অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শব্দ

 

 

শব্দই কার্য কৰিব পাৰে বাবে শব্দ এক প্রকাৰৰ শক্তি। মেঘৰ টুকুৰাৰ মাজত খুন্দা লাগিলে প্রচণ্ড শব্দৰ সৃষ্টি হয়। ই খিৰিকীৰ আইনা ভাঙিব পাৰে। বায়ুমণ্ডলত সৃষ্টি হোৱা অসহনীয় আমনিদায়ক, অপ্রয়োজনীয় যিবোৰ শব্দই পৰিবেশ এটাৰ সুস্থিৰতাত ব্যাঘাত জন্মায়, তেনেবোৰ শব্দই হ’ল কোলাহল অথবা প্ৰদূষিত শব্দ। যান-বাহনৰ ঘেৰঘেৰণি, কল-কাৰখানাৰ অবিৰত বিকট শব্দ, উচ্চস্তৰত বজোৱা ৰেডিঅ’, টিভি, ডেক আদিৰ পৰা অহা গান-বাজনাৰ শব্দ, মেঘৰ ঢেৰেকনিৰ শব্দ, বৰষুণৰ লগতে অহা ধুমুহাৰ শব্দ, ব্যস্ত বজাৰৰ কোলাহল আদিয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।

দীপান্বিতা

 

দীপাৱলী, দীপালী বা দেৱালী উৎসৱ হ’ল মূলতঃ পোহৰৰ উৎসৱ। ভাৰতবৰ্ষৰ প্ৰত্যেকটা পৰিয়ালৰ ঘৰৰ সন্মুখত শাৰী শাৰীকৈ চাকি লগাই জোনাকবিহীন অমাবস্যাৰ এন্ধাৰ আঁতৰাই আশাৰ পোহৰেৰে চৌদিশ উদ্ভাসিত কৰাৰ আন এক জাতীয় সংস্কৃতি দেৱালী বা দীপান্বিতা। আজিকালি পিছে দীপান্বিতা উৎসৱ উদ্‌যাপন কৰা হয় পোহৰৰ লগতে শব্দ প্ৰদূষণ কৰি। সেয়ে বহুতৰে জীৱনত পোহৰৰ সলনি অন্ধকাৰ নামি অহাৰ উদাহৰণ প্রতি বছৰে বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। দেৱালীত ফুটোৱা ফটকা, হিলৈ, ৰকেট বোমা আদিৰ দ্বাৰা হোৱা অঘটনৰ ফলশ্ৰুতিত। ছাট মাৰি ধৰা পোহৰ যেনেকৈ ক্ষতিকাৰক, তেনেকৈ পৰিমাণতকৈ বেছি হোৱা অর্থাৎ মাত্ৰাধিক হৈ দূষিত হোৱা শব্দও আমাৰ বাবে বেছি ক্ষতিকাৰক, যি শব্দ প্ৰদূষণ হিচাপে আজি আমাৰ মাজত বেছি পৰিচিত।

শব্দ প্ৰদূষণ হোৱা মানে অসহনীয় শব্দ হোৱা, যি শব্দ নেকি আমাৰ শ্ৰৱণেন্দ্ৰিয় কাণে অসহ্য অনুভৱ কৰে। দেৱালীত ফুটোৱা ফটকা, হিলৈ, ৰকেট বোমা আদিৰ শব্দ দৰাচলতে প্রদূষিত শব্দ। এই শব্দৰ কম্পনাংকই আমাৰ কৰ্ণ-নলীৰ মাজেদি গতি কৰি কাণৰ ভিতৰত থকা কৰ্ণ পর্দা কঁপাই তোলাৰ লগে লগে আমাৰ মগজুৱে স্নায়ুতন্ত্রৰ জৰিয়তে সংকেত পায়, যাৰ বাবে আমি শব্দৰ কোলাহল শুনিবলৈ পাওঁ। চিকিৎসা বিজ্ঞানীসকলে এটা কথা প্রমাণ কৰিছে যে মানুহৰ কাণে যিকোনো কম্পনাংকৰ শব্দ তৰংগ গ্রহণ কৰি মগজুলৈ সংকেত পঠিয়াব নোৱাৰে। যাক আমি কাণ তাল মাৰি ধৰা বুলি কওঁ। এনে হোৱাৰ ফলত দুর্বল স্নায়ুতন্ত্ৰৰ মানুহ সাধাৰণতে বধিৰ হৈ পৰে। মূৰৰ বিষ আৰু অবচেতন অৱস্থাত পৰিব পাৰে, মানসিক ৰোগত ভুগিব পাৰে, অপুষ্টিহীনতাত ভুগিব পাৰে, উত্তেজনা, অনুভূতি আদি নাইকিয়া হৈ হতাশাত ভুগিব পাৰে, আনকি গাৰ ছাল পর্যন্ত শেঁতা পৰি যাব পাৰে বুলি চিকিৎসা বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে।

(১) ইংৰাজীতে শব্দৰ জোখ-মাখ লোৱা এটা একক আছে, যাক ডেচিবেল বোলা হয়। (ডেচিবেল হ’ল- দুটা ভিন্ন শব্দৰ প্ৰৱণতাৰ তাৰতম্যক ইহঁতৰ মাজৰ প্ৰৱণতাৰ আনুপাতিক হাৰক Log সংখ্যাৰ দহগুণ হিচাপে প্রকাশ কৰি পোৱা প্রাথমিক একক।) শব্দৰ পৰিমাণ ষাঠি ডেচিবেলতকৈ বেছিহৈ গ’লে আৰাওৰ সৃষ্টি হয় বা শব্দ প্ৰদূষিত হয়। দেৱালীত একেৰাহে অৰ্থাৎ নেৰানেপেৰাকৈ ফটকা, হিলৈ, ৰকেট বোমা আদিত সৃষ্টি হোৱা শব্দৰ পৰিমাণ প্রায় আশীৰ পৰা নব্বৈ ডেচিবেল।

(২) কোলাহলৰ পৰিবেশত বেছি সময় থাকিব লগা হ’লে মানুহৰ মানসিক আৰু শাৰীৰিক ভাৰসাম্য বিনষ্ট হ'ব পাৰে।

(৩) অবিৰত কোলাহলে ৰক্ত পৰিবাহী সিৰা আৰু পেশী কিছুমান কোঁচ খুৱাই দিব পাৰে। ইয়াৰ ফলত ৰক্তচাপৰ হ্রাস-বৃদ্ধি হ’ব পাৰে, অপুষ্টিহীনতাত ভুগিব পাৰে, আনকি গাৰ ছাল পর্যন্ত শেঁতা পৰি যাব পাৰে বুলি চিকিৎসা বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে।

শব্দ প্ৰদূষণৰ প্ৰতিৰোধ

 

শব্দ প্ৰদূষণ কিছু পৰিমাণে প্ৰতিৰোধ কৰিবলৈ হ’লে—

(১) মাত্ৰাধিক যান-বাহন চলাচল কৰা পথৰ দাঁতিত পৰিকল্পিতভাবে বৃক্ষৰোপণ কৰিলে কোলাহলৰ প্রকোপ কম হয়। কাৰণ উপযুক্ত গছ-গছনিবোৰ হ'ল শব্দৰ উত্তম শোষক।

(২) কল-কাৰখানা আদি উদ্যোগসমূহ জনবসতিপূর্ণ অঞ্চলৰ পৰা দূৰত স্থাপন কৰিব লাগে।

(৩) ঔদ্যোগিক অঞ্চল, বিমানবন্দৰ আদিৰ চৌপাশে গছ-গছনি ৰোপণৰ জৰিয়তে এটা বেষ্টনী তৈয়াৰ কৰি শব্দ প্ৰদূষণ নিয়ন্ত্রণ কৰিব পাৰি। এনে বেষ্টনীক সেউজবেষ্টনী বুলি কোৱা হয়।

(৪) উচ্চস্বৰত কোলাহল সৃষ্টি কৰা শব্দ পৰিবর্ধক যন্ত্ৰবোৰত শব্দ নিৰামক ব্যৱস্থা প্রয়োগ কৰিব লাগে।

(৫) কোলাহল বা শব্দ প্ৰদূষণৰ কু-প্ৰভাৱবোৰৰ বিষয়ে সকলোৱে বুজিব পৰাকৈ শিক্ষা আঁচনি তৈয়াৰ কৰি কার্যকৰী কৰিলে শব্দ প্ৰদূষণ বহুতো পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়।

সেয়েহে আমি সাধাৰণ জনগণই যাতে এনে ভয়াৱহ পৰিস্থিতিত পৰিব লগা নহয়, তাৰ বাবে কিছু চিন্তা-চৰ্চা কৰি কিছুমান পন্থা হাতত লোৱা উচিত। যেনে-

  • কম শক্তিসম্পন্ন অর্থাৎ কম শব্দ সৃষ্টি কৰা ফটকা, হিলৈ, ৰকেট বোমা আদি ব্যবহাৰত গুৰুত্ব দিব লাগে। এনে কৰিলে দুটকা ৰাহিও হ’ব, শব্দ প্ৰদূষণো নহয়।
  • দেৱালীৰ দিনাখন ঘৰৰ ভিতৰত কেতিয়াও ফটকা, হিলৈ আদি ফুটাব নালাগে। কিয়নো সি কম শক্তিসম্পন্ন হ’লেও ঘৰৰ ভিতৰত বেছি শব্দৰ সৃষ্টি কৰি শব্দ প্ৰদূষণ ঘটাব পাৰে, তথা সেই ফটকা বা হিলৈৰ বিস্ফোৰিত জুয়ে ঘৰ জ্বলাই দিব পাৰে।
  • টিন, বাল্টি আদি ধাতুৰ পাত্ৰৰ ভিতৰত সুমুৱাই লৈও ফটকা বা হিলৈ আদি ফুটোৱাটো বিপজ্জনক। এনে কৰিলে কেতিয়াবা ধাতুৰ পাত্ৰটো ভাঙি-ছিঙি টুকুৰা-টুকুৰ হৈ সেই ধাতুৰ টুকুৰা ছিটিকি আহি দুৰ্ঘটনা ঘটাব পাৰে।
  • দীপান্বিতা উৎসৱৰ দিনাখন বিশেষকৈ সন্ধিয়া পৰত পদুলি পোহৰাই তোলাৰ সময়ত উচ্চ শব্দ শক্তিসম্পন্ন ঢোল-পেঁপা, যিকোনো শব্দ পৰিবর্ধক যন্ত্ৰ ডেক, টেপ ৰেকৰ্ডাৰ আদি বজোৱাটো বন্ধ কৰাই শ্রেয়। যাতে পোহৰ আৰু প্ৰদূষিত শব্দই একেলগে ক্রিয়া নকৰে।

এতিয়া আহক, শব্দবোৰ বন্ধ কৰোঁ; দীপান্বিতা হওক শব্দ প্ৰদূষণমুক্ত প্রকৃত পোহৰৰ উৎসৱ আৰু পৰিৱেশ হওক প্রকৃতিসম।

লিখক: মহানন্দ পাঠক, পূৰ্বাচল।

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top