অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব জল দিৱস :

বিশ্ব জল দিৱসৰ বিষয়ে লিখা হৈছে ।

 

প্ৰতিবছৰে ২২ মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। এই দিৱস পালনৰ উদ্দেশ্য হ’ল জলসম্পদৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। প্ৰত্যেক বছৰে পানীৰ লগত জড়িত এক বিষয়বস্তু নিৰ্বাচন কৰি জনসাধাৰণক সেই দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। পৰিৱেশ ধ্বংস কৰা কাৰ্য আৰু জলবায়ুৰ পৰিৱৰ্তন আদি ঘটনাই গোটেই পৃথিৱীক এক জলসংকটৰ মুখলৈ ঠেলি নি আছে। আমি কিদৰে বানপানী, খৰাং অৱস্থা আৰু জল প্ৰদুষণ হ্ৰাস কৰি বৰ্তি থাকিব পাৰিম, তাৰ উপায় আমি প্ৰকৃতিৰ পৰাই বিচাৰি উলিয়াব লাগিব। সেই বাবে ২০১৮ বৰ্ষত বিশ্ব জল দিৱসৰ বিষয়বস্তু হ’ল-‘জলৰ বাবে প্ৰকৃতি’(Nature for Water)। ইয়াৰ চমু অৰ্থ হ’ল- ২১ শতিকাত জলৰ বাবে সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বানসমুহক আমি কিদৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সমাধান (nature-based solutions, চমুকৈ এন বি এছ) কৰিব পাৰোঁ, তাৰ উপায় উদ্ভাৱন কৰা।

এন বি এছৰ মতে, উপৰিউক্ত জল সম্বন্ধীয় সমস্যাবোৰৰ সমাধান আছে প্ৰকৃতিৰ ভিতৰতে, সেয়েহে এন বি এছৰ কাৰ্যাৱলীৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। এন বি এছৰ দ্বাৰা আগবঢ়োৱা উপায়সমুহৰ ভিতৰত পৰা বিষয়বোৰ হ’ল, যেনে-ইতিমধ্যে ধ্বংসৰ গৰাহত পৰা অৰণ্যবোৰক বৃক্ষৰোপণৰ দ্বাৰা পুনৰ আগৰ অৱস্থালৈ ঘুৰাই অনা, নদীৰ পাৰৰ প্লাৱনভুমিৰ লগত নদীৰ পোনপটীয়া সংযোগ স্থাপন কৰা আৰু অৱস্থাৰ অৱনতি ঘটা আৰ্দ্ৰভুমিবোৰক পুনৰুদ্ধাৰ কৰা। এইদৰে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখি আৰু এক মিতব্যয়ী পথেৰে জলচক্ৰক পুনৰ সন্তুলিত অৱস্থালৈ আনিব পাৰিব, তাৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব পৰা যাব আৰু জনস্বাস্থ্যৰ উন্নতি তথা জীৱিকাৰ পথক এক উন্নত অৱস্থালৈ নিব পৰা যাব।

এন বি এছৰ সহায়ত বৰ্ধিত জনসংখ্যাৰ বাবে আৱশ্যক হোৱা অধিক জলৰ প্ৰয়োজন সহজ উপায়েৰে পুৰাব পৰা আৰু লগতে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰাকৈ ৰাখি প্ৰদুষণ কমাব পৰা যাব বুলি ভবা হৈছে। এই দুয়োটা কাৰ্যই উন্নয়ন বৰ্তাই ৰখাত সহায় কৰিব আৰু এইদৰে ২০৩০ চনৰ ভিতৰত পৃথিৱীত সকলোৰে বাবে সুলভ জল আৰু আৱশ্যকীয় অনাময় ব্যৱস্থা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব। কৃষি, শিল্প, ঘৰুৱা কাম, বিনোদন আৰু পৰিৱেশ আদিত জলৰ ব্যৱহাৰ হয়। এই সকলোবোৰতে আৱশ্যক হোৱা পানীবোৰ হ’ল অলৱণ জল। যদিও অলৱণ জল নৱীকৰণ কৰিব পৰা সম্পদ, তথাপি পৰিষ্কাৰ অলৱণ জলৰ ভাণ্ডাৰ ক্ৰমান্বয়ে হ্ৰাস পাবধৰিছে। পৃথিৱীৰ ৯৭ শতাংশ পানী আছে সাগৰত লুণীয়া পানী হিচাপে, বাকী ৩ শতাংশ হ’ল অলৱণ জল, ইয়াৰ ৬৮.৭ ভাগ আছে হিমবাহ আৰু তুষাৰ ক্ষেত্ৰত বৰফৰ ৰুপত, ৩০.১ ভাগ আছে ভুতল জলত আৰু বাদ-বাকী মাত্ৰ ০.৩ ভাগৰ ৮৭ শতাংশ হ্ৰদত, ১১ শতাংশ বিলত আৰু ২ শতাংশ আছে নদীত। পৃথিৱীৰ নদী আৰু হৃদত উপলব্ধ হোৱা পানীৰ মুঠ অলৱণ জলৰ পৰিমাণ হ’ল ২.৯ ঘন কিলোমিটাৰ।

