অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শব্দ প্ৰদূষণ:

শব্দ প্ৰদূষণৰ বিষয়ে লিখা হৈছে

 

অপ্ৰয়োজনীয়, অপ্ৰিয় আৰু অসহনীয় শব্দৰ পুনৰাবৃত্তি ঘটি থকাকে শব্দ প্ৰদূষণ বোলে। সাধাৰণতে ৮০ ডেচিবেলৰ ওপৰৰ শব্দক শব্দ প্ৰদূষণ বুলি ধৰা হয় যদিও কেতবোৰ বিশেষ স্থানত যেনে- পৰীক্ষাগৃহ, চিকিৎসালয় অতি কম ডেচিবেলৰ শব্দয়ো পৰিবেশ বিনষ্ট কৰিব পাৰে। শব্দ তৰংগৰ প্ৰাবল্যৰ দ্বাৰা সাধাৰণতে শব্দৰ তীব্ৰতা জোখা হয়। সাধাৰণতে মানুহে শুনিব পৰা যেনে আঁঠুৱাৰ বাহিৰত ওলোৱা কোনকোনাই থকা মহৰ শব্দ শূন্য ডেচিবেল, ফুচফুচাই কথা পাতোতে ২০ ডেচিবেল, গধুৰ যান-বাহনে ৯০ ডেচিবেল শব্দৰ সৃষ্টি কৰে। হুলস্থূলীয়া পৰিবেশে আমাৰ শাৰীৰিক আৰু মানসিক দুয়ো দিশতে অনিষ্ট সাধন কৰে। মাত্ৰাধিক শব্দই আমাৰ বায়ুমণ্ডলৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। অৱশ্যে অন্য প্ৰকাৰৰ প্ৰদূষণ, যেনে- কীটনাশকৰ প্ৰভাৱত হোৱা পৰিবেশ প্ৰদূষণ, ৰাসায়নিক সাৰৰ দ্বাৰা হোৱা পৰিবেশ প্ৰদূষণ আদিতকৈ শব্দ প্ৰদূষণৰ স্থায়িত্ব বহু গুণে কম।

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ উপায়:

 

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে-

1.জনবসতি অঞ্চলত কল-কাৰখানা, কথাছবি গৃহবোৰত যথাসম্ভৱ শব্দ নাইকিয়া কৰা যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে।

2.  ৰেডিঅ’, টেলিভিছন আদি উচ্চ স্তৰত লগোৱা অনুচিত।

3.  ৰাতি মানুহ শোৱাৰ সময়ত মাইক ব্যৱহাৰ কৰি সভা-সমিতি পতা, গীত পৰিবেশন, দেৱালী, বিবাহ আদিত ফটকা ফুটোৱা আদি কাম কৰিব নালাগে।

4.  আসোঁৱাহযুক্ত যান-বাহন চলোৱা অযথা যান-বাহনৰ হৰ্ন বজোৱা আদিৰ পৰা বিৰত থাকিব লাগে।

5.  নগৰীয়া অঞ্চল, উদ্যোগপ্ৰধান অঞ্চলসমূহৰ কেউকাষে যিমান পৰা যায় বহল পাতৰ উদ্ভিদ ৰোপণ কৰিব লাগে। এনে উদ্ভিদে শব্দ প্ৰদূষণৰ উপৰি বায়ু প্ৰদূষণ ৰোধ কৰাতো সহায় কৰে। তেনেদৰে শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বাসগৃহৰ চৌহদ পথাৰ কাষত সুবিধা মতে বৃক্ষৰোপণ কৰিব লাগে।

6.  শব্দ প্ৰদূষণ কৰিবৰ বাবে কঠোৰ আইন প্ৰয়োগ কৰিব লাগে। ভাৰতবৰ্ষত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে বিশেষ কোনো আইন নাই। কেৱল ১৯৮১ চনত শব্দ প্ৰদূষণ আইনৰ ১৯(১১১৯৮১) ধাৰাত বায়ু প্ৰদূষিত কৰা কাৰক হিচাপে ধৰা হয়। ১৯৮৭ চনত সংশোধনী ৰূপত ইয়াক গ্ৰহণ কৰা হয়। বায়ু প্ৰদূষণ আইণৰ অধীনত শব্দক গ্ৰহণ কৰা হৈছে যদিও অসমত ইয়াৰ ওপৰত বিশেষ মনোযোগ দিয়া হোৱা নাই। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেহে এই আইনৰ অধীনত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ উদ্যোগপ্ৰধান আৰু নগৰীয়া অঞ্চলসমূহত শব্দ প্ৰদূষণ ৰোধ কৰিবৰ বাবে আৰু কেতবোৰ বিধিসন্মত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

7.  শব্দ প্ৰদূষণ ৰোধ কৰাৰ আটাইতকৈ উত্তম পদক্ষেপ হ’ব জনসাধাৰণক এই দিশত সজাগ কৰা। এইক্ষেত্ৰত চৰকাৰ, স্বেচ্ছাসেৱী সংগঠন, পৰিৱেশ সচেতন ব্যক্তিসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। আমাৰ দেশৰ জনসাধাৰণ এই দিশত সচেতন বুলি ক’ব নোৱাৰি। সমূহ ৰাইজৰ সহযোগিতাইহে শব্দ প্ৰদূষণ ৰোধ কৰাত বিশেষ সহায় কৰিব।

শব্দ প্ৰদূষণ কেনেদৰে হয়:

 

