অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিট’ প্ৰট’কল

কিট’ প্ৰট’কল

পৃথিৱী জুৰি গ্ৰীনহাউচ গেছ হ্ৰাস কৰাৰ বাবে কিট’ প্ৰট’কল এক আন্তৰাষ্ট্ৰীয় আৰু বাধ্যতামূলক আইন৷ ২০০৫ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে এই আঁচনি গৃহীত হয়৷ কিট’ প্ৰট’কলৰ মূল উদ্দেশ্য হ’ল শিল্প সমৃদ্ধ দেশসমূহৰ গ্ৰীনহাউচ গেছ (জিএইচজি) নিৰ্গমণ হ্ৰাস কৰা৷ গ্ৰীনহাউচ গেছত থকা গেছসমূহ হৈছে, কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, চালফাৰ, হেক্সাফ্লৰাইড, হাইড্ৰ’ফ্লৰ’কাৰ্বন আৰু পাৰফ্লৰ’কাৰ্বন৷ ২০০৮ চন পৰ্য্যন্ত ১৮৩ খন দেশে প্ৰট’কল অনুমোদন কৰিছে, তাৰ মাজত ভাৰতবৰ্ষও আছে৷

১৫০ বছৰ ধৰি শিল্পোন্নত দেশসমূহে শিল্প বিস্তাৰৰ বাবে কৰি অহা কাম-কাজসমূহেই বতৰ্মান বায়ুমণ্ডলৰ উচ্চ জিএইচজিৰ বাবে দায়ী৷ উন্নত দেশসমূহৰ ওপৰত প্ৰট’কলে গধুৰ দায়িত্ব “সাধাৰণ কিন্তু ভিন্ন ভিন্ন দায়িত্ব” ন্যস্ত কৰিছে৷ এই প্ৰট’ক’লৰ অধীনত, উন্নত দেশসমূহে জিএইচজি নিৰ্গমণ ১৯৯০ চনৰ মাত্ৰাতকৈ, ২০১২ চনৰ ভিতৰত ৫.২ শতাংশ হ্ৰাস কৰিব লাগিব৷

কিট’ পদ্ধতিসমূহ

চুক্তি অনুযায়ী, প্ৰথমতে দেশসমূহৰ জাতীয় উপায় প্ৰয়োগৰ দ্বাৰা এই লক্ষ্য পূৰণ কৰিব লাগিব৷ অৱশ্যে, কিট’প্ৰট’কলে তিনিটা বজাৰভিত্তিক উপায়ৰ দ্বাৰা সেই সমূহ পূৰণৰ সুযোগ প্ৰদান কৰিছে৷ সেইবিলাক হৈছে:

  • নিৰ্গমণ বাণিজ্য– "কাৰ্বন মাকেৰ্ট” নামে পৰিচিত
  • পৰিষ্কাৰ কৰা পদ্ধতিৰ উন্নয়ন অথবা ক্লীন ডেভেলপমেন্ট মেকানিজিম
  • যুটীয়া প্ৰয়োগ অথবা জইন্ট ইমপ্লিমেনটেছন (জিআই)
১) নিৰ্গমণ বাণিজ্য– কাৰ্বন ট্ৰেডিং

কিট’প্ৰট’কলৰ অধীনত প্ৰতিশ্ৰুতিবদ্ধ হোৱা দেশসমূহে নিৰ্গমণ সীমিত কৰা অথবা হ্ৰাস কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল৷ এই লক্ষ্যসমূহ অনুমোদিত নিৰ্গমণ মাত্ৰা বা “নিৰ্দ্ধাৰিত পৰিমাণ’’ হিচাপে প্ৰকাশ কৰা হয়৷ অনুমোদিত নিৰ্গমণক “নিৰ্দ্ধাৰিত পৰিমাণৰ একক’’(এএইউ) হিচাপে বিভক্ত কৰা হৈছে৷       
যিবিলাক দেশে কিট’প্ৰটকল অনুযায়ী নিৰ্গমণ একক বকেয়া (নিৰ্গমণ একক অনুমোদিত, অথচ ‘ব্যৱহৃত’ নহয়) হিচাপত ৰাখিব, সেইবিলাক দেশে লক্ষ্য অতিক্ৰম কৰি যোৱা দেশসমূহক সেই অত্যাধিক পৰিমাণ বিক্ৰী কৰিব পাৰিব৷

এইদৰে, নিৰ্গমণ হ্ৰাস অথবা আতঁৰাই পেলোৱাৰ বাবে এটা নতুন পণ্য উৎপন্ন হৈছে৷ যিহেতু কাৰ্বন-ডাই-অক্সাইড প্ৰধান গ্ৰীনহাউচ গেছ, সেয়ে ইয়াক কাৰ্বন ট্ৰেডিং বোলা হয়৷ বতৰ্মান কাৰ্বন লক্ষিত আৰু অন্য পণ্যৰ দৰে ইয়াৰ বেপাৰ হয়৷ ইয়াকে কাৰ্বন মাকেৰ্টো বোলা হয়৷