বৰ্তমান সময়ত পৃথিৱীৰ মুঠ জলৰ ৭০ শতাংশ কৃষিক্ষেত্ৰত জলসিঞ্চনৰ বাবে, ২০ শতাংশ শক্তি উৎপাদনত, প্ৰায় ১০ শতাংশ ঘৰুৱা কামত আৰু ১ শতাংশতকৈ কম পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। আজিৰ সময়ত পৃথিৱীৰ ২১০ কোটি মানুহ নিৰাপদ খোৱাপানীৰ পৰা বঞ্চিত। ২০৫০ চনলৈ যিমান জনসংখ্যা বাঢ়িব, সেই সময়ত জলৰ প্ৰয়োজন বৰ্তমানতকৈ ৩০ শতাংশ বৃদ্ধি পাব। বৰ্তমান পৃথিৱীৰ ১৯০ কোটি মানুহ জলসংকটপুৰ্ণ এলেকাত বাস কৰে আৰু ২০৫০ চনত এনে মানুহৰ সংখ্যাটো বাঢ়ি হ’বগৈ ৩০০ কোটি। এতিয়া প্ৰায় ১৮০ কোটি মানুহে যিবোৰ উৎসৰ পৰা খোৱাপানী আনে সেইবোৰ মল-মুত্ৰৰ পৰা মুক্ত নহয়। পৃথিৱীৰ জনসাধাৰণে এবাৰ ব্যৱহাৰ কৰা জলৰ শতকৰা ৮০ ভাগতকৈ অধিক পৰিমাণৰ জল কোনো পৰিশোধন নকৰাকৈ পুনৰ পৰিৱেশ-তন্ত্ৰত সোমায়। দুষিত পানীৰ পৰা জনসাধাৰণ ২৬ টা ৰোগত আক্ৰান্ত হ’ব পাৰে। এতিয়া বিশ্বত ডায়েৰীয়া ৰোগৰ বাবে প্ৰতি ২ মিনিটত এটি শিশুৰ মৃত্যু হয়। আনহাতে, বছৰি লাখ লাখ লোক বানপানীত আক্ৰান্ত হয়। পৃথিৱীত বানাক্ৰান্ত লোকৰ সংখ্যা বৰ্তমানৰ ১২০ কোটিৰ পৰা বাঢ়ি ২০৫০ চনত ১৬০ কোটি হ’বগৈ, যিটো পৰিমাণ পৃথিৱীৰ জনসংখ্যাৰ শতকৰা প্ৰায় ২০ ভাগ। আজিৰ সময়ত কমেও ৬০ শতাংশ বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে আৰু ১৮০ কোটি জনসাধাৰণ ভুমিক্ষয় আৰু মৰুভুমিকৰণৰ দৰে দুৰ্যোগৰ চিকাৰ হৈছে। এটা তথ্য অনুসৰি, বিগত ১৯০০ চনৰ পৰা বৰ্তমানলৈকে ৬৪ ৰ পৰা ৭১ শতাংশ আৰ্দ্ৰভুমি ধ্বংসৰ গৰাহত পৰি লোপ পাইছে। ভুমিক্ষয়ৰ বাবে ভু-পৃষ্ঠৰ পৰা বছৰি ২৫০০-৪০০০ কোটি টন মাটি ক্ষয়প্ৰাপ্ত হৈ গেদ হিচাপে নদীয়েদি গৈ সাগৰত প্ৰৱেশ কৰেগৈ। ইয়াৰ ফলত মাটিয়ে পানী, কাৰ্বনেট আৰু পোষক দ্ৰব্য আদিক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱৰা হৈ পৰিছে আৰু সেইবাবে শস্যৰ উৎপাদন হ্ৰাস পাইছে। তদুপৰি এইখিনি মাটিৰ লগতে নাইট্ৰ’জেন আৰু ফছফৰাছ বোৱঁতী পানীৰ লগত মিহলি হৈ জল প্ৰদুষণৰ মাত্ৰা বঢ়াইছে।

এন বি এছ মানে কি বুলি যদি সোধা হয়, তেন্তে তাৰ দুটামান উদাহৰণ এনেকুৱা হ’ব-বনাঞ্চল, ঘাঁহনি, প্ৰাকৃতিক আৰ্দ্ৰভুমি আদিক পুনৰুদ্ধাৰকৰণ, প্লাৱনভুমিৰ লগত নদীৰ পুনৰ সংযোগ স্থাপন, নদীৰ দুয়োপাৰে বৃক্ষৰোপণ কৰা ইত্যাদি কাম, যিবোৰে জলৰ সুলভতা আৰু ইয়াৰ প্ৰয়োজনীয় গুণ বজাই ৰখাত সহায় কৰিব। জনসংখ্যা বৃদ্ধিৰ বাবে উদ্ভৱ হোৱা জল সম্পৰ্কীয় প্ৰত্যাহ্বানবোৰক এন বি এছৰ দ্বাৰা সম্পুৰ্ণকৈ সমাধান কৰিব নোৱাৰি। কিন্তু জলসম্পদৰ গুণগত মানক আৰু অধিক নিম্নগামী হোৱাৰ পৰা বচাব পৰা যাব বুলি আশা কৰিব পাৰি। উদাহৰণস্বৰুপে নদীত কৃত্ৰিম বান্ধ দি জলাশয়ত পানী ধৰি ৰখাৰ সলনি আৰ্দ্ৰভুমিৰ সহায়ত পানী ধৰি ৰাখি ভুমিৰ বাবে আৱশ্যকীয় আৰ্দ্ৰতাক ৰক্ষা কৰা আৰু ভুতল জলৰ ভাণ্ডাৰ পুনৰ ভৰ্তিকৰণ কৰা কাৰ্য। তদুপৰি যিবোৰ কৃষি পদ্ধতিৰ সহায়ত ভুমিক্ষয় ৰোধ কৰিব পাৰি, সেইবোৰক প্ৰয়োগ কৰি আৰু বোৱঁতী পানীৰ দাঁতিত স্থানীয় উদ্ভিদ ৰোপণ কৰিও ভুমিক্ষয় ৰোধ কৰিব পৰা যায়।

জলবায়ু অনিয়মীয়া হোৱাৰ প্ৰভাৱ, যেনে- কম সময়ত অত্যধিক বৰষুণ হোৱা বাবে অথবা ডাৱৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা প্ৰবল বানপানীক যদি পোনে পোনে নদীৰ দুয়োপাৰৰ প্লাৱনভুমিলৈ বোৱাই নি বিস্তাৰিত কৰি দিব পৰা যায়, তেন্তে বানৰ তীব্ৰতা যথেষ্ট হ্ৰাস কৰিব পৰা যাব। কিন্তু বৰ্তমান নদীবোৰৰ দুয়োপাৰে মথাউৰি সজাৰ ফলত বানপানী প্লাৱন ভুমিলৈ সমভাৱে আহিব নোৱাৰে, কিন্তু যিবোৰ ঠাইত মথাউৰি ভাঙে, সেইবোৰ ঠাইত বিস্তৰ ক্ষতি হয়। অসমৰ নদীবোৰত ৫,০০০ কিলোমিটাৰতকৈ অধিক মথাউৰি সজা হৈছে। নদী বিষয়ৰ নানা আলোচনা-চক্ৰত মথাউৰিৰ বিকল্পৰ কথা চিন্তা কৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াই আহিছে।

এন বি এছৰ প্ৰয়োগত যি ধৰণৰ ‘সেউজ বুনিয়াদ’ (green infrastructure) সৃষ্টি হয়, যেনে- এটা প্ৰাকৃতিক হ্ৰদ, সি মানৱসৃষ্ট কৃত্ৰিম ‘ধুসৰ বুনিয়াদ’ৰ (grey infrastructure), যেনে-নদীত বান্ধ দি তৈয়াৰ কৰা এটা জলাধাৰ, সমানেই  সা- সুবিধা আৰু লাভ প্ৰদান কৰে। উদাহৰণস্বৰুপে – নলা-নৰ্দমাৰে বৈ যোৱা পানী পৰিশোধনৰ বাবে যিবোৰ আৰ্দ্ৰভুমি ব্যৱহাৰ কৰা হয় তাত শক্তি উৎপাদন কৰিব পৰা জৈৱিক পদাৰ্থ উৎপন্ন হয়, তাৰ জৈৱ- বৈচিত্ৰ্য বৃদ্ধি পায়, ঠাইখন বিনোদনস্থলী ৰুপে স্বীকৃতি পায় আৰু তাৰ ফলত নিয়োগ বৃদ্ধি হয়। এনে সংৰক্ষিত আৰ্দ্ৰভুমিয়ে ভুতলৰ জলভাণ্ডাৰ বৃদ্ধি কৰে আৰু বানপানীৰ সময়ত অতিৰিক্ত পানী ধৰি ৰাখী বানপানীৰ প্ৰকোপ হ্ৰাস কৰে।

এন বি এছৰ প্ৰধান লক্ষ্য হ’ল- জল সমস্যাৰ প্ৰকৃতি নিৰ্ভৰ সমাধান আৰু বৰ্তি থাকিব পৰা উন্নয়ন লাৰ্য। অৰ্থাৎ ইয়াৰ দ্বাৰা সকলোৰে বাবে প্ৰয়োজনীয় জলৰ উপলব্ধ কৰাৰ ব্যৱস্থা আৰু সেই ব্যৱস্থা বৰ্তাই ৰাখিব পৰা ব্যৱস্থাপনা তৈয়াৰ কৰা। তাৰ ফলত দাৰিদ্ৰ্য আৰু ক্ষুধা দুৰ হ’ব, সকলোৰে সুস্বাস্থ্য হ’ব আৰু হ’ব প্ৰদুষণমুক্ত শক্তিৰ উট্‌স আৰু কল-কাৰখানা। এইক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী মোদীৰ স্বচ্ছ ভাৰত অভিযান, সকলোৰে বাবে অনাময় ব্যৱস্থা, সৌৰশক্তিৰ ব্যৱহাৰত প্ৰাধান্য, জলবায়ু পৰিৱৰ্তন সমস্যাক বিশ্বজনীনকৰণ আদি কিছু কাৰ্যাৱলী এই বছৰৰ বিশ্ব জল দিৱসৰ বিষয়বস্তুৰ লগত পোনপতীয়াকৈ সামঞ্জস্য থকা বুলি ভাব হয়।

এন বি এছ প্ৰয়োগৰ দুটামান উদাহৰণ -

জিম্বাব’ৱে দেশৰ খৰাংপীড়িত অঞ্চলৰ ছাছহানে নদীত বালিৰ বান্ধ সাজি পানী ধৰি ৰখা হৈছে। সেই পানী সৌৰশক্তিৰে চালিত পাম্পৰ সহায়ত তুলি দি নদীৰ পাৰৰ কৃষিভুমিত জলসিঞ্চন কৰি অধিক শস্য উৎপাদন কৰিব পৰা গৈছে।

ভাৰতৰ ৰাজস্থান ৰাজ্যখন ১৯৮৫-৮৬ চনত অভুতপুৰ্ব খৰাং বতৰৰ কবলত পৰে। তৰ ফলত ভুতল জলস্তৰ নিম্নগামী হৈ সৰ্বনিম্ন পৰ্যায় পায়গৈ। সেইখিনি সময়তে কিছু বে-চৰকাৰী সংস্থা আগবাঢ়ি আহি বৰষুণৰ পানী কিছুমান ক্ষুদ্ৰ জলাধাৰত ধৰি ৰাখি ভুমিৰ আৰ্দ্ৰতা বঢ়ালে আৰু তেতিয়া তাত গছ-বন ৰোৱা হ’ল। গছ গজাৰ পিছত ক্ৰ্মান্বয়ে ভুমিৰ স্বাস্থ্যৰ উন্নতি হ’ল আৰু ভুতল জলস্তৰ ৬ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠি আহিল। সেই ঠাইৰ যি ৫ খন নদী বৰ্ষা কালৰ পিছত শুকাই গৈছিল, সেইকেইখন বাৰ মাহে ব’বলৈ ধৰিলে আৰু লগতে ১,০০০ খন গাঁৱলৈ পুৰ্বতে থকা পানী যোগান ব্যৱস্থাৰ পুনৰুদ্ধাৰ হ’ল। তাৰ ফলত কৃষিৰ উৎপাদন শতকৰা ২০ ৰ পৰা ৮০ ভাগলৈকে বৃদ্ধি পালে। সবাতোকৈ উলীখযোগ্য এয়ে যে সেই ঠাইত বনাঞ্চলৰ এলেকা ৩৩ শতাংশ পৰিমাণে বীইদ্ধি পালে, ফলত তালৈ হৰিণ আৰু নাহৰফুটুকী বাঘৰ প্ৰত্যাৱৰ্তন  ঘটিল।

