অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বনৰজাৰ প্ৰতি ভাবুকি-

বনৰজাৰ প্ৰতি ভাবুকি-

 

উৰণ,বৰণ,গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱক আঁকোৱালি লৈয়েই বিনন্দীয়া পৃথিৱীখনৰ সৃষ্টি হৈছে।আমাক সততে মুগ্ধ কৰা তেনে এটা প্ৰাণী হ’ল মেকুৰী।বনৰজা বাঘৰ সৈতে থকা দেহৰ গঠনৰ সাদৃশ্যতাৰ বাবেই আমি মেকুৰীটোৰ ৰ’লাগি চাওঁ।সেয়ে অসমীয়া ভাষাত এফাকি যোজনা-‘বাঘ আৰু চবিকে নেলাগে বিড়ালকে চোৱা’আজিও প্ৰচলন হৈ আহিছে।অৰ্থাৎ ঘৰতে পোহা মেকুৰী এটাৰ ৰেহ-ৰুপ চায়েই গভীৰ অৰণ্যত বাস কৰা ভয়ংকৰ মুৰ্তিৰ বাঘ চোৱাৰ সাৰ্থকতা লাভ কৰিব পাৰি।

বিশ্বৰ যিবোৰ জন্তুৰ প্ৰজাতিয়ে বা পৰিয়ালে এখন অৰণ্য সুন্দৰ আৰু ৰহস্যময় কৰি ৰাখে,তেনে এবিধ জন্তু মেকুৰী প্ৰজাতি।ইহঁতৰ চলণ-ফুৰণ ৰজাৰ দৰে গহীন,চকুৰ চাৱনি তীক্ষ্ণ।অৰণ্যৰ হাজাৰ-বিজাৰ চকুৰ আগেদিয়েই নিশব্দে আৰু গোপনে বিচৰণ কৰাৰ দক্ষতা অতুলনীয়।সেয়ে এই প্ৰজাতিৰ জন্তুবোৰ অনন্য।এই মেকুৰী প্ৰজাতিটোৰ ভিতৰত আছে-ঢেঁকীয়াপতীয়া বাঘ,সিংহ,নাহৰফুটুকী ,নাহৰফুটুকীৰ দুটা প্ৰজাতি-লতামাকৰী বাঘ,গোধাফুটুকী বাঘ আৰু হিম বাঘ,ক’লা বাঘ বা ঘোঙৰ লগতে সৰু আৰু ডাঙৰ মেকুৰী আদি।মাংসহাৰী এই চিকাৰী প্ৰাণীৰ প্ৰজাতিটোক কোৱা হয় ফেলেডি।এই ফেলেডি গোষ্ঠীক দুটা ভাগত ভাগ কৰা হৈছে-পেনথেৰিন আৰু নন পেনথেৰিন।প্ৰথম ভাগটোৰ সদস্য হ’ল-ঢেঁকীয়াপতীয়া বাঘ,সিংহ,নাহৰফুটুকী ,জগোৱাৰ ,তুষাৰ বা হিম বাঘ বা চিতা আৰু গোধাফুটুকী আৰু দ্বিতীয় ভাগটোত আছে কেইবাটাও বন মেকুৰী সদস্য ,যেনে-সোণালী মেকুৰী,মাছুৱৈ মেকুৰী,বনবোন্দা,মৰুভুমিৰ মেকুৰী,মাৰ্বল মেকুৰী,পল্লাশ মেকুৰী আদি।এই ফেলেডি গোষ্ঠীৰ ভিতৰত বাঘৰ সংখ্যা সৰ্বাধিক।তাৰ পিছত সিংহ আৰু নাহৰফুটুকী ।(ইয়াত বাঘ মানে ঢেঁকীয়াপতীয়াৰ কথা কোৱা হৈছে)

