মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / পৰিৱেশ সংৰক্ষণত মহিলাৰ ভুমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ সংৰক্ষণত মহিলাৰ ভুমিকা

পৰিৱেশ সংৰক্ষণত মহিলাৰ ভুমিকা লিখা হৈছে

 

প্ৰদুষণ সভ্য সমাজৰ এক অবাঞ্জিত উপহাৰ।জীৱশ্ৰেষ্ঠ মানুহৰ উপলব্ধিৰ অভাৱতে মাটি,পানী,বায়ু,অস্বাভাৱিকভাবে দুষিত হৈ গঢ় লৈ উঠিছে।প্ৰদুষণ,কেউফালে প্ৰদুষণ।এনেহেন মনোৰমা ৰাজ্যখন ব্যক্তিগত আধুনিকতাৰ বলি হৈ পৰিছে।মানুহৰ ধ্বংসমুলক চিন্তাই গছ-বন কাটি বুন্দামাৰ কৰি পৰিৱেশক প্ৰদুষণ কৰি আছে।আজিৰ মানুহেই হৈছে ব্যক্তিকেন্দ্ৰিক ।আনৰ অসুবিধালৈ কেৰেপ নকৰে।এষাৰ কথা মানুহৰ মুখে মুখে জনা যায়-‘আপোন বাচি বাপৰ নাম’।সেইসকলেই সমাজ সেৱক।দেশৰ বিভিন্ন সমস্যাৰ ভিতৰত পৰিৱেশ প্ৰদষণে বিশেষ ভুমিকা গ্ৰহণ কৰিছে।দেশৰ সকলো প্ৰান্তৰে পৰিৱেশ প্ৰদুষণ সমস্যাই এক জটিল ৰুপ ধাৰণ কৰি আমাৰ বংশধৰসকলৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে।পৰিৱেশ প্ৰদুষণ বৃদ্ধিৰ মুলতে মানুহ।মানুহৰ দ্বাৰাই ই সৃষ্ট।দেশৰ প্ৰাকৃতিক সম্পদৰাজি বিশেষকৈ বনাঞ্চলৰ ধ্বংসলীলা ভাবুকি হৈ পৰিছে।মানুহৰ জনসংখ্যা অনুসাৰে প্ৰয়োজনতকৈ অধিক বননি হ্ৰাস পাইছে।বেছি দুৰলৈ নগ’লেও হ’ব,গুৱাহাটীৰ মাজতে মহানগৰীৰ দীপৰ বিল,বশিষ্ঠ আদিৰ গছ-বনৰ ঠাইত গঢ় লৈ উঠিছে বিৰাট অট্টালিকা,মটৰ গেৰেজ,কাৰখানা ইত্যাদি।যান-বাহনৰতো কথাই নাই।ভাব হয় জনসমাগম আৰু যান-বাহনৰ যেন মুকলি প্ৰতিযোগিতা চলিছে।জনসংখ্যা বৃদ্ধি পৰিৱেশ প্ৰদুষণৰ প্ৰধান কাৰণ।বৰ্ধিত জনসংখ্যাৰ তুলনাত ভুমি বৃদ্ধিৰ পৰিমাণ তেনেই নগণ্য,ফলত বনাঞ্চলৰ ধ্বংস যজ্ঞ।জনসংখ্যা বৃদ্ধিৰ কাৰণে খেতি মাটি কমি গৈছে।ভাৰতৰ দৰে দুখীয়া দেশ এখনত উৎপাদন বৃদ্ধিৰ কাৰণে কম মাটিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি বেছি ফচল আশা কৰাৰ ফলত মানুহৰ মাজত বহু অচিন ৰোগে দেখা দিছে।শস্যত নানা ধৰৰ কীটনাশক দৰব ছটিওৱা হয়,কীটনাশক দৰব বিষাক্ত হ’বই লাগিব আৰু এই দৰববোৰ পৰিৱেশ প্ৰদুষণৰ সহায়ক হয়।অকল মানৱ জীৱনতে নহয়,সমস্ত প্ৰাণী জগততে কীটনাশক দৰবে বেয়াকৈ প্ৰভাৱ পেলাইছে।

