অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিৱেশৰ ভাৰসাম্য: কি হ’ব এইদৰে?

পৰিৱেশৰ ভাৰসাম্য: কি হ’ব এইদৰে?

সৌ সিদিনা খবৰ কাগজত বৰ বৰ হৰফেৰে প্ৰকাশ পাইছিল, ‘‘বিষাক্ত মৃত জন্তু ভক্ষণ কৰি একুৰিতকৈ অধিক শগুণৰ মৃত্যু’’, লক্ষীপথাৰ বনাঞ্চলত উদ্ধাৰ আঠটাকৈ বন্যহস্তীৰ মুণ্ডহীন মৃতদেহ’’, কাজিৰঙাত পুনৰ গঁড় হত্যা’’ —ইত্যাদি৷

কি হ’ব এইদৰে?

পৃথিৱীৰ অন্যতম আপুৰুগীয়া জন্তু হৈছে অসমৰ এটা খড়্গ থকা গঁড়৷ এই খড়্গ থকা গঁড় পৰ্যটক সকলৰ বাবে আকৰ্ষণীয় জন্তু৷ এই জন্তুটোৰ বাবেই অসমক পৃথিৱীয়ে চিনি পালে৷

দ্বিতীয়তে অসমৰ অৰণ্যত বিৰাজমান অতিকায় জন্তু হাতীও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷

তৃতীয়তে, শগুন আৰু ফেঁচা৷

এই চাৰিবিধ প্ৰাণীৰ কেইটামান প্ৰজাতিৰ বাবে অসম একক৷ অসমৰ বাহিৰে আন ক’তো এই প্ৰাণীকেইপদৰ বিশেষ কেইটামান প্ৰজাতি পোৱা নাযায়৷ এতিয়া কথা হ’ল— অসম মুলুকত এই প্ৰাণীকেইটাৰ সেই বিশেষ প্ৰজাতিবোৰ কিমান সুৰক্ষিত? প্ৰথমে আমি ক্ষোভ উজাৰিব পাৰোঁ চৰকাৰৰ বিৰুদ্ধে৷ চৰকাৰে প্ৰাণীকেইপদ সুৰক্ষাৰ বাবে যিমান কৰিব লাগিছিল সিমান কৰা নাই৷ অত্যাধুনিক অস্ত্ৰৰে সুৰক্ষিত এমুঠিমান চোৰাং চিকাৰীৰ লগত বন সুৰক্ষা বাহিনীয়ে ফেৰ মাৰিব নোৱাৰাৰ অন্যতম কাৰণ সুৰক্ষা বাহিনীৰ হাতত অত্যাধুনিক অস্ত্ৰ/সংযোগ যন্ত্ৰৰ অভাৱ৷ তদুপৰি একাংশ দুৰ্নীতিগ্ৰস্ত বনকৰ্মী, সুৰক্ষা বাহিনীৰ বাবেও চোৰাং চিকাৰী সকলৰ অতিপালি ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ বছৰি কোটি কোটি টকা জনসাধাৰণৰ পকেটৰ পৰা খৰচ কৰিলেও সুৰক্ষা বাহিনীৰ এই দুটা মূল কেৰুণ আঁতৰ কৰিব নোৱাৰিলে এইদৰে নিতৌ মৰি থাকিব গণ্ডাই গণ্ডাই এই প্ৰাণীবোৰ৷ তদুপৰি চৰকাৰে ঠায়ে ঠায়ে স্থাপন কৰা বনগাঁওবোৰো বন ধ্বংসৰ অন্যতম হোতা৷ এইবোৰ বনগাঁও স্থাপন কৰা নীতি সোনকালেই চৰকাৰে পৰিহাৰ কৰা উচিত৷ অধিকৃত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা উচিত৷

দ্বিতীয়তে আমি জনসাধাৰণে কি কৰিছোঁ এই প্ৰাণীবোৰৰ বাবে?

বিষাক্ত মৃত জন্তু ভক্ষণ কৰা শগুণ কেইটাৰ মৃত্যুৰ বাবে চৰকাৰখন জগৰীয়ানে ?

কি কাৰণত সেই মৃত জন্তুটোৰ গাত বিহ ঢালি মুকলি ঠাইত ৰখা হ’ল?

মাংসহাৰী প্ৰাণীকেইটা নিধনৰ বাবেই নহয়নে?

যদিহে বিহ পান কৰিয়েই জন্তুটোৰ মৃত্যু হৈছিল, তেনে সেই জন্তুটো নিৰাপদ ঠাইত পুতি ৰখাৰ ব্যৱস্থা কৰা নহ’ল কিয় ?

এই প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব, চৰকাৰে?

অৰণ্যৰ কাষৰীয়া অঞ্চলবোৰলৈ মন কৰকচোন ; কিদৰে এফালৰ পৰা ধ্বংস কৰি দিয়া হৈছে অৰণ্যবোৰ! ভিতৰলৈ যদি প্ৰৱেশ কৰে, তেন্তে বন্য প্ৰাণীৰ বাবে উপযুক্ত আহাৰৰ সন্ধান কিবা দেখিলেনে?

ওখ ওখ বৃহৎ গছবোৰ যেতিয়া কাটি পেলোৱা হ’ল, পক্ষীকুলৰ বাবে নিৰাপদ বাসস্থান থাকিল ক’ত?

এতিয়া অৰণ্যত থকা জন্তুবোৰে আহাৰৰ সন্ধানত জন-অৰণ্যলৈ নাহি ক’লৈ যাব?

এতিয়া দেখা গৈছে কোনো ঠাইত হাতীয়ে/ গঁড়ে জন-অৰণ্যৰ কাৰোবাক খুঁচি-ফেনেকি থকা-সৰকা কৰিলে চৰকাৰক গালিৰে পুতি পেলোৱা হয়৷ কিন্তু সেই বন্যপ্ৰাণীটো আমি জন সাধাৰণেই মুকলি ঠাইলৈ আহিবলৈ বাধ্য কৰা নাইনে?

অৰণ্যত গঁড় হত্যা কৰি চোৰাং চিকাৰীকেইজন ক’লৈ যায়?

বেলেগ কোনো দেশৰ পৰা ঘনে ঘনে আহিতো গঁড় বধ কৰিব নোৱাৰে! তেওঁলোক অসমৰে মানুহ৷ তদুপৰি আমাৰ অসমৰে এটা চামে তেওঁলোকক সহায় কৰিবই লাগিব, আশ্ৰয় দিবই লাগিব৷ অন্যথা এইদৰে ঘনে ঘনে গঁড় হত্যা সম্ভৱ নহয়৷ এই ক্ষেত্ৰত আমাৰ জানো কৰণীয় নাই?

আমি যদি কোনোৱে চোৰাং চিকাৰী সকলক সহায় নকৰোঁ?

যদি আশ্ৰয় নিদিওঁ?

কেৱল অৰ্থই জানো সৰ্বস্ব?

প্ৰথমে আমি, জনসাধাৰণে অৰণ্যৰ বাবে নিজে সজাগ হ’ব লাগিব৷ তাৰ পিছতহে অন্য বিষয়৷ নহ’লে এইদৰে প্ৰাণীবোৰৰ অকাল মৃত্যু হৈ থাকিলে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি উকা অসম এখন থৈ যোৱাৰ বাবে বিকল্প নাই৷ আমি কিয় পাহৰি যাওঁ যে— অৰণ্যইহে আমাক জীয়াই ৰাখিছে৷ অৰণ্যই আমাৰ মানৱ সমাজক একো অনিষ্ট কৰা নাই৷ কিন্তু সেই অৰণ্যক এফালৰ পৰা ধ্বংস কৰাৰ অধিকাৰ মানুহে ক’ৰ পৰা পালে? কেৱল ৫ জুনত গছপুলি এটা ৰোপন কৰিয়েই প্ৰাকৃতিক পৰিৱেশ ৰক্ষা অসম্ভৱ৷ প্ৰথমে অৰণ্য থাকিব লাগিব, তেহে প্ৰাণীবোৰ জীয়াই থাকিব ৷

লেখিকা: জোনালী।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate