শব্দ মানৱ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক জীৱন লগৰী। আমাৰ দৈনন্দিন জীৱন যাত্ৰা, জীৱন ধাৰণৰ মান আৰু স্বাস্থ্যৰ লগত শব্দৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। কোনো এটা বস্তুৰ কম্পনৰ ফলত শব্দ তৰংগৰ সৃষ্টি হয় আৰু এই তৰংগ বায়ুৰ মাধ্যমেৰে আমাৰ কাণত পৰে। আমাৰ কাণৰ বাহ্যিক, মধ্য আৰু আভ্যন্তৰীণ অংশ আৰু মস্তিষ্কৰ টেম্পোৰেল লোবে নানা প্ৰক্ৰিয়াৰে আমাক এই শব্দ শুনায়। শব্দৰ পৰিমাণ জুখিবলৈ ডেছিবেল আৰু প্ৰাবল্য জুখিবলৈ হাৰ্টজ একক ব্যৱহাৰ কৰা হয়। মানুহে সাধাৰণতে ১০ ডেছিবেলতকৈ বেছি পৰিমাণৰ আৰু ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজ প্ৰাবল্যৰ শব্দ শুনা যায়। অৱশ্যে বৃদ্ধ অৱস্থাত শ্ৰৱণ শক্তি কমি অহাৰ বাবে ৬০ হাৰ্টজৰ পৰা ১২,০০০ হাৰ্টজ প্ৰাবল্যৰ শব্দহে শুনা যায়। শব্দৰ মাধ্যমেৰেই আমি আমাৰ মনৰ ভাব, আনন্দ, সুখ-দুখ, হাঁহি-কান্দোন আদি প্ৰকাশ কৰাৰ উপৰি বাহ্যিক জগতখনৰ নানা কথাৰ উমান পাওঁ। কথা-বতৰা, পঢ়া-শুনা, চৰাই-চিৰিকটিৰ মাত, জীৱ-জন্তুৰ মাত, গাড়ী মটৰৰ উমান আদি সকলোবোৰ শব্দৰ দ্বাৰাই আমি অনুভৱ কৰো। শব্দ অবিহনে জীৱন অতিবাহিত কৰাৰ কথা ভাবিবই নোৱাৰি। শব্দহীন পৃথিৱী এখন মৃত্যু উপত্যকা সদৃশ। শব্দ আমাৰ বাবে ইমান প্ৰয়োজনীয় স্বত্ত্বেও শব্দই যেতিয়া মাত্ৰা অতিক্ৰম কৰি বিকৃত ৰূপ লৈ হুলস্থূলীয়া হৈ পৰে তেতিয়া ই শব্দ প্ৰদূষণৰ ৰূপ লৈ গোটেই পৰিৱেশটোকে প্ৰদূষিত কৰে। ইংৰাজীত ইয়াক ‘নইজ পলিউশ্যন’ বুলি কোৱা হয়। বাহ্যিক উত্স হিচাপে যান-বাহন, লাউড স্পীকাৰ, ছুপাৰ ছনিক বিমান, জেনেৰেটৰ, নিৰ্মাণ কাৰ্যত ব্যৱহৃত মেটিন, গ্ৰাউণ্ডিং মিল, উদ্যোগৰ নানা মেচিন আদিৰ উচ্চ হানিকাৰক শব্দ আৰু ঘৰুৱাভাৱে ঘৰুৱা শব্দ, মিউজিক ছিষ্টেম, টেলিভিছন, কম্পিউটাৰ আৰু হেড্ ফোন আদিৰ বাবে সৃষ্টি হোৱা শব্দ প্ৰদূষণৰ অত্যাচাৰৰ বাবে আধুনিক পৃথিৱীখন ভয়াবহ হৈ পৰিছে। ভাৰতবৰ্ষৰ দৰে দেশত নানা উত্সৱৰ (নৱৰাত্ৰি, দেৱালী, গণপতি আদি) সময়ত বিয়া-সবাহ আৰু ধৰ্মীয় অনুষ্ঠান আদিত যথেষ্ট শব্দ প্ৰদূষণ হোৱা দেখা যায়।
শব্দ প্ৰদূষণে টোপনিত ব্যাঘাত জন্মোৱা, নিদ্ৰাহীনতা, বাৰ্তালাপত বাধা দিয়া, মানসিক অৱসাদ হোৱা আৰু কৰ্মদক্ষতা কমাই মানুহৰ দৈনন্দিন জীৱন দুৰ্বিষহ কৰাৰ লগতে জীৱন ধাৰণৰ মান অৱনমিত কৰে। শব্দ প্ৰদূষণৰ বাবে মানুহৰ মনলৈ বিৰক্তি ভাব আৰু হতাশা আহে, কৰ্মক্ষেত্ৰত বাধা ওপজে, মনোযোগ ভংগ কৰি দুৰ্ঘটনাৰ সম্ভাৱনা বাঢ়ে। শব্দ প্ৰদূষণৰ মাজত বাস কৰা মানুহে স্বাভাৱিকতে কথা ডাঙৰকৈ কয়, কাৰোবাৰ কথা শুনিবলৈ কাণখন মুখৰ ওচৰলৈ নিয়ে, সদায় শুনি থকা শব্দও অস্বাভাৱিক যেন অনুভৱ কৰে আৰু আনে স্বাভাৱিকভাৱে কথা ক’লেও স্পষ্টকৈ নকয় বুলি অভিযোগ কৰে। এনে পৰিৱেশত থকা মানুহৰ মূৰৰ বিষ হোৱা, অতিৰিক্তভাৱে ঘামি যোৱা, হৃত্পিণ্ডৰ স্পন্দন বঢ়া, শ্বাস-প্ৰশ্বাসৰ হাৰ বঢ়া, দৃষ্টিশক্তি কমা আদি হয়। এনে পৰিৱেশত কেঁচুৱাই অস্বাভাৱিক আচৰণ কৰে। শিশু বা স্কুলৰ ছাত্ৰ-ছাত্ৰীবোৰ শব্দ প্ৰদূষণৰ মাজত থাকিলে কথা কোৱা আৰু পঢ়া বিসংগতিত ভোগাৰ উপৰি ডিছগ্ৰাফিয়া নামৰ এক শিক্ষণ বিসংগতিযুক্ত ৰোগত ভোগা দেখা যায়। শব্দ প্ৰদূষণ হোৱা ঠাইত থকা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে।
শব্দ প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এই প্ৰভাৱ শ্ৰৱণ প্ৰক্ৰিয়াযুক্ত অথবা শ্ৰৱণ প্ৰক্ৰিয়া বহিৰ্ভূত যিকোনো হ’ব পাৰে। সাধাৰণতে শব্দৰ মাত্ৰা ৪০ ডেছবেলতকৈ কম হ’লে শ্ৰৱণ শক্তিৰ কোনো ক্ষতি নহয়। অতিমাত্ৰা শব্দই কাণৰ পৰ্দাৰ ক্ষতিসাধন কৰি শ্ৰৱণ শক্তি হ্ৰাস কৰে। শব্দ প্ৰদূষিত ঠাইত সুস্থ ব্যক্তি বাস কৰিলে তেওঁ প্ৰথমে কাণৰ কাষত হুইচেল বাজি থকা যেন অনুভৱ কৰাৰ উপৰি কাণৰ বিষত ভোগে। পিছলৈ এনে পৰিৱেশত এবছমান বাস কৰিলেই তেওঁৰ শ্ৰৱণ শক্তি লোপ পোৱাৰ বাবে স্বাভাৱিক শব্দ বা কথা-বতৰা শুনিবলৈ অক্ষম হয়। শব্দ প্ৰদূষণে কৰা শ্ৰৱণ শক্তি লোপ স্থায়ী বা অস্থায়ী যিকোনো হ’ব পাৰে। শব্দৰ মাত্ৰা ৪০ৰ পৰা ১০০ ডেছিবেলৰ ভিতৰত হ’লে অস্থায়ীভাৱে শ্ৰৱণশক্তি লোপ পায়। এনে হ’লে মানুহে মৃদুভাৱে নুশুনা হয়, কিন্তু শব্দ প্ৰদূষণৰ পৰা আঁতৰি আহিলে এমাহমান পাছত আগৰ দৰে শুনা হয়। শব্দৰ মাত্ৰা ১০০ ডেছিবেলতকৈ বেছি হ’লে স্থায়ীভাৱে শ্ৰৱণ শক্তি লোপ পায়। শ্ৰৱণ শক্তি হেৰুৱালে কৰ্মদক্ষতা কমে, ফলত উপাৰ্জন কমি যোৱাৰ বাবে মানুহ নিঃসংগ হৈ পৰে। ইয়াৰ উপৰি বহুদিন শব্দ প্ৰদূষণৰ মাজত থাকিলে শ্ৰৱণ প্ৰক্ৰিয়া বহিৰ্ভূত স্বাস্থ্য সমস্যাৰ ভিতৰত উচ্চ ৰক্তচাপ, বমি হোৱা, পাকস্থলীৰ ঘা, হৃদৰোগ, ৰক্ত সঞ্চালনৰ অসুখ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আদি হ’ব পাৰে। শব্দ প্ৰদূষণ হোৱা ঠাইত বসবাস কৰা বহু ব্যক্তিয়ে উগ্ৰতা, উত্তেজনা মানসিক চাপ আদিত ভুগি মানসিক ৰোগ চিকাৰ হোৱা দেখা যায়। অধ্যয়নত প্ৰকাশ পোৱা মতে গৰ্ভৱতী মহিলা বহুদিন শব্দ প্ৰদূষণৰ মাজত থাকিলে গৰ্ভৰ সন্তানে অতি শব্দৰ প্ৰভাৱত পৰে। ফলত কেঁচুৱাৰ জন্মগত ফটা ওঁঠ আৰু মেৰুদণ্ডৰ বিসংগতি থকাৰ উপৰি জন্মৰ সময়ত ওজন কম হোৱা দেখা যায়। গৰ্ভধাৰণ কৰাৰ প্ৰথম তিনি মাহত শব্দ প্ৰদূষণৰ প্ৰভাৱ অধিক দেখা যায়। বৰ্তমানৰ পৃথিৱীত শব্দ প্ৰদূষণ একেবাৰে নোহোৱা কৰাটো সম্ভৱ নহয়, সেয়েহে আমি ইয়াক কমাবলৈ শব্দ প্ৰদূষণৰ সৃষ্টি কৰা উত্স আৰু ইয়াক বিয়পোৱা মাধ্যমবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা উচিত। মেচিন, গাড়ী আদি নিয়মীয়াকৈ মেৰামতি কৰি আৰু আবেষ্টনীৰ মাজত ৰাখি শব্দ সৃষ্টি কম কৰা, অত্যধিক শব্দৰ পৰা আঁতৰি থকা, দিনটো শব্দ প্ৰদূষণ হোৱা ঠাইত থকা ব্যক্তিয়ে (কল-কাৰখানাত কাম কৰা ব্যক্তি) শব্দ প্ৰতিৰোধক আহিলা (ইয়েৰ প্লাগ, ইয়েৰ মাফ আদি) ব্যৱহাৰ কৰা, কাণ দুখনক জিৰণি দিয়া, বাসস্থান মূল ৰাস্তা আৰু জনবহুল ঠাইৰ পৰা দূৰৈত তৈয়াৰ কৰি চাৰিওফালে গছ আদি ৰুই শব্দ প্ৰদূষণ কমাব পাৰো। ইয়াৰ উপৰি নইজ পলিউশ্যন (ৰেগুলেচন এণ্ড কণ্টল)২০০০ আইন মানি ৰাজহুৱা স্থান আদিত ফটকা ফুটোৱা, উচ্চ গ্ৰামত মাইক বজোৱা, স্কুল-কলেজ আদিৰ কাষত হৰ্ণ বজোৱা আদি নিষেধ কৰি শব্দ প্ৰদূষণ কমাবৰ বাবে ৰাইজক সজাগ কৰা উচিত। এনেদৰে শব্দ প্ৰদূষণৰ ফলত হোৱা স্বাস্থ্য সমস্যা কমাব পাৰো যদিও ইয়াৰ বাবে কাণেৰে কম শুনা হোৱা বা আন কিবা সমস্যা দেখা দিলেই চিকিত্সকৰ পৰামৰ্শ লোৱা উচিত।
লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/8/2020