ইংৰাজী ভাষাত যিটো বাঘক ‘ৰয়েল বেংগল টাইগাৰ’বুলি কোৱা হৈছে।অসমীয়া ভাষাত সেইবিধ বাঘক ঢেঁকীয়াপতীয়া বাঘ বুলি কোৱা হয়।ফটিক চন্দ্ৰ গগৈৰ ‘ৰহস্যময় বন্যপ্ৰাণী’নামৰ গ্ৰন্থত উল্লেখ কৰা মতে –‘কোনো কোনো মানুহে এই জাতীয় বাঘক ওন্দোলা বাঘ,আন কিছুমানে আকৌ বেত আঁচোৰা বাঘ বুলিও আখ্যা দিব খোজে’।যি কি নহওক অসমৰ হাবি-বননিত বাস কৰা বনৰীয়া জন্তুবিলাকৰ ভিতৰত ই যে এবিধ চিত্তাকৰ্ষক আৰু ৰাজকীয় সৃষ্টি,এই ক্ষেত্ৰত দ্বিমত নাই।চাইবেৰীয়াত ‘টাইগা’নামৰ বাঘৰ আদিম বাসস্থানৰ নাম অনুযায়ী এইবিধ জন্তুৰ নাম অৱশেষত টাইগাৰ হ’লগৈ-এই কথা ফটিক চন্দ্ৰ গগৈ তেওঁৰ ‘ৰহস্যময় বন্যপ্ৰাণী’গ্ৰন্থত উল্লেখ কৰিছিল।

অসম প্ৰকাশন পৰিষদে ১৯৮৮ চনত প্ৰকাশ কৰা ‘মানাহ মানুহ আৰু ত্ৰিমুৰ্তি’নামৰ গ্ৰন্থত লিখক গণেশ দাসে লিখিছিল-‘অসমৰ প্ৰাকৃতিক গছ-লতিকাৰ লগত সাদৃশ্য থকা বিভিন্ন জাতৰ বনৰীয়া জীৱ-জন্তুক অসমীয়া ৰাইজে নিজস্ব সুকীয়া নামেৰে নামকৰণ কৰিছে।ঢেঁকীয়া গছৰ পাতৰ দৰে বাঘৰ গাত-পিঠিৰ পৰা বুকুলৈকে বৈ পৰা ক’লা চিন থকা গুণে অসমত এই বাঘৰ থলুৱা নাম হৈছে ‘ঢেঁকীয়াপতীয়া বাঘ’।অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জাতি-উপজাতি ,জনজাতি লোকৰ মাজত বাঘৰ উৎপত্তি সম্বন্ধে বহু জনবিশ্বাস,সাধু আছে।চেমা নগাসকলে,মিচিমি ,ইদুসকলে,অসমীয়া বড়ো-কছাৰীৰ মুছাহাৰীসকলে নিজকে বাঘৰ সৈতে তেজ-মঙহৰ সম্বন্ধ থকা বুলি বিশ্বাস কৰে।এইবোৰ কথাই প্ৰতীয়মান কৰে যে ইংৰাজসকল ভাৰতলৈ অহাৰ বহু যুগৰ আগেয়েই অসমীয়া ৰাইজ ঢেঁকীয়াপতীয়া বাঘৰ সৈতে সুপৰিচিত আছিল।

এটা গুৰুত্বপুৰ্ণ কথা হ’ল –বাঘে যিকোনো পাৰিপাৰ্শ্বিক অৱস্থাতে নিজক খাপ খুৱাই ল’ব পাৰে।ঘাঁহ-বননিৰে ভৰা অসম-বংগৰ হিমালয়ৰ নামনি অঞ্চল,সাগৰৰ পৃষ্ঠৰ পৰা ৭-৮ হাজাৰ ফুট হিমালয়ৰ উচ্চভুমিৰ পৰা মধ্য আৰু দক্ষিণ ভাৰতৰ ভিন্ন জলবায়ুৰ লগত বাঘে খাপ খাই পৰিব পাৰে।

আমাৰ মতা ঢেঁকীয়াপতীয়া বাঘটো ৬ ফুটৰ পৰা ৯ ফুট পৰ্যন্ত দীঘল আৰু দেহৰ ওজন ১৮০ কিলোগ্ৰামৰ পৰা ২৫৪ কিলোগ্ৰামলৈকে হয়।আৰু মাইকী বাঘৰ ওজন ১০০ পৰা ১৬০ কিলোগ্ৰাম পৰ্যন্ত হয়।একাংশ বন্য প্ৰেমী লোকৰ মতে বন্য অৱস্থাত এই বাঘৰ আয়ুস পোন্ধৰ বছৰতকৈ অধিক নহয় আৰু আবদ্ধ অৱস্থাত প্ৰায় ওঠৰ বছৰলৈকে আয়ুস দেখা যায়।ৰঙা-হালধীয়া গাৰ ৰং আৰু পথালিকৈ থকা ক’লা শাৰী শাৰী ডাঠ-পাতল পটিৰ বাবে ইহঁত জিলিকি থাকে।

বাঘৰ পিয়ল:বাঘ পিয়লৰ নিয়মবোৰ বিচিত্ৰ।অৰন্যৰ ভিতৰত নিৰ্দিষ্ট এডোখৰ স্থানৰ পৰা চাৰিটা দিশত প্ৰায় দুই কি:মি: আঁতৰলৈকে বাঘ নিৰীক্ষণ পথ নিৰ্দিষ্ট কৰা হয়।এই ক্ষেত্ৰত পথবোৰত প্ৰত্যক্ষ কৰা জীৱ-জন্তুৰ খোজ,বিষ্ঠা,সৰু-ডাঙৰ ঘাঁহ-বন,হাবি,গছ আৰু গছৰ তলখন,গছৰ ওপৰৰ ডালৰ আৱৰণখন কেনে আছে তাৰ সঠিক প্ৰতিচ্ছবিখন যুগুতাই ল’ব লাগে।শক্তিশালী ছেটেলাইটেৰে ঠাইখন কেমেৰাবদ্ধ কৰা হয়।ইয়াতে সংযোগ বন Camera trap method ,২০০২ চনত আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতিবিদ,বিশেষজ্ঞ Karnath K U আৰু  J D Nicholas নামৰ দুজন গৱেষকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেমেৰা ট্ৰেপিঙৰ দ্বাৰা বাঘ আৰু ইয়াৰ চিকাৰ শীৰ্ষক নিৰীক্ষণ আৰু গৱেষণা (প্ৰায় ৫০ দিনৰ)অন্তত কৈছিল-Individual tigers have their unique pattern and are easily identified by compairing the strcape pattern .তেওঁলোকে কেমেৰাৰ জৰিয়তে বাঘ এটাৰ পেটৰ সন্মুখৰ আৰু পিছৰ ভৰি ,তপিনাৰ,নেজ ডালত থকা পটিবোৰ তন্ন তন্ন কৰি পৰীক্ষাৰ অন্তত ৩৮ টা বাঘৰ ক্ষেত্ৰত দেখিছিল যে কাৰো সৈতে কাৰো পটিবোৰৰ সাদৃশ্য নাছিল,ঠিক আমাৰ আঙুলিৰ চাপবোৰৰ দৰে।অৰ্থাৎ উদ্যানখনত বাঘৰ গাত থকা আঁচ বা পটিবোৰৰ সাদৃশ্য নাছিল,ঠিক আমাৰ আঙুলিৰ চাপবোৰৰ দৰে।অৰ্থাৎ উদ্যানখনত বাঘৰ গাত থকা আঁচ বা পটিবোৰৰ ওপৰত নিৰ্ভৰ কৰি বাঘৰ সংখ্যা আনুমানিক হিচাপত পিয়লকাৰ্য সম্পন্ন কৰি কৈছিল।দেশৰ ভিতৰত কাজিৰঙাতে বাঘৰ ঘনত্ব সৰ্বাধিক বুলি।

আমি ভবাৰ দৰে বাঘৰ ঘ্ৰাণ আৰু দৃষ্টিশক্তি খুব প্ৰখৰ নহয়,কিন্তু ইয়াৰ শ্ৰৱণ শক্তি অতি প্ৰখৰ।একেথৰে ৰৈ থকা হৰিণা এজনীৰ কাষেৰে পাৰ হৈ যাওঁতে বাঘে হৰিণাজনীক দেখা নাপাব পাৰে,কিন্তু হৰিণাজনীয়ে কাণখন সামান্য লৰালেই বা ঠেং এটা আগবঢ়ালেই লগে লগে বাঘৰ মনযোগ সেইফালে আকৰ্ষিত হয় আৰু হৰিণাজনী বিপদৰ সন্মুখীন হয় (বাঘ মানে আমি ইয়াত কিন্তু ঢেঁকীয়াপতীয়া বাঘৰ কথাহে আলোচনা কৰি আছোঁ)।বাঘে তাৰ চিকাৰ অতি নিপুণতাৰে ধৰে।চেকুৰি ধৰিব পৰা দুৰত্বত চুপি চুপি থাকি চিকাৰ কৰিব খোজা জন্তুটোৰ অগোচৰে,নিশব্দে আৰু গোন্ধ নিদিয়াকৈ বাঘে কেইটামান জাঁপ মাৰিয়েই চিকাৰ ধৰে।দক্ষ বন বিষয়া ধৰণীধৰ বড়োৱে ‘কাজিৰঙাৰ ২৪ বছৰ’নামৰ গ্ৰন্থত বাঘে চিকাৰ কৰাৰ উদাহৰণ এটা দি কৈছিল-‘যদি পুব দিশত এজাক হৰিণা চৰি থাকে আৰু যদি পুবৰ পৰা পশ্চিমলৈ বতাহ চলি থাকে,তেন্তে বাঘে পশ্চিম দিশৰ পৰাহে হৰিণাৰ চিকাৰ কৰে।

বাঘৰ ঘনত্ব আটাইতকৈ বেছি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলৰ মতে-‘জন্তু মাৰি বাঘে নিজৰ চোঙলৈ চোঁচোৰাই নিয়ে আৰু পেট নভৰালৈকে খায়।তাৰ পিছত বাঘে ওচৰে-পাঁজৰে জিৰণি লয় আৰু মাজে মাজে গৈ আকৌ খায়।এনেদৰে মাংস গেলি-পচি গ’লেও বাঘে খাবলৈ নেৰে।বাঘে এটা ডাঙৰ পশু খাই শেষ কৰিবলৈ সেয়ে দুদিন নালাগে।গাহৰি ,হৰিণা এদিন ,ম’হ,হাতী বা তেনে ডাঙৰ জন্তুৰ ক্ষেত্ৰত এসপ্তাহো লাগে।মানুহৰ দৰে অধিক খাদ্য সঞ্চয় বা নষ্ট কৰা বাঘৰ ইচ্ছা নাই।ভোক নালাগিলে বাঘে অতিৰিক্ত খাদ্য আহৰণৰ নামত সন্মুখত পৰিলেও অবাবত প্ৰাণী বধ নকৰে,সেয়ে বাঘ শক্তিশালী হ’লেও বৰ ভদ্ৰ প্ৰাণী আৰু আচল অৰ্থত বনৰ ৰজা।ইহঁতে সাধাৰণতে মানুহক ভয় কৰে আৰু কদাচিৎহে মানুহক আক্ৰমণ কৰে।অৱশ্যে বেছি ভাগৰ ক্ষেত্ৰত এনে ঘটে যদিহে বাঘ ঘুণীয়া হয় অথবা নিজৰ চিকাৰ বা পোৱালি ৰখি থাকোঁতে কোনোবা যদি আগত ওলাইহি।

বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মতে-‘বাঘ যেতিয়া বুঢ়া হয়,কোনো চিকাৰ ধৰিব নোৱাৰা হয়,তেতিয়া সহজে পোৱা চিকাৰ কৰে,লাগিলে সেয়া ঘৰচীয়া গৰু-ছাগলীয়ে নহওক কিয়’।আকৌ পুৰ্ণ প্ৰাপ্তবয়স্ক নোহোৱা অৱস্থাত বাঘে যেতিয়া মাকৰ পৰা এৰা এৰি হৈ প্ৰথম চিকাৰ ধৰিবলৈ চেষ্টা কৰে,তেতিয়াও সিহঁতে সহজে পোৱা বা ঘৰচীয়া জন্তু চিকাৰ ধৰে বুলি জনা যায়।বিশেষজ্ঞসকলৰ মতে বয়সিয়াল বাঘে আনকি ফৰিং,মাছ,বৃশ্চিক ,কেঁকোৰা আদি খায়ো জীয়াই থাকে।

চৰাই-চিৰিকটিক বাঘে খোৱাৰ বা চিকাৰ কৰাৰ আশংকা বা ভয় নাই যদিও বাঘৰ উপস্থিতিৰ লগে লগে কাউৰী,য়ুৰ,শগুণ,বআন্দৰ,শিয়াল,শালিকী বা আমাৰ ঘৰুৱা কুকুৰ আদি তেনে পশু-পক্ষী বিতত হৈ পৰে আৰু অস্বাভাৱিক মাত উলিয়াই কোঢ়াল লগায়।এই ক্ষেত্ৰত ফেউৰা অগ্ৰগণ্য।বাঘৰ আগমনৰ বাৰ্তা ফেউ ফেউ শব্দ কৰি ইয়ে প্ৰথমতে মানুহক আৰু আন জীৱ-জন্তুক জানিবলৈ দিয়ে।পিছে ফেউৰা বুলি আন প্ৰাণী নাই।বাঘৰ উপস্থিতিত শিয়ালে ভয় পায়ে হওক বা আন কাৰণতে হওক ফেউ ফেউ কৰি এক অস্বাভাৱিক মাত বআহিৰ কৰে।গাঁৱলীয়া ৰাইজৰ মতে শিয়াল বা ফেউৰা বাঘৰ হেনো মুখ্য দুত।সেয়েহে সি আগে আগে ফেউ ফেউ কৰি বাঘৰ আগমনৰ বাৰ্তা বিলায়।বাঘে তীব্ৰ গতিবেগত সাঁতুৰিব পাৰে।ম’হৰ দৰে একোটা ডাঙৰ জন্তু চিকাৰ কৰি প্ৰবল স্ৰোত নৈ –নলা সাঁতুৰি কঢ়িয়াই নিব পাৰে।সুন্দৰবনৰ বাঘে অনবৰত সাঁতুৰি এটাৰ পৰা আন এটা দীপলৈ আহ-যাহ কৰে।

চাৰি বছৰ বয়সত এজনী বাঘিনীয়ে পোৱালি জগোৱাৰ ক্ষমতাপ্ৰাপ্ত হয়।অৰণ্যৰ মাজেৰে ঢেঁকীয়াপতীয়া লতা বাঘটোৱে ডিঙিৰ পৰা কোমল মাত উলিয়াই মাইকী বাঘক নিয়ন্ত্ৰন কৰে।ইহঁতৰ কোনো সংগমৰ ঋতু নাই।১০৫ ৰ পৰা ১০৯ দিনলৈ মাইকী বাঘে গৰ্ভধাৰণ কৰে।তিনি বছৰৰ মুৰে মুৰে দুটাৰ পৰা পাঁচটালৈ পোৱালি জগায়।সুবিধা পালে মতা বাঘটোৱে এই পোৱালিবোৰকে খাই পেটৰ ক্ষুধা নিবাৰণ কৰে (প্ৰকৃতিয়ে বাৰু বাঘৰ সংখ্যা এইদৰেই নিয়ন্ত্ৰণ কৰে নেকি)।মতা বাঘৰ এনে প্ৰবৃত্তি থকাৰ কাৰণে বাঘিনীয়ে নিজৰ পোৱালিবোৰ হাবিত পলুৱাই পলুৱাই ডাঙৰ দীঘল কৰিব লগা হয়।

একাংশ বিশেষজ্ঞৰ মতে গছত নখেৰে আঁচুৰি বাঘে নিজৰ সীমাৰ চিন দিয়ে,আন একাংশৰ মতে নখেৰে গছত আঁচুৰি তাৰ হাতোৰাৰ শক্তি আৰু চোক পৰীক্ষা কৰে,আকৌ আন একাংশৰ মতে নখবোৰ চাফা আৰু ধাৰাল কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উৰিয়াম গছত বাঘে নখ আঁচোৰা দেখা পোৱা গৈছে।

প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ আধাৰ:ভু-ভাগৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ আধাৰ বাঘ প্ৰথম শ্ৰেণীৰ

একাংশ বিশেষজ্ঞৰ মতে গছত নখেৰে আঁচুৰি বাঘে নিজৰ সীমাৰ চিন দিয়ে,আন একাংশৰ মতে নখেৰে গছত আঁচুৰি তাৰ হাতোৰাৰ শক্তি আৰু চোক পৰীক্ষা কৰে,আকৌ আন একাংশৰ মতে নখবোৰ চাফা আৰু ধাৰাল কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উৰিয়াম গছত বাঘে নখ আঁচোৰা দেখা পোৱা গৈছে।

প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ আধাৰ:ভু-ভাগৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ আধাৰ বাঘ প্ৰথম শ্ৰেণীৰ মাংসহাৰী জন্তু অৰ্থাৎ ছুপাৰ পিটেডাৰ।অৰণ্যৰ পৰিৱেশ ব্যৱস্থা ৰক্ষা কৰা বাঘ অৰণ্যৰ খাদ্য পিৰামিডৰ চুড়াত বাঘৰ অৱস্থান ।উদাহৰণস্বৰুপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা তৃণভোজী প্ৰাণী যেনে-হৰিণ,গাহৰি,বনৰীয়া ম’হ,হাতী,গড়ৰ সংখ্যা ঈৰ্ষণীয় ।বাঘে এই তৃণভোজী প্ৰাণীৰ সংখ্যাধিকা ৰোধ কৰি কাজিৰঙা উদ্যানৰ ঘাঁহ,বন ধ্বংস হোৱাত বাধা প্ৰদান কৰে।ফলস্বৰুপে ভুমি ক্ষয় ৰোধ হয়।তদুপৰি বাঘে দুৰ্বল ৰুগীয়া তৃণভোজী জন্তুক বধ কৰি স্বাস্থ্যবান তৃণভোজী প্ৰাণীৰ বংশ ৰক্ষা কৰে।সেয়ে ব্ৰাঘ্ৰ সংৰক্ষণ বা প্ৰকল্পক আস্ত্ৰেলা (ছাতি)প্ৰজেক্ট বুলিও ক’ব পাৰি।

বাঘ অতি হিংসুক,স্বেচ্ছাচাৰী,দেখিলেই আক্ৰমণ কৰে ইত্যাদি ইত্যাদি অনেক বদ্ধমুল ধাৰণাৰ বাবে অতীজৰ পৰা এতিয়ালৈ সুন্দৰ দেহৰ প্ৰাণী বাঘৰ প্ৰতি মানুহৰ আন সকলো জন্তুতকৈ ভয় আৰু ঘৃণা অধিক।ইয়েই বাঘৰ প্ৰতি মানুহৰ হিংসা আৰু বিদ্বেষ বৃদ্ধিত ইন্ধন যোগায় আহিছে।ইয়াৰ লগতে চোৰাং চিকাৰীৰ ঘৃণনীয় হত্যাকাণ্ডৰো বাঘ সন্মুখীন হ’ব লগা হৈছে।

কুৰি শতিকাৰ প্ৰথমৰ ফালে আমাৰ দেশত ৪০,০০০ তকৈ অধিক বাঘ আছিল বুলি বিখ্যাত প্ৰকৃতিপ্ৰেমী ,লেখক ই পি জীয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ “The Wildlife of India’ত উল্লেখ কৰিছিল।গতিকে কুৰি শতিকাৰ প্ৰথম অৱস্থাত যি ৪০,০০০ টা বাঘ দেশৰ বিভিন্ন অৰণ্যত বিচৰণ কৰি ফুৰিছিল,সেই বাঘৰ সংখ্যা ১৯৭২ চনৰ পিয়লত পোৱা গ’ল মাত্ৰ ১,৮২৭ টা।আজি কিছু বছৰৰ আগতে বাঘ বিশেষজ্ঞ ভাল্মিক থাপাৰ নেতৃত্বত চলোৱা এটা জৰীপত আন এখন আৰু ভয়াবহ চিত্ৰ প্ৰকাশ পালে যে বৰ্তমান সমগ্ৰ দেশত বাঘৰ সংখ্যা ১,৩০০ ৰ পৰা ১,৫০০ টাৰ ভিতৰত।সমগ্ৰ দেশতেই এটা সময়ত বাঘৰ বাবে বিখ্যাত হৈ পৰা অৰুণাচল প্ৰদেশৰ নামফদা ৰাষ্ট্ৰীয় উদ্যানে (ব্যাঘ্ৰ প্ৰকল্পত)আজি বাঘ শুন্যৰ কলংক কঢ়িয়াব লগা হৈছে।একালত বাঘৰ বাবে বিখ্যাত দিল্লীৰ পৰা দুশ কি:মি: নিলগত থকা চাৰিস্কা বাঘ শুন্য হৈ পৰিল।বিশ্ব প্ৰসিদ্ধ সুন্দৰবনতো বাঘৰ সংখ্যা দ্ৰুতগতিত অৱনমিত হৈছে।আমাৰ দেশত বাঘৰ প্ৰকৃত সংখ্যাৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী পৰিসংখ্যাৰ আকাশ-পাতাল পাৰ্থক্য দুৰ্ভাগ্যজনক কথা।যিটো সময়ত চাৰিস্কাত ২২ টা,নামদফাত ৬১ টা বাঘ আছিল বুলি তথ্য দেশৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছিল সেই সময়ত চাৰিস্কাত এটাও বাঘ নাছিল আৰু নামদফাত আছিল মাত্ৰ আঠটা বাঘ।আনকি ২০০২ চনত মানাহত ৬৫ টা বাঘ পিয়লত পোৱা গৈছিল বুলি দাবী কৰাৰ সময়ত মানাহত আছিল হেনো মাত্ৰ ২০ টা বাঘ।

২০০৮ চনৰ দুই জানুৱাৰীত ‘দ্য হিন্দু’নামৰ বহুল প্ৰচাৰ থকা কাকতত বাঘ চিকাৰৰ ১৫০ বছৰীয়া ইতিহাস সম্পৰ্কীয় প্ৰতিবনেদনত প্ৰকাশ পাইছিল।কেনেকৈ দেশৰ ৰজা-মহাৰজা ,ইংৰাজ বিষয়াই জধে মধে বাঘ চিকাৰ কৰি হাজাৰ-বিজাৰ বাঘক হত্যা কৰিছিল।অন্য নালাগে কিছু কালৰ আগলৈকে বাঘ হত্যাক চৰকাৰে আৰু ৰাইজে উভয়ে উচটনি যোগাইছিল।চৰকাৰৰ ফালৰ পৰা নগদ ধনেৰে পুৰষ্কৃত কৰা হৈছিল।

বাঘ বিলুপ্তি হোৱাৰ প্ৰধান কাৰণ:আমাৰ দেশত দুটা প্ৰধান কাৰণত বাঘ নামৰ সুন্দৰ প্ৰাণীবিধ বিলুপ্তিৰ ফাললৈ আগবাঢ়িছে।

(১)অবৈধ বন্যপ্ৰাণীৰ বেহা:উত্তৰ ভাৰতৰ লগতে সমগ্ৰ দেশত চোৰাংভাৱে বাঘ হত্যাৰ সৈতে জড়িত লিচি জনগোষ্ঠী ,যি হ’ল পৃথিৱীৰ ভিতৰতে অত্যন্ত দুৰ্ধৰ্ষ চিকাৰী জাতি,এওঁলোকৰ বাবেই চীনৰ চোৰাং বন্যপ্ৰাণীৰ বজাৰখনৰ প্ৰসাৰতা ব্যাপক হৈছে।ভাৰতৰ বাঘকে ধৰি অন্যান্য বন্যপ্ৰাণীৰ ব্যৱসায় চলাবলৈ তিব্বতৰ,লাচা,বেইজিঙত দুখন ডাঙৰ বজাৰ আছে,য’ত লাচাৰ চল্লিছটা আৰু চীনৰ দুশটা মান প্ৰতিষ্ঠান আছে এই চোৰাং বেহা পৰিচালনা কৰিবলৈ ।বৰ্তমান অসমৰ কাষৰীয়া ভুটানতো এনে বজাৰ গঢ় লৈছে।

(২) মানৱসৃষ্ট শোষণ আৰু হস্তক্ষেপ:সাম্প্ৰতিক সময়ত আটাইতকৈ ভয়াবহ কাৰণ হিচাপে দেখা দিছে প্ৰকৃতিৰ ওপৰত মানৱসৃষ্ট শোষণ আৰু হস্তক্ষেপ।এই ভয়াবহ কাৰণটোক অধিক সক্ৰিয় আৰু কঠোৰভাৱে প্ৰতিৰোধ কৰিব পৰা নগ’লে অহা চাৰি দশকৰ ভিতৰত চিৰদিনৰ বাবে বাঘ নামৰ আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰাণীবিধ পৃথিৱীৰ পৰা হেৰাই যাব।

ব্যাঘ্ৰ প্ৰকল্প:দেশত বাঘৰ সংখ্যা দ্ৰুত হ্ৰাস হোৱালৈ চাই ভাৰতীয় বন্যপ্ৰাণী পৰিদে ১৯৭৩ চনৰ এক এপ্ৰিলত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰে নিম্নোক্ত উদ্দেশ্যৰে-১)ভাৰতত বাঘৰ পৰ্যাপ্ত আবাদী পোষণ কৰা,২)সৰ্বকালৰ জাতীয় ঐতিহ্য হিচাপে জৈৱিক গুৰুত্ব থকা অঞ্চলসমুহ সংৰক্ষণ কৰা,৩)৯ খন ব্যাঘ্ৰ সংৰক্ষণ ভুমি স্থাপন কৰা।বৰ্তমান আমাৰ দেশত ২৫ টা ব্ৰাঘ্ৰ প্ৰকল্প ঘোষণা কৰা হৈছে।৪)মানৱসৃষ্ট শোষণ আৰু হস্তক্ষেপ অৰণ্যৰ ভিতৰত আৰু বহিৰ্ভাগতো সীমিতকৰণ কৰা,৫)বাসভুমি আৰু বন্যপ্ৰাণীৰ সম্পৰ্কে গৱেষণা আৰু প্ৰাণীজগতৰ পৰিৱৰ্তনসমুহ পৰ্যবেক্ষণ।

ব্যাঘ্ৰ প্ৰকল্প হ’ল সামুহিক সংৰক্ষণ আঁচনি।বাঘক পৃথকভাৱে বচাব পৰা নাযাব।অসমত তিনিখন ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰিছে-মানাহ ব্যাঘ্ৰ প্ৰকল্প,ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আৰু ওৰাং ব্যাঘ্ৰ প্ৰকল্প।অসমত ব্যাঘ্ৰ প্ৰকল্পৰ সৈতে এতিয়াও থলুৱা মানুহবোৰৰ আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠা নাই।যদিও আমি অসমৰ অন্যান্য ঠাইৰ লগতে মানাহ,কাজিৰঙা,ওৰাং আদিৰ থলুৱা মানুহখিনিয়ে বুজা উচিত যে মানুহৰ বাবে বিলুপ্ত,হৈ যাব ধৰা এই জীৱ বিধৰ প্ৰতি আমি সহানুভুতিশীল নহ’লে বাঘৰ ভৱিষৎ অন্ধকাৰ।শীৰ্ষক লেখাটোত এষাৰ গুৰুত্বপুৰ্ণ কথা কৈছে-‘সৃষ্টিকৰ্তাই যি আইন জংঘলৰ বাবে কৰিছিল সেই আইনখন মানুহৰ মাজত প্ৰচলিত হোৱা হ’লে ,কেতিয়াও পৃথিৱীত মহাসমৰ নহ’লেহেঁতেন।কাৰণ বলবনে দুৰ্বলীৰ কথালৈ বিবেচনা,কৰিলেহেঁতেন।ইয়েই হ’ল জংঘলৰ প্ৰতিষ্ঠিত আইন’।২০১৬ চনত পদ্মভুষণ বঁটা তথা জে পল গেটি বন্যপ্ৰাণী সংৰক্ষণ পুৰস্কাৰেৰে সন্মানিতা প্ৰখ্যাত প্ৰকৃতিপ্ৰেমী বিল্লী অৰ্জুন সিঙে বৰ দুখেৰে এষাৰ তাৎপৰ্যপুৰ্ণ কথা কৈছিল-‘ডেমক্ৰেচীয়ে বাঘবোৰ মাৰি পেলাব।কোনেও ইয়াক বচাবলৈ নাহে’।অৰণ্য বেদখলমুক্ত কৰিব নোৱৰা বা কৰিবলৈ ইচ্ছা নকৰা আমাৰ চৰকাৰসমুহ আৰু ৰাজনৈতিক দলবোৰে বিল্লী অৰ্জুন সিঙৰ দৰে  বয়োজ্যেষ্ঠ নাগৰিকে কৈ যোৱা এই বাক্যষাৰিৰ তাৎপৰ্য বুজি পাবলৈ চেষ্টা কৰিবনে ?

লেখক:বুবুল শৰ্মা (আমাৰ অসম)

 

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate