অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব জল দিৱস

বিশ্ব জল দিৱস

পৃথিৱীৰ স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি যদিও বিশুদ্ধ খোৱা পানীৰ পৰিমাণ কিন্তু একেবাৰে কম। অৰ্থাৎ বিশুদ্ধ খোৱাপানীৰ উৎসবোৰ কমি আহিছে নতুবা প্ৰদূষণৰ কবলত পৰিছে। প্ৰদূষণৰ বাবেই বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিব্ব লগা হৈছে। ৰাষ্ট্ৰস্ংঘৰ এক প্ৰতিবেদনৰ তথ্য অনুসৰি বিশ্বৰ মুঠ জনস্ংখ্যাৰ আধা স্ংখ্যক লোকে খোৱাপানীৰ বাবে ভূগৰ্ভৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে। বাকী আধা স্ংখ্যক লোকে অন্যান্য উৎসৰ পৰা খোৱা পানী স্ংগ্ৰহ কৰে। বৰ্তমান সমগ্ৰ বিশ্বতে খোৱাপানীৰ অভাৱে দেখা দিছে। এইবাবে পানীৰ স্ংৰক্ষণ তথা ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হোৱাৰ দিন আহি পৰিছে। সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে ২২ মাৰ্চৰ দিনটোত ‘বিশ্ব জল দিৱস’ হিচাপে পালন কৰা হয়। ১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱস’ পালন কৰি অহা হৈছে। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’-ডি-জেনেৰিঅ’ত ৰাষ্ট্ৰস্ংঘৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত এই দিৱসৰ প্ৰস্তাৱ লোৱা হয়। মানুহে যাতে খোৱাপানীৰ অপব্যয় নকৰে-এই বিষয়ে মানুহক সজাগ কৰি তোলাই হৈছে ‘বিশ্ব জল দিৱস’ৰ মূল লক্ষ্য।প্ৰতি বছৰে ৰাষ্ট্ৰস্ংঘৰ দ্বাৰা অনুমোদিত একোটা স্ংস্থাই এই দিৱসৰ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰস্ংঘৰ সদস্য ৰাষ্ট্ৰৰ লগতে স্বেচ্ছাসেৱী স্ংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মানুহক সজাগ কৰি তোলে ১৯৯৭ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰে মূৰে বিশ্ব জল পৰিষদে হেজাৰোধিক অংশগ্ৰহণকাৰীৰ সহযোগত ‘বিশ্ব জল দিৱস’ উপলক্ষে সজাগতাৰ সৃষ্টি কৰি আহিছে। অংশগ্ৰহণকাৰী স্ংস্থা আৰু স্বেচ্ছাসেৱী স্ংগঠনবোৰে খোৱা পানী স্ংৰক্ষণৰ উপায়, খোৱাপানী স্ংৰক্ষণত পৰিয়ালৰ সদস্যসকলৰ ভূমিকা আদিৰ ওপৰত গুৰুত্ব দি আহিছে। এই বৰ্ষত ‘বিশ্ব জল দিৱস’ৰ মূল বিষয়বস্তু হৈছে-‘water and Sustainable development’। এই বিষয়বস্তুৰ দ্বাৰা উন্নয়নৰ ক্ষেত্ৰত পানীৰ ভুমিকা সন্দৰ্ভত আলোচনা কৰা হ’ব। একেদৰে বিশ্ব জল দিৱসৰ লগত স্ংগতি ৰাহি ‘বিশ্ব জল সপ্তাহ’ৰো আয়োজন কৰা হৈছে। ইয়াত সহযোগিতা আগবঢ়াই আহিছে WWAP, UNESCO, HABITAT, UNEP, WORLD BANK, UN-DESA আদি স্ংস্থাই। ২০১৪ চনৰ ‘বিশ্ব জল দিৱস’ৰ বিষয়বস্তু আছিল ‘জল আৰু শক্তি’। জল আৰু শক্তিৰ মাজত আন্ত:সম্পৰ্ক থকাৰ লগতে এটা আনটোৰ পৰিপূৰক। বিশেষকৈ হাইড্ৰ’ইলেকট্ৰিক, নিউক্লিয়াৰ আৰু থাৰ্মেল শক্তি উৎপাদনৰ বাবে পানী প্ৰয়োজন হয়। ২০১৩ চনৰ ‘বিশ্ব জল দিৱস’ত ‘Water co-oparation’ক বিষয়বস্তু হিচাপে লোৱা হৈছিল। ২০১১ চনত-‘Water for cities: responding to the urban challenge’। ২০১০ চনত ‘clean water for a Healthy World’ আদি বিষয়বস্তু সামৰি লোৱা হৈছিল।

উল্লেখ্য যে পানী হৈছে আমাৰ প্ৰাণ। পানী নোহোৱাকৈ কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। কিন্তু বৰ্তমান খোৱা পানীটুপিৰ বাবেই মানুহৰ মাজত হাহাকাৰ। এইবাবে অবাবত কেতিয়াও পানী খৰচ কৰিব নালাগে। পানীৰ ব্যৱহাৰ, স্ংৰক্ষণ আদিৰ ওপৰত পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়াকো বুজাই দিব লাগে। ‘বিশ্ব জল দিৱস’ উপলক্ষে আমি সেয়েহে পানীৰ উপযুক্ত ব্যৱহাৰ, অপব্যয় ৰোধ তথা স্ংৰক্ষণৰ বিষয়ে সকলোকে সচেতন কৰি তোলা উচিত।

স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate