অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিষাক্ত বায়ু প্ৰদূষণ

বিষাক্ত বায়ু প্ৰদূষণ

প্ৰদূষণ আধুনিক সভ্যতাৰ অন্যতম অভিন্ন বিপদ হৈ পৰিছে। বায়ু প্ৰদূষণ এই সামগ্ৰিক প্ৰদূষণৰে অংশ। উদ্যোগিকীকৰণৰ ফল হ’ল বায়ুৰ গুণগত মান অৱনতি। আজিকালি উশাহত আমি কেৱল অক্সিজেনেই নলওঁ, তাৰ লগতে অন্যান্য গেছ আৰু পদাৰ্থৰ কণাও আমাৰ শ্বাসনলীৰে প্ৰৱেশ কৰে। ইন্ধন হিচাপে কয়লাৰ ব্যৱহাৰ আৰু ইয়াৰ অসম্পূৰ্ণ দহনৰ ফলত এলান্ধু, ছালফাৰ আৰু অন্য কিছুমান যৌগ বায়ুমণ্ডলত বিয়পি পৰিছে। বায়ু প্ৰদূষকবোৰ এনে কিছুমান পদাৰ্থ যাৰ পৰিমাণ বাঢ়িলে অবাঞ্চিত ফল দেখা যায়। প্ৰদূষণৰ হাৰ যেতিয়া বাঢ়ি যায়, প্ৰদূষকবোৰ গোট খাবলৈ আৰম্ভ কৰে, ফলস্বৰূপে স্বাস্থ্যৰ কাৰণে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰে।


বায়ু প্ৰদূষণৰ প্ৰতিক্ৰিয়া বিভিন্ন দিশত দেখা যায়। মানুহৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰতিক্ৰিয়া সৰ্বাধিক। গেছীয় প্ৰদূষকবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড মুখ্য। এইবিধ গেছ উশাহত সোমালে ই তেজত থকা হিম’গ্লবিনৰ লগত বিক্ৰিয়া কৰি তেজৰ অক্সিজেন কঢ়িওৱা শক্তি কমাই দিয়ে। ৰক্তহীনতাৰ দৰে ৰোগত আক্ৰান্ত লোকসকলে এই ক্ষেত্ৰত বেছিকৈ ভোগে। ছালফাৰ ডাই অক্সাইড হ’ল ব্যাপকভাৱে বিস্তাৰিত বায়ু প্ৰদূষক। উশাহত কম ঘনীভূত ছালফাৰ ডাই অক্সাইড সোমালে শ্বাসনলীৰ কোমল পেশীসমূহ স্পন্দিত হয়। নাকৰ ফুটাত থকা নোমবোৰে শ্বাসনলীটো ৰক্ষা কৰি থাকে। কিন্তু ছালফাৰ ডাই অক্সাইডে সেই নোমৰ ওপৰত ক্ৰিয়া কৰে আৰু ফলত কাঁহ, উশাহ চুটি হোৱা আৰু লেৰিংক্সৰ স্পন্দন আদি উপসৰ্গবোৰে দেখা দিয়ে। ইয়াৰ উপস্থিতিত অসহ্য হোৱাকৈ চকুৰ স্নায়ু জ্বলা-পোৰা কৰিব পাৰে। ফলত চকু ৰঙা পৰাৰ লগতে চকুৰ পানী ওলায়। এই গেছ এলাৰ্জীৰ কাৰক  হিচাপেও কাম কৰিব পাৰে।

বিষাক্ত বায়ুত থকা নাইট্ৰ’জেন অক্সাইড হাওঁফাওঁত প্ৰভাৱ পেলায়। ঘনীভূত নাইট্ৰ’জেন অক্সাইডে হাওঁফাওঁ ৰক্তক্ষৰণ ঘটায়। মটৰ গাড়ীৰ ধোঁৱাবোৰেই নাইট্ৰ’জেন অক্সাইডবোৰৰ মূল উৎস। কিছুমান ৰাসায়নিক উদ্যোগতো উপৰুৱা সামগ্ৰী হিচাপে এইবোৰ উৎপন্ন হয়। নাইট্ৰ’জেন অক্সাইডবোৰ হ’ল দ্বিতীয় সৰ্ববৃহৎ বায়ু প্ৰদূষক। হাইড্ৰ’জেন ছালফাইডে দুৰ্গন্ধৰ সৃষ্টি কৰি অশান্তিৰ সৃষ্টি কৰে। ইফালে এলডিহাইড তথা বিভিন্ন এছিডযুক্ত বায়ুৱে চকু, নাক আৰু ডিঙিত পোৰণি তোলে। এলডিহাইডবোৰৰ ভিতৰত ফৰ্মেলডিহাইড আৰু ত্ৰক্ৰ’লিন হ’ল অতি বিষাক্ত। ত্ৰক্ৰ’লিনে শ্লেষ্মাবৰণত জ্বলা-পোৰা সৃষ্টি কৰে আৰু পিছলৈ উশাহ নলী ঠেক হৈ পৰে। যান-বাহনৰ পৰা নিৰ্গত হোৱা হাইড্ৰ’কাৰ্বনে হাওঁফাওঁৰ ৰোগৰ সৃষ্টি কৰে বুলি কোৱা হয়। যান-বাহনৰ ওলোৱা আন এবিধ দ্ৰব্য সীহে লাহে লাহে বিষক্ৰিয়া কৰে, বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ মগজুৰ অনিষ্ট সাধন কৰে, তেজৰ ৰক্ত কণিকাৰ বিকাশ আৰু পৰিপক্কতাৰ ই ব্যাঘাত জন্মায়। উল্লেখ্য যে ধূমপান কৰা ব্যক্তিৰ দেহত থকা তেজত ধূমপান নকৰা ব্যক্তিৰ তেজতকৈ অধিক পৰিমাণৰ সীহ থাকে। বায়ুত ঘনীভূত কণিকাজাতীয় প্ৰদূষকসমূহৰ ভিতৰত এছবেষ্টন অন্যতম। সম্প্ৰতি বায়ুত ইয়াৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে। দেহলৈ সোমোৱা এছবেষ্টনৰ পৰিমাণ বাঢ়ি গ’লে এছবেষ্ট’ছিছ নামৰ এবিধ ৰোগ হয়। ইয়াৰ ফলত হাওঁফাওঁৰ বিভিন্ন ঠাইত ঘাঁ হয়। প্ৰদূষিত বায়ুৱে সৃষ্টি কৰা আন এবিধ ৰোগ হ’ল ছিলিক’ছিছ। কোৱাৰ্টজ’ৰ ধূলি বা ছিলিকা যুক্ত বিভিন্ন পাথৰৰ গুড়ি উশাহত সেৱন কৰাৰ বাবেই এই ৰোগ হয়। খনি আৰু বাচন-বৰ্তন, চীনা মাটি, গ্ৰেণাইট খোদন, বালি ওফৰোৱা আদি উদ্যোগসমূহত যিসকল লোকে কাম কৰে, তেওঁলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। এই ৰোগত ভোগাসকলৰ আকৌ যক্ষ্মা ৰোগ হোৱাৰো সম্ভাৱনা থাকে। দূষিত ধূলিৰ পৰা হ’ব পৰা আন মাৰাত্মক ৰোগকেইটা হ’ল হাওঁফাওঁ বন্ধ ৰোগ, বেৰিলিওছিছ আৰু বাইছিন’ছিছ। ইয়াৰে প্ৰথমবিধ ৰোগ হয় কয়লাৰ গুৰি সেৱন কৰাৰ কাৰণে, দ্বিতীয়বিধ হয় বেৰিলিয়াম ধূলি সেৱন কৰাৰ কাৰণে আৰু তৃতীয়বিধ হয় কপাহ-তুলা আদিৰ ধূলি সেৱনৰ কাৰণে।

এনেদৰে আমি অজস্ৰ ৰোগ বহনকাৰী বায়ু সঘনে উশাহত গ্ৰহণ কৰি আহিছে। ফলত দিনকদিনে বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা। সেইবুলি বায়ু প্ৰদূষণৰ প্ৰতিৰোধৰ কথা কোৱা সহজ নহয়। বায়ু প্ৰদূষণ নকৰাকৈ আধুনিক জীৱন পদ্ধতিত প্ৰয়োজন হোৱা আৰু নিতৌ বাঢ়ি অহা সা-সুবিধাবোৰ তুলনামূলকভাৱে কম খৰচত যোগান ধৰা কথাটো ব্যৱহাৰিক ক্ষেত্ৰত সম্ভৱপৰ নহয়। তথাপি বেছিভাগ ক্ষেত্ৰত সাৱধানতাৰে পৰিকল্পনা কৰি আৰু সঠিকভাৱে উদ্যোগসমূহৰ স্থান নিৰ্ণয় কৰি, উন্নত মানৰ সা-সঁজুলি কামত লগাই আৰু সেই যন্ত্ৰবোৰ উত্তমভাৱে কামত প্ৰয়োগ কৰি প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা কিছুমান এনেয়ে লৈ থ’লেও কোনো কামত নাহে, বৰঞ্চ উদ্যোগপতিসকলে প্ৰদূষণ নিয়ন্ত্ৰণৰ যন্ত্ৰপাতিসমূহ নিয়মীয়াকৈ আৰু অধিক পৰিমাণে ব্যৱহাৰ কৰে নে নকৰে তাৰ ওপৰতহে দৃষ্টি ৰাখিব লাগে বৃক্ষ ৰোপনেও এই ক্ষেত্ৰত সহায় কৰিব।

লিখক: ৰাজদ্বীপ দাস, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate