অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ সংৰক্ষণ

পৰিৱেশ সংৰক্ষণৰ বিষয়ে লিখা হৈছে

 

সম্প্রতিক কালত পৰিৱেশ সংৰক্ষণ এটা বহুল উচ্চাৰিত বিষয়। প্রাকৃতিক ভাৰসাম্য অটুট ৰাখি সুন্দৰ বৰ্তমান উপভোগৰ লগতে ভৱিষ্যৎ প্রজন্মক সুৰক্ষিত কৰি ৰাখিবলৈ পৰিৱেশ সংৰক্ষণ জীৱশ্রেষ্ঠ মানুহৰ এটা নৈতিক দায়িত্ব। মানুহৰ চৌদিশে আৱৰি থকা ভৌতিক, ৰাসায়নিক, জৈৱিক আৰু সামাজিক কাৰকসমূহৰ সমষ্টিয়েই হ’ল পৰিবেশ। মানুহক চৌপাশে আৱৰি থকা এই প্রত্যেকবিধ মৌলই হ’ল আমাৰ জীৱন উন্নত কৰিবলৈ ব্যৱহাৰ কৰা একো একোটা সম্পদ!

মানৱ তথা সমূহ জীৱ আৰু উদ্ভিদ জগতৰ কল্যাণৰ বাবেই প্রকৃতিয়ে দিছিল আমাক এটা সুন্দৰ সমতা। প্রকৃতিপ্রদত্ত চিন্তাশক্তি আৰু বুদ্ধিমত্তাৰ বলত বলীয়ান হৈ আমি মানুহবোৰহে প্ৰয়োজনবহিত আৰু অসততাৰে লুণ্ঠন কৰিছোঁ প্রকৃতিৰ সকলো মোহনীয় সম্পদ! প্রকৃতিৰ প্ৰতি কৰা মানুহৰ এই চূড়ান্ত দমন নীতিৰ পৰিণামত সুদূৰ ভবিষ্যতে মানুহ নামৰ এই প্রাণীবিধেই পৃথিৱীত বর্তি থকাটো আমাৰ কাম্য- পৰিৱেশ সংৰক্ষণৰ দৰে এক মহান আৰু নৈতিক কর্তব্যই হ’ব লাগিব ইয়াৰ বাবে প্রধান পূর্বচৰ্ত! Better Late than never!

ক্ষুদ্র স্বাৰ্থ আৰু অহেতুক আনন্দৰ বাবে অবিবেচকভাবে প্রকৃতিক ব্যৱহাৰ কৰা পৰিণামৰ নমুনা আমি ইতিমধ্যে পাবলৈ আৰম্ভ কৰিছোঁৱেই। গতিকে সময় থাকোতেই আমি সাৱধান হ’বৰ হ’ল। পৰিৱেশ সংৰক্ষণৰ বাবে আজিৰ দিনত সমগ্র বিশ্বজুৰি এটা জাগৰণৰ সৃষ্টি হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু পৃথিৱীৰ উন্নত দেশসমূহে ইতিমধ্যে এই সন্দৰ্ভত হ্রস্বকালীন আৰু দীর্ঘকালীন কর্মপন্থা নিৰূপণ কৰিছে।

ব্যক্তিগত পর্যায়ৰ পৰাই আৰম্ভ হ’ব লাগিব পৰিবেশ সংৰক্ষণৰ দৰে এটি পবিত্ৰ কাম। 'এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ।” পৰিৱেশ সংৰক্ষণৰ বাবে ব্যক্তিগতভাবে আৰম্ভ কৰিব পৰা এই সৰু সৰু প্রয়াসবোৰৰ অৱদান কোনোপধ্যেই কম হ’ব নোৱাৰে— ব্যক্তিৰ সমষ্টিয়েইতো সমাজ।

