মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / পৰিৱেশ সংৰক্ষণ,স্বাস্থ্য সাধনা আৰু আইনী ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ সংৰক্ষণ,স্বাস্থ্য সাধনা আৰু আইনী ব্যৱস্থা

পৰিৱেশ সংৰক্ষণ,স্বাস্থ্য সাধনা আৰু আইনী ব্যৱস্থাৰ বইষয়ে লিখা হৈছে

 

আমি বাস কৰা পৃথিৱীখনৰ প্ৰাকৃতিক,জৈৱিক আৰু সামাজিক দিশটোকে পৰিবেশ বুলি কোৱা হয়।এই পৰিবেশ সদায় সুস্থ আৰু সুন্দৰকৈ ৰখাটোৱে আমাৰ প্ৰতিজন লোকৰ দায়িত্ব হোৱা উচিত।

হোমোছেপিয়েনৰ (মানৱ জাতি)আবিৰ্ভাৱৰ সময়ৰ পৰাই পৰিৱেশ সংৰক্ষৰণৰ বিষয়টোৱে গুৰুত্ব পাই আহিছে।লগতে পৰিৱেশ ধ্বংস হোৱাটোকো অপৰাধ বুলি গণ্য কৰাৰ ধাৰণাটো স্পষ্ট হৈ আহিছে।কিন্তু সম্প্ৰতি পৰিৱেশ প্ৰদুষণৰ ভয়াৱহ পৰিস্থিতিয়ে পৃথিৱীৰ জীৱকুলৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে।

এই পৰিৱেশ প্ৰদুষণৰ মুল কাৰণবোৰ বিশ্লেষণ কৰিলে আমি জানিব পাৰো যে দ্ৰুত উদ্যোগীকৰণ,নগৰীকৰণ,জনবিস্ফোৰণ,দৰিদ্ৰতা ,নিৰক্ষৰতা আদিয়ে এই ক্ষেত্ৰত বিশেষ অৰিহনা যোগাই আহিছে।এইবিলাকৰ উপৰিও আমাৰ চৌপাশৰ গছ-গছনি ধ্বংস কৰাৰ ক্ষেত্ৰত মানুহৰ সচেতনতাৰ অভাৱ,শিক্ষাৰ অভাৱ আদিৰ কাৰণে দ্ৰুত গতিত আমাৰ চৌপাশৰ পৰিৱেশ প্ৰদুষিত হ’ব ধৰিছে।

গুৰুত্বপুৰ্ণ কথাটো হৈছে,যধে মধে বনাঞ্চল ধ্বংস,পাহাৰ ধ্বংস,আদিৰ ফলত আজি জীৱকুলৰ থকা ঠাইৰ অভাৱ হৈছে,খাদ্যৰো নাটনি হৈছে।ফলত আজি জীৱজন্তুবোৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ঢাপলি মেলিব ধৰিছে।

আমি এই কথাটো স্বীকাৰ কৰিব লাগিব যে ভাৰতবৰ্ষৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়।বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ সপ্তম স্থানত আৰু বিশ্বৰ ৭ শতাংশ জৈৱ বৈচিত্ৰ্য আছে আমাৰ দেশত।

প্ৰকাশ পোৱা তথ্য মতে ভাৰতবৰ্ষত ৮১,০০০ বিধ জীৱ-জন্তু আছে।ইয়াৰ ওপৰি প্ৰায় ৪৫,০০০ প্ৰজাতিৰ উদ্ভিদ আছে।পৃথিৱীৰ মুঠ স্থলভাগৰ ২.৪ শতাংশ আছে আমাৰ দেশত।

বিশ্বৰ মুঠ জীৱৰ ১৮ শতাংশই আছে ভাৰতবৰ্ষত।বিশ্ব বেংকৰ তথ্য মতে,এই পৰিৱেশ বিনষ্ট হোৱাৰ ফলত প্ৰায় ৮০ নিযুত ডলাৰ লোকচান হয়।আমাৰ দেশৰ কল-কাৰখানা আৰু গাড়ী-মটৰৰ পৰা নিৰ্গত ধোঁৱা,কীটনাশক ঔষধ,ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলতে পৰিৱেশ বিনষ্ট হ’ব ধৰিছে।আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে জল প্ৰদুষণ,শব্দ প্ৰদুষণ ,বায়ু প্ৰদুষণ ।

শব্দ প্ৰদুষণ

 

শব্দক ‘ব্ৰহ্ম’বুলি কোৱা হয়।ভাল মধুৰ শব্দই মানুহৰ মনত আনন্দ প্ৰদান কৰে।মানুহক সন্তোষিত কৰি তুলে।ইয়াৰ কিছুমান শব্দই আকৌ আমাক অশান্তি দিয়াৰ উপৰি শব্দই আমাৰ জীৱনলৈকো ভাবুকি কঢ়িয়াই আনে।শব্দ প্ৰদুষণৰ কাৰণবিলাকৰ ভিতৰত পুৰণি গাড়ী-মটৰৰ প্ৰচণ্ড ঘেৰঘেৰীয়া শব্দ,লাউডস্পীকাৰৰ তীব্ৰ শব্দ,ধানবনা কলৰ শব্দ আদিয়েই প্ৰধান।আমাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য মতে আমাৰ জীৱকুলে বসবাস কৰা ঠাইত শব্দৰ তীব্ৰতা ৪৫-৫৫ ডেচিবল হোৱা উচিত।ইয়াতকৈ অধিক তীব্ৰ্তাৰ শব্দই ‘শব্দ প্ৰদুষণ’ৰ সৃষ্টি কৰে।শব্দ প্ৰদুষণৰ ফলত মানুহৰ বিভিন্ন ৰোগ-ব্যাধিৰ সৃষ্টি হয়।শব্দ প্ৰদুষণৰ পৰা হোৱা ৰোগবোৰ এনেধৰণৰ-

  • শব্দ প্ৰদুষণৰ পৰা হোৱা ৰোগক কোৱা হয়-নিউৰাল হিউমৰাৰ ষ্ট্ৰেচ ৰেচপনছ ৰোগ।
  • শব্দ প্ৰদুষণৰ বাবে উচ্চ-ৰক্তচাপ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়।
  • শব্দ প্ৰদুষণৰ পৰা গেষ্ট্ৰিক আলচাৰ,এচিডিটি আদি ৰোগ হ’ব পাৰে।
  • শব্দ প্ৰদুষণৰ ফলতে মানুহৰ নিদ্ৰাহীনতা ৰোগ হ’ব পাৰে।
  • গভীৰ মনোযোগ ব্যাহত হয়।
  • মানুহৰ নাক আৰু কাণৰ বিভিন্ন ৰোগ হ’ব পাৰে।
  • কোনো লোকৰ কিবা পুৰণি ৰোগ থাকিলে শব্দ প্ৰদুষণৰ ফলত ই বাঢ়ি যাব পাৰে।

বায়ু প্ৰদুষণ

বায়ুয়ে হৈছে প্ৰাণীৰ মুল পদাৰ্থ।বায়ু অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে।সেই কাৰণে জীৱন ধাৰণ প্ৰণালী স্বাস্থ্যসন্মত কৰি জীয়াই থাকিবলৈ হ’লে বিশুদ্ধ বায়ু অতীব প্ৰয়োজন।

আমাৰ পৰিৱেশৰ চৌদিশে কল-কাৰখানা ,গাড়ী-মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা,ছাই আদিয়ে বায়ুমণ্ডল দুষিত কৰি তোলে।এই দুষিত বায়ুৰ পৰা মানুহৰ এজমা,ব্ৰ্ংকাইটিছ,কাহ,কফ,হাৰ্টৰ বিভিন্ন ৰোগ হয় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈছে।বনাঞ্চল  ধ্বংস ,গাড়ী মটৰৰ ক’লা ধোঁৱা ,ছাই আদি নিৰ্গত হোৱাৰ ফলত বায়ুৰ অক্সিজেন কমি যায়।বায়ু দুষিত হয়।বায়ু  দুষিত কৰা উপাদানবোৰৰ ভিতৰত চালফাৰ-ডাই-অক্সাইড,কাৰ্বন-মন-অক্সাইড,নাইট্ৰোজেন অক্সাইড,চিলিকন টেট্ৰা ফ’ৰাইড ,ধুলি,সীহ,আৰ্চেনিক ইত্যাদি।

জল প্ৰদুষণ

 

জল বা পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ।পৃথিৱীৰ প্ৰায় চাৰি ভাগৰ তিনিভাগেই পানীয়ে আৱৰি আছে।যদিও তিনিভাগেই পানীয়ে আগুৰি আছে,তথাপি আজি ৭০০ কোটি মানুহৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ।মানৱ দেহটোৰ তেজত ৮৩ শতাংশ,হাড়ত ২৫ শতাংশ,চৰ্বিত ১০ শতাংশ আৰু হাওঁফাওঁত ৯০ শতাংশ পানী থাকে।পানীয়ে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰি ৰাখে।আমি সদায় বিশুদ্ধ পানী খাব লাগে।

  • পানীয়ে মানুহৰ খাদ্য হজম কৰে।
  • পানীয়ে আমাৰ শৰীৰৰ কোষবোৰ সুস্থ –সবল কৰি জুলীয়া পদাৰ্থৰ যোগান ধৰি থাকে।
  • দেহৰ সকলো ক্ৰিয়া-প্ৰক্ৰিয়া,অংগ-প্ৰত্যংগবোৰ সঠিকভাৱে সঞ্চালন হোৱাত সহায় কৰে।
  • এজন মানুহক দৈনিক ডেৰ-দুই লিটাৰ পানীৰ প্ৰয়োজন।

মানৱ দেহৰ পৰা ঘাম আৰু প্ৰস্ৰাৱৰ যোগেদি পাঁচশ মি:লিটাৰ ,শৌচৰ যোগেদি এশ মি:লিটাৰ পানী ওলাই যায়।আৱৰ্জনা,কল কাৰখানাৰ লেতেৰা পানী আদিৰ পৰা আমাৰ পানী দুষিত হয়।দুষিত পানী সেৱন কৰাৰ ফলতে মানুহৰ কলেৰা ,জ্বৰ ,কাহ হেপাটাইটিছ ‘এ’,স্নায়ু ৰোগ,জণ্ডিচ,গেষ্ট্ৰ’এণ্টাৰাইটিছ আদি ৰোগ হ’ব পাৰে।

সেইকাৰণে বিশুদ্ধ পানী সেৱন কৰা উচিত।পানী খাওক,সুস্থ হৈ থাকক।সুন্দৰ পৰিৱেশ হ’লেহে আমি সুস্বাস্থ্যৰ সাধনা কৰিব পাৰিম।

পৰিৱেশ সংৰক্ষৰণৰ বিধি ব্যৱস্থা

 

খৃষ্টপৰ্ব ৩২১ ৰ পৰা পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে মানুহৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছিল।বিশেষকৈ কৌটিল্যৰ অৰ্থ শাস্ত্ৰত উল্লেখ কৰা মতে-প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰাটো এক মানৱ ধৰ্ম।

  • সংবিধানৰ অনুচ্ছেদ ৪৮ (এ)ৰ ৪২ সংখ্যক সংশোধনীত উল্লেখ কৰা মতে অৰণ্য আৰু বন্য জীৱনৰ ৰক্ষণাবেক্ষণ কৰাটো সকলোৰে মহান দায়িত্ব।
  • অনুচ্ছেদ ন্ং ৫১ এ (বি)ৰ মতে বনাঞ্চল ,নদ-নদী,হ্ৰদ আৰু বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাটো প্ৰতিজন নাগৰিকৰে দায়িত্ব।
  • ভাৰতীয় দণ্ডবিধৰ ১৮৬০ ৰ চতুৰ্থ অধ্যায়ত কোৱা হৈছে যে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি  সৃষ্টি কৰাটো অপৰাধ আৰু ৪২৬,৪৩০,৪৩১ আৰু ৪৩২ ৰ মতে অপৰাধৰ বাবে শাস্তিৰ বিধান আছে।

ইয়াৰ উপৰি জল আৰু বায়ু প্ৰদুষণৰ বাবে দুখন আইন প্ৰণয়ন কৰা হৈছে।বিশেষকৈ ফৰেষ্ট এক্ট,ৱাইলডলাইফ প্ৰটেকচন এক্টতো আৰক্ষীক ক্ষমতা প্ৰদান কৰা হৈছে।

আমাৰ দেশৰ উপৰি জআপান,ৰাছিয়া আদিৰ লগতে ‘এচিয়া ক্ৰাইম প্ৰিভেকচন ফাউণ্ডেচনে’এই ক্ষেত্ৰত ভালেমান আঁচনি গ্ৰহণ কৰিছে।বিশেষকৈ পৰিৱেশ সুৰক্ষা আৰু জনস্বাস্থ্যৰ বাবে বায়ু প্ৰদুষণ,শব্দ প্ৰদুষণ,জল প্ৰদুষণ,ভুমি প্ৰদুষণ আদি ৰোধ কৰি প্ৰত্যেক সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগিব।ইয়াৰ উপৰি ২০০৩ চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দেশৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ বাবে সেইবোৰৰ ভিতৰত মহিলাৰ স্বাস্থ্যৰ যতন,শিশুৰ স্বাস্থ্য সুৰক্ষা আইন,মানসিক ৰোগীৰ অধিকাৰ আইন,সুস্বাস্থ্য ৰক্ষাৰ অধিকাৰসমুহ প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে।

লেখক:ধনেশ্বৰ হুজুৰী (স্বাস্থ্য)

 

 

 

 

 

 

3.12
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top