মূল পৃষ্ঠা / গ্ৰামীণ শক্তি / পৰিৱেশ / শব্দ প্ৰদুষণৰ ভয়াৱহতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শব্দ প্ৰদুষণৰ ভয়াৱহতা

শব্দ প্ৰদুষণৰ ভয়াৱহতাৰ বিষয়ে লিখা হৈছে

শব্দ ব্ৰহ্ম।শব্দ হৈছে মানৱ জীৱনৰ চিৰ লগৰী।মানুহে জন্মৰ পৰাই মৃত্যুৰ সময়লৈকে শব্দৰ সৈতে জড়িত হৈ থাকে।শব্দ ব্ৰহ্মই মানুহক সুখ-শান্তি,আনন্দ দিব পাৰে।কিছুমান শব্দ আবেগৰ সৈতে জঢ়িত হৈ থাকে।কিয়নো কিছুমান শব্দই হতাশা দুৰ কৰি জীৱন জীৱিকাৰ পথত আগবাঢ়ি যোৱাৰ বাবে উৎসাহ আৰু প্ৰেৰণা দিব পাৰে।শিশুৰ মুখৰ আধাফুটা মাত,কুলি-কেতেকীৰ মধুৰ শব্দ,প্ৰভাতী পখীৰ কলৰৱ,নৈ-নিজৰাৰ কলকল ধ্বনি,নামঘৰত ৰাতিপুৱাৰ ভকত বৈষ্ণৱৰ মুখত ভাহি অহা ‘তেজৰে কমলাপতি পৰভাত নিন্দ’আদি বৰ গীতৰ ধ্বনি,মছজিদৰ পৰা ভাহি অহা আজানৰ ধ্বনি আদিয়ে মানুহৰ মনত সুখ আৰু আনন্দৰ লহৰ তোলে।এইবোৰ শব্দই মানুহৰ স্বাস্থ্য সাধনাত সহায় কৰে।দেহ-মনলৈ কঢ়িয়াই আনে সুখানুভুতি আৰু আনন্দ।

কিন্তু ইয়াৰ পৰিৱৰ্তে আকৌ কিছুমান শব্দই মানুহৰ মনলৈ দুখ আৰু বেজাৰ কঢ়িয়াই আনে।একেৰাহে হৈ থকা গাড়ী-মটৰৰ ঘেৰঘেৰীয়া প্ৰচণ্ড শব্দই কেতিয়াবা মানুহক বিৰক্ত কৰে।বাতৰিত প্ৰকাশ পোৱা মতে সম্প্ৰতি গুৱাহাটী মহানগৰীত আঠ লাখ বাহন বিভিন্ন পথত চলাচল কৰে।ইমানবোৰ গাড়ী মটৰৰ শব্দই মানুহৰ কৰ্ণ গহ্বৰত এক জোকাৰণিৰ সৃষ্টি কৰে।অকল এয়াই নহয়,গাড়ী-মটৰৰ শব্দ,ধানবনা মিল বা ট্ৰেক্টৰ আদিৰ শব্দই মানুহক বেয়াকৈ অশান্তি দিয়ে।এনেধৰণৰ অস্বস্তিদায়ক শব্দই অকল অশান্তি দিয়াই নহয়,বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰে।

ইয়াৰ উপৰি উচ্চ ভলিউমত বজোৱা মাইক,ডেক আদিয়ে আমাৰ চৌপাশৰ শান্ত পৰিৱেশ বিনষ্ট কৰে।ঘৰত,বনভোজস্থলীত ,বিয়া-সবাহ,পুজা-পাৰ্বন আদিত অত্যধিক ভলিউমত মাইক বজোৱা দেখা যায়।যাৰ ফলত আমাৰ চৌপাশৰ পৰিৱেশ বিনষ্ট হয়।শব্দ প্ৰদুষণ হয়।

শব্দ প্ৰদুষণে বিভিন্ন ৰোগৰ সৃষ্টি কৰে।বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য মতে,জনসাধাৰণে বসবাস কৰা ঠাইত শব্দৰ তীব্ৰতা ৪৫-৫৫ চেডিবলৰ ভিতৰত হোৱা উচিত।কিন্তু ইয়াতকৈ অধিক ডেচিবলত হোৱা শব্দই শব্দ প্ৰদুষণৰ সৃষ্টি কৰে।

শব্দ প্ৰদুষণৰ ফলত মানুহৰ বিভিন্ন ৰোগ-ব্যাধিৰ সৃষ্টি হ’ব পাৰে।সেইবোৰৰ ভিতৰত-

 

*শব্দ প্ৰদুষণৰ বাবে মানুহ ক’লা-বোবা হ’ব পাৰে।

*শব্দ প্ৰদুষণৰ ফলত যিবোৰ ৰোগৰ সৃষ্টি হয়,সেইবোৰক ‘নিউৰাল হিউমৰাল ষ্টেচ ৰেচপনজ’ৰোগ বুলি কয়।

*শব্দ প্ৰদুষণৰ বাবে উচ্চ ৰক্তচাপ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়।

*গেষ্ট্ৰিক আলচাৰ,এচিডিটি আদি ৰোগৰ প্ৰকোপ বৃদ্ধি হ’ব পাৰে।

*মানুহৰ মুৰৰ বিষ আৰু মানসিক ৰোগ সৃষ্টি হ’ব পাৰে।

*শব্দ প্ৰদুষণৰ ফলতে মানুহৰ নিদ্ৰাহীনতা ৰোগ হ’ব পাৰে।

*গভীৰ মনস্ংযোগ ব্যাহত হয়।

*নাক আৰু কাণৰ বিভিন্ন ৰোগ হ’ব পাৰে।

*আগৰ পৰাই ভুগি থকা ৰোগবোৰৰ তীব্ৰতা শব্দ প্ৰদুষণৰ ফলত বৃদ্ধি পাব পাৰে।

*উচ্চ মাত্ৰাত গাড়ী মটৰৰ হৰ্ণ আদিয়ে আমাৰ কৰ্ণৰ পীড়াৰ সৃষ্টি কৰিব পাৰে।

শব্দ প্ৰদুষণে টোপনিত ব্যাঘাত জন্মালে মানুহৰ স্বাস্থ্য হানি হয়-

 

শৰীৰতত্ত্ববিদসকলৰ মতে এজন সুস্থ মানুহৰ প্ৰায় সাত আঠ ঘণ্টা যদি সুনিদ্ৰা নহয়,তেতিয়াহ’লে মানুহজন খিংখিঙীয়া হয়,ক্লান্তিবোধ কৰে,কামৰ প্ৰতি অনিচ্ছা ভাৱ আহে।অলসভাৱে মানুহক আগুৰি ধৰা দেখা যায়।

সেই বাবে অধিক গছ-গছনি ৰোপন কৰক,চৌপাশৰ গছ-গছনিয়ে হয়তো গাড়ী-মটৰ,কল-কাৰখানাৰ শব্দৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব পাৰিব।

স্বাস্থ্য বিজ্ঞানীসকলে কৈছে যে ,শব্দৰ মাত্ৰা বা ডেচিবেল ৪০ ৰ কম হ’লে,শ্ৰৱণ শক্তিৰ ক্ষতি নহয়।কিন্তু তাতকৈ অধিক হ’লে অৰ্থাৎ ১০০ ৰ অধিক হ’লে শ্ৰৱণ শক্তি লোপ পায়।যদি শব্দৰ মাত্ৰা ১৬০ ৰ ওপৰ হয়,তেতিয়া কাণৰ পৰ্দা ফাটি যাব আৰু শ্ৰৱণ শক্তি চিৰকাললৈ লোপ পাব বুলি কোৱা হৈছে।

এনেকুৱা শব্দ হ’ব লাগে,যি শব্দ মধুৰ আৰু কম মাত্ৰাৰ হয়।সকলো শব্দৰে একোটা নিজস্ব কম্পনাংক আছে।এইবোৰ যেতিয়া মধুৰ হয়,শুনি ভাল লগা,কম প্ৰাবল্যৰ হয়,তেতিয়া মানুহৰ কোনো ক্ষতি বা অপকাৰ নহয়।

সাৱধান হ’ব লাগিব,সজাগ হ’ব লাগিব আৰু ইয়াৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ বাবে চেষ্টা কৰিবই লাগিব।বিশেষকৈ ৰাজহুৱা স্থানত ডাঙৰ শব্দৰ ফটকা ফুটোৱা,উচ্চ স্বৰত মাইক বজোৱা আদিবোৰ বন্ধ কৰিবই লাগিব।গতিকে শব্দ প্ৰদুষণৰ বাবে ৰাইজক সজাগ আৰু সচেতন কৰি তোলাটো নিতান্তই প্ৰয়োজন।

লেখক:ধনেশ্বৰ হুজুৰী (স্বাস্থ্য অৰু দীৰ্ঘজীৱন )

2.78947368421
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top