অগ্নিৰ লেলিহান শিখাই এশাৰী ঘৰ গ্রাস কৰি আনিব খোজা পৰিস্থিতিত জুই নুমুৱাবলৈ কৰা প্রচেষ্টাৰ লগতে ইতিমধ্যে জুই নলগা ঘৰবোৰ ৰক্ষা কৰাৰ প্রচেষ্টাও সমানেই দৰকাৰী। সেয়ে পৰিবেশ উন্নীতকৰণৰ কামত আত্মনিয়োগ কৰিও পৰিৱেশ প্ৰদূষণ কৰা কাৰকসমূহৰ স্থায়ী সমাধানৰ বাবেও সমান্তৰালকৈ চেষ্টা কৰিলেহে ইয়াৰ সংৰক্ষণ ত্বৰান্বিত কৰা হ’ব। আমাৰ দৈনন্দিন ব্যস্ততাৰ পৰা কিছু সময় ৰাহি কৰি কৰা এনেবোৰ সৰু সৰু কামেই নিঃসন্দেহে উত্তৰ পুৰুষৰ কল্যাণৰ বাবে কৰা এটা সুস্থ আৰু সময়োচিত প্রয়াস হ’ব।

পৰিৱেশ বিনষ্ট কৰে কোনে? কিয়নো কৰে? এটা লাখটকীয়া প্রশ্ন কিছুমানে হয়তো পৰিৱেশ সংৰক্ষণ কৰিব লাগে বুলিয়ে নাজানে, সেইসকলক জনোৱাৰ দায়িত্বও আমাৰেই। বহুতে জানে, কিন্তু দাৰিদ্ৰা আৰু এশ এবুৰি চিন্তাৰ যান্ত্ৰণাত পৰি কক্‌বকাই থকা অৱস্থাই তেওঁলোকৰ হাত-ভৰিবোৰ বান্ধি ৰাখে। আকাশ চুবলৈ কৰা উচ্চাকাংক্ষাই কম সময়তে সীমাহীনি ধন সম্পদ গোটাই বিখ্যাত হোৱা কিছুমান ধুৰন্ধৰ মানুহক দেশ, জাতি আৰু ভৱিষ্যতৰ কথা ভাবিব নোৱৰা কৰি ৰাখে। আৰু থাকে বহুতো কাৰণ!

ইবিলাকৰ পুংখানুপুংখ বিশ্লেষণ আৰু সময়োচিত কর্মপন্থাইহে পৰিবেশ সংৰক্ষণৰ দৰে এটা জৰুৰী কাম কৰাটো সম্ভৱ। আমাৰ বাবে প্রয়োজন হ’ব হ্রস্বমাদী আৰু দীৰ্ঘম্যাদী দুয়োবিধ ব্যৱস্থাই।

দীৰ্ঘম্যাদী পৰিকল্পনাৰ কথা ভাবোঁতে প্রথমেই ভাৰতৰ দৰে কোটি কোটি দৰিদ্ৰ মানুহেৰে ভৰি থকা এখন দুখীয়া দেশৰ প্রতিচ্ছবি আমাৰ সন্মুখত ভাহি উঠে।

ক্রয় ক্ষমতাৰ বাহিৰৰ এইচাম মানুহৰ দৈনিক পেটৰ বাবে কিবা এটা যোগাৰ কৰোঁতেই জীৱন-যৌৱনৰ সমস্ত শক্তি খৰচ হয়। তথাপি ভাৰতত নিতৌ বহুকোটি লোকে ৰাতি খাবলৈ একো নোপোৱাকৈয়ে শুবলৈ যায়, হয়তো নাপায় এগিলাচ বিশুদ্ধ পানীও! বিহাৰ, মধ্য প্রদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ (BIMARU) বহু ঠাইত থকাৰ দৰে অত্যধিক ডাল-দৰিদ্র হয়তো আমাৰ প্রদেশখনত নাই, কিন্তু অসমৰো চেন প্রায় আধাভাগ লোকে দাৰিদ্ৰ্য সীমাৰেখাৰ তলতে বাস কৰে!

সীমাহীন দাৰিদ্ৰ্যই প্রাকৃতিক উপাদানসমূহ শোষণ কৰাত উদগনি দিয়ে। আহাৰ তৈয়াৰ কৰিবলৈ খৰি, ঘৰ বনাবলৈ কাঠৰ খুটা, ঠেটুৱৈ ধৰা জাৰত বাৰু নি:স্ব লোকে হাবিৰ পৰা পছ নাকাটিবনে? সামাজিক বনানীকৰণৰ ওপৰত দিয়া সাৰগৰ্ভ বক্তৃতাই সেই মানুহখিনিৰ অন্তৰ স্পৰ্শ কৰিলেও পেটৰ দায়ত বিবেকৰ দংশনকে আওকাণ কৰিবলৈ বাধ্য কৰাব। পৰিবেশ সংৰক্ষণৰ লগত দাৰিদ্ৰ্য নিমূলকৰণৰ প্রত্যক্ষ সম্পর্ক আছে। গতিকে দাৰিদ্র নিমূলকৰণ অভিযানো পৰিবেশ সংৰক্ষণ অভিযানৰ লগত সাঙুৰি ল’ব পাৰিলেহে ইস্পিত ফল পোৱা যাব বুলি আমাৰ ধাৰণা হয়। পঢ়িবলৈ পোৱা মতে ঝাৰখণ্ড, মধ্য প্রদেশ আদি ৰাজ্যৰ লাখ লাখ দুখীয়া জনজাতি মহিলাই দৈনিক বিছ-পঁচিছ কিলোমিটাৰ বাট অহা-যোৱা কৰি মাথোঁ হাবিৰ পৰা খৰি কাটিয়েই জীবিকা উলিয়ায়। সামান্য দৈনিক উপার্জনেৰে কোনোমতে ৰাতি যৎসামান্য কিবা এটা খাই বিছনাত(!) পৰে। নিশা দুই বজাতে আকৌ উঠিবৰ হয়েই। ১৯৭৯ চনৰ চৰকাৰী তথ্যমতেই কেউখন প্রদেশ মিলাই এই সংখ্যা তিনি নিযুতৰো বেছি! এতিয়া মানে সম্ভব তাৰ দুগুণতকৈয়ো বেছিহে হ'ব।

অসম চৰকাৰে আৰম্ভ কৰা যৌথ বন ব্যবস্থাপনাই (joint Forest Management) এই দিশত এটা ফলপ্রসূ ব্যৱস্থা ল’ব বুলি ক'ব পৰা যায়।

বাঙালী কবি জীৱনানন্দ দাশে কোৱাৰ দৰে ক্ষুধাৰ জ্বালাত পূর্ণিমাৰ জোনটো দেখিলেও মাখন সনা ৰুটি এখনৰ ছবিহে মানুহৰ মনলৈ আহিব। হওক লাগে চন্দ্ৰ এক অনাবিল আকৰ্ষণৰ উৎস।

পৰিৱেশৰ ভাৰসাম্যতা অটুট ৰখাৰ বাবে গছপুলি ৰোৱাৰ ধাৰণা ব্যক্তিগত পৰ্য্যায়ত কৰিব্ব পৰা সহজতম কাম। চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ তেনে বহু আঁচনি থাকে। বৃক্ষৰোপণৰ উপকাৰিতা নীতিগত কাৰণত মানি ল’লেও ব্যৱহাৰিক জীৱনত তাৰ সুদূৰপ্ৰসাৰী প্রভাব পৰিছে বুলি অন্ততঃ ক’ব পৰা নাযায়। অসমৰ প্ৰায় সকলো ঠাইতে থকা নামঘৰ, মছজিদ, যুৱক সংঘ, গ্রাম্য পুথিভঁৰাল অথবা গাঁও পঞ্চায়তৰ চৌহদত আমি কাৰো সহায় নোলোৱাকৈ কৰিব পৰা অতি সহজতম কাম। সামাজিক বনানীকৰণৰ অধীনত ৰাস্তাৰ কাষত গছপুলি ৰোৱাটো ভাল কাম হৈছে। ৰাজহুৱা অনুষ্ঠান-প্রতিষ্ঠানে ইয়াত হাত উজনি দিয়াটো খুবেই দৰকাৰী।

শিশু এটি জন্ম হ’লে গছপুলি এটা ৰোৱাৰ পৰম্পৰা এটা আমি বাৰু সৃষ্টি কৰিব নোৱাৰোঁনে? এনে পৰম্পৰা জাতি-ধর্ম-বর্ণ-নির্বিশেষে কৰিব পৰা যায়।

বনৰ গছ কাটিলে বন্যপ্রাণীৰ অসুবিধা হয়। অসমৰ নামবৰ, গিবন আদি অভয়াৰণ্যত হাতী আহি ৰাজপথ পায়হি। কেইবছৰমানৰ আগতে নামবৰ হাবিৰ মাজেদি যাব লগা হ’লে গাড়ীত কল লৈ যোৱাটো এটা নিয়মৰ দৰেই হৈছিলগৈ।

যোৰহাট নগৰৰ ওচৰৰে হাতীশাল, বালিচাপৰি, বৰ মুকলি পথাৰ, বৰখাত আদি গাঁওবোৰত বনৰীয়া হাতীয়ে শ শ বিঘা পকাধান খাই শ শ কৃষকৰ ঘৰলৈ দুৰ্ভিক্ষ কঢ়িয়াই অনাটো কেইবছৰমান আগতে বাতৰিত প্রকাশ হৈছিল।

বনৰীয়া হাতীয়ে পকাধান খোৱাৰ বাবে হাতীক দোষ দিব নোৱাৰি। হাতীৰ ঘৰত মানুহৰ অনধিকাৰ প্ৰৱেশ ঘটিলে তাৰ বিপৰীত দিশটোৰ বাবেও আমি সাজু হৈ থাকিব নালাগিব জানো? সেয়ে বন ধ্বংস অভিযান অনতিপলমে বন্ধ নহ'লে অদূৰ ভবিষ্যতে হয়তো তাতোকৈয়ো ভয়াবহ পৰিস্থিতিৰ বাবে নিজকে সাজু ৰাখিব লাগিব।

কাপোৰ ধুই, গা ধুই নদী, পুখুৰীৰ পানী কলুষিত কৰা বুলি বদনাম দিয়াৰ পৰিৱৰ্তে আমাৰে সামর্থবান কেইজনমানে চুবুৰিত দমকল এটা বহুৱাই দি বদান্যতাৰ পৰিচয় দিব নোৱাৰেনে?

আমি ইমান অসমর্থ নহওঁ বোধকৰোঁ! কাৰণ অতি সাম্প্রতিক কালত বিভিন্ন প্রতিযোগিতাৰ নামত অসমৰ মানুহে মোবাইল ফোন আৰু এছ এম এছৰ নামতে চোন বহু কোটি টকা খৰচ কৰিছে। সেয়া বিৰোধ কৰিবলৈয়ো যোৱা নাই বাৰু! কিন্তু অনাগত সুন্দৰ ভবিষ্যতৰ বাবে সু-পৰিকল্পিত আৰু নিঃস্বার্থ পৰিকল্পনাৰ যোগেদি মানুহক প্ৰভাৱিত কৰিব পাৰিলে পৰিৱেশ সংৰক্ষণৰ বাবে এবছৰত কেইবাকোটিমান টকা অসমৰ মানুহৰ দান-বৰঙণিৰ পাৰই সংগ্রহ কৰিব পৰা যাব বুলি আমাৰ ধাৰণা।

শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া নির্বিশেষে আমাৰ সমাজখনত প্রচলিত কেতবোৰ অন্ধবিশ্বাসেও পৰিবেশ সংৰক্ষণত বিয়োগাত্মক প্রভাৱ পেলাইছে। লক্ষণীয়ভাবে, একবিংশ শতিকাৰ বিজ্ঞানৰ আধুনিকতম সুবিধা গ্রহণ কৰিও আমি বহুতো মান্ধাতাযুগীয়া কুসংস্কাৰ এৰিব পৰা নাই। বিজ্ঞানকো বহুতে প্ৰসাৰতাৰ বাবেই ব্যৱহাৰ কৰে, হয়তো স্বাৰ্থ সিদ্ধিৰ বাবে! এইবোৰ নিৰাময় কৰিব লাগিব। গছ-গছনি, জীৱ-জন্তু সম্পর্কে আমাৰ ধাৰণা সলনি কৰিব লাগিব। প্রকৃতিত আচলতে মানুহৰ বাদে মানুহৰ আন শত্ৰু নাই।

পৰিবেশ সংৰক্ষণৰ দীৰ্ঘকালীন উপযোগিতাৰ কথা আমাৰ বহুতে হয়তো জানিলেও উপলব্ধি নকৰে। জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ আমাৰ এইখন দেশত প্রতিদিনেই অলেখ মূল্যৱান গছ-গছনি আৰু অলেখ প্রাণী মানুহৰ অজ্ঞতাৰ বাবেই নিঃশেষ হৈ গৈছে। উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন সপুষ্পক উদ্ভিদ আৰু দুষ্প্ৰাপ্য অৰ্কিডসমূহ সমগ্র বিশ্বৰে এক আপুৰুগীয়া সম্পদ।

