মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / পৰিৱেশ সংৰক্ষণৰ অংশীদাৰ হওঁ আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ সংৰক্ষণৰ অংশীদাৰ হওঁ আহক

পৰিৱেশ সংৰক্ষণৰ অংশীদাৰ হওঁ আহক

ভাৰতীয় মানুহৰ প্ৰকৃতি সেৱা এটি জীৱন্ত পৰম্পৰা। পৌৰাণীক মহাকাব্য আৰু সাহিত্যই শত সহস্ৰ তথ্য পোহৰলৈ আনিছিল যে প্ৰাকৃতিক পৰিৱেশসমূহে প্ৰাচীন ভাৰতীয়ক জীৱন, জীৱিকা আৰু ভৱিষ্যতৰ মাৰ্গ দৰ্শন কৰাইছিল। সেইচাম পুৰণি মানুহৰে বংশধৰ আমি আধুনিক মানুহবোৰ। কিন্তু পৰিৱৰ্তনৰ অপ্ৰতিৰুদ্ধ গতিত সাম্প্ৰতিক সময়ত পাৰিপাৰ্শ্বিকতা তথা প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’বলৈ ধৰিলে। সমগ্ৰ বিশ্বৰে পৰিৱেশ পৰিস্থিত আজি অস্থিৰ। সেয়ে পৃথিবীবাসী সজাগ হোৱাৰ সময় হৈছে। আপুনিও পৰিৱেশ স্ংৰক্ষণৰ সদস্য হওক। আপোনাৰ অংশগ্ৰহণে শতজন শিশুৰ ভৱিষ্যত সুৰক্ষিত নিশ্চয় কৰিব। পৰিৱেশ সজাগতা বা আন্দোলন তথা আন্ত:ৰাষ্ট্ৰীয় সন্মিলনসমূহে সত্তৰৰ দশকৰ পৰা সন্তুলিত পৰিৱেশৰ হকে বিভিন্ন পদক্ষেপ লৈ আহিছে। এই ছেগতে কিছু তথ্য আলোচনা কৰি চাঁও আহক। ১৯৭২ চনত বিশ্বৰ ১১৪ ৰাষ্ট্ৰই ছুইডেনৰ ষ্টকহ’ম চহৰত ‘মানুহ আৰু পৰিৱেশ’ বুলি এক আন্ত:ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল। বিস্তৰ আলোচনা কৰি সন্মিলনখনে প্ৰত্যেক ৰাষ্ট্ৰকে নিজ নিজ ঠাইৰ পাৰিপাৰ্শ্বিকতা সুৰক্ষাৰ বাবে আহ্বান জনালে। সেই সন্মিলনখনতে আলোচিত হৈছিল যে জনস্ংখ্যা বৃধি, উদ্যোগীকৰণ আৰু নগৰীকৰণৰ ধামখুমীয়াৰ বাবে প্ৰাকৃতিক ভাৰসাম্যতা অস্থিৰ হৈছে। উক্ত বিষয়কেইটা যাতে প্ৰত্যেক দেশেই উপলব্ধি কৰে তাৰ বাবে সন্মিলনখনে এটি শ্ল’গান উলিয়ালে। ‘মাত্ৰ এখনি ধৰিত্ৰী’। অৰ্থাৎ আমি সকলোবোৰ এই পৃথিৱীখনৰ বাসিন্দা, সেয়ে আমাৰ উদ্দেশ্য হ’ল পৃথিৱীখন বসবাসৰ উপযোগীকৈ ৰখা। সেই সন্মিলনখন ৫ জুনৰপৰা ১৪ জুনলৈ অনুষ্ঠিত হৈছিল বাবে ৫ জুন তাৰিখটোকে বিশ্ব পৰিৱেশ দিৱস বুলি বিশ্ববাসীয়ে মানি ল’লে। প্ৰত্যেক বছৰে ৰাষ্ট্ৰসংঘই শ্ল’গান এটি প্ৰচাৰ কৰে আৰু তাৰেই আধাৰত বিশ্ববাসীয়ে পৰিৱেশ স্ংৰক্ষণৰ অভিযান আজিও অব্যাহত ৰাখিছে। আপুনি বসবাস কৰা ঠাইখিনিৰ কাষৰতে থকা জীৱ-জন্তু পশু-পক্ষী, নৈ-বিল, পাহাৰসমূহেই প্ৰাকৃতিক সম্পদ। সেইবোৰেই পৰিস্থিতিক সন্তুলন কৰি ৰাখে। সেয়ে সিবিলাকৰ স্থায়িত্বত নজৰ ৰাখক। ১৯৮২ চনত ৰাষ্ট্ৰস্ংঘই নাইৰোবিত ‘বিশ্ব পৰিৱেশ’ শীৰ্ষক সন্মিলন অনুষ্ঠিত কৰি বিগত এটা দশকৰ পৰ্যালোচনা কৰিলে। ধনী-দুখীয়া সকলো দেশৰ পৰিৱেশ পৰিস্থিতিৰ দিশবোৰ আলোচনা কৰি বিশ্ব পৰিৱেশৰ স্থিতিৰ নতুন পদক্ষেপৰ বাবে সকলো দেশ একমত হ’ল। পুনৰ ১৯৯২ চনত ‘বিশ্বশীৰ্ষ সন্মিলন’ নামেৰে ৰাষ্ট্ৰস্ংঘই ৰিঅ’ডি জেনেৰিঅ’ত মহাসন্মিলনখন অনুষ্ঠিত কৰিলে। উক্ত সন্মিলনৰ শ্ল’গান হ’ল ‘আমাৰ ভৱিষ্যত’। জুন মাহৰ তিনি তাৰিখৰ পৰা ১৪ তাৰিখলৈ এই সন্মিলনখন চলিছিল।পৃথিৱীৰ ১৬৫ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি, দহ হাজাৰ চৰকাৰী বিভাগ আৰু বিশ হাজাৰ এন জি অ’ই উক্ত সন্মিলনত অংশ লৈছিল। অতি গুৰুত্বপূৰ্ণ এই সন্মিলনখনত ছটা মূল বিষয় যেনে সেউজ গৃহ গেছ, অৰণ্য ধ্বংস, জনস্ংখ্যা বৃদ্ধি, প্ৰযুক্তি বিনিময়, আৰ্থিক লাভৰ সমবিতৰণ আৰু পৰিস্থিতি অৱক্ষয় আদিৰ ওপৰত গভীৰ আলোচনা হৈছিল। মুঠতে বহনক্ষম পৰিৱেশ স্ংৰক্ষণৰ সকলো দিশ আঁতি-গুৰি মাৰি ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিত্ং পৰ্যালোচনাৰে সন্মিলনৰ সামৰণি পৰিছিল। সেই সন্মিলনতেই Agenda-21  বুলি বহনক্ষম উন্নয়নৰ উল্লেখযোগ্য সিদ্ধান্তবোৰ লোৱা হৈছিল। ১৯৯৭ চনত জাপানৰ কিয়োটা চহৰত ১৮০ দেশৰ প্ৰতিনিধিত্বত ‘গোলকীয় উষ্ণতা’ শীৰ্ষক এক সন্মিলন ৰাষ্ট্ৰস্ংঘই অনুষ্ঠিত কৰিছিল। বায়ু প্ৰদুষণৰ বাবে বা বহল অৰ্থত পৰিৱেশ প্ৰদূষণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হোৱাটো বিজ্ঞানীসকলে অৱগত কৰাত উক্ত সন্মিলনখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। ভূপৃষ্ঠৰে উপৰিভাগত থকা বায়ুমণ্ডলৰ বিভিন্ন স্তৰত বায়ু প্ৰদূষকে অনাকাংক্ষিত প্ৰভাৱ পেলাইছে। ফলত বতৰৰ পৰিৱৰ্তন হৈ হৈ জলবায়ু পৰিৱৰ্তনৰ অশনি স্ংকেতে সচেতন মহলক চিন্তিত কৰি তুলিছিল। গোলকীয় উত্তপৰ কাৰণ আৰু ধৰণ সম্পূৰ্ণ বিশ্লেষণ কৰি কিয়েটো সন্মিলনে বিশ্ববাসীক বহু নীতি-নিৰ্দেশনা দিলে। আশা কৰা হৈছিল যে সেউজ গৃহ গেছসমূহক নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ প্ৰত্যেকখন ৰাষ্ট্ৰই ল’ব। অৱশ্যে UNEP-এ ১৯৮৯ চনতে ‘Global Warming’ বিষয়টো প্ৰচাৰ কৰি বিশ্ববাসীক সচেতন কৰিছিল। উল্লেখ নকৰি নোৱাৰি যে দেশস্মূহে সাধৰণ জনতাক উক্ত বিষয়বোৰ বুজিব পৰাকৈ ফলপ্ৰসু আঁচনি ল’ব নোৱাৰিলে। পৰিস্স্থিতিৰ অৱক্ষয় চলন্ত গতিত থাকি যোৱা বাবে ৰাষ্ট্ৰস্ংঘই ২০০২ চনত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ‘বহনক্ষম উন্নয়ন’ বুলি এখন সন্মিলন অনুষ্ঠিত কৰিলে। সেই সন্মিলনত প্ৰধানকৈ- পৰিৱেশ স্ংক্ৰান্তীয় বিষয়বোৰ, দীৰ্ঘদিনীয়া প্ৰত্যাহ্বান আৰু আৰ্থিক সকাহৰ বাবে দেশসামূহৰ মাজত সহযোগিতাৰ বন্ধুত্ব কটকটীয়া কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। মুঠতে যোৱা তিনিটা দশকতকৈও অধিক কাল ৰাষ্ট্ৰস্ংঘই আলোচনা কৰা পৰিৱেশ স্ংক্ৰান্তীয় বিষয়বোৰ বৰ্তমান শিক্ষানুষ্ঠানৰ কাৰ্যক্ৰমণিকাৰ প্ৰৱেশ কৰিছে। উদ্দেশ্য হ’ল আমি সৰু-বৰ সকলোৱে পৃথিৱীখনৰ বিষয়ে ভাবিব বা উপলব্ধি কৰিব পাৰিব লাগিব। ১৯৭২ চনৰপৰা ২০০২ চনলৈ বহূ শ্ল’গান আমি শুনিলোঁ আৰু ছেগাছোৰোকাকৈ ফলপ্ৰসু কাৰ্যসূচিও ঘাতত ললো। কিন্তু দক্ষ চৰকাৰী বিষয়া আৰু গৱেষনা ৰহিত আঁচনি বালিৰ বান্ধৰ দৰে। কোনো স্থায়িত্ব নাই। ১৯৯২ চনৰ ৰিঅ’ডি জেনেৰিঅ’ত বহা সন্মিলনত দুখন চুক্তিত কেইবাখনো দেশে সন্মতি দিছিল-সেই দুখন হ’ল Convention on Biodiversity আৰু UN Convention on climate Change জৈৱ বৈচিত্ৰতা স্ংৰক্ষণ কৰা মানেই হ’ল বহন ক্ষমতা অটুট ৰখা আৰু বহনক্ষম পৰিৱেশ বিধ্বস্ত মানেই হ’ল জলবায়ু পৰিৱৰ্তন অৱষ্যাম্ভী। পূব হিমালয়ৰ পাদদেশৰ ৰাজ্য অসমৰ দৰে ঠাই বিৰল। প্ৰকৃতিয়ে আমাক প্ৰাকৃতিক সম্পদৰ ভিন্নতাৰ দৰে বহু জনগোষ্ঠীকো তুলি-তালি জীয়াই ৰাখিছে। আমাৰ স্ংস্কৃতি বা পৰম্পৰা ভিন্ন হ’ব পাৰে কিন্তু আমি সকলোৱেই মানুহ বুলিহে পৰিচিত। আমি স্ংঘবদ্ধভাৱে, মুক্তভাৱে চিন্তা-চৰ্চা কৰিলে আমাৰ প্ৰাকৃতিক পৰিৱেশ আমি ধৰি ৰাখিব পাৰিম। সদিচ্ছা আৰু নি:স্বাৰ্থ মনেৰে প্ৰত্যেকেই ধৰিত্ৰীখনৰ বিষয়ে জানিলে আপোনা-আপুনি ভাল কামবোৰ হ’ব। অন্যথা ধৰিত্ৰী দিৱস, বিশ্ব পৰিৱেশ দিৱস, পৰ্যটন দিৱস আদি অপমানিতহে হ’ব যেন লাগে।

লিখক: ড০ দীনেশ কাকতি, দৈনিক অসম।

3.11363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top