বৰ্তমান যুগটো ঔদ্যোগিক বিপ্লৱৰ যুগ।কাৰখানাবোৰত দিনে-নিশাই কাম চলি আছে।কাৰখানাৰ যন্ত্ৰ চলি থকা মানে দহন ক্ৰিয়া চলি থকাটোৱে বুজিব লাগিব।পেট্ৰ’ল,ডিজেল অথবা কয়লাৰ অবাধ দহনত সৃষ্টি হোৱা কাৰ্বন-দাই-অক্সাইডে সমগ্ৰ আকাশ-বতাহ ছানি ধৰিছে।গছ-বন কমি যোৱাত মানুহেই দিনে-ৰাতিয়ে কাৰ্বন-ডাই-অক্সাইড সেৱন কৰি থাকিব লগা হৈছে।একেদৰে শব্দ প্ৰদুষণে মানুহৰ মানসিক আৰু শাৰীৰিকভাৱে ক্ষতি সাধন কৰিছে।বৰ্তমান যুগটো পৰিচালিত হয় যন্ত্ৰৰ দ্বাৰা।বিশৃংখল শব্দ প্ৰদুষণৰ আন এটা কাৰণ।বৰ্তমান ব্যৱহাৰিক বোমা-বাৰুদে প্ৰদুষণৰ ক্ষেত্ৰত এক ভয়ানক ৰুপ ধাৰণ কৰিছে।হিৰোচিমা-নাগাচাকিৰ পাৰমাণৱিক বোমাৰ গোন্ধ আজি ৬৭ বছৰে নাকত লাগিয়ে আছে।বৰ্তমানতো বোমা-বাৰুদেৰে ধ্বংস লীলা দেখুৱাই থকা সাধাৰণ কথা কৈছে।ই পৰিৱেশ প্ৰদুষণৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে।

এতিয়া কথা হ’ল ,এই বিষয়বোৰ  আলোচনা বা সমালোচনাৰ মাজতে সীমাবদ্ধ কৰি লাভ নাই।নিজৰ পৰিৱেশবোৰ নিজে নিকা কৰি ৰাখিব লাগিব।কেনেকৈ এক সমুহীয়া প্ৰচেষ্টাত পৰিৱেশ প্ৰদুষণৰ পৰা মুক্ত কৰি ৰাখিব পৰা যায় সকলোৰে কাৰণে চিন্তাৰ কাৰণ হোৱা উচিত।চিন্তাবিদসকলে চিন্তা চৰ্চা কৰি থাকোতে থাকোতে গছ-বন কাটি তহিলং কৰিলে।চিন্তাবিদসকলৰ চিন্তা কাষৰীয়া কৰি থৈ ,প্ৰত্যেকজন সমাজ সচেতন ব্যক্তিৰ এয়া দায়িত্ব হোৱা উচিত।এই প্ৰচেষ্টাত নাৰীৰ স্থান সবাৰো আগত।নাৰী এপিনে মাতৃ,আনপিনে ধাত্ৰী।সৃষ্টি আৰু পালন দুয়োটাৰে অধিকাৰী।পৰিৱেশ প্ৰদুষণ ৰোধ কৰিব পৰা চাবি-কাঠীযোৰ নাৰীৰ হাততে।বিশ্বব্যাপি প্ৰদুষণ ৰোধৰ বাবে যি জনজাগৰণৰ সৃষ্টি হৈছে তাত নাৰীৰ ভুমিকা প্ৰধান।এটা কথা ঠিক যে প্ৰকৃতিৰ গত যোগসুত্ৰ ৰক্ষা কৰি চলিলে পৰিৱেশ প্ৰদুষণৰ পৰা ৰক্ষা কৰিব পাৰি।মাতৃগৰাকী সেয়েহে সচেতন হ’ব লাগিব।তেওঁৰ সন্তানক এনেকুৱা শিক্ষা দিব লাগিব,যি শিক্ষাই ঘৰ এখনৰ লগতে দেশৰ উন্নতিৰ সহায়ক হয়।সন্তানটো অকল মাক-দেউতাকৰে নহয়।ইহঁত দেশৰ মেৰুদণ্ড।সেয়েহে শিশুহঁতক সৰুৰে পৰা উদ্ভিদৰ,প্ৰাণী জগতৰ লগত কেনেকুৱা সম্বন্ধ হ’ব লাগে তাক বুজাই দিয়া উচিত।আজিকালি পঢ়াশালিত এইবোৰ শিক্ষা সৰুৰে পৰা দিয়া দেখা যায়।এয়া সজাগতা বুলি গণ্য কৰিব পাৰি।উদ্ভিদে প্ৰাণী জগতৰ অমৰত্ব দান কৰা কথাষাৰ হাড়ে-হিমজুৱে উপলব্ধি কৰিব লাগিব।তেতিয়াহে সিহঁতে বুজিব পাৰিব যে গছ কটাটো বা উৎখাত কৰাটো অকল পাপেই নহয়,মহাপাপ।Inter-national Association of Students in Economics ৰ চাৰ্ভে মতে প্ৰতি বছৰে Greetings Card ৰ বাবদ ৬৯৩ ডাল বাঁহ গছ আৰু ৪১৫ জোপা ইউক্লিপটাছ গছ কটা হয়।ক্ষন্তেকীয়া আমোদৰ বাবে ইমানবোৰ গছ এনেকৈ কটাৰ বাবে আমাৰ পৰিবেশ কেনেকৈ দুষিত হ’ব পাৰে সৰলভাৱে বুজাই দিয়া উচিত।মাতৃসকলে গছপুলি ৰোৱাত মনোযোগ দিলে মাকসকল শিশুসকলৰ আদৰ্শ হৈ ৰ’ব।গছেই আমাৰ জীৱন-কথাষাৰ ভালকৈ উপলব্ধি কৰিবলৈ সক্ষম হ’লে প্ৰকৃতি জগতখনো ৰক্ষা পৰিব।

শিক্ষাই জগতত পোহৰ বিলায়।জন্ম নিয়ন্ত্ৰণৰ মুলমন্ত্ৰ সাৰোগত কৰি দেশখনক উদ্ধাৰ কৰিব পাৰিব শিক্ষিতাসকলে।শিক্ষিতাসকলে টেলিভিচনৰ পৰ্দাৰ আলোচনাৰ মাজতে আৱদ্ধ নাথাকি গাঁও অঞ্চলৰ চুকে-কোণে সোমাই অশিক্ষিতসকলক জন্ম নিয়ন্ত্ৰণ সম্পৰ্কে আৱশ্যকীয় দিহা-পৰামৰ্শ আগবঢ়ালে বেছি উপকৃত হ’ব বুলি আশা কৰিব পাৰি।কাৰণ নাৰীগৰাকীয়েহে নিজৰ সমস্যা ভালকৈ উপলব্ধি কৰিব পাৰে।আনহাতে বাল্য বিবাহৰ দৰে কু-সংস্কাৰৰ প্ৰতিবাদ কৰিব লাগিব এগৰাকী নাৰীয়ে নিজেই।সেয়েহে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল-‘শিক্ষা যদি পুৰুষ নাইবা মহিলা যিকোনো একাংশৰ কাৰণে দিব পৰা যায়,তেনেহ’লে মহিলাই সেই সুযোগ পোৱা উচিত’।নাৰীগৰাকীয়ে নিজৰ সমস্যাৰ প্ৰতি নজৰ ৰাখি দেশৰ সমস্যালৈ মনোনোৱেশ কৰি জনসংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে এক বাস্তৱ পদক্ষেপ হাতত লৈ পৰিৱেশ প্ৰদুষণৰ পৰা মুক্ত কৰিব পাৰে।

প্ৰায় সকলো মহিলাই তেওঁলোকৰ আজৰি সময়খিনি ঘৰৰ সন্মুখত দুডালমান ।ফুলগছ লগাই সন্মুখটো দেখিবলৈ শুৱনি কৰে।ঘৰৰ পিছপিনে হওক বা চুকে-কোণে হওক যি অলপ মাটি থাকে দুই-এবিধ শাক-পাচলি লগাই সময়ৰ সৎ ব্যৱহাৰৰ লগতে আৰ্থিকভাৱে উপকৃত হয়।এনেবোৰ কৰোতে মহিলাসকলে যাতে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে মন কৰা উচিত আৰু আনকো উপদেশ দিলে হিত চিন্তা কৰা হ’ব।ঘৰুৱা নলাবোৰ পৰিষ্কাৰকৈ ৰখা দায়িত্ব সাধাৰণতে মহিলাগৰাকীৰে।মহিলাগৰাকী যিহেতু ঘৰৰ ঘৈণী,নিজৰ ঘৰখনৰ লগতে ওচৰ-চুবুৰীয়া যিসকলৰ উপলব্ধি কম বা চকু থাকিও অন্ধ হোৱাৰ ভাও লয়,তেওঁলোকক অনুৰোধ কৰা উচিত যাতে নলাৰ আৱৰ্জনা পৰিৱেশ নষ্ট নকৰে।সেয়েহে পথৰ নৰ্দমাবোৰত আৱৰ্জনাবোৰ পেলাই নিদি বাৰীৰ চুকত এটা গাঁত খান্দি জাবৰ-জোঁথৰবোৰ গাঁতটোত পেলাই দিব আৰু গাঁতটো ঢাকন মৰাৰ ব্যৱস্থা কৰিব।কাৰণ অস্বাস্থ্যকৰ পৰিৱেশেই প্ৰদুষণৰ লগত জড়িত।ঘৰৰ গৃহস্থই বজাৰ কৰি অনাৰ পিছত প্লাষ্টিক বেগবোৰ ক’ত গোটাই থ’ব মহিলাগৰাকীয়ে আগতেই ভাবি থয়।য’তে-ততে প্লাষ্টিক পেলাব নোৱাৰি,পুৰি পেলালেও বায়ু দুষিত হয়।পৰাপক্ষত কাগজৰ ঠোঙা ব্যৱহাৰ কৰা উচিত।

আমি যদি ইতিহাসলৈ লক্ষ্য কৰো,অতি পুৰনি কালৰ পৰাই ভাৰতীয় মহিলাসকলে যিদৰে দেশৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰিছিল ,একেদৰে পৰিৱেশ সংৰক্ষণৰ বাবেও বলিষ্ঠ পদক্ষেপ লৈ আহিছে।উদাহৰণস্বৰুপে ‘অমৃতা বাঈ’ পৰিৱেশ ৰক্ষাৰ কাৰণে যুঁজি ১৭৩১ চনত তেতিয়াৰ ৰাজ প্ৰশাসকৰ হাতত মৃত্যুবৰণ কৰি পৰিৱেশ সংৰক্ষণ কৰাবলৈ বাধ্য কৰায়।১৯৭২ চনত গাড়োৱাল জিলাত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ কাৰণে গঢ় লৈ উঠা আন্দোলনত প্ৰত্যেকগৰাকী মহিলাৰ অৱদান ইতিহাসত জিলিকি ৰ’ব।তেওঁলোকৰ শ্লোগান আছিল-‘অৰণ্যই আমাক দিছে মাটি,পানী আৰু শুদ্ধ বায়ু,ইয়ে চলায় আমাৰ স্নায়ু’।মহিলাসকলৰ আন্দোলনৰ যুক্তিযুক্ততা বিচাৰ কৰি চৰকাৰে পৰিৱেশ সংৰক্ষণ কৰাৰ দায়িত্ব মুৰ পাতি লৈছিল।একেদৰে হিমাচল প্ৰদেশৰ কিঙ্কৰী দেৱী,ইন্দোৰৰ সৰলা ত্ৰিপাঠীয়ে চুণ শিলৰ কোৱেৰীটো ৰক্ষা কৰি পৰিৱেশ সংৰক্ষণৰ বিশেষ ভুমিকা লয়।‘নৰ্মদা বচাও’আন্দোলনত মেধা পাটকাৰৰ যি অৱদান তাৰ স্বীকৃতিস্বৰুপে ১৯৯২ চনত আন্ত:ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হয়।১৯৭২ চনত ইন্দিৰা গান্ধীয়েও আন্তৰ্জাতিক পৰিৱেশ সন্মিলনত অংশগ্ৰহণ কৰি পৰি ৱেশ সংৰক্ষণৰ কাৰণে আগবঢ়োৱা প্ৰস্তাৱসমুহলৈ সমৰ্থন আগবঢ়াইছিল।মেনকা গান্ধীয়ে বিশ দশকৰ পৰা পৰিৱশ সংৰক্ষণৰ কাৰণে সবল ভুমিকা গ্ৰহণ কৰি আছে।উদাহৰণবোৰলৈ চাই লক্ষ্য কৰিব পাৰি যে উপযুক্ত শিক্ষা অবিহনে এগৰাকী নাৰীয়ে প্ৰদুষণ ৰোধত ভুমিকা ল’ব নোৱাৰে।পুথিগত শিক্ষা সকলো ক্ষেত্ৰতে যথেষ্ট নহয়।প্ৰদষণ হৈছে এক জীৱন্ত সমস্যা।প্ৰয়োজন সজাগতাৰ।এই সমস্যা সমাধানৰ কাৰণে জাগ্ৰত প্ৰহৰীৰ ৰুপত থিয় হৈ ‘তেল বচাওক,গছ বচাওক’কাৰ্যসুচীবোৰত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশক  প্ৰদুষণৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিলে,পৰিৱেশ সংৰক্ষণ নহ’লে সেই দেশ বা সমাজৰ উন্নতি চিন্তা কৰিব নোৱাৰি।মাতৃসকলেহে মুলতে দেশখন প্ৰদুষণৰ পৰা মুক্ত কৰিব পাৰে।এই মহামুল্যৱান অস্ত্ৰপাত লুকাই আছে নাৰীৰ হাতত।ভগবানে সৃষ্টি কৰা এই সুন্দৰ পৃথিৱীখন যাতে মানৱ জাতিৰ দ্বাৰা ধ্বংস নহয়,তাৰ বাবে আমি প্ৰতিজন ব্যক্তি সজাগ হ’ব লাগিব।ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ অভিযানৰ যি পদক্ষেপ হাতত লৈছে আমি সাদৰেৰে গ্ৰহণ কৰি সকলোৱে নিজৰ কৰ্তব্য বুলি জ্ঞান কৰিলে নিশ্চয় দেশখন প্ৰদুষণৰ পৰা কিছু হ’লেও মুক্ত হ’ব।

লেখকি:নীলিমা পাটগিৰি (ৰাইজৰ বাতৰি)

3.33333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top