শব্দ প্ৰদূষণ বিভিন্ন উৎসৰ পৰা হ’ব পাৰে। বিয়া-সবাহ, পূজা-পাতল নাইবা অন্যান্য উৎসৱসমূহত, সভা-সমিতি আদিত জনসমাগম বেছি হ’লে নাইবা মাইক আদি উচ্চস্বৰে বজোৱাৰ ফলত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। ৰেডিঅ’, টেপ আদি অতি খুব বেছি উচ্চ স্বৰত বজোৱাৰ বাবে, আসোঁৱাহযুক্ত যান-বাহনৰ ইঞ্জিনসমূহে শব্দ প্ৰদূষণ সৃষ্টি কৰে। কথাছবি গৃহ, কল-কাৰখানা আদিৰ পৰাও শব্দ প্ৰদূষণৰ সৃষ্টি হয়।

কেতিয়াবা কোনো লোকে কিৰিলি পাৰি, অযথা চিঞৰ-বাখৰ কৰি, বহু সময় ধৰি ডাঙৰ ডাঙৰকৈ শব্দ কৰি আড্ডা দি, অযথা কথাত তৰ্ক কৰি স্থান বিশেষে বিৰক্তিকৰ পৰিবেশৰ সৃষ্টি কৰে। আমাৰ অসমত আজিকালি ব’হাগ আৰু জেঠ এই দুমাহ ৰাতিপুৱালৈকে চলি থকা বিহু ফাংচনসমূহেও বহুলোকক অশান্তি দি আহিছে। কেতিয়াবা দুই-এটা প্ৰাকৃতিক উৎস যেনে বিজুলী-ঢেৰেকণিয়েও শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। দেৱালী উৎসৱৰ ফটকা শব্দ প্ৰদূষণৰ বাবে বহু পৰিমাণে দায়ী।

শব্দ প্ৰদূষণৰ প্ৰভাৱ:

 

শব্দ প্ৰদূষণে আমাক শাৰীৰিক আৰু মানসিক এই দুয়ো দিশতে ক্ষতি কৰে।

শাৰীৰিক ক্ষতিসমূহ:

1. শব্দ প্ৰদূষণৰ বাবে শ্ৰৱণ শক্তি কমি আহে বা একেবাৰে লোপ পায়। সেয়েহে অতি ডাঙৰ শব্দ সৃষ্টি কল-কাৰখানাত কাম কৰা শ্ৰমিকসকলৰ শ্ৰৱণ ক্ষমতা লোপ পায়। প্ৰদূষণৰ ফলত কাণৰ পৰ্দা ফাটি যায়। কাণত বিষ হয়।

2.  অতি তীব্ৰ শব্দ তৰংগই খুন্দা মৰাৰ ফলত আমাৰ নোমৰ কোষবোৰত উত্তেজনাৰ সৃষ্টি কৰি আমাৰ বিপাকীয় ক্ৰিয়াত বিজুতি ঘটোৱাৰ ৮ফলত নোমৰ কোষবোৰ ক্ষয় যায়।

3.  শব্দ প্ৰদূষণে পাকস্থলীৰ ঘাঁৰ পৰিমাণ বৃদ্ধি কৰে।

4.  অতিমাত্ৰা শব্দ প্ৰদূষণৰ কবলত পৰা মহিলাৰ কম ওজনৰ শিশুৰ জন্ম হ’ব পাৰে।

5.  শব্দ প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসৰ মান বৃদ্ধি পায়। ইয়াৰ ফলত আমাৰ শৰীৰৰ আন আন বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে।

6.  শব্দ প্ৰদূষণে নাড়ী স্পন্দন আৰু ৰক্তচাপৰ ওপৰত প্ৰভাৱ পেলায়। শব্দ প্ৰদূষণৰ ফলত এড্ৰিনেলিন নামৰ হৰম’নৰ ক্ষৰণ বৃদ্ধি পোৱাত ৰক্তচাপ বৃদ্ধি পায়।

7.  শব্দ প্ৰদূষণে হৃদপিণ্ডৰ স্পন্দন বৃদ্ধি কৰে।

8.  শব্দ প্ৰদূষণৰ বাবে স্নায়বিক বিফলতাই দেখা দিব পাৰে।

9.  শব্দ প্ৰদূষণৰ ফলত গাৰ ছাল শেঁতা পৰিব পাৰে। ই ছালৰ উত্তেজনা, অনুভূতি আদিৰ প্ৰতি থকা সঁহাৰি কমাব পাৰে।

মানসিক ক্ষতি:

শব্দ প্ৰদূষণে আমাৰ মানসিক অৱস্থাৰ সাল-সলনি কৰে। হঠাতে ভাবাৱেগৰ খেলিমেলি বা হতাশ ভাব আনিব পাৰে। শব্দ প্ৰদূষণৰ ফলত মূৰৰ কামোৰণি, মানসিক উত্তেজনা, খং ভাব আদিৰ সৃষ্টি হয়। মানুহৰ মাজত বাৰ্তালাপত অসুবিধা হয়।

পৰীক্ষাৰ্থীসকল অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হয়। কিয়নো হুলস্থূলীয়া পৰিবেশত তেওঁলোকে পঢ়া-শুনাত মন দিয়াত অসুবিধা হয়। হুলস্থূলীয়া পৰিৱেশে মানুহৰ টোপনিত বাধা জন্মোৱাৰ ফলত কৰ্মদক্ষতা কমি যায়। সুস্থিৰ চিন্তা-চৰ্চা কৰিব নোৱৰা হয়।

লেখক: ড° দিলীপ কলিতা(সম্ভাৰ)

3.11428571429
Rafikul Islam Apr 20, 2019 08:09 AM

প্রত্যকটো points ত introduction দি দিয়ক

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top