অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বায়ু প্ৰদুষণ

 

হাঁওফাঁওৰ লগতে দুৰ্বল কৰে মগজু আৰু হাড়-

 

একবিংশ শতিকাৰ আধুনিক মানৱৰ বাবে আহি পৰা প্ৰত্যাহ্বানৰ অন্যতম প্ৰদুষণ।ভয়াৱহ প্ৰদুষণৰ ভিতৰত বায়ু প্ৰদুষণ সবাতোকৈ বিপজ্জনক হৈ উঠিছে।ভাৰতৰ ৰাজধানী নতুন দিল্লীত ভয়াৱহ প্ৰদুষণৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিবলগীয়া হোৱা বিষয়টোৱে তাকেই প্ৰমাণিত কৰিছে।বিশ্বব্যাপী বায়ু প্ৰদুষণৰ ফলত কোটিৰ ঘৰত মানুহৰ অকালতে প্ৰাণহানি হৈ আছে।হৃদযন্ত্ৰৰ ৰোগ,বিভিন্ন কৰ্কট,ষ্ট্ৰোক,হাঁওফাঁওৰ ৰোগ আৰু অপিণত কেঁচুৱাৰ মৃত্যু বায়ু প্ৰদুষণৰ কবলত ঘটি আছে।সচৰাচৰ চৰ্চিত এই ৰোগৰ উপৰি মানুহৰ শৰীৰত বায়ু প্ৰদুষণৰ আৰু দুটি ভয়ানক প্ৰভাৱ পোহৰলৈ আহিছে।শেহতীয়া দুটি গৱেষণাত লাভ কৰা তথ্য মতে,মানসিক স্বাস্থ্য অৰ্থাৎ মগজুত আঘাত আৰু হাড় দুৰ্বল কৰি তোলে।বিষাক্ত বায়ু আৰু মনস্তাত্ত্বিক চাপ-হতাশাৰ মাজত সম্পৰ্ক ধৰা পেলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে।বিজ্ঞানী-গৱেষকৰ দলটোৱে ৬,০০০ তকৈ অধিক লোকৰ ওপৰত অধ্যয়ন চলাই বায়ুমণ্ডলত বিষাক্ত কণিকা বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত মানসিক স্বাস্থ্যত বিৰুপ প্ৰভাৱ স্পষ্ট ৰুপত ধৰা পেলাইছে।এগৰাকী গৱেষক অঞ্জুম হাজতে প্ৰকাশ কৰা মতে,হৃদপিণ্ডৰ নানান ৰোগ,এজমাকে ধৰি বিভিন্ন কৰ্কট ৰোগ বায়ু প্ৰদুষণৰ কাৰণে হৈ আছে,কিন্তু এইবাৰ গৱেষণাত নতুন দিশ,বিশেষকৈ মানসিক স্বাস্থ্য অৰ্থাৎ মগজুৰ ক্ষতি কৰাটো ধৰা পৰিছে।প্ৰদুষণৰ ফলত মানুহৰ আচৰণত প্ৰভাৱ পৰিছে।‘জাৰ্নেল হেলথ এণ্ড প্লেচ’ত প্ৰকাশিত এই গৱেষণাৰ প্ৰতিবেদনে মানৱ জাতিৰ বাবে আন এক প্ৰত্যাহ্বান উদঙাই দিছে।বায়ু প্ৰদুষণৰ কাৰণে মানুহে বাহিৰতকৈ ঘৰৰ ভিতৰত কটোৱাৰ মানসিকতা বৃদ্ধি পাইছে,ফলত বহি থকা জীৱনশৈলী এটিয়ে প্ৰাধান্য পাইছে আৰু ইয়ে মানসিক চাপ আৰু সামাজিক নি:সংগতাৰ সৃষ্টি কৰিছে।ই ক্ষতিকাৰক ৰুপে বিবেচিত হৈছে।

ইপিনে,কলম্বিয়া বিশ্ববিদ্যালয়ৰ মেইলমেন স্কুল অৱ পাব্লিক,হেলথৰ গৱেষকৰ দলে চলোৱা অধ্যয়নত বায়ু প্ৰদুষণে মানুহৰ হাড় দুৰ্বল কৰি তোলাৰ তথ্য লাভ কৰিছে।‘দ্য লানছেট প্লেনেটৰী হেলথ’ত প্ৰকাশিত গৱেষণাৰ প্ৰতিবেদনত প্ৰদুষিত পৰিৱেশত জীৱন যাপন কৰি থকা লোকৰ হাড়ৰ ৰোগ হয় বুলি উল্লেখ কৰিছে।অষ্টেঅ’প’ৰ’ছিছৰ পৰা হাড় ভগাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।বায়ুমণ্ডলত প্ৰলম্বিত কণিকা (PM2.5)বৃদ্ধি পাই থকাৰ বাবে হাড়ৰ ৰোগ হোৱাটো প্ৰমাণিত হৈছে।নিম্ন উপাৰ্জনৰ সম্প্ৰদায়ৰ লোকৰ ক্ষেত্ৰত এনে ৰোগৰ প্ৰভাৱ বেছি।উত্তৰ পুব/মধ্য আটলাণ্টিকৰ হাস্পতালত ২০০৩-২০১০ চনলৈকে প্ৰায় ৯.২ মিলিয়ন লোকৰ অন্তৰ্ভুক্তিৰ ওপৰত গৱেষণা চলাই অষ্টেঅ’প’ৰছিছ সম্পৰ্কীয় হাড় ভগা-ফটা লোকৰ সংখ্যাই বেছি বুলি তথ্য লাভ কৰিছে।পি এম ২.৫ ৰ স্তৰ বৃদ্ধি আৰু ক’লা কাৰ্বন থকা অঞ্চলত থকা লোক হাড়ৰ ৰোগত আক্ৰান্ত হয়।মন কৰিবলগীয়া যে অষ্টেঅ’প’ৰ’ছিছ হৈছে এনে এক কাৰক,যাৰ বাবেই বয়স্কসকলৰ হাড় ভগাকে ধৰি হাড়ৰ ৰোগ,বিশেষকৈ দুৰ্বল কৰি তোলে।ইয়ে হাড়ৰ পুনৰ গঠনতো ব্যাঘাত জন্মায়।যান-বাহনৰ পৰা নিৰ্গত কণিকাৰ লগতে ধোঁৱাৰ পৰা প্ৰদুষিত হৈ পৰা বায়ুমণ্ডলত জীৱন যাপন কৰিলে হাড়ৰ ক্ষতি হয়।হৃদপিণ্ডৰ লগতে কৰ্কট,এজমা ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত শেহতীয়াকৈ দুটাকৈ নতুন গৱেষণাত বায়ু প্ৰদুষণে মগজুৰ স্বাস্থ্য আৰু হাড়ৰ ক্ষতি কৰা তথ্যই বিজ্ঞানী মহলকো উদ্বিগ্ন কৰি তুলিছে।মানৱ জাতিৰ বাবে আহি পৰা আন এক প্ৰত্যাহ্বান কিদৰে মোকাবিলা কৰে,সেয়া লক্ষণীয় হ’ব।

লেখক:দীপক কুমাৰ দাস (নিয়মীয়া বাৰ্তা)

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top