বৰ্তমান চীনৰ নগৰ আৰু মহানগৰবোৰৰ বাবে এক অভিনৱ পৰিকল্পনা কৰা হৈছে, যাক স্পঞ্জ মহানগৰ’ বুলি নামকৰণ কৰা হৈছে। ইয়াৰ ঘৰবোৰ ছাল আৰু বেৰৰ নিৰ্মাণ সেউজ পদাৰ্থৰে তৈয়াৰ কৰা হ’ব আৰু চোতাল, পদপথ তথা ৰাস্তা আদি প্ৰৱেশ্য (পানী সৰকি যাব পৰা) সামগ্ৰীৰে নিৰ্মাণ কৰা হ’ব, সামগ্ৰীৰে নিৰ্মাণ কৰা হ’ব, যাতে বৰষুণৰ পানীৰ শতকৰা ৭০ ভাগ মাটিলৈ সোমাই গৈ ভুতল জলৰ ভাণ্ডাৰ চহকী কৰে। এইদৰে ভুগৰ্ভত পানী সংৰক্ষণ কৰি খৰাং বতৰত জলসিঞ্চন আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই ব্যৱস্থা ২০১২০ চনত শতকৰা ২০ ভাগ নগৰত আৰু ২০৩০ চনলৈ শতকৰা ৮০ ভাগ নগৰত প্ৰয়োগ কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে।

এই বছৰৰ বিশ্ব জল দিৱসৰ বিষয়বস্তুৰ আধাৰত আমাৰ অসমৰ বাবে প্লাৱনভুমিৰ লগত কাষৰ নদীৰ সংযোগ স্থাপন কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। কাৰণ, বিভিন্ন নদীত মথাউৰিবোৰ সজাৰ পিছত বানপানীয়ে কঢ়িয়াই  অনা সাৰুৱা জৈৱিক পলস প্লাৱনভুমিলৈ আহিব পৰা নাই। তাৰ ফলত প্লাৱনভুমিয়ে উৰ্বৰতা হেৰুৱাইছে আৰু তাত থকা ভুতল জলৰ ভাণ্ডাৰ হ্ৰাস পাইছে। তেনেদৰে অসমৰ আৰ্দ্ৰভুমিবোৰৰো সংৰক্ষণ আৰু উন্নতি সাধন কৰাৰ নিতান্তই আৱশ্যক হৈছে, যাতে এইবোৰৰ পানী অধিক প্ৰদুষিত নহয় আৰু বৰষুণৰ সৰহভাগ পানী আৰ্দ্ৰভুমিৰ মাজেদি ভুতল জলভাণ্ডাৰলৈ যাব পাৰে। বৰ্তমান গুৱাহাটী মহানগৰৰ দুটা প্ৰধান সমস্যা হ’ল- কৃত্ৰিম বানপানী আৰু খোৱাপানীৰ বাবে ভুতল জলৰ নাটনি। ভুতল জলৰ নাটনিৰ প্ৰধান কাৰণ হ’ল- গভীৰ নলী-নাদেৰে বহুমহলীয়া অট্টালিকালৈ অধিক হাৰত পানী তোলা আৰু ঘৰ, পথ, পদপথ, চোতাল আদি অপ্ৰৱেশ্য সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলত ভুতল জলভাণ্ডাৰ টুটি যোৱা। গতিকে, গুৱাহাটী মহানগৰত হোৱা কৃত্ৰিম বানপানী হ্ৰাস কৰিবলৈ আৰু ভুতল জলসংকটৰ পৰা নিস্তাৰ পাবলৈ হ’লে ‘স্পঞ্জ মহানগৰ’ৰ আৰ্হিৰে বাট-পথ, চোতাল আদি প্ৰৱেশ্য কৰি তুলিলে এহাতে ভুপৃষ্ঠৰ ওপৰেদি বোৱা জলপ্ৰৱাহ হ্ৰাস কৰি বানপানী কমাব পৰা যাব, আনহাতে ভুতল জলভাণ্ডাৰ বৃদ্ধি কৰি খোৱাপানীৰ সমস্যাও লাঘৱ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি।

লেখক: ড° যোগেন্দ্ৰ নাথ শৰ্মা (আমাৰ অসম)

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top