বিভিন্ন বন্য প্রজাতিৰ গছ-গছনিত থকা ৰোগ প্রতিৰোধক কীট-পতংগ প্ৰতিৰোধক ক্ষমতা ভবিষ্যতে অধিক উৎপাদনৰ স্বাৰ্থতে সংৰক্ষণ কৰাৰ প্ৰয়োজন। বিজ্ঞানৰ চমকপ্ৰদ উন্নতি হৈছে। বন্য প্রজাতিত থকা এই বহুমূলীয়া গুণসমূহ ভবিষ্যতে কৃষি উন্নয়নৰ বাবে ন ন সঁচ উদ্ভাৱনৰ বাবে বিজ্ঞানীসকলৰ প্রয়োজন হ’ব। এইখিনি বুজোৱাৰ দায়িত্বও আমাৰ দৰে শিক্ষিতচাম ব্যক্তিৰেই।

নদীমাতৃক দেশ আমাৰ এই ভাৰত! মানব সভ্যতাৰ সৃষ্টিৰ মূলতে এই নদীবোৰ। নদীৰ কাষতে গঢ় লৈ উঠিছে শত-সহস্ৰ নগৰ আৰু তীর্থস্থান! গংগাক মাতৃৰূপে পূজা কৰিও ইয়াৰ পানী লৈ বোৱাই পঠোৱা হয় আইনৰ নির্দেশনাকো আওকাণ কৰি য’ত মানে বিষাক্ত, লেতেৰা, অপৰিস্কাৰ আৰু সংক্ৰমিত দ্রব্য। সেয়ে হয়তো পৰিৱেশ বিজ্ঞানীৰ মুখত গংগাৰ নাম উচ্চাৰিত হয়। পৃথিৱীৰ সবাতোকৈ অপৰিস্কাৰ নদীৰূপে। উদ্যোগীকৰণৰ মন্থৰতাৰ বাবেই হয়তো অসমৰ নদীসমূহে সিমান বেছি বেয়া অপবাদ পাব লগা হোৱা নাই, যদিও সচেতনতা অবিহনে তেনে অপবাদ পাবলৈ সৰহ দিন নালাগিব। অৱশ্যে আজিকালি এই সম্পর্কে জনসাধাৰণৰ মাজত সচেতনতা বাঢ়িছে।

নদীৰ কাষৰ বনাঞ্চল কাটি আমিয়েই ইন্ধন যোগালোঁ। নদী এখন বাম হৈ পৰিলে হ’বই। সেই সন্দৰ্ভত আমি সচেতনতা আনিব লাগিব। ৰাজহুৱা সভা-সমিতিবোৰত পাঁচ দহ মিনিটমান সময় পৰিৱেশ সংৰক্ষণৰ নামত ৰাখিলে বিষয়টো সন্দৰ্ভত সচেতনতা বৃদ্ধি হ’ব|

বানপানীত দিশহাৰা হোৱা বনৰীয়া পহু মাৰিলে, বন্যপ্রাণী হত্যা কৰিলে উদাত্ত চিত্তেৰে তাৰ প্ৰতিবাদ হওক। চোৰাংচিকাৰীক ৰাইজৰ মাজৰ কোনেও চিনি নাপায়নে ? যি জানে তেনে চোৰাংচিকাৰীক আইনৰ হাতত গতাই দিয়ক। প্রতিবাদী মিছিলত যোগ দিবলৈ সহযাত্ৰীৰ অভাৱ নহ’ব।

অসমৰ প্ৰায় সকলো বাতৰিকাকত, আলোচনীত পৰিৱেশ সম্পৰ্কীয় বহুমূলীয়া লেখা প্রায়ে প্রকাশ হয়। কিন্তু বাতৰিকাকত পঢ়িব নজনা লোকৰ বাবে আমাৰ বিভিন্ন সমাবেশবোৰত সময়-সুবিধা পালেই এনেবোৰ কথা ক’ব লাগে।

আমাৰ ল’ৰা-ছোৱালীহঁতে আজিকালি ভাল ছবি আঁকে। আঁৰি থ’ব পাৰোঁনে বাৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত অঁকা তেনে কেইখনমান ছবি— গাঁৱৰ তিনিআলিৰ বাছ ৰোৱা ঠাইত থকা গছজোপাত অথবা নগৰৰ আপোনাৰ বাৰীৰ "ৱালখনত' ?

ইচ্ছা থাকিলে উপায়ৰ অভাৱ নহ’ব নিশ্চয়।

পলিথিনৰ মোনা মাটিত পচি নাযায় বাবে পৰিৱেশ প্ৰদূষণ হোৱাৰ উপৰি শস্যৰ উৎপাদন কমে। বহু ঠাইত ইয়াক নিষিদ্ধ কৰা হ’লেও ব্যৱহাৰিক সুবিধাৰ বাবে বহুতে ইয়াক এৰিব পৰা নাই। পলিথিনৰ মোনা নিজে ব্যৱহাৰ নকৰি আনকো ব্যৱহাৰ নকৰাৰ পৰামর্শ দি বাৰীত পোৱা পলিথিনৰ মোনাবোৰ একেলগ কৰি জ্বলাই দিলে প্ৰদূষণ কমিব। সৰু কাম— ফল কিন্তু সুন্দৰ।

বিয়া সকামৰ ভোজত প্লাষ্টিকৰ থাল, বাটিৰ পৰিৱৰ্তে সহজলভ্য কলপাত ব্যৱহাৰ কৰিব পাৰি।

আজিকালি অৱশ্যে মুকলি ঠাইত শৌচ কৰাৰ অভ্যাস অসমত কমি আহিছে। শৌচ-প্রস্রাব প্রাকৃতিক আৱেদন। সঘনাই মানুহ জমা হোৱা ঠাইত কম খৰচতে এনেবোৰ কাম কৰিব পাৰি ব্যক্তিগত পর্যায়তে। স্থানীয় যুৱক সংঘই কৰা বহু খৰচী কামৰ লগতে গাঁৱৰ পৰা চহৰলৈ যোৱা ৰাস্তাটোৰ কাষতে কম খৰচতে এটা শৌচাগাৰ, প্রস্ৰাৱগাৰ বা ডাষ্টবিন বনালেও পৰিৱেশ সংৰক্ষণক এখোজ আগবঢ়াই নিয়া হ’ব।

কীটনাশক দ্ৰব্যৰ সুষম ব্যৱহাৰে অধিক উৎপাদনত সহায় কৰিলেও অনিয়ন্ত্ৰিত আৰু অত্যধিক ব্যৱহাৰ অতিকে ভয়ানক। ডি ডি (D.D.T. Dichloro diphenyl trechloro ethane), বি এইচ চি (Benzine Hexachloride), এলড্ৰেক্স আদি চৰকাৰীভাৱে খেতিত ব্যৱহাৰ নিষিদ্ধ কৰিলেও ব্যৱসায়িক মুনাফা লাভৰ স্বার্থত ইবিলাকৰ প্রয়োগ কমা নাই। অত্যন্ত ধ্বংসকাৰী ৰাসায়নিক দ্রব্যত বহুতে সতেজ ফল-মূল বা পাচলিত গ্রাহকক আকৰ্ষিত কৰিবলৈকে ব্যৱহাৰ কৰে। এনেবোৰ সম্পর্কে ব্যক্তি সচেতন নহ'লে চৰকাৰী ঘোষণাই কাম দিব বুলি মনে নধৰে।

ধূলি-মাকতি ৰোধ কৰাৰ বাবে আৰু খহনীয়া প্রতিৰোধৰ বাবে বৃক্ষৰোপণ সহজতম পন্থা।

মকৰা, জিঞা, বৰলজাতীয় কীটসমূহো আমাৰ বন্ধুহে। ইবিলাক পৰভোজীহে-কৃষিৰ বাবে অনিষ্টকাৰী পোক-পতংগ খাই কৃষকৰ উপকাৰ কৰে। ইবিলাকৰ সংৰক্ষণ হ’লেহে পৰিৱেশৰ সমতা বর্তি থাকিব।

কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি অহা বায়ুমণ্ডলৰ পৰিৱৰ্তন ঘটিব লাগিছে।

অজন স্তৰ পাতল হৈ যোৱাৰ বাবে স্বাস্থ্যৰ বাবে হানিকাৰক আল্টা ভায়’লেট ৰশ্মি শোষণ কৰাৰ ক্ষমতা কমি আহিছে। ইতিমধ্যে বহুঠাইত আৰম্ভ হৈছে স্বাস্থ্য সংকট।

যান-বাহনৰ পৰা নির্গত ছালফাৰ আৰু নাইট্র’জেনে বায়ুমণ্ডলৰ পানীৰ লগ লাগি বহু ঠাইত এচিদ বৰষুণ হৈছে। নদীয়ে যোগোৱা দূষিত পানীৰে মহাসাগৰৰ পানীও দূষিত কৰাৰ উপক্ৰম হৈছে। আমাৰ নিজৰ নিজৰ যান-বাহনবোৰৰ পৰা ওলোৱা ধোঁৱা প্ৰদূষণমুক্ত কৰাৰ উপায়ো আছে। প্রতিবছৰে বিশ্বৰ ২১ নিযুত হেক্টৰ মাটি মৰুভূমি হৈ পৰিছে। আমাৰ সৰু সৰু ব্যক্তিগত প্রয়াসেৰে ইবিলাকৰ প্ৰসাৰত বাধা দিব পাৰিম।

নিজৰ বাৰীখনত বন্ধ হৈ থকা পানীখিনি উলিয়াই দিলে মহে কণী পাৰিব নোৱাৰে, মেলেৰিয়াও নহ'ব। চবকাত আক্ৰান্ত বেমাৰী গৰুটোক অভয়াৰণ্যৰ ওচৰৰ কোমল ঘাঁহ খাবলৈ দিলে হাবিত থকা আন তৃণভোজী জন্তুৰো তেনে বেমাৰ হ’ব।

নিৰৱচ্ছিন্ন শব্দ প্ৰদূষণে আমাৰ মানসিক, শাৰীৰিক ক্ষতি কৰি নীৰৱ ঘাতকৰ ভূমিকা গ্রহণ কৰিছে। একেদিনাই ইয়াৰ কুফল দেখা পোৱা নাযায় বাবে আমি কথাবোৰ নাভাবোঁৱেই। সেয়াও প্রতিৰোধ হ’ব লাগিব ব্যক্তিগত পর্যায়ৰ পৰাই চৰকাৰী বা ৰাজহুৱা অনুষ্ঠান-প্রতিষ্ঠান, কার্যালয়ৰ চুকে-কোণে তামোলৰ পিক, থু-খেকাৰ পেলোৱা স্বভাৱবোৰ অথবা ঘৰত পেলনীয়া শাক-পাচলিৰ বাকলি, মাছ-মাংসৰ হাড়-মূৰ পলিথিনৰ পেকেটত ভৰাই সুন্দৰ ৰাজপথলৈ নিক্ষেপ কৰা স্বভাৱবোৰ মাথোঁ অসংস্কৃত অভ্যাসেই নহয়, পৰিৱেশ সংৰক্ষণৰ এটা অন্যতম হেঙাৰো।

পৰিষ্কাৰ অভ্যাস ল’ৰা-ছোৱালীক সৰুৰে পৰা শিকাব লাগিব। বিজ্ঞানসন্মত পচন সাৰ তৈয়াৰ কৰাৰ বাবে বাৰীত গাঁত এটি খান্দি ল’বলৈ আমাৰ ঠাইৰ অভাৱ নহ’ব নিশ্চয়। এনেবোৰ কামৰ আৰম্ভণি হ'ব লাগিব ব্যক্তিগত পর্যায়তেই।

পৰিৱেশ সংৰক্ষণৰ বাবে ব্যক্তিগতভাৱে ল'ব পৰা এই সৰু প্রয়াসবোৰেই পৃথিৱীৰ পৰিৱেশ সংৰক্ষণ কৰি পেলাব বুলি দাবী কৰিব নোৱাৰিলেও যে অদূৰ ভৱিষ্যতে পৰিৱেশ সংৰক্ষণত ই এক সুদূৰপ্ৰসাৰী আৰু যোগাত্মক প্ৰভাৱ পেলাব, তাত ধনিষ্ঠামানো সন্দেহ নাই। চীনাসকলে ভবাৰ দৰে আমি হয়তো "দুখৰ চৰাইজাকক মূৰৰ ওপৰেদি উৰি যোৱাত বাধা দিব নোৱাৰিলেও সিহঁতক অন্ততঃ চুলিত বাহ সজাৰ পৰা বাধা দিব পাৰিম”। মই অত্যন্ত আশাবাদী।

লিখক: অতুল চন্দ্ৰ শৰ্মা, পূৰ্বাচল।

2.96428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top