কাৰ্বন মাৰ্কেটৰ অন্য ট্ৰেডিং ইউনিট

এই পৰিকল্পনাৰ অধীনত স্থানান্তৰ কৰিব পৰা প্ৰতি এক টন কাৰ্বন-ডাই-অক্সাইডৰ সমান হ'ব পৰা একক হ’ল:

  • অপসাৰণ কৰা একক অথবা ৰিম’ভেল ইউনিট (আৰএমইউ)– মাটিৰ ব্যৱহাৰ, ব্যৱহৃত মাটিৰ পৰিৱৰ্তন আৰু বনজ (এলইউএলইউচিএফ) ক্ৰিয়াকলাপৰ ওপৰত, যেনে, বনাঞ্চল প্ৰসাৰ কৰা৷
  • নিৰ্গমণ হ্ৰাসকৰণ একক অথবা ইমিউছন ৰিডাকচন ইউনিট (ইআৰইউ)– যুগ্ম প্ৰসাৰ প্ৰকল্পৰ বাবে
  • প্ৰমাণিত নিৰ্গমণ হ্ৰাসকৰণ একক অথবা চাটিৰ্ফাইড ইমিউছন ৰিডাকচন ইউনিট (চিইআৰ)- এটা ক্লীন ডেভেলপমেন্ট মেকানিজিমৰ পৰা উদ্ভৱ৷
২) ক্লীন ডেভেলপমেন্ট মেকানিজিম

প্ৰট’ক’লৰ ১২ নং অনুচ্ছেদত ক্লীন ডেভেলপমেন্ট মেকানিজিম (চিডিএম) উল্লেখ আছে৷ ইয়াৰ মতে নিৰ্গমণ হ্ৰাস অথবা নিৰ্গমণ সীমিত কৰা উন্নয়নশীল দেশসমূহত নিৰ্গমণ হ্ৰাস প্ৰকল্প প্ৰসাৰৰ বাবে অনুমতি দিয়া হয়৷ এই প্ৰকল্পসমূহে ব্যৱসায়িকভাৱে প্ৰামাণিক নিৰ্গমণ হ্ৰাস (চিইআৰ) প্ৰমাণ পত্ৰ পাব পাৰে যিটো এক টন কাৰ্বন-ডাই-অক্সাইডৰ মানৰ সমতুল্য আৰু ইয়াক কিট’প্ৰটক’লৰ লক্ষ্য পূৰণৰ উদ্দেশ্য হিচাপে ধৰিব পাৰি৷

সৌৰ পেনেল ব্যৱহাৰ কৰি কৰা গ্ৰাম্য বৈদ্যুতিকৰণ অথবা শক্তি-সক্ষম বইলাৰসমূহত এটা চিডিএম প্ৰকল্প ব্যৱহাৰ কৰিব পাৰি৷ এই মেকানিজিমে উন্নয়নশীল দেশসমূহক নিৰ্গমণ হ্ৰাসকৰণৰ লক্ষ্য পূৰণৰ বাবে সুযোগ দিব পাৰে৷

এটা চিডিএম প্ৰকল্পৰদ্বাৰা নিৰ্গমণ হ্ৰাস কৰাৰ সম্ভাৱনা থাকিব লাগে৷  প্ৰকল্পটি সঠিক আৰু ৰাজহুৱা নথিভুক্ত পদ্ধতিৰ দ্বাৰা কঠোৰভাৱে পৰীক্ষিত হ’ব লাগে৷ মনোনীত ৰাষ্ট্ৰীয় ব্যক্তিৰদ্বাৰা অনুমোদন প্ৰাপ্ত হ’ব লাগে৷ চিডিএম প্ৰণালীৰ বাবে আগবঢ়োৱা ধন অন্য কোনো কাম বা কাৰ্য্যলয়ৰ উন্নতিমূলক কামত ব্যৱহাৰ কৰিব নোৱাৰিব৷

৩) যুটীয়া প্ৰয়োগ অথবা জইন্ট ইমপ্লিমেনটেছন

কিট’প্ৰটকল ৬নং অনুচ্ছেদত "যুটীয়া প্ৰয়োগ অথবা জইন্ট ইমপ্লিমেনটেছন’’ ৰ উল্লেখ আছে৷ ই ৰাষ্ট্ৰক নিৰ্গমণ হ্ৰাস বা সীমিতকৰণেৰে কিট’প্ৰট’কলৰ অধীনত আন ৰাষ্ট্ৰৰ পৰা নিৰ্গমণ হ্ৰাস অথবা নিৰ্গমণ বজৰ্নৰ ওপৰত নিৰ্গমণ হ্ৰাসৰ একক (ইআৰইউ) অৰ্জন কৰিবলৈ অনুমতি দিয়ে৷ ইয়াৰ পৰিমাণ এক টনৰ সমান আৰু ইয়াক প্ৰট’ক’লৰ লক্ষ্য পূৰণৰ উদ্দেশ্য হিচাপে গণ্য কৰা হয়৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate