মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / প্ৰকৃতি পাঠ সহজ, মনোগ্ৰাহী আৰু ফলপ্ৰসু বিষয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰকৃতি পাঠ সহজ, মনোগ্ৰাহী আৰু ফলপ্ৰসু বিষয়

প্ৰকৃতি পাঠ... সহজ, মনোগ্ৰাহী আৰু ফলপ্ৰসু বিষয়

প্ৰতি পল, প্ৰতি মুহূৰ্ত মোৰ নিজৰ লগতে চৌপাশে সম্পাদিত অগণন কৰ্মৰাজিয়ে মোক প্ৰায়ে ভবাই তোলে৷ কেতিয়াবা হেতা-ওপৰাকৈ, কেতিয়াবা নিৰৱচ্ছিন্নভাৱে অথবা কেতিয়াবা অতি শৃংখলিতভাৱে চিন্তাৰ খোৰাক যোগায়৷ পৃথিৱীত অহৰহ সংঘটিত হৈ থকা বহু কৰ্ম-অপকৰ্মৰ সদুত্তৰ বিচাৰি ফুৰোঁতে চিন্তাৰ গতি প্ৰায়েই প্ৰকৃতিৰ অক্ষয় ভাণ্ডাৰত স্তব্ধ হৈ ৰয় আৰু মই বিচাৰি পাওঁ মোৰ প্ৰশ্নৰ এক সঠিক উত্তৰ৷ উপলব্ধি কৰোঁ এক অনাবিল শান্তি৷ এনে উপলব্ধিৰ গইনা লৈয়ে প্ৰকৃতি পাঠ সম্পৰ্কত মনৰ কিছু ভাব প্ৰকাশ কৰি মানৱ সমাজলৈ কিঞ্চিত সেৱা আগ বঢ়োৱাৰ এয়া এক বিনম্ৰ প্ৰয়াস মাত্ৰ৷

প্ৰকৃতি মূলতঃ শক্তি, জৈৱিক আৰু অজৈৱিক উপাদানৰ সুসমন্বয়ত গঢ়ি উঠা পৃথিৱীৰ এক অৱস্থা৷ আনহাতে প্ৰকৃতি পাঠ অৰ্থাৎ প্ৰকৃতি সম্পৰ্কীয় জ্ঞান আহৰণ কৰাটো মানৱ জাতিৰ প্ৰতিজন ব্যক্তিৰ বাবেই নিতান্ত প্ৰয়োজনীয় এক বিষয়৷ পৃথিৱীত মানৱ জাতি যিহেতু তুলনামূলকভাৱে প্ৰকৃতিৰ শেহতীয়া সংযোজন, সেয়ে মানুহ জাতিয়ে হয়তো প্ৰকৃতিক সঠিকভাৱে বুজি পাবলৈ আৰু বহু সময়ৰ প্ৰয়োজন হ’ব৷ সেই সময়ো এদিন নিশ্চয় আহিব৷ কিন্তু এক নিৰ্দিষ্ট সময় সীমাৰ পৰিধিৰ ভিতৰত বসবাস কৰা মানৱ জাতিৰ অস্তিত্বৰ কথা যদি বিবেচনা কৰা হয়, তেন্তে এই কথা অনুধাৱন কৰিবলৈ অকণো কষ্ট নহয় যে প্ৰকৃতি পাঠৰ সঠিক অধ্যয়ন আৰু প্ৰয়োগ অবিহনে মানৱ জাতিৰ ভৱিষ্যৎ অতিশয় বিপদাপন্ন৷ বহুতৰে মনত হয়তো প্ৰশ্নৰ উদ্ৰেক হ’ব পাৰে যে প্ৰকৃতি পাঠতনো কি এনে যাদুকৰী শক্তি আছে যে মানৱ জাতিক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে? সঁচা কথা, প্ৰকৃতি পাঠত আছে এনে এক অফুৰন্ত শক্তি, যি শক্তিৰ দ্বাৰা আমি এখন প্ৰাচুৰ্যশালী পৃথিৱীৰ লগতে এখন সুস্থ-সবল, শান্তি সমৃদ্ধিৰ মানৱ সমাজ গঢ়ি তুলিব পাৰোঁ৷

পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজস্ব বৈশিষ্ট্যৰে জন্ম গ্ৰহণ কৰিলেও মানৱ শৰীৰৰ মূল উপাদানসমূহৰ বিশেষ ভিন্নতা নাই৷ তথাপিও মানুহে ব্যক্তি, গোট, দল, দেশ, ৰাজ্য, অঞ্চল, ভাষা, ধৰ্ম, লিংগ, বৰ্ণ, উচ্চ, নীচ, ধনী, দুখীয়া, শিক্ষিত, অশিক্ষিত, বলী, দুৰ্বলী আদি অসংখ্য ভিন্নতাৰে নিজকে পৃথক কৰাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া যুগ যুগ ধৰি কৰি আহিছে৷ যাৰ ফলশ্ৰুতিত জীৱশ্ৰেষ্ঠ বুলি কৈও মানৱ জাতিয়ে অহৰহ হিংসা, হত্যা, লুণ্ঠন, অবিশ্বাস, নিষ্ঠুৰতা, অহংকাৰ, নিৰ্লজ্জতাৰে পৃথিৱীক ভাৰাক্ৰান্ত কৰি তুলিছে৷ মানৱ সমাজযে ইয়াৰ বাবে বাৰুকৈয়ে জুৰুলা হৈছে সেয়া নিশ্চিত৷ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ৰাষ্ট্ৰনীতি, ধৰ্মনীতি, দলীয় নীতিৰ শুদ্ধ আৰু সময়োপযোগী বিশ্লেষণ নকৰি অযুক্তিকৰ আৰু অপৈণত এনে অসংখ্য নীতিৰ চক্ৰবেহুত সোমাই মানৱ জাতিয়ে বহু সময়ত পাহৰি গৈছে নিজৰ জন্ম ৰহস্য৷ বহু গুণী-জ্ঞানী, চিন্তাশীল ব্যক্তিৰ দ্বাৰা পৃথিৱীত মানুহৰ সৃষ্টিৰ সম্পৰ্কত অনেক মতবাদ, ধাৰণা যুক্তি সহকাৰে আগ বঢ়োৱা হৈ আহিছে৷ বিজ্ঞানৰ প্ৰগতিয়ে এনে বহু তথ্য প্ৰতিষ্ঠা কৰাত সফলো হৈছে৷ কিন্তু আমি স্পষ্টভাৱে দেখি থকা তথা উপলব্ধি কৰা চৰম সত্যটো হৈছে জন্ম আৰু মৃত্যুৰ এক প্ৰক্ৰিয়াৰ মাজেৰে মানৱ জাতিৰ অবিৰত যাত্ৰা৷ মহাসাগৰৰ ঢৌৰ দৰে সৃষ্টি আৰু ধ্বংসৰ বিৰামহীন প্ৰক্ৰিয়াৰ মাজেৰে আহি আহি মানৱ জাতিয়ে আজিৰ পৰ্যায় পাইছেহি৷ তদুপৰি পৃথিৱীৰ অন্যান্য জীৱকুলতকৈ তুলনামূলকভাৱে প্ৰকৃতি মাতৃয়ে মানুহক কিছুমা বস্তু বেছিকৈ দিলে৷ লোভ-মোহ, মৰম-দয়া, হিংসা-দ্বেষ, গৌৰৱ-অহংকাৰ আদি আৱেগ-অনুভূতিৰ লগতে মানুহ বিবেকৰ অধিকাৰী৷ তাতোকৈ অধিক, মানুহে বিবেকক প্ৰয়োগ কৰাৰ শক্তি লাভ কৰিছে৷ বাৰে বাৰে মানুহ জীৱশ্ৰেষ্ঠ বুলি অভিহিত হৈছে৷ তেনেহ্লে বিবেকৰ প্ৰয়োগৰ ওপৰতে ন্যস্ত হৈ আছে নেকি মানৱ জাতিৰ ভৱিষ্যৎ? যদি সেয়ে হয়, বিবেকৰ সঠিক প্ৰয়োগ কেনেদৰে সম্ভৱ হব পাৰে? এনে বহু প্ৰশ্নৰ উত্তৰ তথা সমাধানৰ উপায় মানৱ জাতিয়ে লাভ কৰিব পাৰে প্ৰকৃতি পাঠৰ জৰিয়তে৷

বিশ্ব-প্ৰকৃতি হল এখন মেলা কিতাপৰ দৰে৷ ইয়াৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো শাৰী, প্ৰতিটো শব্দ মানুহে নিজৰ ইচ্ছানুসৰি যিকোনো সময়তে অধ্যয়ন কৰিব পাৰে আৰু লাভ কৰিব পাৰে অফুৰন্ত জ্ঞানৰ ভাণ্ডাৰ যত অন্তৰ্নিহিত হৈ আছে মানৱ জাতিৰ সুখ, সমৃদ্ধি, শান্তি তথা অস্তিত্বৰ প্ৰশ্নটো৷

প্ৰকৃতি পাঠ অধ্যয়নৰ বাবে কোনো পুথিগত বা আক্ষৰিক জ্ঞান জৰুৰী নহয়৷ পৃথিৱীৰ প্ৰায় প্ৰত্যেকজন ব্যক্তিৰে প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণ থাকে৷ কোনো কোনোৰ ক্ষেত্ৰত এই আকৰ্ষণ অতি দুৰ্বাৰ হৈ উঠে৷ কিন্তু সামাজিক পৰিৱেশ, জীৱন ধাৰণৰ ধামখুমীয়া আৰু সৰ্বোপৰি দেশৰ শিক্ষা ব্যৱস্থা তথা জীৱন-জীৱিকাৰ ৰাষ্ট্ৰনীতিৰ পাকচক্ৰত মানুহৰ প্ৰকৃতৰ প্ৰেম সুপ্ত অথবা লুপ্তপ্ৰায় অৱস্থা পাইছেগৈ৷ পৃথিৱীৰ বায়ু, পানী, মাটিকে আদি কৰি অজৈৱিক উপাদানসমূহৰ উপৰি সকলো প্ৰকাৰৰ জৈৱিক উপাদানেই মানুহৰ জীৱন ধাৰণ তথা অস্তিত্বৰ বাবে নিতান্ত প্ৰয়োজনীয়৷ সেয়েহে প্ৰকৃতিক মাতৃতুল্য জ্ঞান কৰা হয়৷ এনে ক্ষেত্ৰত প্ৰকৃতি মাতৃৰ প্ৰতি থকা দায়িত্ব, কৰ্তব্য আৰু মমত্বৰ কথা পাহৰি যোৱাতকৈ মানৱ জাতিৰ বাবে অধিক বিড়ম্বনাৰ বিষয় কি থাকিব পাৰে? বিজ্ঞানৰ নিত্যনতুন আৱিষ্কাৰে উন্নতি আৰু প্ৰগতিৰ পৃথিৱীত মানৱ জাতিক অভাৱনীয় সাফল্য দিছে৷ জাতি, দেশ, ৰাজ্য বা অঞ্চলভেদে সমৃদ্ধিৰ শিখৰত আৰোহণ কৰা বুলি দাবী কৰিব পৰা হৈছে৷ কিন্তু বেছি দূৰলৈ নাচালেও এই এটা শতিকাৰ পৃথিৱীৰ গতি-প্ৰকৃতি, কার্যকাৰণসমূহ বিশ্লেষণ কৰিলে এই কথা স্পষ্টকৈ বুজা যায় যে মানৱ জাতি প্ৰকৃতিৰ ঊৰ্ধত হব নোৱাৰে৷ পৃথিৱীত মানুহৰ দ্বাৰা সম্পাদিত বহু সমাজ-সজ্জা, অপৰূপ কাৰুকাৰ্য মুহূৰ্তৰ ভিতৰতে তচ্‌নচ্‌ কৰি দি প্ৰকৃতিয়ে হয়তো এই কথাকেই বাৰে বাৰে প্ৰমাণিত কৰি আহিছে৷

এই বিনন্দীয়া জীৱমণ্ডলত মানুহ জাতিয়েই অন্য সকলো জীৱৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আহিছে৷ মানুহৰ জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰ-মহানগৰৰ সৃষ্টি, অপৰিকল্পিত যান্ত্ৰিক উন্নতিয়ে প্ৰকৃতি, পৰিৱেশৰ ওপৰত অত্যধিক হেঁচা প্ৰয়োগ কৰিছে৷ মানুহে নিজৰ বুদ্ধি আৰু জ্ঞানৰ প্ৰয়োগেৰে সুখ-সুবিধা ভোগৰ বাবে প্ৰকৃতিৰ সম্পদসমূহ সহজ অথবা জটিল প্ৰক্ৰিয়াৰে ৰূপান্তৰ ঘটাই নিজৰ খেয়াল-খুচিমতে প্ৰয়োগ কৰিছে৷ এনে কৰিবলৈ যাওঁতে আমাৰ ঘৰ, নগৰ, বা মহানগৰবোৰ এৰি প্ৰকৃতিৰ সান্নিধ্য লাভৰ বাবে মানুহে আন ঠাইলৈ ঢাপলি মেলিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৃথিৱীত দিনক দিনে অৰণ্য, মহাৰণ্য, নদ-নদী, পৰ্বত-পাহাৰ, সমতল, জলাহভূমি আদিৰ গুৰুত্ব বাঢ়ি আহিছে৷ আনহাতে আপেক্ষিকভাৱে কম উন্নয়নশীল অঞ্চলসমূহলৈ পৃথিৱীৰ সচেতন প্ৰকৃতিপ্ৰেমী তথা প্ৰকৃতিবিদসকলৰ দৃষ্টি আকৰ্ষিত হৈছে৷ পৃথিৱীৰ বহু দেশে এনে কথাৰ গুৰুত্ব উপলব্ধি কৰি তথা জনসংখ্যা বৰ্ধনৰ প্ৰতি গুৰুত্ব ৰাখি নিজৰ নিজৰ দেশত বা অঞ্চলত সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান অথবা জৈৱ-বৈচিত্ৰ্য ক্ষেত্ৰ আদিৰে বিভিন্ন ৰূপত প্ৰকৃতি-পৰিৱেশ সংৰক্ষণ কৰাৰ প্ৰতি গুৰুত্ব দি আহিছে৷ বহু ৰাজ্য, বহু ৰাষ্ট্ৰই আকৌ প্ৰাকৃতিক সম্পদ তথা সৌন্দৰ্যৰে পৰিপূৰ্ণ তেওঁলোকৰ অঞ্চলসমূহ মানুহৰ বসতি সত্ত্বেও যথাসম্ভৱ প্ৰাকৃতিক পৰিৱেশ অটুট ৰাখি গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ হৈ আগ বাঢ়িছে৷ এনে বহু অঞ্চল বা ঠাই পৃথিৱীৰ ভিতৰতে সুন্দৰ পৰ্যটনথলীলৈ পৰ্যবসিত হৈছে৷ প্ৰকৃতি প্ৰচুৰ সম্পদৰ ভাণ্ডাৰ হলেও বৰ্তমানৰ পৰিপ্ৰেক্ষিতত সেই সম্পদসমূহ মানৱ জাতিয়ে মিতব্যয়িতাৰে ব্যৱহাৰ কৰাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব৷ এই পৃথিৱী কেৱল কোনো এটা নিৰ্দিষ্ট সময়সীমাৰ এচাম মাত্ৰ মানুহৰ ভোগৰ থলী বুলি ভবা উচিত নহয়৷ মানৱ জাতিৰ অস্তিত্বৰ খাতিৰতে মানুহে প্ৰকৃতিৰ সম্পদসমূহৰ সঠিক ব্যৱহাৰ শিকিব লাগিব৷ সহনশীলা প্ৰকৃতিক অত্যধিক অত্যাচাৰ নকৰি প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি আগ বাঢ়ি যোৱাই মানৱ জাতিৰ বাবে হয়তো অধিক বুদ্ধিমানৰ কাম হব৷

প্ৰকৃতি পাঠ অতি সহজ, মনোগ্ৰাহী, ৰোমাঞ্চকৰ আৰু ফলপ্ৰসু বিষয়৷ গভীৰভাৱে প্ৰকৃতিক উপলব্ধি কৰিব পাৰিলে ক্ৰমান্বয়ে মানুহে প্ৰকৃতিৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰিব আৰু ইয়াৰ মাজত উপলব্ধ হব পৃথিৱীৰ মানৱ জাতিয়ে শান্তি, সম্প্ৰীতি, বুজাবুজি আৰু বিশ্বাসেৰে আগুৱাই যোৱাৰ মহামন্ত্ৰ৷

শ্ৰীমতী হেমাঞ্জলি সন্দিকৈ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top