত আমাৰ গাৰ নোম থিয় হয়), আৰু তাৰ পৰাই ই বৈদ্যুতিক ক্ষেত্ৰ খনৰ উমান পাব পাৰে।

সেউজীয়া ৰাসায়নিক দ্ৰব্য উৎপাদনৰ বাবে নতুন অনুঘটক

কপাৰ বা তাম ধাতু ‘মামৰে খালে’ ই অক্সিজেনৰ সৈতে লগ লাগি কপাৰ অক্সাইড উৎপন্ন কৰে। অৰ্থাৎ কপাৰ ধাতুৰ বিনাশ সাধন হয়। কিন্ত বিজ্ঞানী সকলৰ শেহতীয়া উদ্ভাৱনৰ ফলত সেই বিনষ্ট কপাৰৰ ওপৰত অতিশয় প্ৰবল পোহৰ পৰিবলৈ দিলে কপাৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰি যায়, আৰু বিশুদ্ধ কপাৰৰ পুনৰুদ্ধাৰ ঘটে। এই আৱিষ্কাৰে আপোনাৰ গাড়ী খন বা আন আহিলা পাতিত লগোৱা তামৰ অংশবোৰৰ ৰক্ষণা বেক্ষণত সহায় নকৰিব পাৰে, কিন্ত প্ৰপিলিন অক্সাইড নামৰ এবিধ ঔদ্যোগিক ভাৱে গুৰুত্ব পূৰ্ণ পদাৰ্থৰ উৎপাদনত সহায় কৰিব। এই জৈৱ পদাৰ্থ বিধ বিভিন্ন প্ৰকাৰৰ প্লাষ্টিক, টয়লেটত ব্যৱহাৰ কৰা সামগ্ৰী, প্ৰতি হিমকাৰক পদাৰ্থ (anti freeze), পেইণ্ট আদিৰ প্ৰস্তুতিত অৰিহণা যোগাব।

বিজ্ঞানী সকলে বহুদিন ধৰি প্ৰপিলিন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটাই প্ৰপিলিন অক্সাইড উৎপাদন কৰাৰ বাবে উপযুক্ত অনুঘটক বিচাৰি গৱেষণা কৰি আছিল। কাৰণ এই বিক্ৰিয়াটো জটিল আৰু ইয়াত কিছুমজান অদৰকাৰী যৌগ উৎপন্ন হয়। পদ্ধতিটোত কপাৰ ধাতু অনু ঘটকৰুপে ব্যৱহাৰ কৰা হয়, কিন্ত ই লগত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰাৰ ফলত ইয়াৰ কাৰ্যদক্ষতা পায়। সেয়ে তেওঁলোকে কপাৰ নেন’কণিকাৰ সৈতে ছিলিকা মিহলাই প্ৰয়োগ কৰি সুফল পালে; কিন্ত তেতিয়াও উৎপাদন কেৱল ২০ শতাংশহে হ’ল। পাছত কপাৰ অনুঘটটোৰ ওপৰত তীব্ৰ পোহৰ পেলাই বিক্ৰিয়া ঘটোৱাত উৎপাদন ৫০ শতাংশলৈ বৃদ্ধি হোৱা দেখা গ’ল।

খাদ্য-শৃংখলত নেন’কণা : এটা নতুন বিপদৰ আশংকা

নেন’কণাবোৰ সৰ্বব্যাপ্ত। ছানস্ক্ৰিনৰ পৰা কেনছাৰৰোধী ঔষধ লৈকে, গোন্ধৰোধী কাপোৰৰ পৰা টেনিছ ৰেকটলৈকে এই সূক্ষ্ম কণাবোৰ বিয়পি থাকি প্ৰাণী জগতৰ উপকাৰতকৈ অপকাৰ সাধন কৰিবলৈ ধৰিছে বুলি বিজ্ঞানী সকলে মত প্ৰকাশ কৰিছে। অলপতে এল পাছ’ত থকা টেক্সাছ বিচববিদ্যালয়ৰ নেতৃত্বত এটা আন্তৰ্জাতিক গৱেষকৰ দলে মাটিত প্ৰয়োগ কৰা ধাতৱ নেন’কণাই (আকাৰ : ১০-৯ মিটাৰৰ পৰা ১০-৭ মিটাৰ) আমাৰ খাদ্য-শৃংখলত প্ৰবেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰাৰ আশংকা আছে বুলি প্ৰকাশ কৰিছে। এই কণাবোৰ খাদ্যৰ জৰিয়তে বা উশাহত আমাৰ শৰীৰত সোমাই তেজৰ সোঁতত মিহলি হয়। তেওঁলোকে চয়াবিনৰ খেতিত প্ৰয়োগ কৰা জিংক অক্সাইড আৰু ছিৰিয়াম অক্সাইডৰ ওপৰত অধ্যয়ন চলাইছিল। দেখা গৈছে যে চয়াবিন গছবোৰ ডাঙৰ হ’লে গোটেই গছগোপাতে সম্পূৰ্ণ ভাৱে, আৰু সচৰাচৰ মাত্ৰাতকৈ অধিক পৰিমাণে সেই পদাৰ্থ দুবিধ শোষিত হয়। গছজোপাৰ দেহত জিংক অক্সাইড অন্য জৈৱ যৌগলৈ ৰুপান্তৰিত হয়, কিন্ত ছিৰিয়াম অক্সাইড অপৰিবৰ্তিত হৈ থাকে। উদ্ভিদৰ দেহত কেডমিয়াম আৰু আৰ্ছেনিকৰ দৰে আন বিষাক্ত পদাৰ্থৰ নেন’কণাৰো অৱশোষণ ঘটিব পাৰে।

উল্লেখযোগ্য যে ইউৰোপীয় খাদ্য নিৰাপত্তা কতৃপক্ষই (European Food Safety Authority) ইতিমধ্যে মানুহৰ খাদ্য আৰু পশু ধনৰ খাদ্যত নেন’কণাৰ মাত্ৰা নিৰ্ণয় কৰাৰ বাবে নিৰ্দেশনা দিছে, আৰু ইউৰোপীয় ইউনিয়নে নেন’কণাযুক্ত খাদ্যবোৰ লেবলিং কৰাটো নিয়মৰ ভিতৰুৱা কৰিছে।

অভিনৱ মাইক্ৰ’থাৰ্ম’মিটাৰ

আমাৰ শৰীৰৰ উষ্ণতা সচৰাচৰ পোৱা থাৰ্ম’মিটাৰৰ সহায়ত সহজে জুখিব পাৰি। কিন্ত শৰীৰৰ উষ্ণতা এটা কোষৰ পৰা আনটো কোষলৈ অতি সূক্ষ্ম পৰিমাণে বেলেগ বেলেগ হয়। এই পৰিমাণ সহজ পদ্ধতিৰে জুখিব নোৱাৰি। কিন্ত অলপতে উদ্ভাৱন কৰা এবিধ থাৰ্ম’মিটাৰৰ সহায়ত মানৱ দেহৰ প্ৰতিটো কোষৰ উষ্ণতা এটা এটাকৈ জুখি বিশেষ ব্যৱস্থাৰে নিৰীক্ষণ কৰিব পৰা যায়। আমি জানো যে দেহৰ কেনছাৰ যুক্ত কোষবোৰৰ উষ্ণতা স্বাভাৱিক কোষতকৈ বেছি। গতিকে এই নতুন থাৰ্ম’মিটাৰৰ সহায়ত দেহকোষৰ উষ্ণতাৰ পাৰ্থক্যৰ বিষয়ে জানি কেন্সাৰ ৰোগ নিৰ্ণয় কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

নতুন বেক্টেৰিয়াৰ নামকৰণত ভাৰতীয় নাম

বেক্টেৰিয়াৰ নাম কৰণত ইয়াৰ আৱিষ্কাৰক, কোনো বিশেষ দেশ বা ঠাইৰ নাম জড়িত কৰাটো নতুন কথা নহয়। এনে ধৰণৰ নামে কঠিন বৈজ্ঞানিক নাম প্ৰয়োগৰ জটিলতা দূৰ কৰে। শেহতীয়া ভাৱে চেঁচা মেৰু প্ৰদেশ, উৰ্ধ্বাকাশৰ ষ্ট্ৰেট’সফিয়েৰ আৰু মহাৰাষ্ট্ৰৰ প্ৰাচীন লোনাৰ হ্ৰদলৈকে এই বিস্তৃত আৰু বিচিত্ৰ অঞ্চলত আৱিষ্কাৰ হোৱা ৭০ বিধ বেক্টেৰিয়াৰ নামত ভাৰত, হিমালয় আৰু আৰ্যভট্টৰ নাম জড়িত হোৱাটো তাৎপৰ্য পূৰ্ণ। সেই নাম কেইটা হ’ল : Indibacter alkaliphilus, Pedobacter himalayensis আৰু Bacillus aryabhattai।

বিজ্ঞানীৰ বিচিত্ৰ কথা

গণিত বিজ্ঞানী শিশু-সাহিত্যিক!

‘লুইছ কেৰল’ (Lewis Carroll)গণিত বিজ্ঞানী চাৰ্লছ লুটউইজ ডজছনৰ (Charles Lutwidge Dodgson, ১৮৩২-১৮৯৮) ছদ্মনাম। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এই বিখ্যাত গণিতজ্ঞ জন গণিতৰ চৰ্চা আৰু তেওঁ ৰচনা কৰা গণিতৰ পুথিবোৰতকৈ শিশু সাহিত্যিক হিচাপেহে বেছি জনাজাত আৰু জনপ্ৰিয়। তেওঁ লুই কেৰল নামত লিখা ‘অজান দেশত’ এলিছ’ (Alice in Wonderland), আৰু আন কেইবাখনো গ্ৰন্থই তেওঁক বিশ্ব শিশু সাহিত্যৰ জগতত অমৰ কৰি ৰাখিছে। তেওঁৰ ‘এলিছ ইন ৱাণ্ডাৰলেণ্ড’ পুথি খন প্ৰকাশ হোৱাৰ পাছতে মহাৰাণী ভিক্ট’ৰিয়াই পঢ়িবলৈ পাইছিল। কিতাপখন পঢ়ি তেওঁ ইমান বেছি আনন্দ লাভ কৰিছিল যে লুইছ কেৰলৰ পিছৰ গ্ৰন্থ খন যাতে প্ৰকাশ হোৱাৰ লগে লগে তেওঁক আনি দিয়া হয়, তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল।

কিছু দিনৰ পাছত লুইছ কেৰলৰ পিছৰ খন গ্ৰন্থ প্ৰকাশ হ’ল। গ্ৰন্থ খন আনি মহাৰাণিইক পঢ়িবলৈ দিয়া হ’ল। গ্ৰন্থ খনৰ নাম আছিল : এলিমেণ্টেৰি ট্ৰিটিজ অন ডিটাৰমিনেণ্টছ’ (Elementary Treatise on Determinants; with their applications to Simultaneous liner Equations and Algebric Geometry)।

লেখক: ক্ষীৰধৰ বৰুৱা, প্ৰান্তিক

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top