মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / পৰিৱেশ বিজ্ঞানৰ এক অৱলোকন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ বিজ্ঞানৰ এক অৱলোকন:

পৰিৱেশ বিজ্ঞানৰ এক অৱলোকন আলোচনা কৰা হৈছে

 

১)আমাৰ পৰিৱেশ(Our Surroundings):

মানুহ, জীৱ-জন্তু, বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু অন্যান্য ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱসমূহৰ জন্ম আৰু বিকাশৰ ওপৰত যিবোৰ বাহ্যিক কাৰকে প্ৰভাৱ বিস্তাৰ কৰে আৰু যি পাৰিপাৰ্শ্বিকত সেইবোৰ ঘটে সেইবোৰকে একেলগে পৰিৱেশ বোলা হয়। পৰিৱেশ সংৰক্ষণ অধিনিয়ম অনুযায়ী দিয়া সংজ্ঞামতে মাটি, বায়ু, পানী আৰু সিবোৰৰ মাজত থকা সম্পৰ্ক তথা মানুহ, অন্যান্য জীৱ, প্ৰাণী, উদ্ভিদ আদি আৰু বিভিন্ন প্ৰকাৰৰ সম্পদৰ সমষ্টিক পৰিৱেশ বুলি কোৱা হয়। গুণাগুণ অনুযায়ী প্ৰাকৃতিক, সামাজিক আৰু মনস্তাত্ত্বিক পৰিৱেশৰো ধাৰণা কৰা হৈছে।

প্ৰাকৃতিক পৰিৱেশ:

 

বাসস্থানৰ পাৰিপাৰ্শ্বিক অৱস্থাৰপৰা জল, স্থল আৰু বায়ুমণ্ডলৰ বিভিন্ন অৱস্থাবোৰ বুজোৱা ইহয়। নানা প্ৰকাৰৰ গছ-গছনি, খাল-বিল, নদ-নদী, জান-জুৰি, পাহাৰ-পৰ্বত, জীৱ-জন্তু, ৰ’দ-বৰষুণ-ধুমুহা আদিয়ে পাৰিপাৰ্শ্বিক অৱস্থা বুজায় আৰু এইবোৰে একেলগে মানুহৰ প্ৰাকৃতিক পৰিৱেশ গঠন কৰে।

সামাজিক পৰিৱেশ:

 

নিজৰ ঘৰখন, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ, মিতিম-কুটুম আদিৰ সৈতে থকা সম্বন্ধৰদ্বাৰা সামাজিক পৰিৱেশ গঠিত হয়। বিভিন্ন প্ৰকাৰৰ উৎসৱ তথা পৰম্পৰাগত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিয়ে সামাজিক পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। সামাজিক পৰিৱেশৰ সৈতে ৰাজহুৱা পৰিৱেশ, দেশ আৰু আন্ত:ৰাষ্ট্ৰীয় পৰিৱেশৰো সম্পৰ্ক আছে।

মনস্তাত্ত্বিক পৰিৱেশ:

 

মানুহৰ আচাৰ-ব্যৱহাৰ, বুদ্ধি-বৃত্তিৰ বিকাশ, ৰুচি-অভিৰুচিৰ মানদণ্ড, জীৱনধাৰণৰ মানদণ্ড, প্ৰযুক্তিগত কৌশল আদি যথাযথ প্ৰয়োগৰ দ্বাৰা যি পৰিৱেশত সুখ আৰু আনন্দ লাভ কৰিব পৰা যায় তাকে মনস্তাত্ত্বিক পৰিৱেশ আখ্যা দিয়া হয়। এনে পৰিৱেশ যিমানে উন্নত হয়, সমাজ জীৱন সিমানে সুখময় হয়।

পৰিৱেশৰ উপাদান:

পৰিৱেশৰ উপাদান মূলত: দুই প্ৰকাৰৰ-জৈৱিক আৰু অজৈৱিক।

জৈৱিক উপাদান: পৰিৱেশৰ জৈৱিক উপাদান মূলত: তিনি প্ৰকাৰৰ-

ক)প্ৰাথমিক উৎপাদনকাৰী:

সূৰ্যৰ পোহৰত ঘটা সালোক-সংশ্লেষণ বিক্ৰিয়াৰ স্বাৰা সকলো প্ৰকাৰৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান অণুজীৱ বা বেক্টেৰিয়াই নিজৰ খাদ্যবস্তু উৎপন্ন কৰে, সেইবোৰক প্ৰাথমিক উৎপাদক বোলে।

খ)উপভোক্তা:

সকলো প্ৰকাৰৰ প্ৰাণী, জীৱ-অনুজীৱ আদি যিবোৰ প্ৰাথমিক উৎপাদনকাৰী নহয় সেই আটাইবোৰকে উপভোক্তা বোলে। উৎপাদনকাৰীৰপৰা প্ৰত্যক্ষভাৱে বা আন উপভোক্তাৰ মাধ্যমেদি উপভোক্তাবোৰে খাদ্য গ্ৰহণ কৰে।

পচনকাৰী:

উৎপাদক আৰু উপভোক্তাবোৰৰ মৃত দেহত ক্ৰিয়া কৰি যিবোৰ জীৱাণুৱে কোষত থকা জটিল জৈৱ যৌগবোৰ সৰল অজৈৱ লৱণলৈ ৰূপান্তৰিত কৰে, সেইবোৰকে পচনকাৰী বা বিযোজক বোলে।

অজৈৱিক উপাদান:

জীৱহীন অথবা ভৌতিক উপাদানসমূহক পৰিৱেশৰ অজৈৱিক উপাদান বোলে। বায়ু, পানী, মাটি, খনিজাত দ্ৰৱ্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদিকে অজৈৱিক উপাদান বোলা হয়।

২)পৰিৱেশৰ গঠনভিত্তিক উপাদান(Environmental factors):

গঠন অনুযায়ী পৰিৱেশৰ চাৰিটা মুখ্য উপাদান বিবেচনা কৰা হয়- স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল।

ক)স্থলমণ্ডল:

পৃথিৱীৰ খোলাটো, তাত থকা জৈৱ আৰু অজৈৱ সকলো পদাৰ্থকে স্থলমণ্ডল বা শিলামণ্ডল বোলে। পৃথিৱীখন প্ৰায় গোলাকাৰ আৰু গড় ব্যাসাৰ্ধ হৈছে প্ৰায় 6400 কি:মি:। পৃথিৱীৰ খোলাটো কঠিন শিলেৰে গঠিত আৰু তাৰ ওপৰতে আছে সাগৰ, মহাসাগৰ, পৰ্বত, পাহাৰ, জান, জুৰি, খাল, বিল, হ্ৰদ, নদী আৰু সমতল ভূমি। কঠিন এই খোলাটো 100 কি:মি:ৰ পৰা আৰম্ভ কৰি প্ৰায় 150 কি:মি: পৰ্যন্ত হ’ব পাৰে। সাধাৰণ মানুহৰ দৃষ্টিৰ অগোচৰে ভূগৰ্ভত অৱস্থিত ছয়খন বৃহৎ আকাৰৰ প্ৰস্তৰ ফলক আৰু আন বাৰখন মান তুলনামূলকভাৱে ক্ষুদ্ৰকায় প্ৰস্তৰ ফলক লগ লাগি পৃথিৱীৰ খোলাটো গঠিত হৈছে আৰু তাৰে ওপৰত অৱস্থিত হৈছে স্থলমণ্ডল।

স্থলমণ্ডলত থকা উৰ্বৰাভূমিত নানা প্ৰকাৰৰ উদ্ভিদ পোৱা যায় আৰু সেই ভূমিতে মানুহে খেতি কৰে। স্থলমণ্ডলত নানা প্ৰকাৰৰ খনিজাত পদাৰ্থ ভূগৰ্ভস্থ হৈ থাকে। স্থলমণ্ডলৰে সুবিধাজনক স্থানবোৰত মানুহে ঘৰ সাজি বসবাস কৰে। স্থলমণ্ডলত থকা বনাঞ্চল হৈছে নানা প্ৰকাৰৰ জীৱ-জন্তু তথা বাসস্থান আৰু প্ৰাকৃতিক সম্পদৰ বিশাল ভাণ্ডাৰ।

খ)জলমণ্ডল:

পৃথিৱীৰ উপৰিভাগত থকা সমস্ত পানীভাগক একেলগে জলমণ্ডল বোলে। ভূ-পৃষ্ঠৰ মুঠ মাটিকালিৰ প্ৰায় 70 শতংশ পানীৰে আৱৰা। মুঠ পানীৰ মাত্ৰ শতকৰা তিনিভাগ মানুহে খোৱাৰ উপযোগী বা মিঠা, বাকীখিনি পানী লুণীয়া। মিঠা পানীখিনি খাল, বিল, হ্ৰদ, নদীৰ পানী, ভূগৰ্ভস্থ পানী তথা বৰফ হিচাপে মেৰু অঞ্চল আৰু হিমবাহত পোৱা যায়।

জীৱজগতৰ বাবে পানী অতি আৱশ্যকীয়। প্ৰায়বোৰ জন্তু আৰু উদ্ভিদৰ দেহত ওজন হিচাপত শতকৰা 60ৰ পৰা 70 ভাগ পানী থাকে। ইয়াৰ উপৰিও যাতায়ত আৰু ঔদ্যোগিক প্ৰতিস্থানত পানী অতি মূল্যৱান সম্পদ।

সেউজীয়া উদ্ভিদৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়া চলি থাকিবলৈ পানী অতি প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, প্ৰতি গ্ৰাম শ্বেতসাৰ প্ৰস্তুত কৰিবলৈ উদ্ভিদক প্ৰায় 100 লিটাৰ পানীৰ প্ৰয়োজন হয়।

গ)বায়ুমণ্ডল:

জীৱজগতৰ বাবে পানী যিদৰে অত্যাৱশকীয়, ঠিক সেইদৰে বায়ুৰ উপস্থিতিও অত্যাৱশ্যকীয়। বায়ু অবিহনে জীৱজগতৰ স্থিতি সম্ভৱ নহয়।

ভূ-পৃষ্ঠৰ কেইবাশ কিল’মিটাৰ ওপৰলৈকে বিস্তৃত হৈ থকা গেছীয় আৱৰণটোৰ নাম বায়ুমণ্ডল। ক্ৰমান্বয়ে ওপৰলৈ বায়ুমণ্ডল পাতল হৈ গৈ থাকে। শুকান আৰু পৰিষ্কাৰ বায়ুত আয়তন হিচাবে শতকৰা প্ৰায় 78.08 ভাগ নাইট্ৰ’জেন, 20.95 ভাগ অক্সিজেন, আৰু অতি কম পৰিমাণে আন বহুবিধ গেছীয় পদাৰ্থ পোৱা যায়।

ভৌতিক ধৰ্ম অনুযায়ী পৃথিৱীৰ বায়ুমণ্ডল চাৰিটা মূল ভাগত বিভক্ত কৰা হৈছে- ট্ৰপ’সফিয়াৰ, ষ্ট্ৰেট’সফিয়াৰ, মেছ’সফিয়াৰ আৰু থাৰ্ম’সফিয়াৰ। ইয়াৰে ভিতৰত ট্ৰপ’সফিয়াৰ অঞ্চলটোতে বতৰৰ প্ৰায়বোৰ ঘটনা ঘটে, ইয়াত বায়ুৰ ঘনত্ব বেছি আৰু এই অঞ্চলটোত বায়ুৰ উষ্ণতা ওপৰলৈ ক্ৰমান্বয়ে কমি যায়, এই স্তৰৰ সৰ্বোচ্চ স্তৰতবায়ুৰ উষ্ণতা প্ৰায়- 55°C অৰ্থাৎ অতি শীতল। সৰ্বোচ্চ স্তৰৰ বায়ুমণ্ডলটোৰ নাম থাৰ্ম’সফিয়াৰ। ট্ৰপ’সফিয়াৰৰ বিস্তৃতি 9 কি:মি:ৰ পৰা 16 কি:মি:ৰ ভিতৰত ধৰা হয়। 80 কি:মি:ৰ পৰা অধিক উচ্চতাত থাৰ্ম’সফিয়াৰ আৰম্ভ হয়।

ঘ)জীৱমণ্ডল:

মাটি, পানী আৰু বায়ু সকলোতে বিভিন্ন প্ৰকাৰৰ জীৱে বসবাস কৰে। জীৱৰ বসতি থকা অঞ্চলবোৰক একেলগে জীৱমণ্ডল বোলে। জীৱমণ্ডল বা জৈৱ মণ্ডল হৈছে কিছুমান পৰিস্থিতি তন্ত্ৰৰ সমষ্টি আৰু জীৱ থকা তেনে একোটা পৰিস্থিতিতন্ত্ৰক বায়’ম( biome) বোলা হয়। বিষুৱ অঞ্চলৰ বৰ্ষাৰণ্য, মৰুভূমি, মেৰু অঞ্চল, তুন্দ্ৰ অঞ্চল, চাভানা অঞ্চল আৰু প্ৰেইৰী অঞ্চল আদি বহুসংখ্যক বায়’ম পৃথিৱীত আছে।

3)আমাৰ প্ৰয়োজন(Our needs):

উশাহ ল’বলৈ বায়ু সকলো প্ৰাণীকে লাগে। সকলো জীৱকে জীয়াই থাকিবলৈ পানী লাগে আৰু খাদ্য লাগে। ইয়াৰ উপৰিও ঘৰ-দুৱাৰ সাজিবলৈ আৰু খেতি-বাতি কৰিবলৈ মানুহক উপযুক্ত মাটি লাগে। সভ্যতাৰ জখলাৰে আগবঢ়া মানুহৰ প্ৰয়োজনবোৰ দিনে দিনে সলনি হৈছে। লাজ ঢাকিবলৈ গছৰ পাত বা বাকলি ব্যৱহাৰ কৰা মানুহে এতিয়া বিধে বিধে কাপোৰ পিন্ধে, যাতায়তৰ নানা পদ্ধতি ব্যৱহাৰ কৰে আৰু বিবিধ প্ৰকাৰৰ ভোগৰ সামগ্ৰী ব্যৱহাৰ কৰে। এইবোৰ কৰোতে বিজ্ঞান তথা প্ৰযুক্তিবিদ্যা বহুলভাৱে প্ৰয়োগ কৰা হৈছে। সভ্যতাৰ প্ৰগতিৰ লগে লগে পৰিৱেশৰো পৰিৱৰ্তন ঘটিছে আৰু নানা প্ৰকাৰৰ বিৰূপ প্ৰভাৱৰ বাবে পৰিৱেশৰ প্ৰদুষণ হৈছে। প্ৰদূষণৰ কুপ্ৰভাৱ মানুহৰ স্বাস্থ্যৰ ওপৰত, অৰ্থনীতিৰ ওপৰত তথা সমাজ ব্যৱস্থাৰ ওপৰত পৰিছে আৰু সেইকাৰণে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰাৰম্ভিক স্তৰৰপৰাই আমাৰ দেশত পৰিৱেশ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে।

৪)বায়ু(Air):

কোনো ঠাইৰ বায়ুত হানিকাৰক আৰু অদৰকাৰী পদাৰ্থ হানিকাৰক পৰ্যায়ত জমা হ’লে সেই বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়।

প্ৰদূষিত বায়ুৰ কাৰণে হোৱা ৰোগৰ ভিতৰত আছে- নাক, পকাণ, ডিঙি, চকু, আৰু হাওঁফাওঁৰ বিভিন্ন ৰোগ, কাহ, এজমা, ব্ৰংকাইটিছ আৰু বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ।

মানুহৰ বিভিন্ন কাৰ্যকলাপ আৰু বিশেষকৈ উদ্যোগৰ দ্ৰুত বিকাশৰ ফলত বায়ুমণ্ডলত প্ৰদূষণকাৰী দ্ৰৱ্যৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে। বায়ু প্ৰদূষণৰ কাৰক হিচাবে তলত দিয়াবোৰ বিশেষভাৱে চিহ্নিত কৰা হৈছে-

ক)যান-বাহন:

মটৰ গাড়ী, ৰে’লগাড়ী আদি বিভিন্ন যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ দ্বাৰা বায়ু যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। এনে ধোঁৱাত মিহলি হৈ থকা বিষাক্ত পদাৰ্থসমূহৰ ভিতৰত আছে- কাৰ্বন মন’ক্সাইড, ছালফাৰ ডায়’ক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড ইত্যাদি। যান-বাহনৰ ধোঁৱাৰ দ্বাৰা ঘটা এই প্ৰদূষণৰ মাত্ৰা নগৰ অঞ্চলত যথেষ্ট বেছি।

খ)উদ্যোগ:

বিভিন্ন ৰাসায়নিক উদ্যোগৰ পৰা নিৰ্গত হোৱা ধোঁৱাত থকা বিষাক্ত দ্ৰৱ্যবোৰে বায়ু প্ৰদূষিত কৰে। তেনে বিষাক্ত গেছীয় পদাৰ্থবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল- এচিট’ন, এম’নিয়া, বেনযিন, কাৰ্বন মন’ক্সাইড, ক্লৰিণ, ফাৰ্মেলডিহাইড, গেছ’লিন, হাইড্ৰ’ক্ল’ৰিক এচিড, ছালফাৰ ডায়’ক্সাইড ইত্যাদি।

গ)ইন্ধনৰ দহন আৰু অন্যান্য প্ৰযুক্তিৰ প্ৰভাৱ:

বিভিন্ন উদ্যোগ আৰু যান-বাহনত জীৱাষ্ম ইন্ধন(কয়লা, পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ) দহন কৰাৰ ফলত বায়ুমণ্ডলত থকা কাৰ্বন ডায়’ক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ আছে। নানা প্ৰকাৰৰ জৈৱ পদাৰ্থৰ অপঘটনৰ ফলত বায়ুত মিথেল গেছৰ পৰিমাণ বৃদ্ধি হৈ আছে। প্ৰশীতক যন্ত্ৰ, শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদিত ব্যৱহাৰ কৰা তৰলৰপৰা বায়ুমণ্ডলত ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন নামৰ এবিধ প্ৰদূষক গেছৰ পৰিমাণ বৃদ্ধি হৈ আছে।

সেউজগৃহ প্ৰভাৱ আৰু ভউষ্মীকৰণ: আমি জানো যে আকাশ মেঘে ঢাকি ৰাখিলে বতৰ গৰম হয়, সহজ অৰ্থত সেইদৰে গৰম হোৱা প্ৰভাৱটোৰ নাম সেউজগৃহ প্ৰভাৱ। দুৱাৰ-খিড়িকী বন্ধ কোঠা এটাৰ ভিতৰত বা বন্ধ গাড়ী এখনৰ ভিতৰতো একে ধৰণৰ প্ৰভাৱ দেখা যায়। বায়ুমণ্ডলত কাৰ্বন ডায়’ক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন আদিৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত বায়ুমণ্ডলত সেউজগৃহ প্ৰভাৱ বৰ্ধিক হাৰত ঘটিছে। এনে প্ৰভাৱৰ কাৰণে বায়ুমণ্ডলৰ স্বাভাৱিক উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে। এইদৰে ভূ-পৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি হোৱাকে ভূ-উষ্মীকৰণ বোলে।

পানী(Water):

পানীত মানুহে মাছ মাৰে, পানীৰে নাও-জাহাজত চলাচল কৰে, পানীত গা ধোৱে, কাপোৰ ধোৱে। উদ্যোগবোৰত নানা প্ৰকাৰৰ পদাৰ্থৰ পৰিমাণে অত্যাধিক মাত্ৰাত বৃদ্ধি হ’লে পানীৰ স্বাভাৱিক গুণ বিনষ্ট হয়, ইয়াকে জল প্ৰদূষণ বোলে। অত্যাধিক তাপশক্তি আৰু তেজস্ক্ৰিয় পদাৰ্থৰ উপস্থিতিৰ কাৰণেও মানুহ, জীৱ-জন্তু আৰু জলচৰ প্ৰাণীসমূহৰ বাবে পানী অনুপযোগী হৈ পৰিব পাৰে। জল প্ৰদূষণ তিনি প্ৰকাৰৰ হ’ব পাৰে-

ক)বিভিন্ন প্ৰকাৰৰ জৈৱমূলক পদাৰ্থ, ভাইৰাছ, জীৱাণু, আদ্যপ্ৰাণী, কৃমি আৰু শেলাই আদিৰ দ্বাৰা পানী প্ৰদূষিত হ’ব পাৰে।

খ)নানা প্ৰকাৰৰ জৈৱ আৱৰ্জনা আৰু অজৈৱ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা পানী প্ৰদূষিত হ’ব পাৰে।

গ)বিভিন্ন কল-কাৰখানা, উদ্যোগ আদিৰ পেলনীয়া দ্ৰৱ্যবোৰৰ দ্বাৰা নদ-নদী, বিল, হ্ৰদ আদিৰ পানী নানা প্ৰকাৰে দূষিত হ’ব পাৰে।

জলপ্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰী পৰ্যায়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিবলৈ উদ্যোগসমূহলৈ নিৰ্দেশ দিয়া হয়। প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ চৰকাৰী আৰু বেচৰকাৰী সকলো পৰ্যায়তে গ্ৰহণ কৰা উচিত, পানীৰ অপচয় হ্ৰাস কৰা উচিত আৰু যথাসম্ভৱ পানীৰ পানীৰ চক্ৰীকৰণ কৰি এই অমূল্য সম্পদ সকলো মানুহৰ বাবে সহজলভ্য কৰি তোলা উচিত।

৬)মাটি(Soil): মাটি হৈছে সৰু-বৰ নানা প্ৰকাৰৰ জীৱ আৰু উদ্ভিদৰ বসতিস্থল আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপ মাটিৰ ওপৰতে চলে। উদ্ভিদ আৰু জীৱজগতৰ ক্ৰিয়া-কলাপসমূহ সুকলমে চলিবলৈ হ’লে মাটিত থকা উপাদানসমূহ আৰু মাটিৰ আন বৈশিষ্ট্যসমূহ অক্ষত অৱস্থিত থকা উচিত। কিন্তু মানুহৰ কিছুমান অৰ্থনৈতিক তথা বিবেচনাহীন কাৰ্যকলাপ আৰু ভূমিকম্প, আগ্নেয়গিৰি, ভূমিস্খলন, বানপানী গৰাখহনীয়া আদি নানা তৰহৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত মাটিৰ প্ৰদূষণ ঘটা দেখা যায়।

ঔদ্যোগিক আৱৰ্জনা, নগৰ অঞ্চলৰ আৱৰ্জনা আৰু নানা প্ৰকাৰৰ কৃষিজাত আৱৰ্জনা দ’ম কৰাৰ ফলত মাটি প্ৰদূষিত হয়। ভূমি প্ৰদূষিত হোৱাৰ ফলস্বৰূপে খেতিৰ উৎপাদন হ্ৰাস পায়, দুৰ্গন্ধ বিয়পে আৰু হানিকাৰক নানা বীজাণুৰ দ্বাৰা বাসিন্দাসকল প্ৰভাৱিত হয়। সাম্প্ৰতিক কালত প্লাষ্টিকৰ দ্বাৰা জল, স্থল সকলোতে প্ৰদূষণ বৃদ্ধি হৈছে।

মাটিৰ বিভিন্ন স্তৰ:

মাটিৰ পাঁচটা প্ৰধান স্তৰ আছে-

ক)O স্তৰ বা জৈৱিক স্তৰ

খ)A স্তৰ বা টপ চইল
গ)B স্তৰ বা উপমৃত্তিকা স্তৰ

ঘ)C স্তৰ বা চতুৰ্থ স্তৰ আৰু

ঙ)শিলেৰে গঠিত পঞ্চম স্তৰ।

জৈৱিক স্তৰটো কৃষিকাৰ্যত ব্যৱহাৰ হয়।

ভূ-পৃষ্ঠৰ উপৰিভাগত থকা সাৰুৱা মাটিক হিউমাছ বা আলতীয়া মাটি বোলে। জীৱ-জন্তু আৰু উদ্ভিদৰ বিভিন্ন অংশৰ বিয়োজন বা পচন ঘটাৰ ফলত ঘন মুগা বৰণৰ হিউমাছ উৎপন্ন হয়। মাটিৰ এই অংশত নানা প্ৰকাৰৰ উদ্ভিদ গছ আৰু বৃদ্ধি হয়। হিউমাছৰপৰা উদ্ভিদে পোষক দ্ৰৱ্য লাভ কৰে।

ভূমি অৱক্ষয়:

কাৰণ আৰু ৰোধৰ উপায়:

ভূ-পৃষ্ঠৰপৰা মাটিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰ বতাহ বা পানীৰ প্ৰভাৱত আঁতৰি যোৱাৰ ফলত মাটিৰ তৰপ পাতল হৈ যায়, এই প্ৰক্ৰিয়াটোৰ নাম ভূমি অৱক্ষয়। এই প্ৰক্ৰিয়াৰ কাৰণে বিশ্বৰ প্ৰধান খাদ্য উৎপাদনকাৰী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ভাৰত আৰু চীন দেশত কৃষিভূমিৰ গুৰুতৰ ক্ষতি হোৱা দেখা গৈছে।

ধুমুহা বতাহ, ধাৰাসাৰ বৰষুণ, সমুদ্ৰৰ ঢৌ আদিৰ কাৰণে ভূমি অৱক্ষয় হয়। বনাঞ্চলৰ ধ্বংস কাৰ্য আৰু অবৈজ্ঞানিক কৃষি পদ্ধতিৰ কাৰণেও ভূমি অৱক্ষয় হয়। খৰস্ৰোতা নদী আৰু বৃহৎ নদী বান্ধ আদিৰ কাৰণে নানা প্ৰকাৰৰ ভূমিস্খলন, গৰাখহনীয়া আদি ঘটি ভূমি অৱক্ষয় হয়।

ভূমি সংৰক্ষণ কৰিবলৈ আৰু ভূমি অৱক্ষয় ৰোধ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ কৃষি পদ্ধতি অৱলম্বন কৰা হৈছে। সেইবোৰৰ ভিতৰত আছে-

ক)সংৰক্ষণশীল হাল বোৱা পদ্ধতি,

খ)কনট’ৰ কৃষি পদ্ধতি(Contour Farming)

গ)ঢাপ পদ্ধতি(Tarracing)

ঘ)বহু তৰপীয়া কৃষি পদ্ধতি(Strip Cropping)

ঙ)এলি ক্ৰপিং(Alley Cropping)

চ)বতাহ প্ৰতিৰোধী পদ্ধতি(Wind breaks or shelter belts)

৭)খাদ্য(Food):

মানুহ আৰু অন্যান্য জীৱ-জন্তুবোৰ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে নিৰ্ভৰশীল। মানুহৰ খাদ্যৰ মূল উপাদানসমূহ হ’ল- প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, চৰ্বি, তেলজাতীয় পদাৰ্থ,ক আঁহজাতীয় দ্ৰৱ্য আৰু খনিজ লৱণ।

ক)মাছ, মাংস, কণী, ছয়াবিন, দাইল আৰু মাহজাতীয় শস্যৰপৰা প্ৰ’টিন পোৱা যায়।

খ)আলু, কচু, ধান, ঘেঁহু, জোৱাৰ, বজ্ৰা, আদি নানাবিধ বীজ-শস্যৰ পৰা কাৰ্ব’হাইড্ৰেট পোৱা যায়।

গ)তেলজাতীয় পদাৰ্থ, ঘিউ, মাখন বাদাম আদিৰপৰা চৰ্বি পোৱা যায়।

উপযুক্ত খাদ্যৰ অভাৱত মানুহ আৰু জীৱ-জন্তুবোৰে নানা ৰোগত ভোগে। বিশ্বৰ বিভিন্ন প্ৰান্তত খাদ্যৰ নাটনি হোৱাৰ ফলত সমস্যাই দেখা দিছে। খাদ্য সমস্যাৰ কাৰণ হিচাবে চিহ্নিত কিছুমান কাৰণ হ’ল-

ক)কিছুমান দেশৰ ব্যাপক হাৰত ঘটা জনসংখ্যা বৃদ্ধি।

খ)বানপানী, ভূমিকম্প, চক্ৰবাত আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ।

গ)যুদ্ধ-বিগ্ৰহ, কুটাঘাতমূলক তথা সন্ত্ৰাসবাদী কাৰ্য আৰু অবৈধ প্ৰব্ৰজন।

ঘ)উদ্যোগ, কল-কাৰখানা আদিৰ সম্প্ৰসাৰণৰ ফলত কৃষিৰ উপযোগী ভূমিৰ সংকোচন।

ঙ)বনাঞ্চল ধ্বংস কাৰ্য।

চ)ভূমি স্খলন, প্ৰদূষণ, নগৰীকৰণ আদিৰ ফলত হোৱা কৃষিভূমিৰ সংকোচন।

ছ)আধুনিক কৃষি পদ্ধতিৰ বিৰূপ প্ৰতিক্ৰিয়া আৰু

জ)ভূমি অৱক্ষয়।

৮)জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ(Biodiversity and its Conservation):

জল, স্থল আৰু বায়ু সকলোতে থকা নানা আকাৰ, আকৃতি আৰু প্ৰকৃতি বিশিষ্ট জীৱবোৰৰ ভিন্নতা আৰু সেই সম্পৰ্কে কৰা অধ্যয়নক জৈৱ বৈচিত্ৰ বোলা হয়।

বৰ্তমান পৃথিৱীত প্ৰায় পঞ্চাশ নিযুতমান জীৱ থকা বুলি অনুমান কৰা হৈছে যদিও সিবোৰৰ ভিতৰত মাত্ৰ 1.75 নিযুতমান প্ৰজাতিহে চিনাক্ত কৰা হৈছে, সেইবোৰৰ ভিতৰত আছে উদ্ভিদ, প্ৰাণী আৰু নানা প্ৰকাৰৰ অণুজীৱ।

জৈৱ বৈচিত্ৰ তিনি প্ৰকাৰৰ- আনুবংশিক জৈৱ বৈচিত্ৰ, প্ৰজাতিৰ বৈচিত্ৰ আৰু পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰ।

বৈচিত্ৰ জীৱ-জগতৰ ওপৰত মানুহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নানা প্ৰকাৰে নিৰ্ভৰ কৰে। এই জৈৱ বৈচিত্ৰৰ পৰা পমানুহে নানা প্ৰকাৰৰ খাদ্যবস্তু, মূল্যবোধ, সৌন্দৰ্যবোধ আদিৰ সৈতেও জৈৱ বৈচিত্ৰ নানা প্ৰকাৰে জড়িত হৈ থাকে।

জৈৱ বৈচিত্ৰৰ সংৰক্ষণ:

প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিশেষকৈ মানুহৰ নানা ধৰণৰ কাৰ্যকলাপৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ জৈৱ বৈচিত্ৰ বিৰূপ প্ৰভাৱ পৰিছে আৰু কিছুমান জীৱৰ সংকটাপন্ন অৱস্থা হৈছে। উদ্ভিদ, প্ৰাণী আৰু নানা প্ৰকাৰৰ অণুজীৱৰ যথাযথ সংৰক্ষণৰ বাবে কিছুমান বহি:স্থানিক সংৰক্ষণ ব্যৱস্থা আৰু কিছুমান অন্ত:স্থানিক ব্যৱস্থা আছে। বিভিন্ন পৰীক্ষাগাৰ, শীতলগৃহ আৰু চিৰিয়াখানা আদিত জীৱ সংৰক্ষণ কৰা ব্যৱস্থাৰ নাম বহি:স্থানিক সংৰক্ষণ ব্যৱস্থা, এনে ব্যৱস্থাৰ ভিতৰত আছে- জিন ভাণ্ডাৰ, পথাৰভিত্তিক জিন বেংক।

পৰীক্ষাগাৰত কলাকৰ্ষণ প্ৰক্ৰিয়া প্ৰয়োগ কৰি উদ্ভিদৰ বীজৰ বাহিৰেও অন্য কালৰপৰা বহুসংখ্যক পুলি উৎপন্ন কৰিব পাৰি। এই ব্যৱস্থাৰ দ্বাৰা জৈৱ বৈচিত্ৰ ৰক্ষা কৰাত সহায় হৈছে।

উদ্ভিদ, প্ৰাণী আৰু নানা প্ৰকাৰৰ অনুজীৱক নিজৰ প্ৰাকৃতিক বাসস্থানতে সংৰক্ষিত কৰি ৰখা প্ৰক্ৰিয়াৰ নাম স্থানিক সংৰক্ষণ প্ৰক্ৰিয়া। বিভিন্ন জৈৱমণ্ডল সংৰক্ষিত অঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল আদি হৈছে স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ। ইয়াৰ উপৰিও চিৰিয়াখানাবোৰত নানা প্ৰকাৰৰ বিলুপ্তপ্ৰায় প্ৰজাতি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয়, আনকি পৃথিৱীৰ স্বাভাৱিক পৰিৱেশৰ পৰা প্ৰায় সম্পূৰ্ণ বিলুপ্ত হৈ যোৱা কিছুমান প্ৰাণীও চিৰিয়াখানাত দেখা যায়।

বিৰল প্ৰজাতি(rare species): এইবোৰ প্ৰজাতিৰ বিস্তাৰ সীমিত, যেনে: গঁড়, নল গাহৰি, লাজুকী বান্দৰ।

লুপ্ত প্ৰজাতি(extinct specise): মৰিচাছ দ্বীপৰ ড’ড’ চৰাই।

লুপ্তপ্ৰায় উদ্ভিদ(endangered plant): কলচী উদ্ভিদ, কাঠ আলু, সৰ্পগন্ধা।

লুপ্তপ্ৰায় প্ৰাণী(endangered animal): এশিঙীয়া গঁড়, সিংহ, কস্তুৰী মৃগ।

৯)অসমৰ পৰিৱেশ সম্পৰ্কীয় কিছুমান বৈশিষ্ট্য(Environmental Characteristics of Assam and North East India):

অসমৰ মুঠ মাটিকালি হৈছে 78.438 বৰ্গ কিলো’মিটাৰ আৰু 2001 চনৰ লোকপিয়ল অনুযায়ী জনসংখ্যা হৈছে প্ৰায় 2.7 কোটি। অসমত সাতাইশখন জিলা আছে আৰু প্ৰশাসনৰ সুবিধাৰ বাবে প্ৰায় প্ৰতিখন জিলাতে একাধিক সংখ্যক মহকুমা আছে। ব্ৰহ্মপুত্ৰ হৈছে অসমৰ প্ৰধান নদী। অসমৰ ভিতৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ হৈছে 720 কিলো’মিটাৰ, আনহাতে তিব্বতৰ মানস সৰোবৰ হ্ৰদৰপৰা বংগোপসাগৰত পৰালৈকে ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ হৈছে 2880 কিলো’মিটাৰ। উত্তৰৰ পৰা 26 খন আৰু দক্ষিণৰপৰা 23 খন প্ৰধান উপনদী আহি ব্ৰহ্মপুত্ৰত পৰিছে। বৰাক উপত্যকাৰ প্ৰধান নদী হৈছে বৰাক নদী। উৎসৰপৰা বংগোপসাগৰলৈ এই নদীৰ দৈৰ্ঘ প্ৰায় 900 কিলো’মিটাৰ, অসমত ইয়াৰ দৈৰ্ঘ 125 কি:মি:। বৰাক নদীৰ এঘাৰটা প্ৰধান উপনদী আছে। ব্ৰহ্মপুত্ৰত থকা আৰু যোৰহাট জিলাত অৱস্থিত মাজুলী দ্বীপক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ নদীদ্বীপ বুলি ধৰা হয়। আনহাতে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত থকা উমানন্দ দ্বীপটো পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপ।

অসমত বহুসংখ্যক বিল আছে আৰু সেইবিলবোৰত নানা প্ৰকাৰৰ থলুৱা মাছ পোৱা যায়।

অসমৰ সংকটাপন্ন বা লুপ্তপ্ৰায় প্ৰাণী: এশিঙীয়া গঁড়, বাঘ, নল-গাহৰি, দেও হাঁহ ইত্যাদি।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংকটাপন্ন উদ্ভিদ: কলচী গছ, কঠ আলু, কপৌফুল, চম্পা, সৰ্পগন্ধা ইত্যাদি আৰু লুপ্তপ্ৰায় প্ৰাণী-

গঁড়, নল-গাহৰি, বাঘ, সোণালী বান্দৰ, শৰ হৰিণ, বনৰৌ, মেথোন, হনুমান বান্দৰ, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা, ঘৰিয়াল, জহামাল ইত্যাদি।

অসমৰ উত্তৰ কাছাৰ জিলাত থকা পৰ্বত পাহাৰবোৰ হিমালয় পৰ্বতৰে অংশ, ইয়াৰ কেন্দ্ৰভাগৰ নাম বৰাইল পাৰ্বত্য অঞ্চল। এই পৰ্বতৰ কেইবাটাও ওখ শৃংগ আছে, সেইবোৰৰ ভিতৰত লাইকেই নামৰ শৃংগটো(উচ্চতা 1950 মিটাৰ) অসমৰ ভিতৰত সৰ্বোচ্চ। অসমত বহুসংখ্যক পাহাৰ আছে, আৰু প্ৰায়বোৰতে বনাঞ্চল তথা খনিজ সম্পদ আছে।

অসমত খাৰুৱা তেল, কয়লা, চূণশিল আদি নানা প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ আছে আৰু সেইবোৰৰ সৈতে জড়িত ভালেমান উদ্যোগ স্থাপন কৰা হৈছে। অসমৰ কৃষিজাত উৎপাদনৰ ভিতৰত ধান প্ৰধান আৰু উদ্যান শস্যৰ ভিতৰত চাহ প্ৰধান। চাহৰ বাবে অসম পৃথিৱী বিখ্যাত। অসমত বৰ্তমান প্ৰায় 850 খন বাগিচা আছে। চাহ বাগিচাক কেন্দ্ৰ কৰি অসমত নানা উদ্যোগ গঢ়ি উঠিছে আৰু চাহ বাগিচাত কাম কৰা লোকক কেন্দ্ৰ কৰি বিশেষ ধৰণৰ সংস্কৃতি গঢ়ি উঠিছে আৰু অসমীয়া সমাজখনক বিচিত্ৰতা প্ৰদান কৰিছে। এড়ি, মূগা আৰু পাট কাপোৰৰ বাবে অসম বিখ্যাত, ইয়াতে থলুৱা পৰম্পৰাৰে কাঁহ পিতলৰ বাচন তৈয়াৰ কৰা হয়।

এসময়ত বনাঞ্চল আৰু বন্যজন্তুৰ বাবে অসম বিখ্যাত আছিল। কিন্তু শিল্প উদ্যোগৰ সম্প্ৰসাৰ আৰু সময়ৰ অগ্ৰগতিৰ লগে লগে বনাঞ্চল সংকুচিত হৈছে আৰু পৰিৱেশ নানা প্ৰকাৰে প্ৰভাৱিত হৈছে। অসমত কাজিৰঙা, মানাহ, ওৰাং, ডিব্ৰু-চৌখোৱা, আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত নানা প্ৰকাৰৰ জীৱ-জন্তু আৰু উদ্ভিদ প্ৰজাতি সংৰক্ষিত হৈছে। ইয়াৰ উপৰিও প্ৰায় পোন্ধৰখনতকৈও অধিক অভয়াৰণ্য তথ্য সংৰক্ষিত বনাঞ্চল আছে।

অসমৰ অভয়াৰণ্যসমূহ:

সোণাই ৰূপাই, গৰমপানী, লাওখোলা, বৰনদী, পবিতৰা, দীপৰ বিল, পভা, পানী দিহিং, পদুমণি ভেৰজান বৰজান, গিবন, বুঢ়া চাপৰি, চক্ৰশিলা, নামবৰ, পূৰ্ব কাৰ্বি আংলং ইত্যাদি।

১০)অসমৰ পৰিৱেশজনিত সমস্যা(Evvironmental Problems of Assam):

পৰিৱেশৰ ওপৰত প্ৰাকৃতিক দুৰ্যোগৰ যথেষ্ট কুপ্ৰভাৱ আছে। বানপানী আৰু গৰাখহনীয়াৰ বাবে প্ৰতি বছৰে অসমৰ বহুতো অঞ্চলত বিস্তৰ ক্ষতি হয়। ইয়াৰ লগে লগে পাহাৰ অঞ্চলত ঘটা ভূমিস্খলনৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হয়, ভৈয়াম অঞ্চলত বানপানীৰ প্ৰকোপ বৃদ্ধি হয় আৰু বনাঞ্চল তথা কৃষিভূমি ধ্বংস হয়। ভূমিকম্পৰ প্ৰভাৱো অসমত আছে, বিশেষকৈ 1897 চনত আৰু 1950 চনত(প্ৰাবল্য 8.7) হোৱা ভূমিকম্পত অসমৰ পৰিৱেশৰ যথেষ্ট সালসলনি হৈছিল। ভূমিকম্পৰ সম্ভাৱনা থকা অঞ্চলত অসমো পৰা কাৰণে অসমত প্ৰৱল ভূমিকম্প হৈ পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনা আছে।

জনসংখ্যা বিসফোৰণৰ সমস্যা অসমৰ অতি লক্ষ্যণীয়। অসমত জনসংখ্যা বৃদ্ধিৰ পৰিমাণ যথেষ্ট বেছি বুলি বিভিন্ন তথ্যৰপৰা জনা যায়। এই ক্ষেত্ৰত বহিৰাগত লোকৰ অৱদান বহুত বেছি। ভাৰতৰ বিভিন্ন ঠাইৰপৰা আহি অসমত বাস কৰা লোকৰ উপৰিও বাংলাদেশ আৰু নেপালৰপৰা অহা বহুসংখ্যক বিদেশী লোকো অসমত আছে। জনসংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ ফলত খাদ্য, বাসস্থান, চিকিৎসা, শিক্ষা, যাতায়ত আদি বিভিন্ন ক্ষেত্ৰত নানা সমস্যাই দেখা দিছে আৰু সেইবোৰৰ কুপ্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিছে। আনকি সংৰক্ষিত বনাঞ্চল বা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুবোৰ এতিয়া খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগিছে। সেই কাৰণেই বোধহয় আজিকালি প্ৰায়ে হাতী আৰু মানুহৰ সংঘাতৰ বাতৰি আহি থাকে।

ভূমিকম্পৰ প্ৰবলতাৰ জোখ

 

ৰিখটাৰ স্কেল

ধ্বংসাত্মক ক্ষমতা

4তকৈ কম

বিশেষ প্ৰভাৱ নাই

4-4.9

সাধাৰণ

5-5.9

অনিষ্টকাৰী

6-6.9

ধ্বংসকাৰী

7-7.9

বৃহৎ

8তকৈ বেছি

অতি বৃহৎ

১১)ঘৰুৱা আৱৰ্জনা(Disposal of Household Wastes):

খোৱা, পিন্ধা, ব্যৱহাৰ কৰা বিবিধ সামগ্ৰীৰ পেলনীয়া অংশ আৰু পুৰণি বস্তুবোৰ লগলাগি ঘাইকৈ ঘৰুৱা আৱৰ্জনা হয়। সেই পেলনীয়া বস্তু বা আৱৰ্জনাবোৰ য’তে ত’তে পেলাই দিলে বা দ’ম কৰি থ’লে মাটি আৰু পানী বিভিন্ন প্ৰকাৰে প্ৰদূষিত হয়, বিশেষকৈ চহৰ আৰু নগৰ অঞ্চলত এই আৱৰ্জনাৰ কুপ্ৰভাৱ অতি লক্ষ্যণীয়। এনে কুপ্ৰভাৱৰ পৰিমাণ হ্ৰাস কৰাৰ উদ্দেশ্যে হ্ৰাসকৰণ(Reduce), পুনৰ চক্ৰিভৱন(Recycle) আৰু পুনৰ ব্যৱহাৰ(Reuse) প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰি। যেনে- এবাৰ দুবাৰ ব্যৱহাৰ কৰি পেলাই দিবলগীয়া বস্তুতকৈ দীৰ্ঘদিনৰ কাৰণে ব্যৱহাৰ কৰি থাকিব পৰা বস্তু কিনিলে আৱৰ্জনা কমে। আনহাতে চক্ৰিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কিছুমান আৱৰ্জনাৰপৰা পুনৰ ব্যৱহাৰযোগ্য উপযোগী সামগ্ৰী উৎপন্ন কৰিব পাৰি। পিন্ধা কাপোৰ বা আচবাব পুৰণি হৈ গ’লে পেলাই নিদি আন মানুহক ব্যৱহাৰ কৰিবলৈ দিব পাৰি। তেনে কৰাকে পুনৰ ব্যৱহাৰ কৰা বোলে।

১২)পৰিৱেশ সুৰক্ষা(Environmental Protection):

ভাৰতত 1986 চনত পৰিৱেশ(সংৰক্ষণ) আইন এখন প্ৰৱৰ্তন কৰা হয়। এই আইনৰ ব্যৱস্থাৰ দ্বাৰা মানুহ, প্ৰাণী, উদ্ভিদ আদিৰ লগতে বিভিন্ন সা-সম্পত্তি, সম্পদ আৰু পৰিৱেশ সুৰক্ষিত তথা সংৰক্ষিত কৰাৰ চেষ্টা কৰা হয়। পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এই আইনখনৰ যথেষ্ট গুৰুত্ব আছে। পৰিৱেশ(সংৰক্ষণ) আইনৰ অধীনত 431 বিধ ৰাসায়নিক পদাৰ্থ পৰিৱেশৰ বাবে বিপদজনক বুলি ঘোষণা কৰা হৈছে।

ইয়াৰ আগতে ভাৰত চৰকাৰে কেন্দ্ৰীয় পৰিষদ আৰু ৰাজ্যিক পৰিষদৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যে 1977 চনত জলপ্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰে।

বায়ুৰ প্ৰদূষণ চিনাক্ত কৰা, নিবাৰণ কৰা, নিয়ন্ত্ৰণ কৰা আৰু হ্ৰাস কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে 1981 চনত বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰে।

1972 চনতে বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্যে ভাৰতত আইন প্ৰণয়ন কৰা হয় আৰু পৰৱৰ্তী কালত সংশোধন কৰাও হয়।

ভাৰত চৰকাৰে প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যে নানা ব্যৱস্থা হাতত লৈছে। এখন কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন কৰা হৈছে আৰু প্ৰতিখন ৰাজ্যতে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ গঠন কৰা হৈছে।

সুস্থ পৰিৱেশৰ বাবে আৰু পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰী প্ৰচেষ্টাই যথেষ্ট নহয়। চৰকাৰী বিভাগ, আইন-কানুন আদিয়ে পৰিৱেশ উন্নত কৰি ৰাখিব বা সুস্থ কৰি ৰাখিব বুলি কৰা ধাৰণা শুদ্ধ নহয়। এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰে কৰণীয় আছে। ব্যক্তি ভালেই সমাজ ভাল আৰু সমাজ ভালেই দেশ ভাল। ভাৰত চৰকাৰে সম্প্ৰতি বিভিন্ন সমাজ হিতকৰ কামত জড়িত স্বয়ংসেৱী সংস্থাবোৰৰ কাম-কাজত উদগনি স্বৰূপে আৰ্থিক অনুদান আগবঢ়ায়। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত স্বয়ংসেৱী সংস্থাবোৰে উল্লেখযোগ্য সেৱা আগবঢ়াইছে।

পৰিৱেশৰ প্ৰতি সাধাৰণ মানুহৰ যি পৰম্পৰাগত সজাগতা আগৰে পৰা নানা ৰূপত আছে তাৰেই ফলস্বৰূপে কেইবাটাও উল্লেখযোগ্য আন্দোলন ভাৰতত গঢ়ি উঠিছে। সেইবোৰৰ ভিতৰত আছে-

ক)বিষ্ণৌসকলৰ পৰিৱেশ আন্দোলন

খ)চিপকো আন্দোলন

গ)নিজম উপত্যকা আন্দোলন

ঘ)নৰ্মদা বাচাও আন্দোলন

বিষ্ণৌসকলৰ আন্দোলন ৰাজস্থানত, চিপকো আন্দোলন উত্তৰাঞ্চলত, নিজম উপত্যকা আন্দোলন কেৰেলাত, নৰ্মদা বাচাও আন্দোলন গুজৰাটত হৈছিল। দছ’লিগ্ৰাম স্বৰাজ মণ্ডল, কল্পবৃক্ষ, কেৰেলা শাস্ত্ৰসমাজ আদি স্বয়ংসেৱী সংস্থাবোৰ এনে আন্দোলনৰ সৈতে জড়িত।

স্বয়ংসেৱী সংস্থাসমূহে কোনো পৰিৱেশজনিত সমস্যা অধ্যয়নত আগভাগ ল’ব পাৰে, প্ৰভাৱিত লোক আৰু চৰকাৰ উভয়কে এনে সংস্থাই বিভিন্ন দিশত কৰিবলগীয়া কাম সম্পৰ্কে উপদেশ দিব পাৰে। স্বয়ংসেৱী সংস্থাই চৰকাৰ আৰু প্ৰভাৱিত লোকৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাও ল’ব পাৰে। অসমত শ্ৰীঅখিল অসম গগৈৰ নেতৃত্ত্বৰ অসম কৃষক মুক্তি সংগ্ৰাম পৰিষদে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এনে আন্দোলন আৰম্ভ কৰিছে। এই অৰ্থত তেওঁলোকে Action Group অৰ্থাৎ কাৰ্যবাহী দল বা Pressure Group বা দাবীদাৰ দল হিচাপেও কাম কৰিব পাৰে।

 

উৎস: সহায়ক হাতপুথি টেট

 

 

 

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top