অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহীৰ পাত এখিলাৰে পানী বিশুদ্ধকৰণ

বহীৰ পাত এখিলাৰে পানী বিশুদ্ধকৰণ

আমেৰিকাৰ কাৰ্নেগি মেল’ন বিশ্ববিদ্যালয়ৰ অধ্যাপক টেৰি ডেংক’বিছে কেইবাবছৰো গৱেষণাৰ অন্তত এক বিশেষ ধৰণৰ কাগজ উদ্ভাৱন কৰিছে যি কাগজেৰে যিকোনো প্ৰাকৃতিক পানী শোধন কৰিব পৰা যাব। বৰ্তমান ইয়াক এখন কিতাপ আকাৰত প্ৰস্তুত কৰা হৈছে আৰু সেই কিতাপৰ প্ৰতিখন পৃষ্ঠাই এশ লিটাৰ পৰ্য্যন্ত পানী বিশুদ্ধ কৰিব পৰা যাব। গৱেষকজনে এই পৰীক্ষাৰ ফলাফল আমেৰিকাৰ কেমিকেল চ’চাইটিৰ সভাত এই কথা উপস্থাপন কৰিছে। বৰ্তমানে দক্ষিণ আফ্ৰিকা, ঘাণাৰ বাংলাদেশৰ ২৫ খন ঠাইৰ বিভিন্ন উৎসৰ পানী এই কাগজেৰে চেকি পৰীক্ষা কৰা হৈছে আৰু দেখা গৈছে যে উক্ত পানী ৯৯ শতাংশৰো বেছি বীজাণুমুক্ত হৈছে। অৱশ্যে এই পৰিশ্ৰুত পানীত অতি কম পৰিমাণৰ চিলভাৰ আৰু কপাৰ জাতীয় খনিজ পোৱা গৈছে যদিও বিশেষজ্ঞসকলে এয়া মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে। এই কাগজেৰে তৈয়াৰী এখন বহীৰ পৰা একোখন পাত চিঙি লৈ ইয়াক চেকনি হিচাপে ব্যৱহাৰ কৰি যিকোনো উৎসৰ পানী অকল পৰিষ্কাৰ কৰাই নহয় বীজাণুমুক্তও কৰিব পৰা যাব। একোখন বহীৰে প্ৰায় চাৰি বছৰলৈ এনে দূষিত পানী পৰিষ্কাৰ কৰিব পৰা যাব। এই কাগজৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেই বিষয়ে উক্ত বহীখনতেই লিখা থাকিব। একোখন বহীত প্ৰাথমিকভাৱে এশটা পৃষ্ঠা থাকিব আৰু অতি কম সময়ৰ ভিতৰতেই এই কিতাপখন বজাৰলৈ আহিব বুলি জানিব পৰা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে, এনে প্ৰযুক্তিৰ দ্বাৰা বিশুদ্ধ পানীৰ পৰা বঞ্চিৰ বিশ্বৰ প্ৰায় ৬৬ কোটি ৩০ লাখ মানুহক বিশুদ্ধ পানীৰ যোগান ধৰিব পাৰিব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate