অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব পৰিৱেশ দিৱস আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰাসংগিকতা

বিশ্ব পৰিৱেশ দিৱস আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰাসংগিকতা

পাঁচ জুন। বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ সুৰক্ষাৰ বাবে জীৱশ্ৰেষ্ঠ মানুহে বছৰটোৰ ভিতৰত এটা দিন বাছি লব লগা হৈছে। পৃথিৱীৰ জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি হোৱাৰ বাবে বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হব ধৰিছে। পৰিৱেশ যদি সুস্থ নহয় মানৱ জাতিৰ বাবেই বিপদ। কাৰণ মানৱ সভ্যতাটো পৰিৱেশৰে দাস হয়। প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত নিসন্দেহে গছে পৰিৱেশ সুস্থিৰ কৰি ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে। আমি জীৱশ্ৰেষ্ঠ মানুহে সকলো জানিও অনাহকতে অৰণ্যৰ ধ্বংসযজ্ঞত নামি পৰিছো। কাৰণ আমাক বর্তমানক ভোগ কৰিব লাগে, ভৱিষ্যতক নালাগে। হয়তো পৃথিৱীৰ আটাইতকৈ জঘন্য তথা অতি নিকৃষ্ট প্ৰাণী আমি, এফালৰ পৰা সকলো গ্ৰাস কৰি গৈছো, সকলো ধ্বংস কৰি গৈছো। ভৱিষ্যতৰ কথা চিন্তা কৰিবৰ আমাৰ সময়ো নাই আৰু প্ৰয়োজনো নাই। মানৱ সৃষ্ট কিছুমান কার্য্যকলাপে আজি বিশ্বৰ পৰিৱেশ সলনি কৰাত সহায় কৰিছে। কিছু প্ৰকৃতিগত কাৰণো নথকা নহয়। বানপানী, ভূমিস্খলন, গৰাখহনীয়া, ব্যাপক হাৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আদি। এইবিলাকৰ লগত সহাৱস্থান কৰি বাছি থাকিবলৈ হ’লে আমি যিমান পাৰো প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। পৃথিৱীত সেউজীয়া কমি গৈছে। এই কথা পৃথিৱীৰ সকলো দেশেই এতিয়া মর্মে মর্মে উপলব্ধি কৰিছে।

এক ঐতিহাসিক পটভূমিত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত ১৯৭২ চনত ৫-১৬ জুনলৈ পৰিৱেশ সন্মিলন আৰম্ভ হৈছিল ষ্টকহ’মত। বিশ্বৰ ১১৩০খন দেশৰ নেতৃবৰ্গই পৰিৱেশৰ সম্পর্কে বিতংভাৱে আলোচনা কৰে। পৃথিৱীখনক কেনেদৰে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব পাৰি, ঔদ্যোগিক উন্নয়নৰ ফলত হোৱা পৰিৱেশ ক্ষতি কেনেদৰে ৰোধ কৰিব পাৰি – এই সন্দৰ্ভত সন্মিলনে ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এইবাৰ মংগোলিয়াত বিশ্ব পৰিবেশ দিৱসৰ প্ৰধান কাৰ্য্যসূচী অনুষ্ঠিত হব।বিশ্ব পৰিৱেশ দিৱসৰ এইবাৰৰ প্ৰধান বাণী হ’ল- থিংক, ইট এণ্ড ছেভ। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য মতে বিশ্বত বছৰি ১.৩ বিলিয়ন টন খাদ্য পেলাই দিয়া হয় কিন্তু একে সময়তে অনাহাৰে বহু লোকে মৃত্যুক সাৱটি লব লগা হৈছে। এই মুহূৰ্তত পৰিৱেশ দিৱসৰ থিংক, ইট এণ্ড ছেভৰ গুৰুত্বও যেন অসাৰ হৈ পৰে। তাৰোপৰি এই বিশেষ দিনটোতহে মাথো কিয় মানুহে পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰিবলৈ অংগীকাৰবদ্ধ হ’ব লাগে?

পৃথিৱীৰ আটাইতকৈ নিৰীহ জীৱই হৈছে গছ। যিয়ে প্ৰকৃতিৰ বহু উপকাৰ সাধে, কিন্তু বিনিময় একো নিবিচাৰে। চিত্ৰকৰ প্ৰণৱ দাসৰ এখন ছবি দেখিছিলো কৰবাত ‘বৃক্ষৰ খোজ’। মানে ভৰি থকা গছ। কল্পনা কৰিলে হাঁহিও উঠে আৰু ভালো লাগে। কি যে মজা হ’লহেতেন, যদি কোনোবাই কাটিব আহে হাতত কুঠাৰ বা কঁৰত লৈ খুউব দৌৰিলেহেঁতেন ছাগে। তেতিয়া হয়তো মানুহে প্ৰকৃতি সংৰক্ষণৰ বাবে ইমান বেছি চিঞৰ-বাখৰ কৰিব নালাগিলহেতেন।

যিটো সময়ত বনজ সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জনজাগৰণৰ সৃষ্টি হৈছে সেই সময়ত কিন্তু চোৰাং বেপাৰীয়ে অবাধ লুণ্ঠন চলাইছে অসমৰ বিভিন্ন বনাঞ্চলৰ বনজ সম্পদৰ ওপৰত আৰু উদ্বেগজনকভাৱে বাঢ়ি অহা বেদখলকাৰীসকল আছেই। এই সকলোৱে লগলাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো খাটাং হৈ পৰিছে। কিন্তু পৰিতাপৰ কথা যে এইবিলাকৰ ওপৰত যিমানেই চিঞৰ-বাখৰ কৰা নহওক কিয়, যিমানেই লিখা-মেলা কৰা নহওক কিয় আমাৰ জনপ্ৰতিনিধি সকলে দেখোন নেদেখা-নুশুনাৰ ভাও ধৰে, মৌন হৈ ৰয়। আচৰিত কথা। কিন্তু আমি নিজেও সচেতন হব লাগিব, কাৰণ তেওঁলোকক দোষ দিও লাভ নাই। কাৰণ প্ৰবাদ আছেযে, লংকালৈ যিয়ে যায় সিয়ে বোলে ৰাৱণ হয়। চেগাচোৰোকাকৈ চৰকাৰে বৃক্ষৰোপণৰ ব্যৱস্থা কৰিছে সামাজিক বনানীকৰণৰ দ্বাৰা। চৰকাৰৰ বন বিভাগৰ জৰিয়তে বিনামূলীয়া গছপুলি যোগানৰ ব্যৱস্থাও কৰা হৈছে। বহুতো স্বেস্বাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান, সংঘ-সমাজ আদিয়েও বিভিন্ন কাৰ্য্যসূচীৰে বৃক্ষৰোপণৰ অভিযান চলাইছে। কিন্তু সিমান ফলপ্ৰসূ হব পৰাগৈ নাই। কাৰণ জনসচেতনতাৰ অভাৱ। বহু ক্ষেত্ৰত দেখা যায় যে, গছপুলি এটা ৰোৱাৰ পাছত তাত অন্ততঃ কিছুদিনলৈ পানী দিয়াৰ প্ৰয়োজন। কিন্তু পানী দিব কোনে? কাষৰীয়া আমিবোৰেই দিব নালাগিব জানো! আৰু পুলিটো ৰোৱাৰ পাছত গৰু-ছাগলী ইত্যাদিৰ পৰা হাত সাৰিবলৈ যিটো বেৰ দিয়া হয়, কাষৰীয়া কিছু লোকে তাক এৰুৱাই নি খৰি হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গতিকে এইসকল লোকে জানি কৰে নে নাজানি কৰে এই ভুল সচেতনসকলে তাক চোৱাৰ দৰকাৰ।মাত্ৰ গছ পুলিটো ৰুই দাই সাৰিলেই নহব, তাক ৰক্ষণাবেক্ষণো দিব লাগিব। ৰাইজ আৰু চৰকাৰ সকলোৰে যৌথ প্ৰচেষ্টাৰ ফলতহে পৰিৱেশ সুস্থ আৰু সবল হ’ব। লগতে ভৱিষ্যত প্ৰজন্মও সুৰক্ষিত হব।

ইফালে সত্ৰ নগৰী মাজুলী ক্ৰমাৎ লুইতৰ বুকুত হেৰাই যাব ধৰিছে। চাৰিওফালৰপৰা হোৱা গৰাখহনীয়াৰ ফলত সংকুচিত হৈ আহিছে মাজুলী। শেহতীয়া তথ্য অনুসৰী মাজুলীৰ ১২৬৫ বৰ্গ কিলোমিটাৰ ভূমিৰ পৰা নদীৰ বুকুত জাহ গৈ আছেগৈ মাথো ৫২৫ বৰ্গ কিলোমিটাৰহে। আৰু নিশ্চিহ্ন হৈ গ’ল ৩৪ খন সত্ৰ। এইয়া অতি পৰিতাপৰ কথা। প্ৰকৃতিৰ ৰাণী মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য্য কেতিয়াবাই ম্লান হৈ গ’ল। এই মাজুলীতেই মহাপুৰুষ দুজনা শংকৰদেৱ আৰু মাধৱদেৱে একেলগে ধৰ্ম চৰ্চা কৰিছিল আঁহতগুৰি মৌজাৰ অন্তৰগত ধোৱাহাত-বেলগুৰি সত্ৰত। পৰিতাপৰ কথা যে এই সত্ৰ বৰ্তমান লুইতৰ বুকুত। ইমান এডোখৰ পবিত্ৰ স্থান ৰক্ষা কৰিব নোৱাৰাটো অসম চৰকাৰৰ বাবে লজ্জাজনক কথা। বৰ্তমানেও বিপদৰ সন্ধিক্ষণত থকা বেঙেনাআটি, দক্ষিণপাট, ভোগপুৰ আদি সত্ৰকেইখনক ৰক্ষাৰ বাবে একো বিশেষ পদক্ষেপ লোৱা দেখা নাই। যেতিয়া এই সত্ৰসমূহৰ সত্ৰাধিকাৰ সকলেই স্বয়ং চৰকাৰক অনুনয়-বিনয় কৰে সত্ৰসমূহ ৰক্ষা কৰিবৰ বাবে, অৱস্থান ধৰ্মঘট, অনশন আদি কৰে। ইয়াতকৈ পৰিতাপৰ আৰু লজ্জাজনক কথা আৰু কি থাকিব পাৰে বাৰু? মাজুলী সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় চৰকাৰৰ ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ দৰে এটা বৃহৎ বিভাগ আছে। যিখন ব্ৰক্ষ্মপুত্ৰ বৰ্ডে ২০০৪ চনৰ পৰা মাজুলী সুৰক্ষাৰ দায়িত্বত আছে। কিন্তু কামত লগাব পৰা নাই অসম চৰকাৰে। এইবিলাক সমস্যালৈ পিঠি দি তেওঁলোক মাত্ৰ ব্যস্ত ক্ষমতাৰ খোৱা-কামোৰাক লৈহে। নিঃচিহ্ন হৈ যাওক ঐতিহ্যমণ্ডিত মাজুলী, তাত তেওঁলোকৰ কি আহে যায়!! এনেদৰে থাকিলে হয়তো অতি সোনকালে মানচিত্ৰৰ বুকুৰ পৰা হেৰাই যাব ৰুপহী মাজুলী।

ৰুমী গগৈ

শেহতীয়া উন্নীতকৰণ: : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate