অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিষাক্ত পানী, বিষাক্ত জীৱন

ভাৰতৰ প্ৰ্দূষিত আখ্যা দিয়া নদীৰ সংখ্যা বিগত ৫ বছৰত ১২১ পৰা ২৭৫ লৈ বৃদ্ধি পাইছে আৰু আৱৰ্জনিত পৰিমান বৃদ্ধিয়েই ইয়াৰ প্ৰাথমিক কাৰক হিচাপে চিহ্নিত হৈছে। চৰকাৰী বিজ্ঞানীয়ে যুগুত কৰা এখন প্ৰ্তিবেদনৰপৰা পোহৰলৈ আহিছে যে ভাৰতৰ আধাতকৈও বেছি নদীয়ে প্ৰ্দূষিত আৰু ইয়াক প্ৰ্তিৰোধ কৰাৰ বাবে নাটকীয় ধৰনৰ ব্যৱস্থা নললে দেশখনৰ বৰ্দ্ধিত জনস্ংখ্যাৰ পানীৰ প্ৰয়োজন পূৰন প্ৰায় অসম্ভৱ। কেন্দ্ৰীয় প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদৰ প্ৰ্তিবেদনত দেশৰ নদীবোৰৰ এই দুৰৱস্থা পোহৰলৈ আহিছে। নগৰ আৰু মহানগৰবোৰত উৎপন্ন হোৱা আৱৰ্জনাই ইয়াৰ প্ৰাথমিক কাৰক বুলি চিহ্নিত কৰা হৈছে।

ভাৰতৰ প্ৰধান নদীতন্ত্ৰসমূহ

সিন্ধু নদী তন্ত্ৰ

সিন্ধু নদীৰ উৎপত্তি হৈছে তিব্বতৰ কৈলাস পৰ্বতমালাৰ উত্তৰৰ ঢালৰপৰা। ই তিব্বতৰ মাজেদি উত্তৰ-পশ্চিম মুৱাকৈ আগবাঢ়ি আহিছে। এই নদীয়ে ভাৰতত প্ৰৱেশ কৰিছে জন্মু আৰু কাশ্মীৰত।কেইবাখনো উপনৈ কাশ্মীৰ অঞ্চলত ইয়াত স্ংযোগ হৈছে।এই নদী লাডাখ,বাল্টিস্তান আৰু গিলগিট অঞ্চলৰ মাজেদি বৈ গৈছে।এই নদীয়ে ৫১৮১ মিটাৰ দ গৰাৰ জৰিয়তে হিমালায় অতিক্ৰম কৰিছে। ভাৰত আৰু পাকিস্তানত এই নদীৰ বহু সংখ্যক উপনৈ আছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে উৎসৰ পৰা আৰব সাগৰত মিলিত হোৱালৈ প্ৰায় ২৮৯৭ কিলোমিটাৰ। ভাৰতত ইয়াৰ প্ৰধান উপনৈসমূহ হ’ল ঝিলাম, চেলাব, ৰবি, ব্যাস।

ব্ৰ্ক্ষপুত্ৰ নদী তন্ত্ৰ

ব্ৰ্ক্ষপুত্ৰ নদীৰ উৎপত্তি হৈছে মানসৰোৱৰ হ্ৰদৰ পৰা। উল্লেখ্য সিন্ধু আৰু সৰযু নদীৰ উৎপত্তিস্থলো মানসৰোৱৰ হ্ৰদ। এইখন নদী সিন্ধুৰ তুলনাত অধিক দীঘল। কিন্ত ইয়াৰ সোতৰঁ অধিকাংশই ভাৰতৰ বাহিৰত। ই হিমালয়ত সমান্তৰালভাৱে পূৱ দিশে বৈ গৈছে।৭৭৫৭ মিটাৰ উচ্চতাৰ নামচা বাৰৱা পোৱাৰ পিছত ই ইংৰাজী ইউ বৰ্ণৰ দৰে আকাৰ লৈ অৰুনাচল প্ৰ্দেশেৰে ভাৰতত প্ৰৱশ কৰিছে। ভাৰতত ই অৰুনাচল প্ৰদেশ অসমৰ মাজেদি বৈ গৈছে আৰু বহু উপনৈ ইয়াৰ সৈতে লগ লাগিছে।

গংগা নদী তন্ত্ৰ

গংগা নদী গাৰৱাল হিমালয়ৰ গ্ংগোত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈছে।সাগৰ পৃষ্ঠৰপৰা ৪১০০ মিটাৰ উচ্চতাৰপৰা ই ভাগীৰথী নামেৰে বৈ আহিছে। নদীখনৰ এই মূল সোঁতটো আন দুটা সোতঁৰ সৈতে মিলিত নোহোৱা পৰ্যন্ত হিমালয়ৰ সমান্তৰালভাৱে বৈ আহিছে। মন্দাকিনী আৰু অলকানন্দা নামৰ এই সোতঁ দুটা দেৱ প্ৰয়াগত ভাগিৰথীৰ লগত মিলিত হৈছে। গংগাৰ মূল উপনৈসমূহ হৈছে যমুনা, ৰাম, গংগা, গোমতী, ঘাগৰা, সোন, দামোদৰ আৰু সপ্তি কোশী। উৎসৰ পৰা ২৫২৫ কিলোমিটাৰ বৈ অহাৰ পিছত গ্ংগাই পশ্চিমবংগৰ গ্ংগা সাগৰত বংগোপ সাগৰত মিলিত হৈছে।

যমুনা নদী তন্ত্ৰ

যমুনা নদীৰ উৎপত্তি হৈছে উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ সাগৰ পৃষ্ঠৰপৰা ৬৩৮৭ মিটাৰ উচ্চতাত যমুনোত্ৰী হিমবাহৰ পৰা। এই নদীখনৰ অৱবাহিকাই উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ লগতে সমগ্ৰ দিল্লীক স্পৰ্শ কৰি গৈছে। এলাহবাদৰ গংগাৰ সৈতে মিলিত হোৱালৈকে ই ১৩৬৭ কিলোমিটাৰ দূৰত্ব বৈ আহিছে।

নৰ্মদা নদী তন্ত্ৰ

নৰ্মদা হৈছে কেন্দ্ৰীয় ভাৰতৰ নদী। ১২৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নৰ্মদা নদী হৈছে উত্তৰ ভাৰত আৰু দক্ষিন ভাৰতৰ পৰম্পৰাগত সীমা। নৰ্মদা নদীয়ে মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেদি বৈ আহোতে মুঠ ১৩১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে আৰু গুজৰাটৰ ভাৰুচ জিলাত আৰৱ সাগৰত মিলিত হৈছে।

তাপ্তি নদী তন্ত্ৰ

তাপ্তি হৈছে কেন্দ্ৰীয় ভাৰতৰ নদী। ৭২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীখনে পুবৰ পৰা পশ্চিমলৈ বৈছে। মধ্য প্ৰদেশৰ দক্ষিণৰ পূব সাতপুৰা পৰ্বতমালাৰ পৰা উৎপত্তি হোৱা নদীখনে পশ্চিমলৈ বৈ আহোতে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেদি আহি আৰৱ সাগৰত পৰিছে।

গোদাবৰী নদী তন্ত্ৰ

দৈৰ্ঘ্যৰ ফালৰপৰা ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী গোদাবৰীক পুৰণি গ্ংগা বা দক্ষিণ গ্ংগা বুলিও কোৱা হয়। এই নদীখন প্ৰায় ১৪৫০ কিলোমিটাৰ দীঘল। এই নদীখনৰ মহাৰাষ্ট্ৰৰ তুম্বকেশ্বৰত উৎপত্তি হৈছে আৰু সেই স্থান আৰব সাগৰৰপৰা ৩৮০ কিলোমিটাৰ দুৰত। কিন্ত নদীখনে দক্ষিন পূৱ দিশেৰে বৈছে আৰু মধ্যপ্ৰদেশ, কৰ্নাটক, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজেদি গৈ বংগোপসাগৰত মিলিত হৈছে।

কৃষ্ণা নদী তন্ত্ৰ

কৃষ্ণা হৈছে ভাৰতৰ দীৰ্ঘতম নদীসমূহৰ এখন(১৩০০ কিলোমিটাৰ)। মহাৰাষ্ট্ৰৰ মহাবালেশ্বৰত উৎপত্তি হোৱা নদীখনে অন্ধ্ৰপ্ৰদেশত বংগোপসাগৰত মিলিত হৈছে। নদীখন কৰ্ণাটকৰ মাজেদিও গৈছে।

কাবেৰী নদী তন্ত্ৰ

কাবেৰী হৈছে হিন্দুসকলৰ মনত পবিত্ৰ নদীসমূহৰ অন্যতম। কৰ্ণাটকৰ পশ্চিম ঘাটৰপৰা উৎপত্তি হোৱা নদীখনে তামিলনাডুৰে বৈ আহি বংগোপসাগৰত মিলিত হৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ৭৬৫ কিলোমিটাৰ।

মহানদী নদী তন্ত্ৰ

মহানদী নদী তন্ত্ৰ হৈছে ভাৰতত তৃতীয় বৃহত্তম নদী তন্ত্ৰ আৰু এইখন নদী ওড়িশাৰ বৃহত্তম নদী। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫১ কিলোমিটাৰ।

প্ৰ্দূষন

ভাৰতৰ অধিকাংশ নদী আৰু ইয়াৰ উপনৈসমূহ যেনে-গংগা যমুনা ব্ৰ্ক্ষপুত্ৰ, গোদাবৰী, কৃষ্ণা, সোন, কাবেৰী আদি ব্যাপক হাৰত প্ৰদূষিত হৈছে। আৱৰ্জনা নিক্ষেপ আৰু উদ্যোগৰ পৰা নিৰ্গত বিভিন্ন ৰাসয়ানিক দ্ৰব্য প্ৰত্যক্ষভাৱে নিক্ষেপ কৰাটোৱে ইয়াৰ অন্যতম কাৰণ। এনেদৰে নিক্ষেপ কৰাটোৱে ইয়াৰ অন্যতম কাৰন। এনেদৰে নিক্ষেপ কৰা আৱৰ্জনাত বিভিন্ন ধৰনৰ জৈৱ আৰু অজৈৱ প্ৰদূষক থাকে, যেনে-ছলভেন্ট, গ্ৰীজ, প্লাষ্টিক, ফেনল, গধূৰ ধাতু, কীটনাশক আদি। ধাৰাবহিকভাৱে বিপজ্জনক দ্ৰব্য থকা আৱৰ্জনা নদীত নিক্ষেপৰ ফলত পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ ইতিমধ্যে পৰিলক্ষিত হবলৈ ধৰিছে।

উদাহৰণস্বৰুপে গ্ংগা নদীয়ে ইয়াৰ ২৫২৫ কিলোমিটাৰ গতিপথত ইয়াৰ পাৰত অৱস্থিত ২৯ খন প্ৰথম শ্ৰেণীৰ মহানগৰে নিৰ্গত কৰা আৱৰ্জনাৰ উপৰি ক্ষুদ্ৰ মধ্যমীয়া আৰু বৃহৎ প্ৰায় ৩০০ উদ্যোগে নিৰ্গত কৰা বৰ্জিত পদাৰ্থ বহন কৰিব লগা হয়। একেদৰে দিল্লী আৰু গাজিয়াবাদ অঞ্চলত হোৱা প্ৰদূষনে যমুনা নদীৰ বাবে বিপদ মাতিছে। যমুনা নদীত প্ৰ্তিদিন প্ৰায় ৫,১৫,০০০ কিলোমিটাৰ তৰল আৱৰ্জনা এৰি দিয়া হয়। তদুপৰি প্ৰায় ১৫০০ মধ্যমীয়া আৰু ক্ষুদ্ৰ উদ্যোগ গোটেও নদীখনত বৰ্জিত পদাৰ্থ নিক্ষেপ কৰি আহিছে।

গ্ংগাৰ পাৰত ২৯ খন প্ৰথম শ্ৰেনীৰ মহানগৰৰ উপৰি ২৩খন সৰু বৰ চহৰ আছে। গংগাৰ পাৰত অৱস্থিত বহু চহৰেই ঘন উদ্যোগৰে পূৰ্ন। এই উদ্যোগবোৰৰ বেছি অংশতে আৱৰ্জনা নিস্কাষন কৰাৰ কোনো ব্যৱস্থা নাই আৰু বৰ্জিত পদাৰ্থবোৰ প্ৰত্যক্ষভাৱে নদীখনত পেলাই দিয়া হয়। কানপুৰত থকা চামৰা উদ্যোগবোৰ এই পৰিস্থিতি অধিক জটিল কৰিছে। কানপুৰত মুঠ ১৫১ টা চামৰা উদ্যোগ আছে।এই উদ্যোগবোৰে নদীখনত প্ৰ্তিদিনে ৫,৮ ৰ পৰা ৮,৮ নিযুত লিটাৰ আৱৰ্জনাযুক্ত পানী এৰি দিয়ে।

নদী প্ৰদূষণৰ কাৰনসূহ

নগৰীকৰন

ভাৰতত দ্ৰুত নগৰীকৰনে জল প্ৰদূষনত মুখ্য ভূমীকা লৈছে।নদীৰ পাৰত থকা চহৰসমূহৰ বেছিভাগৰে আৱৰ্জনা নিষ্কাষনৰ যথোপযুক্ত ব্যৱস্থা নাই।ঘৰুৱা ব্যৱহাৰৰ বাবে যোগান ধৰা ৮০ শতাংশ পানীয়ে জল আৱৰ্জনাৰ ৰুপত ওলাই গৈ প্ৰদূষনৰ সৃষ্টি কৰে। প্ৰথম শ্ৰেনীৰ চহৰসমূহে প্ৰ্তিদিনে ১৬,৬৬২ নিযুত লিটাৰ এনে জল আৱৰ্জনা সৃষ্টি কৰে।ইয়াৰ ২৩ শতাংশহে শোধন কৰা হয়। বাকীখিনি তেনেদৰেই নদীত এৰি দিয়া হয়।এনে নদীসমূহেই আকৌ চহৰসমূহত পানীৰ যোগান ধৰে।ফলত নাগৰিকসকলে এই প্ৰদূষিত পানীয়ে সেৱন কৰিব লগা হয়।জীৱন ধাৰনৰ মান উন্নত হোৱা বাবে ঘৰসমূহৰপৰা ওলোৱা আৱৰ্জনাৰ কুপ্ৰভাৱো বাঢ়িছে।কিন্ত এই আৱৰ্জনা নিষ্কাসনৰ কোনো ব্যৱস্থা নাই।চহৰমুখী প্ৰবজনে সমস্যা অধিক বৃদ্ধিহে কৰিছে।দিল্লী,মুম্বাই,কলকাতা,চেন্নাই,আৰু বেংগালোৰ মাত্ৰ ৪০-৫০ শতাংশ লোককহে এই ব্যবস্থাই সামৰি লয়।

উদ্যোগ

বেছিভাগ নদী বা জল উৎসই ঔদ্যোগীক আৱৰ্জনাৰ দ্বাৰা প্ৰ্দূষিত হয়।বহু উদ্যোগে দাবী কৰে যে তেওঁলোকৰ ব্যয় বহুল শোধন কেন্দ্ৰ আছে।কিন্ত বেছিভাগেই কাৰ্য্যক্ষম অৱস্থাত নাথাকে।ক্ষুদ্ৰ আৰু মজলীয়া ঔদ্যোগসমুহৰ এনে শোধন কেন্দ্ৰ স্থাপন কৰাৰ ক্ষমতা নাথাকিলেও অতি ভয়াবহ প্ৰদূষন সৃষ্টিকাৰী উৎপাদন প্ৰক্ৰিয়া হাতত লবলৈ অস্বস্তিত নোভোগে।

কৃষি

খেতিত ব্যবহৃত সাৰ আৰু কীটনাশক দ্ৰব্যই জল প্ৰদূষনত অগ্ৰনী ভূমীকা লয়।যমুনা নৈত প্ৰদুষন সৃষ্টি কৰাত হাৰিয়ানাৰ কৃষি কাৰ্য্যৰ বাবে নিৰ্মিত নলাসমূহে গুৰুতৰ ভূমীকা লৈ আহিছে। কৃষকসকলে প্ৰায়ে নিৰ্দ্ধাৰিত পৰিমানতকৈ বেছি সাৰ আৰু কীট নাশক ব্যৱহাৰ কৰে।ফলত পানীৰ লগতে মাটি আৰু বায়ুও প্ৰদূষিত হয়।

জলসিঞ্চন

জলসিঞ্চনৰ নলাসমূহে নদীসমূহ বিশুদ্ধ পানীৰ অধিকাংশ বোৱাই লৈ যোৱাত বিভিন্ন ঠাইত কেৱল চহৰৰপৰা বৈ অহা আৱৰ্জনা থকা পানীহে থাকেগৈ।হাৰিয়ানাৰ তজেৱালাত যমুনা আৰু দিল্লী তথা কানপুৰত গ্ংগাৰ অৱস্থা একোটা নৰ্দমা সদৃশহে হৈ পৰে।সেয়ে নদীসমূহত ন্যুনতম বোৱঁতী পানী থকা উচিত।

ধৰ্মীয় আৰু সামাজিক আচাৰ

নদী প্ৰদূষনত ধৰ্মীয় বিশ্বাস আৰু সামাজিক আচাৰৰো বৰঙনি আছে।পোহনীয়া জীৱজন্ত আদিৰ মৃতদেহ নদীতে পেলোৱা হয়। মানুহৰ মৃতদেহৰ নদীৰ পাৰত সৎকাৰ কৰা হয়।ধমীয় উৎসৱত গন স্নানো প্ৰদূষনৰ অন্যতম কাৰন। পূজাৰ নামত প্লাষ্টিক বেগত বিভিন্ন সামগ্ৰী নদীলৈ নিক্ষেপ কৰাটোও প্ৰদূষনৰ আন এক গুৰুতৰ উৎসত পৰিনত হৈছে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate